অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থা

ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থা (Indian Science Congress Association) ভাৰতৰ প্ৰধান তথা শীৰ্ষ বৈজ্ঞানিক সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিম বংগৰ কলকাতাত অৱস্থিত। ১৯১৪ চনত কলকাতাত আৰম্ভ হোৱা এই সংস্থাটোৰ প্ৰতি বছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বৈঠক অনুষ্ঠিত হয়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১,৬২২ শব্দ · ৯ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থা (Indian Science Congress Association) ভাৰতৰ প্ৰধান তথা শীৰ্ষ বৈজ্ঞানিক সংস্থা।১ ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিমবংগৰ কলিকতাত অৱস্থিত। ১৯১৪ চনত কলকাতাত আৰম্ভ হোৱা এই সংস্থাটোৰ প্ৰতি বছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বৈঠক অনুষ্ঠিত হয়। বৰ্তমান ইয়াৰ সদস্যৰ সংখ্যা ৩০ হাজাৰৰো অধিক। ১৯১৪ চনত কলিকতাৰ এছিয়াটিক ছ'চাইটিত প্ৰথম ভাৰতীয় বিজ্ঞান কংগ্ৰেছ অনুষ্ঠিত হৈছিল।২ কংগ্ৰেছৰ অধিৱেশনত ন'বেল বঁটা বিজয়ীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ভাৰতীয় আৰু বিদেশী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।

ইতিহাস

ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থাৰ উৎপত্তি দুজন ব্ৰিটিছ ৰসায়নবিদ ক্ৰমে অধ্যাপক জে এল ছাইমনচেন আৰু অধ্যাপক পি এছ মেকমেহনৰ দূৰদৰ্শিতা আৰু পদক্ষেপৰ বাবে হৈছিল। তেওঁলোকৰ মনলৈ আহিছিল যে ব্ৰিটিছ এছ’চিয়েশ্যন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সৰ আলমত গৱেষণা কৰ্মীৰ বাৰ্ষিক বৈঠকৰ ব্যৱস্থা কৰিব পাৰিলে ভাৰতত বৈজ্ঞানিক গৱেষণাক উদ্দীপিত কৰিব পাৰে। ইয়াৰ ফলশ্ৰুতিত ১৯১৪ চনত কলিকতাৰ এছিয়াটিক ছ'চাইটিত প্ৰথম ভাৰতীয় বিজ্ঞান কংগ্ৰেছ অনুষ্ঠিত হৈছিল।

উদ্দেশ্য

তলত উল্লেখ কৰা উদ্দেশ্যেৰে ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থা গঠন কৰা হৈছিল:

  1. ভাৰতত বিজ্ঞানৰ কাৰ্য্যক আগুৱাই নিয়া আৰু প্ৰচাৰ কৰা;
  2. ভাৰতৰ উপযুক্ত স্থানত বাৰ্ষিক কংগ্ৰেছ অনুষ্ঠিত কৰা;
  3. বাঞ্ছনীয় বুলি বিবেচিত কাৰ্য্যবিধি, আলোচনী, লেনদেন আৰু অন্যান্য প্ৰকাশন প্ৰকাশ কৰা;
  4. সংস্থাৰ সম্পত্তিৰ সকলো বা যিকোনো অংশ নিষ্পত্তি বা বিক্ৰী কৰাৰ অধিকাৰকে ধৰি বিজ্ঞানৰ প্ৰসাৰৰ বাবে ধন আৰু নিধি সুৰক্ষিত আৰু পৰিচালনা কৰা;
  5. ওপৰৰ উদ্দেশ্যসমূহৰ বাবে আয়োজন বা আনুষংগিক বা প্ৰয়োজনীয় বা আন যিকোনো বা সকলো কাম, বিষয় আৰু কাৰ্যপন্থা হাতত লোৱা আৰু সম্পন্ন কৰা।

ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ অধিৱেশন

প্ৰথম কংগ্ৰেছ

১৯১৪ চনৰ ১৫ৰ পৰা ১৭ জানুৱাৰীলৈ কলিকতাৰ এছিয়াটিক ছ’চাইটিৰ চৌহদত কংগ্ৰেছৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য আশুতোষ মুখাৰ্জীয়ে ইয়াৰ সভাপতিত্ব কৰিছিল। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু বহিঃৰাষ্ট্ৰৰ পৰা এশ পাঁচজন বিজ্ঞানীয়ে ইয়াৰ প্ৰথম অধিৱেশনত অংশগ্ৰহণ কৰিছিল। ইয়াত মুঠতে ৬টা ভিন্ন শাখাৰ অধীনত ৩৫খন গৱেষণা পত্ৰ ক্ৰমে উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, নৃতাত্ত্বিক, ভূতত্ত্ব, পদাৰ্থ বিজ্ঞান আৰু প্ৰাণীবিজ্ঞান উপস্থাপন কৰা হয়।

ৰূপালী জয়ন্তী

১৯৩৮ চনত আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডৰ সভাপতিত্বত কলিকতাত বিজ্ঞান কংগ্ৰেছৰ ৰূপালী জয়ন্তী অধিবেশন অনুষ্ঠিত হৈছিল যদিও তেওঁৰ আকস্মিক মৃত্যুৰ বাবে জেমছ জিন্সে অধ্যক্ষতা গ্ৰহণ কৰে। এই জয়ন্তী অধিৱেশনতে ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ অধিবেশনত বিদেশী বিজ্ঞানীসকলৰ অংশগ্ৰহণৰ প্ৰথম আৰম্ভণি হৈছিল।

৩৪তম সংস্কৰণ

ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেশন ১৯৪৭ চনৰ ৩–৮ জানুৱাৰীত দিল্লীত পণ্ডিত জৱাহৰলাল নেহৰুক সাধাৰণ সভাপতি হিচাপে লৈ অনুষ্ঠিত হৈছিল। বিজ্ঞান কংগ্ৰেছৰ প্ৰতি নেহৰুৰ ব্যক্তিগত আগ্ৰহ অব্যাহত আছিল আৰু তেওঁ ইয়াৰ সকলো অধিবেশনত অংশগ্ৰহণ কৰিছিল। দেশৰ বিশেষকৈ নৱ প্ৰজন্মৰ মাজত বৈজ্ঞানিক পৰিৱেশৰ বিকাশৰ প্ৰতি থকা স্থায়ী আগ্ৰহেৰে তেওঁ কংগ্ৰেছৰ কাৰ্যকলাপক সমৃদ্ধ কৰিছিল। ১৯৪৭ চনৰ পৰা তেওঁৰ বিদেশী সমাজ আৰু একাডেমীৰ প্ৰতিনিধিক আমন্ত্ৰণ জনোৱাৰ কাৰ্যসূচী বিজ্ঞান কংগ্ৰেছত অন্তৰ্ভুক্ত কৰা হয়। এই ধাৰা এতিয়াও ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগত অব্যাহত আছে।

