অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ব্যৱস্থাপনা

ব্যৱসায় আৰু মানৱ সংগঠনৰ ক্ষেত্ৰত, সাধাৰণ ভাষাত ব্যৱস্থাপনা (management) হ'ল মানুহ সংগঠিত কৰি কোনো প্ৰস্তাৱিত উদ্দেশ্যত বা লক্ষ্যত উপনীত হোৱা। ব্যৱস্থাপনাৰ উপাদান সমূহ হ'ল - পৰিকল্পনা কৰা (planning), সংগঠিত কৰা (organizing), সম্পদ ব্যৱস্থাপনা কৰা (resourcing), নেতৃত্ব লোৱা (leading) বা পথ প্ৰদৰ্শকৰ…

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

ব্যৱসায় আৰু মানৱ সংগঠনৰ ক্ষেত্ৰত, সাধাৰণ ভাষাত ব্যৱস্থাপনা (management) হ'ল মানুহ সংগঠিত কৰি কোনো প্ৰস্তাৱিত উদ্দেশ্যত বা লক্ষ্যত উপনীত হোৱা। ব্যৱস্থাপনাৰ উপাদান সমূহ হ'ল - পৰিকল্পনা কৰা (planning), সংগঠিত কৰা (organizing), সম্পদ ব্যৱস্থাপনা কৰা (resourcing), নেতৃত্ব লোৱা (leading) বা পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰা (directing) আৰু সংগঠন(organization, কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে একগোট হোৱা এক বা তাতোধিক মানুহ বা বস্তুৰ সমষ্টি) নিয়ন্ত্ৰণ কৰা (controlling)। সম্পদ ব্যৱস্থাপনা হ'ল মানৱ সম্পদ, বিত্তীয় সম্পদ, কাৰিকৰী(technological) সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ আহৰণ আৰু প্ৰয়োগ।

ইতিহাস

Management ৰ অসমীয়া প্ৰতিশব্দ 'ব্যৱস্থাপনা' সম্পূৰ্ণ শুদ্ধ বুলি ক'ব নোৱাৰি যদিও সম্পূৰ্ণ ভুল নহয়। পৰিচালনা বা পৰিচালন ইয়াৰ এটা নিকটতম শব্দ।Manage শব্দেটা ইটালীয়ান ভাষাৰ শব্দ maneggiare (to handle — especially a horse)ৰ পৰা অহা। Maneggiare শব্দটো লেটিন ভাষাৰ manus ( যাৰ অৰ্থ 'হাত') ৰ পৰা অহা। ১৭ শ আৰু ১৮ শ শতাব্দীত ফ্ৰেঞ্চ শব্দ menagement (later ménagement)ৰ প্ৰভাৱত ইংৰাজী শব্দ Management ৰ সৃষ্টি হ'ল।

তাত্বিক ব্যাখ্যা

ম্যাৰি পাৰ্কাৰ ফল্লেট্ (Mary Parker Follett)(১৮৬৮-১৯৩৩)এ বিংশ শতাব্দীৰ আৰম্ভণিতে ব্যৱস্থাপনাৰ ব্যাখ্যা 'মানুহৰ দ্বাৰা কাম সম্পাদন কৰোৱা কলা' হিচাপে দিছিল। সাধাৰণ ভাষাত ব্যৱস্থাপনা হ'ল কোনো কাৰ্যৰ গুণৱত্তা ৰক্ষ্যা কৰা আৰু পৰিকল্পনা যুগুত কৰা বা নিৰ্দিষ্ট লক্ষ্যত উপনিত হ'বলৈ কৰা কৰ্যক্ৰমনিকা। পৰিকল্পনা নথকা ক্ষেত্ৰতো এই ধাৰণা প্ৰযোজ্য। এই ধাৰণাৰ ওপৰত ভিত্তি কৰি ফ্ৰান্সৰ হেনৰি ফ'য়েল (Henri Fayol) এ ব্যৱস্থাপনাক মুঠ ছটা কাৰ্যত ভাগ কৰিছিল -

  1. পৰিকল্পনা (planning)
  2. সংগঠিত কৰা (organizing)
  3. নেতৃত্ব (leading)
  4. সমন্ময় স্থাপন (co-ordinating)
  5. নিয়ন্ত্ৰণ (controlling)
  6. নিয়োগ (staffing)

সম্পৰ্কিত শ্ৰেণী

শিক্ষাব্যৱস্থাপনা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্যৱস্থাপনা” প্ৰবন্ধৰ সংশোধন ৪৯৫২৫৬ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।