সোণালী জয়ন্তী

বিজ্ঞান কংগ্ৰেছে ১৯৬৩ চনৰ অক্টোবৰ মাহত দিল্লীত সোণালী জয়ন্তী উদযাপন কৰিছিল আৰু দৌলত সিং কোথাৰীক ইয়াৰ সাধাৰণ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। এই উপলক্ষে দুখন বিশেষ প্ৰকাশন উলিয়াই অনা হৈছিল:

  1. ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সন্থাৰ এক চমু ইতিহাস, আৰু
  2. ভাৰতত পঞ্চাশ বছৰীয়া বিজ্ঞান (১২টা খণ্ডত, প্ৰতিটো খণ্ডত বিজ্ঞানৰ বিশেষ শাখাৰ পৰ্যালোচনা সন্নিবিষ্ট কৰা হৈছে)

হীৰক জয়ন্তী

বিজ্ঞান কংগ্ৰেছৰ হীৰক জয়ন্তী অধিবেশন চণ্ডীগড়ত ১৯৭৩ চনৰ ৩–৯ জানুৱাৰীত অনুষ্ঠিত কৰা হৈছিল। এছ ভাগৱতমৰ সভাপতিত্বত এই কংগ্ৰেছ অনুষ্ঠিত হৈছিল। এই উপলক্ষে দুখন বিশেষ প্ৰকাশন প্ৰকাশ কৰা হৈছিল:

  1. এ ডেকেড (১৯৬৩–৭২) ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ এছ’চিয়েচন (সাধাৰণ সভাপতিসকলৰ জীৱন-স্কেচৰে), আৰু
  • ভাৰতত বিজ্ঞানৰ এটা দশক (১৯৬৩–৭২)(খণ্ড অনুসৰি)

৬৩ সংখ্যক সংস্কৰণ – কেন্দ্ৰীয় বিষয়বস্তুৰ পৰিচয়

১৯৭৬ চনত কংগ্ৰেছৰ সময়ত আলোচনাৰ ধাৰাত এক উল্লেখযোগ্য বিচ্যুতি ঘটিছিল। কিছুদিনৰ পৰা অনুভৱ কৰা হৈছিল যে বহল বৰ্ণালী সামৰি লোৱা বিজ্ঞানীৰ এনে সমাৱেশে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত প্ৰভাৱ থকা জাতীয় বিষয়সমূহৰ প্ৰতি চিন্তিত হোৱা উচিত। ১৯৭৬ চনত আই এছ চি এৰ তেতিয়াৰ সাধাৰণ সভাপতি ড° এম এছ স্বামীনাথনে ৰাষ্ট্ৰীয় প্ৰাসংগিকতাৰ কেন্দ্ৰীয় বিষয়বস্তুৰ প্ৰৱৰ্তন কৰে যিটো বৰ্তমান বাৰ্ষিক অধিবেশনৰ সময়ত প্ৰতিটো খণ্ড, সমিতি আৰু মঞ্চত আলোচনা কৰা হয়। এইবোৰৰ বাহিৰেও কেন্দ্ৰীয় বিষয়বস্তুৰ বিভিন্ন দিশক কেন্দ্ৰ কৰি কেইবাটাও পূৰ্ণাংগ অধিবেশনৰ আয়োজন কৰা হয় য’ত বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলৰ লগতে নীতি নিৰ্ধাৰক আৰু প্ৰশাসকসকলে ইজনে সিজনৰ সৈতে মত বিনিময় কৰে। এইদৰে আই এছ চি এ এনে এক মঞ্চত পৰিণত হ’ল য’ত বিভিন্ন শাখাৰ আৰু বিভিন্ন স্তৰৰ সদস্যসকলে কেন্দ্ৰীয় বিষয়বস্তুৰ ওপৰত আলোচনাত অৰিহণা যোগাই আহিছে।

৬৭ সংখ্যক সংস্কৰণ – টাস্ক ফ’ৰ্চ গঠন

১৯৮০ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে আই এছ চি এৰ প্ৰতিনিধি আৰু ডি এছ টিৰ সচিবৰ অধ্যক্ষতাত বিভিন্ন সংস্থাৰ মুৰব্বী আৰু স্বেচ্ছাসেৱী সংগঠনৰ মুৰব্বীক বিভিন্ন অনুসৰণৰ দায়িত্ব হিচাপে লৈ কেন্দ্ৰীয় বিষয়বস্তুৰ ওপৰত পৰামৰ্শসমূহ ৰূপায়ণৰ বাবে এটা স্থায়ী টাস্ক ফ’ৰ্চ গঠন কৰে। প্ৰতি বছৰে পূৰ্বৰ বিজ্ঞান কংগ্ৰেছত দিয়া পৰামৰ্শৰ ওপৰত অনুসৰণমূলক কাৰ্য্যৰ বিষয়ে বিজ্ঞান কংগ্ৰেছৰ সময়ত ডি এছ টিয়ে আয়োজন কৰা সাধাৰণ অধিবেশনত আলোচনা কৰা হয়। এই প্ৰক্ৰিয়াৰ জৰিয়তে ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সন্থাই সাধাৰণতে বিজ্ঞান আৰু বিশেষকৈ ৰাষ্ট্ৰীয় বিজ্ঞান নীতিৰ বিকাশত অৰিহণা যোগাই আহিছে।

মহাৰজত জয়ন্তী

৭৫ সংখ্যক অধিবেশনৰ স্মৃতিত ভাৰতীয় ডাক বিভাগে জাৰি কৰা ডাকটিকট
৭৫ সংখ্যক অধিবেশনৰ স্মৃতিত ভাৰতীয় ডাক বিভাগে জাৰি কৰা ডাকটিকটছবি: Post of India · GODL-India

১৯৮৮ চনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থাৰ মহাৰজত জয়ন্তী বছৰ উদযাপন কৰিছিল। চি এন আৰ ৰাও এই অধিবেশনৰ সাধাৰণ সভাপতি আছিল। ইয়াক লক্ষ্য কৰি, "ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থা-বিকাশ আৰু কাৰ্যকলাপ" শীৰ্ষক এখন বিশেষ পুস্তিকা প্ৰকাশ কৰা হৈছিল আৰু বিগত বছৰবোৰত সংগঠনটোৰ কাৰ্যসূচীবোৰ আলোকপাত কৰা হৈছিল। মুখ্য কাৰ্যসূচীবোৰ আছিল:

  • মহাৰজত জয়ন্তী উপলক্ষে বিশেষ প্ৰকাশন প্ৰকাশ কৰা
  • এছ'চিয়েচনৰ সাধাৰণ সভাপতিসকলৰ ওচৰত ফলক উপস্থাপন কৰা
  • বিজ্ঞান কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনৰ সময়ত প্ৰতিটো শাখাত মহাৰজত জয়ন্তী বক্তৃতা স্থাপন কৰা
  • আই এছ চি এৰ শেহতীয়া কাৰ্যকলাপৰ সম্প্ৰসাৰণ আৰু ইয়াৰ অধিক বৈচিত্ৰ্যই বৈজ্ঞানিক দৃষ্টিভংগী সৃষ্টি আৰু বিজ্ঞানক জনপ্ৰিয় কৰি তোলা

৯৮ তম সংস্কৰণ

স্মাৰক প্ৰদান কৰি থকা অৱস্থাত আই এছ চি এৰ সভাপতি অধ্যাপক কে.চি. পাণ্ডে]]

২০১১ চনৰ ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ চেন্নাইৰ এছ আৰ এম ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজিৰ কেম্পাছত অনুষ্ঠিত হোৱা পাঁচদিনীয়া অধিৱেশনখন ২০১১ চনৰ ৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী মনমোহন সিঙে উদ্বোধন কৰে। এই অধিবেশনৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল- "গুণগত শিক্ষা আৰু ভাৰতীয় বিশ্ববিদ্যালয়সমূহত বৈজ্ঞানিক গৱেষণাত উৎকৃষ্টতা।" প্ৰধানমন্ত্ৰীয়ে কয় যে, "ভাৰতীয় বৈজ্ঞানিক সমাজে নিজৰ গৱেষণাৰ তথ্য প্ৰয়োগ কৰি বজাৰযোগ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰি দেশখনে বৈজ্ঞানিক প্ৰগতিৰ প্ৰকৃত লাভ উপলব্ধি কৰিব লাগিব। একে সময়তে তেওঁ প্ৰযুক্তিৰ "বিমুক্ত" ব্যৱহাৰৰ সন্দৰ্ভত সতৰ্ক কৰি দিয়ে আৰু ব্যৱহাৰৰ উল্লেখ কৰে।" পাৰমাণৱিক অস্ত্ৰ, কৃষি আৰু বিষাক্ত গেছত কৃত্ৰিম ৰসায়নৰ প্ৰয়োগ আৰু নাজী জাৰ্মানীত জিনীয় বিজ্ঞানৰ "বিকৃত ব্যৱহাৰ" ৰোধ কৰাত গুৰুত্ব প্ৰদান কৰে।

কংগ্ৰেছত ন'বেল বঁটাবিজয়ী অমৰ্ত্য সেন, ভেংকটৰমণ ৰামাকৃষ্ণণ, আদা যোনাথ, থমাছ এ ষ্টেইটজ, টিম হাণ্ট আৰু মাৰ্টিন চালফীয়ে বিশেষ বক্তৃতা প্ৰদান কৰে। ভেংকটৰমণ ৰামাকৃষ্ণণে ২০১১ চনৰ ৪ জানুৱাৰী মঙলবাৰে সমান্তৰাল শিশু বিজ্ঞান কংগ্ৰেছ উদ্বোধন কৰে।৩

৯৯ সংখ্যক সংস্কৰণ

ওড়িশাৰ ভুৱনেশ্বৰত কে আই আই টি বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (NISER)ৰ উদ্যোগত ২০১২ চনৰ ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ পাঁচ দিনীয়া ৯৯ সংখ্যক সংস্কৰণৰ আয়োজন কৰা হৈছিল। ইয়াত ১৫ হাজাৰতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে ৫০০ বিদেশী বিজ্ঞানী আৰু ২০জন নোবেল বঁটা বিজয়ী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী মনমোহন সিঙে ইয়াৰ উদ্বোধন কৰিছিল। ইয়াৰ আঁৰত প্ৰথম মহিলা বিজ্ঞান কংগ্ৰেছ উদ্বোধন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত নিৰুপমা ৰাৱে আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে শিশু বিজ্ঞান কংগ্ৰেছ উদ্বোধন কৰে।

শতবৰ্ষ অধিৱেশন

ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ শতবাৰ্ষিকী অধিবেশনৰ "ভাৰতৰ গৌৰৱ" প্ৰদৰ্শনী
ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ শতবাৰ্ষিকী অধিবেশনৰ "ভাৰতৰ গৌৰৱ" প্ৰদৰ্শনীছবি: Biswarup Ganguly · CC BY 3.0
ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ শতবাৰ্ষিকী অধিবেশন উপলক্ষে ডাক বিভাগে জাৰি কৰা ডাক টিকট
ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ শতবাৰ্ষিকী অধিবেশন উপলক্ষে ডাক বিভাগে জাৰি কৰা ডাক টিকটছবি: Post of India · GODL-India

ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ শতবাৰ্ষিকী অধিবেশনৰ বিষয়বস্তু "ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে বিজ্ঞান" আছিল।৪ ভাৰতৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিং আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ৰ উপস্থিতিত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে উদ্বোধন কৰে।

১০১ সংখ্যক সংস্কৰণ

২০১৪ চনৰ ৩ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে জম্মুত ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০১ সংখ্যক সংস্কৰণ অনুষ্ঠিত হয়।৫

১০২ সংখ্যক সংস্কৰণ

ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০২ সংখ্যক সংস্কৰণ ২০১৫ চনৰ ৩ জানুৱাৰীৰ পৰা ২০১৫ চনৰ ৭ জানুৱাৰীলৈ মুম্বাইত অনুষ্ঠিত হয়।৬ ইয়াক মুম্বাই বিশ্ববিদ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল।৭ এই কংগ্ৰেছত প্ৰাচীন ভাৰতীয় বেদৰ ওপৰত অধ্যয়ন আৰু গৱেষণা পত্ৰ উপস্থাপন কৰা হৈছিল।৮৯১০১১১২ চিকিৎসা, গণিত, অস্ত্ৰোপচাৰ আদি ক্ষেত্ৰত প্ৰাচীন ভাৰতীয় বিজ্ঞানৰ সাফল্যসমূহ উপস্থাপন কৰা হৈছিল।১৩১৪ ভাৰতৰ সফল মংগল গ্ৰহৰ কক্ষপথ অভিযানৰ ওপৰতো এক অধিবেশন অনুষ্ঠিত হৈছিল।১৫

১০৪ সংখ্যক সংস্কৰণ

২০১৭ চনৰ জানুৱাৰী মাহৰ ৩ৰ পৰা ৭ তাৰিখলৈ তিৰুপতীৰ শ্ৰী ভেংকটেশ্বৰ বিশ্ববিদ্যালয়ত ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০৪ সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছিল। এই অধিবেশনৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছিল।১৬

১০৬ সংখ্যক সংস্কৰণ

২০১৯ চনৰ ৩–৭ জানুৱাৰীত পঞ্জাৱত অনুষ্ঠিত হোৱা ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০৬ সংখ্যক সংস্কৰণ নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে আৰু ইয়াত ছয়জন ন'বেল বঁটা বিজয়ীকে ধৰি প্ৰায় ৩০,০০০ বিজ্ঞানীক আতিথ্য প্ৰদান কৰা হয়।১৭

কমলা ত্যাগৰাজনে অভিযোগ কৰিছিল যে ভাৰতীয় জনতা পাৰ্টীৰ অধীনত সোঁপন্থী হিন্দু জাতীয়তাবাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মতামত আৰু আদৰ্শক মূলসুঁতিলৈ অনাৰ লক্ষ্যৰে কেইবাজনো বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছিল। ১০৬ সংখ্যক কংগ্ৰেছ আৰু বিগত কেইবছৰমানৰ ভিতৰত এনেধৰণৰ কেইবাটাও কাণ্ডৰ পিছত ভাৰতীয় বিজ্ঞান কংগ্ৰেছে এনে এক নীতি স্থাপন কৰে য'ত ভৱিষ্যতৰ সন্মিলনত বক্তাসকলক পৰীক্ষা কৰা হ'ব আৰু তেওঁলোকৰ আলোচনাৰ বিষয়বস্তু ভালদৰে পৰীক্ষা কৰা হ'ব।

শিতান, সমিতি আৰু মঞ্চ

মাত্ৰ এশ পাঁচজন সদস্যৰ সামান্য আৰম্ভণিৰ পৰা ভাৰতীয় বিজ্ঞান কংগ্ৰেছ ত্ৰিশ হাজাৰতকৈ অধিক সদস্যৰে এক শক্তিশালী ভ্ৰাতৃত্ববোধলৈ পৰিণত হৈছে। প্ৰথম কংগ্ৰেছত মাত্ৰ ৩৫খন গৱেষণা পত্ৰহে উপস্থাপন কৰা হৈছিল। বৰ্তমান এই সংখ্যা প্ৰায় এক হাজাৰলৈ বৃদ্ধি পাইছে।

২০০০ চনত ইয়াৰ ষোল্লটা শিতান আছিল। এই শিতানসমূহ হৈছে কৃষি বিজ্ঞান; নৃতত্ত্ব আৰু পুৰাতত্ত্ব; জৈৱ ৰসায়ন, জৈৱপদাৰ্থ বিজ্ঞান আৰু আণৱিক জীৱবিজ্ঞান; উদ্ভিদ বিজ্ঞান; ৰসায়ন বিদ্যা; কম্পিউটাৰ বিজ্ঞান; পৃথিৱী ব্যৱস্থা বিজ্ঞান; অভিযান্ত্ৰিক বিজ্ঞান; বস্তু বিজ্ঞান; গণিত; চিকিৎসা আৰু পশু চিকিৎসা বিজ্ঞান; পদাৰ্থ বিজ্ঞান; শৰীৰবিজ্ঞান; মনোবিজ্ঞান আৰু শৈক্ষিক বিজ্ঞান; পৰিসংখ্যা; আৰু প্ৰাণীবিজ্ঞান, পতংগবিজ্ঞান আৰু মীন বিজ্ঞান। ইয়াৰ উপৰিও দুখন সমিতি আছিল: গৃহ বিজ্ঞান আৰু বিজ্ঞান আৰু সমাজ। ইয়াৰ লগতে ছটা মঞ্চও আছিল: যোগাযোগ আৰু তথ্য বিজ্ঞান; পৰিৱেশ বিজ্ঞান; ফৰেনছিক বিজ্ঞান; বিজ্ঞান শিক্ষা; স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিজ্ঞান; আৰু মহিলা আৰু বিজ্ঞান।

বৰ্তমান ইয়াত কৃষি আৰু বন বিজ্ঞান; পশু, পশু চিকিৎসা আৰু মীন বিজ্ঞান; নৃতত্ত্ব আৰু আচৰণ বিজ্ঞান (পুৰাতত্ত্ব আৰু মনোবিজ্ঞান আৰু শিক্ষা বিজ্ঞানকে ধৰি); ৰাসায়নিক বিজ্ঞান; পৃথিৱী ব্যৱস্থা বিজ্ঞান; অভিযান্ত্ৰিক বিজ্ঞান; পৰিৱেশ বিজ্ঞান; তথ্য আৰু যোগাযোগ বিজ্ঞান আৰু প্ৰযুক্তি (কম্পিউটাৰ বিজ্ঞানকে ধৰি); বস্তু বিজ্ঞান; গাণিতিক বিজ্ঞান (পৰিসংখ্যাকে ধৰি); চিকিৎসা বিজ্ঞান (শৰীৰবিজ্ঞানকে ধৰি); নতুন জীৱবিজ্ঞান (জৈৱ ৰসায়ন, জৈৱপদাৰ্থবিজ্ঞান আৰু আণৱিক জীৱবিজ্ঞান; আৰু জৈৱ প্ৰযুক্তিকে ধৰি); ভৌতিক বিজ্ঞান; আৰু উদ্ভিদ বিজ্ঞানকে ধৰি চৈধ্যতা খণ্ড আছে।

আন্তৰ্জাতিক সহযোগিতা

স্বাধীনতাৰ পিছত ভাৰতীয় বিজ্ঞান কংগ্ৰেছে বিভিন্ন বিদেশী বৈজ্ঞানিক একাডেমী/সংঘ, যথা ব্ৰিটিছ এছ’চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্স, আমেৰিকান এছ’চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্স, ফ্ৰেঞ্চ একাডেমী অৱ চাইন্স, বাংলাদেশ একাডেমী অৱ চাইন্স, শ্ৰীলংকা এছ’চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সত সক্ৰিয়ভাৱে প্ৰতিনিধিত্ব কৰি আহিছে। পাৰস্পৰিক আগ্ৰহৰ বিষয়সমূহৰ ওপৰত প্ৰত্যক্ষ জ্ঞান থকাৰ উদ্দেশ্যেৰে ই আন বৈজ্ঞানিক সংস্থাৰ সৈতে সহযোগিতা কৰে।

ভাৰতীয় ব্যৱস্থাৰ সংঘাত

ভাৰতত দুৰ্নীতি এটা ডাঙৰ সমস্যা আৰু বিজ্ঞান খণ্ডও ইয়াৰ ব্যতিক্ৰম নহয়। ১৮১৯ ভাৰতীয় বিজ্ঞান কংগ্ৰেছ ভাৰতীয় বিজ্ঞানীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনাৰ বাবে এক মঞ্চ হিচাপে কাম কৰি আহিছে। কিছুমানে স্বচ্ছতা, মেধাভিত্তিক ব্যৱস্থা আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ তদাৰক কৰা আমোলাতন্ত্ৰিক সংস্থাসমূহৰ প্ৰভাৱ নিৰ্মূল কটাবলৈ আহ্বান জনাইছে।২০ ইয়াৰ শতবাৰ্ষিকী অধিবেশনৰ ওপৰত তেওঁৰ ধাৰাবাহিকতাত সুমিত ভাদুৰীয়ে কয়, "ভাৰতীয় বিজ্ঞানক উদ্ভাৱন প্ৰক্ৰিয়াৰ অংশলৈ ৰূপান্তৰিত কৰাৰ প্ৰত্যাহ্বান বহুত। বহুতো দক্ষ ভাৰতীয় বিজ্ঞানীয়ে অকাৰ্যকৰী প্ৰশাসক হোৱাৰ আকাংক্ষা কৰে, তাৰ পৰিৱৰ্তে যি ধৰণৰ বিজ্ঞানে সমাজলৈ পৰিৱৰ্তন আনে তাক গুৰুত্ব দিয়া কমি আহিছে।" ২১ প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৯৯ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছত ভাষণ দি ভাৰতৰ বিজ্ঞানৰ অৱস্থাৰ ওপৰত মন্তব্য কৰে, উপদেষ্টা পৰিষদে তেওঁক "উদ্ভাৱন আৰু সৃষ্টিশীল কামৰ সামগ্ৰিক পৰিৱেশ"ৰ সমস্যাৰ বিষয়ে অৱগত কৰাৰ পিছত আৰু 'যুদ্ধসদৃশ' পন্থাৰ প্ৰয়োজন বুলি জনায়।২২

ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ অধিবেশনসমূহ

অধিৱেশনবছৰস্থানসাধাৰণ অধ্যক্ষশিৰোনাম/মূল বিষয়বস্তু
১ম১৯১৪ চনতকলিকতাআশুতোষ মুখাৰ্জীবিজ্ঞান কংগ্ৰেছৰ বিষয়ে
২য়১৯১৫ চনতচেন্নাইডব্লিউ. বি বেনাৰমেনক্ৰান্তীয় অঞ্চলত কাম কৰা সকলৰ চিকিৎসা, অনাময় আৰু বৈজ্ঞানিক জীৱবিজ্ঞানৰ জ্ঞানৰ গুৰুত্ব
৩য়১৯১৬ চনতলক্ষ্ণৌচিডনী জে বাৰাৰ্ডউত্তৰ ভাৰতৰ সমভূমি আৰু হিমালয়ৰ পৰ্বতৰ সৈতে ইয়াৰ সম্পৰ্ক
৪ৰ্থ১৯১৭ চনতবেংগালুৰুআলফ্ৰেড গিবছ বৰ্ণবৈজ্ঞানিক গৱেষণাৰ ওপৰত
৫ম১৯১৮ চনতলাহোৰগিলবাৰ্ট টি ৱাকাৰবিজ্ঞানৰ পাঠদানৰ ওপৰত
৬ষ্ঠ১৯১৯ চনতমুম্বাইলিঅ'নাৰ্ড ৰজাৰ্ছকলেৰাৰ ওপৰত গৱেষণা
৭ম১৯২০ চনতনগপুৰপ্ৰফুল্ল চন্দ্ৰ ৰায়আধুনিক ভাৰতত বিজ্ঞানৰ ধলফাঁট
৮ম১৯২১ চনতকলিকতাৰাজেন্দ্ৰনাথ মুখাৰ্জীবিজ্ঞান আৰু উদ্যোগৰ ওপৰত
৯ম১৯২২ চনতচেন্নাইচি এছ মিডলমিছআপেক্ষিকতা
১০ম১৯২৩ চনতলক্ষ্ণৌমোক্ষগুণ্ডম বিশ্বেশ্বৰায়বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু বিজ্ঞানী
১১শ১৯২৪ চনতবেংগালুৰুনেলচন এনাণ্ডেলবিৱৰ্তনৰ অভিসৰণ আৰু বিচ্ছিন্নতা
১২শ১৯২৫ চনতবাৰাণসীমাৰ্টিন অনস্লো ফৰ্ষ্টাৰপৰীক্ষামূলক প্ৰশিক্ষণৰ ওপৰত
১৩শ১৯২৬ চনতমুম্বাইআলবাৰ্ট হাৱাৰ্ডকৃষি আৰু বিজ্ঞান
১৪শ১৯২৭ চনতলাহোৰজগদীশ চন্দ্ৰ বসুজীৱনৰ ঐক্য
১৫শ১৯২৮ চনতকলিকতাজে. এল ছাইমনচেনপ্ৰাকৃতিক সামগ্ৰীৰ ৰসায়ন বিজ্ঞানৰ ওপৰত
১৬শ১৯২৯ চনতচেন্নাইচি ভি ৰামনৰামন প্ৰভাৱ
১৭শ১৯৩০ চনতএলাহাবাদচি. এছ ক্ৰিষ্টোফাৰবিজ্ঞান আৰু ৰোগ
১৮শ১৯৩১ তমনগপুৰআৰ. বি ছিমৰ চেৱেলবিৱৰ্তনৰ সমস্যা শৰীৰৰ গঠনৰ পৰীক্ষামূলক পৰিৱৰ্তন
১৯তম১৯৩২ চনতবেংগালুৰুলালা শিৱ ৰাম কাশ্যপহিমালয় আৰু তিব্বতৰ আলপাইন গছ-গছনিৰ কিছু দিশ
২০ তম১৯৩৩ চনতপাটনালুইছ লি ফাৰ্মৰএটা জাতিৰ জীৱনত ভূতত্ত্বৰ স্থান
২১ তম১৯৩৪ চনতমুম্বাইমেঘনাদ সাহামৌলিক ব্ৰহ্মাণ্ডবিজ্ঞানৰ সমস্যা
২২ তম১৯৩৫ চনতকলিকতাজন হেনৰী হাটননৃতত্ত্ব আৰু ভাৰত
২৩ তম১৯৩৬ চনতইন্দোৰউপেন্দ্ৰনাথ ব্ৰহ্মচাৰীচিকিৎসা বিজ্ঞানৰ শেহতীয়া অগ্ৰগতিত বিজ্ঞানৰ ভূমিকা
২৪ তম১৯৩৭ চনতহাইদৰাবাদটি. এছ ভেংকটাৰমণভাৰতীয় গাঁও – ইয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত
২৫ তম১৯৩৮ চনতকলিকতাজেমছ হপউড জিন্স (আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডৰ অকাল মৃত্যুৰ বাবে)ভাৰত আৰু গ্ৰেট ব্ৰিটেইনত গৱেষণা
২৬ তম১৯৩৯ চনতলাহোৰজ্ঞানচন্দ্ৰ ঘোষভাৰতত ৰসায়ন বিজ্ঞানৰ গৱেষণাৰ ওপৰত
২৭ তম১৯৪০ চনতচেন্নাইবীৰবল চাহনীদ্য ডেকান ট্ৰেপছ: তৃতীয় যুগৰ এটা খণ্ড
২৮ তম১৯৪১ চনতবাৰাণসীআৰ্দেশিৰ দলালবিজ্ঞান আৰু উদ্যোগ
২৯ তম১৯৪২ চনতবদোদৰদাৰাশ্বা নোশ্বেৰৱান ৱাডিয়াভাৰতৰ নিৰ্মাণ
৩০ তম১৯৪৩ চনতকলিকতাদাৰাশ্বা নোশ্বেৰৱান ৱাডিয়াযুদ্ধত খনিজৰ অংশ
৩১ তম১৯৪৪ চনতদিল্লীসত্যেন্দ্ৰনাথ বসুধ্ৰুপদী নিৰ্ধাৰণবাদ আৰু কোৱাণ্টাম তত্ত্ব
৩২ তম১৯৪৫ চনতনগপুৰশান্তি স্বৰূপ ভটনগৰবিজ্ঞানক এটা সুযোগ দিয়ক
৩৩ তম১৯৪৬ চনতবেংগালুৰুম. আফজল হুছেইনভাৰতৰ খাদ্য সমস্যা
৩৪ তম১৯৪৭ চনতদিল্লীজৱাহৰলাল নেহৰুজাতিৰ সেৱাত বিজ্ঞান
৩৫ তম১৯৪৮ চনতপাটনাৰাম নাথ চোপ্ৰাভাৰতত চিকিৎসা বিজ্ঞানৰ যুক্তিযুক্ততা
৩৬ তম১৯৪৯ চনতপ্ৰয়াগৰাজকে. এছ কৃষ্ণন
৩৭ তম১৯৫০ চনতপুনেপ্ৰশান্ত চন্দ্ৰ মহালান'বিছপৰিসংখ্যা কিয়?
৩৮ তম১৯৫১ চনতবেংগালুৰুহোমি জাহাঙ্গীৰ ভাবাভৌতিক জগতৰ বৰ্তমানৰ ধাৰণা
৩৯ তম১৯৫২ চনতকলিকতাজ্ঞানেন্দ্ৰ নাথ মুখাৰ্জীবিজ্ঞান আৰু আমাৰ সমস্যা
৪০ তম১৯৫৩ চনতলক্ষ্ণৌডি. এম বসুজীৱিত আৰু নিৰ্জীৱ
৪১ তম১৯৫৪ চনতহাইদৰাবাদসুন্দৰ লাল হোৰাবিজ্ঞানীক সুযোগ দিয়ক
৪২ তম১৯৫৫ চনতবদোদৰাশিশিৰ কুমাৰ মিত্ৰবিজ্ঞান আৰু প্ৰগতি
৪৩ তম১৯৫৬ চনতআগ্ৰাএম. এছ কৃষ্ণনখনিজ সম্পদ আৰু ইয়াৰ সমস্যা
৪৪ তম১৯৫৭ চনতকলিকতাবিধান চন্দ্ৰ ৰয়দেশৰ মানৱ কল্যাণ আৰু উন্নয়নৰ বাবে বিজ্ঞান
৪৫ তম১৯৫৮ চনতচেন্নাইএম. এছ ঠাকাৰবৈজ্ঞানিক বিকাশৰ ব্যাকৰণ
৪৬ তম১৯৫৯ চনতদিল্লীকে. লক্ষ্মণস্বামী মুদলিয়াৰমৌলিক বিজ্ঞানৰ প্ৰতি শ্ৰদ্ধা নিবেদন
৪৭ তম১৯৬০ চনতমুম্বাইপ্ৰাণ কৃষ্ণ পাৰিজাবিজ্ঞানৰ ওপৰত সমাজৰ প্ৰভাৱ
৪৮ তম১৯৬১ চনতৰূড়কিএন. আৰ ধৰনাইট্ৰজেনৰ সমস্যা
৪৯ তম১৯৬২ চনতকটকবিষ্ণুপদ মুখাৰ্জীমানুহৰ ওপৰত জীৱ বিজ্ঞানৰ প্ৰভাৱ
৫০তম১৯৬৩ চনতদিল্লীদৌলত সিং কোথাৰীবিজ্ঞান আৰু বিশ্ববিদ্যালয়সমূহ
৫১ তম১৯৬৪ চনতকলিকতাহুমায়ুন কবীৰবিজ্ঞান আৰু ৰাষ্ট্ৰ
৫২ তম১৯৬৫ চনতকলিকতাহুমায়ুন কবীৰ
৫৩ তম১৯৬৬ চনতচণ্ডীগড়বি. এন. প্ৰসাদভাৰতত বিজ্ঞান
৫৪ তম১৯৬৭ চনতহাইদৰাবাদটি. আৰ. শেষাদ্ৰীবিজ্ঞান আৰু জাতীয় কল্যাণ
৫৫ তম১৯৬৮ চনতবাৰাণসীআত্মা ৰামভাৰতত বিজ্ঞান – কিছু দিশ
৫৬ তম১৯৬৯ চনতমুম্বাইকে. চি. যোশী (এ চি বেনাৰ্জীৰ অকাল মৃত্যু)এটা উশাহ-নিশাহৰ মন্ত্ৰ: মানুহৰ সেৱাত উদ্ভিদ বিজ্ঞান
৫৭ তম১৯৭০ চনতখড়গপুৰএল. চি. বৰ্মনমানককৰণ: এটা ত্ৰিগুণ বিন্দু
৫৮ তম১৯৭১ চনতবেংগালুৰুবি পি পালকৃষি বিজ্ঞান আৰু মানৱ কল্যাণ
৫৯ তম১৯৭২ চনতকলিকতাডব্লিউ. ডি. ৱেষ্টভাৰতৰ সেৱাত ভূতত্ত্ব
৬০ তম১৯৭৩ চনতচণ্ডীগড়সুৰী ভাগৱতমভাৰতত বিজ্ঞানৰ ষাঠি বছৰ
৬১ তম১৯৭৪ চনতনগপুৰৰতন শংকৰ মিশ্ৰগণিত – ৰাণী বা দাসী
৬২ তম১৯৭৫ চনতদিল্লীঅসীমা চেটাৰ্জী (সাধাৰণ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথম মহিলা বিজ্ঞানী)ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তি: বৰ্তমান আৰু ভৱিষ্যত
৬৩ তম১৯৭৬ চনতবিশাখাপট্টনমএম এছ স্বামীনাথনবিজ্ঞান আৰু সংহত গ্ৰাম্য উন্নয়ন
৬৪ তম১৯৭৭ চনতভুৱনেশ্বৰহোমী সেঠনাসম্পদৰ জৰীপ, সংৰক্ষণ আৰু ব্যৱহাৰ
৬৫ তম১৯৭৮ চনতআহমেদাবাদসৌৰিন্দ্ৰ মোহন ছিৰকাৰবিজ্ঞান, শিক্ষা আৰু গ্ৰাম্য উন্নয়ন
৬৬ তম১৯৭৯ চনতহাইদৰাবাদৰাম চৰণ মেহৰোত্ৰাআগন্তুক দশকৰ ভিতৰত ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা
৬৭ তম১৯৮০ চনতযাদৱপুৰএ. কে সাহাভাৰতৰ বাবে শক্তি কৌশল
৬৮ তম১৯৮১ চনতবাৰাণসীএ. কে শৰ্মাপৰিৱেশৰ ওপৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ প্ৰভাৱ
৬৯ তম১৯৮২ চনতমহীশূৰমম্বিলিকলাথিল গোবিন্দ কুমাৰ মেননবিজ্ঞান আৰু প্ৰযুক্তিৰ আত্মনিৰ্ভৰশীল ভিত্তিৰ এক অবিচ্ছেদ্য উপাদান হিচাপে মৌলিক গৱেষণা
৭০তম১৯৮৩ চনততিৰুপতিবেৰী ৰামচন্দ্ৰ ৰাওমানুহ আৰু সাগৰ – সম্পদ আৰু উন্নয়ন
৭১ তম১৯৮৪ চনতৰাঁচীআৰ. পি. বাম্বাহভাৰতত গুণগত বিজ্ঞান – শেষ আৰু অৰ্থ
৭২ তম১৯৮৫ চনতলক্ষ্ণৌএ. এছ পেইণ্টালউচ্চ উচ্চতাৰ অধ্যয়ন
৭৩ তম১৯৮৬ চনতদিল্লীটি. এন খোছুপৰিৱেশ ব্যৱস্থাপনাত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা
৭৪ তম১৯৮৭ চনতবেংগালুৰুঅৰ্চনা শৰ্মাবিজ্ঞান আৰু প্ৰযুক্তিৰ পৰা সম্পদ আৰু মানৱ কল্যাণ-ইনপুট
৭৫ তম১৯৮৮ চনতপুনেচি এন আৰ ৰাওবিজ্ঞান আৰু প্ৰযুক্তিৰ সীমা
৭৬ তম১৯৮৯ চনতমাদুৰাইএ. পি. মিত্ৰভাৰতত বিজ্ঞান আৰু প্ৰযুক্তি:প্ৰযুক্তি অভিযান
৭৭ তম১৯৯০ চনতকোচিযশ পালসমাজত বিজ্ঞান
৭৮ তম১৯৯১ চনতইন্দোৰডি. কে সিনহাপ্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰা: এক সংহত পদ্ধতি
৭৯ তম১৯৯২ চনতবদোদৰাবসন্ত গোৱৰীকাৰবিজ্ঞান, জনসংখ্যা আৰু উন্নয়ন
৮০ তম১৯৯৩ চনতগোৱাচৈয়দ জাহুৰ কাছিমবিজ্ঞান আৰু জীৱনৰ মানদণ্ড
৮১ তম১৯৯৪ চনতজয়পুৰপি. এন. শ্ৰীবাস্তৱভাৰতত বিজ্ঞান: উৎকৃষ্টতা আৰু দায়বদ্ধতা
৮২ তম১৯৯৫ চনতকলিকতাএছ. চি. পকৰাশীভাৰতৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগিক বিকাশ
৮৩ তম১৯৯৬ চনতপাটিয়ালাউ. আৰ. ৰাওখাদ্য, অৰ্থনৈতিক আৰু স্বাস্থ্যসন্মত সুৰক্ষা লাভৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি
৮৪ তম১৯৯৭ চনতদিল্লীএছ. কে. যোশীবিজ্ঞান আৰু অভিযান্ত্ৰিকীত সীমাবদ্ধতা, আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ সৈতে ইয়াৰ প্ৰাসংগিকতা
৮৫ তম১৯৯৮ চনতহাইদৰাবাদপি. ৰাম ৰাওস্বাধীন ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তি: পুৰ্বদৃষ্টি আৰু সম্ভাৱনা
৮৬ তম১৯৯৯ চনতচেন্নাইমঞ্জু শৰ্মানতুন জৈৱবিজ্ঞান: আমি পৰৱৰ্তী সহস্ৰাব্দলৈ আগবাঢ়ি যোৱাৰ লগে লগে সুযোগ আৰু প্ৰত্যাহ্বান
৮৭ তম২০০০ চনতপুনেৰঘুনাথ অনন্ত মাছেলকাৰভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি পৰৱৰ্তী সহস্ৰাব্দলৈ
৮৮ তম২০০১ চনতদিল্লীআৰ. এছ. পাৰোডাখাদ্য, পুষ্টি আৰু পৰিৱেশ সুৰক্ষা
৮৯ তম২০০২ চনতলক্ষ্ণৌএছ. কে. কাটিয়াৰস্বাস্থ্যসেৱা, শিক্ষা আৰু তথ্য প্ৰযুক্তি
৯০ তম২০০৩ চনতবেংগালুৰুকৃষ্ণস্বামী কস্তুৰীৰংগনবিজ্ঞান আৰু অত্যাধুনিক প্ৰযুক্তিৰ সীমা
৯১ তম২০০৪ চনতচণ্ডীগড়আশিস দত্তএকবিংশ শতিকাত বিজ্ঞান আৰু সমাজ: উৎকৃষ্টতাৰ সন্ধান
৯২ তম২০০৫ চনতআহমেদাবাদনিৰ্মল কুমাৰ গাংগুলীজাতিটোৰ বাবে উন্নয়নৰ ভেটি হিচাপে স্বাস্থ্য প্ৰযুক্তি
৯৩ তম২০০৬ চনতহাইদৰাবাদআই ভি চুব্বা ৰাওসংহত গ্ৰাম্য উন্নয়ন: বিজ্ঞান আৰু প্ৰযুক্তি
৯৪ তম২০০৭ চনতঅন্নামলাই নগৰ (অন্নামলাই বিশ্ববিদ্যালয়)হৰ্ষ গুপ্তপৃথিৱী গ্ৰহ
৯৫ তম২০০৮ চনতবিশাখাপট্টনমৰামামূৰ্তি ৰাল্লাপল্লীপৰিৱেশ বহনক্ষম বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি জ্ঞান ভিত্তিক সমাজ
৯৬ তম২০০৯ চনতশ্বিলংটি. ৰামচামীবিজ্ঞান শিক্ষা আৰু গৱেষণাত উৎকৃষ্টতাৰ বাবে প্ৰতিভাৰ আকৰ্ষণ
৯৭ তম২০১০ চনততিৰুবনন্তপুৰমজি. মাধৱন নায়াৰএবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তি – ৰাষ্ট্ৰীয় দৃষ্টিভংগী
৯৮ তম২০১১চেন্নাই (এছ আৰ এম ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন'লজি)কে. চি. পাণ্ডেভাৰতীয় বিশ্ববিদ্যালয়সমূহত গুণগত শিক্ষা আৰু বিজ্ঞান গৱেষণাত উৎকৃষ্টতা।
৯৯ তম২০১২ চনতভুৱনেশ্বৰগীথা বালিঅন্তৰ্ভুক্ত উদ্ভাৱনৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি- মহিলাৰ ভূমিকা
১০০ তম২০১৩কলিকতামনমোহন সিংভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে বিজ্ঞান২৩
১০১ তম২০১৪জম্মুৰনবীৰ চন্দৰ সোৱতীঅন্তৰ্ভুক্ত উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্ভাৱন
১০২ তম২০১৫ চনতমুম্বাই২৪চাৰ্জেৰাও ভৌৰাও নিমছেমানৱ উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি
১০৩ তম২০১৬মহীশূৰঅশোক কুমাৰ চাক্সেনাভাৰতত খিলঞ্জীয়া উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি২৫
১০৪ তম২০১৭ চনততিৰুপতি (শ্ৰী ভেংকটেশ্বৰ বিশ্ববিদ্যালয়)২৬ডি. নাৰায়ণ ৰাওৰাষ্ট্ৰীয় উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি
১০৫ তম২০১৮ চনতইম্ফাল (মণিপুৰ বিশ্ববিদ্যালয়)অচ্যুত শ্যামন্তবিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে অপ্ৰাপ্য লোকৰ কাষ চপা
১০৬ তম২০১৯জলন্ধৰ (লাভলী প্ৰফেচনেল বিশ্ববিদ্যালয়)মনোজ চক্ৰৱৰ্তীভৱিষ্যতৰ ভাৰত – বিজ্ঞান আৰু প্ৰযুক্তি
১০৭ তম২০২০বেংগালুৰু (কৃষি বিজ্ঞান বিশ্ববিদ্যালয়, বাংগালুৰু)কে এছ ৰংগাপ্পাকেন্দ্ৰীয় বিষয়বস্তু - বিজ্ঞান আৰু প্ৰযুক্তি: গ্ৰাম্য উন্নয়ন
১০৮ তম২০২৩নগপুৰ (ৰাষ্ট্ৰসন্ত টুকাডোজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়)বিজয় লক্ষ্মী চাক্সেনাকেন্দ্ৰীয় বিষয়বস্তু - মহিলা সবলীকৰণৰ সৈতে বহনক্ষম উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি

তথ্যসূত্ৰ

  1. ↑ Government of India, Indian Science Congress. www.sciencecongress.nic.in
  2. ↑ Lourdusamy, J. (2004). Science and National Consciousness in Bengal: 1870-1930. New perspectives in South Asian history. Orient BlackSwan. পৃ. 224. ISBN 978-81-250-2674-7
  3. ↑ (3 January 2011). PM inaugurates 98th Science Congress in Chennai. CyberMedia News India Online
  4. ↑ 100th Indian Science Congress, Kolkata 2013. The Indian Science Congress Association
  5. ↑ Prime Minister to inaugurate 101st Indian Science Congress on 3 Feb. IANS. Biharprabha News
  6. ↑ Indian Science Congress Association: Programme
  7. ↑ Nation's progress linked to science: PM Modi at Indian Science Congress 2015
  8. ↑ At Science Congress, Vedic aeroplanes and virus-proof suits
  9. ↑ 'Forget Wright brothers, it was an Indian who first flew a plane in 1895'
  10. ↑ Pythagoras’s theorem actually an Indian discovery: Harsh Vardhan
  11. ↑ At Indian Science Congress, no gems from PM Modi, but colleague cannot resist
  12. ↑ PM feels humbled by scientists' work
  13. ↑ Don't Debunk Genuine Accomplishments of Ancient Indian Science, says Shashi Tharoor
  14. ↑ Shashi Tharoor supports Vardhan, says don't debunk ancient science
  15. ↑ For 15 days in June, sun to block all communication with Mangalyaan
  16. ↑ dst.gov.in/gallery/104th-indian-science-congress
  17. ↑ 6 Nobel laureates, 30,000 scientists to attend Indian Science Congress starting in Punjab. India Today
  18. ↑ (23 January 1998). Indian Scientists Claim Lab Corruption. ScienceNOW
  19. ↑ Singh, Mahendra Pratap. (13 February 2010). GROUND REPORT INDIA: Without prejudice, fingers point to Rs. 50.00 Lakhs financial embezzlement by Dr. R. Tuli, Director
  20. ↑ Ayyadurai, VA Shiva. (16 December 2012). VA Shiva's Lecture at Indian Science Congress Centenary
  21. ↑ Bhaduri, Sumit. (8 January 2013). Indian science must break free from the present bureaucratic culture to come up with big innovative ideas. The Times of India
  22. ↑ Jayaraman, K.S. (6 January 2012). Indian science in need of overhaul. Nature
  23. ↑ (3 June 2012). New science and technology policy to be unveiled this year. The Hindu
  24. ↑ After vedic aeronautics, vedic surgery
  25. ↑ (3 January 2016). 103rd Indian Science Congress. The Indian Science Congress Association
  26. ↑ PICS 104TH ISCA AT SVU ARRANGEMENTS

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থা” প্ৰবন্ধৰ সংশোধন ৬৪০১০৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।