অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হকীকত (১৯৬৪ চলচ্চিত্ৰ)

হকীকত ( Haqeeqat) ১৯৬৪ চনৰ চেতন আনন্দৰ ৰচনা, পৰিচালনা আৰু প্ৰযোজনাত হিন্দী ভাষাত নিৰ্মিত এখন ভাৰতীয় যুদ্ধবিষয়ক নাট্যধৰ্মী ছবি। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ধৰ্মেন্দ্ৰ, বলৰাজ সাহনী, প্ৰিয়া ৰাজবংশ, সুধীৰ, সঞ্জয় খান আৰু বিজয় আনন্দে। ছবিখনৰ সংগীত মদন মোহনৰ আৰু গীতৰ কথা কাইফী আজমীৰ।

হালনাগাদ: ১২ জুন ২০২৫ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হকীকত ( Haqeeqat) ১৯৬৪ চনৰ চেতন আনন্দৰ ৰচনা, পৰিচালনা আৰু প্ৰযোজনাত হিন্দী ভাষাত নিৰ্মিত এখন ভাৰতীয় যুদ্ধবিষয়ক নাট্যধৰ্মী ছবি। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ধৰ্মেন্দ্ৰ, বলৰাজ সাহনী, প্ৰিয়া ৰাজবংশ, সুধীৰ, সঞ্জয় খান আৰু বিজয় আনন্দে। ছবিখনৰ সংগীত মদন মোহনৰ আৰু গীতৰ কথা কাইফী আজমীৰ। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ ঘটনাৰাজিৰ আধাৰত নিৰ্মিত এই ছবিখনত লাডাখৰ সৈন্যৰ এটা সৰু প্লেটুনে শত্ৰুৰ বৃহৎ গোট এটাৰ বিৰুদ্ধে থিয় দিছিল। লাডাখৰ ৰেজাংলাৰ যুদ্ধক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনত মেজৰ শেইতান সিঙৰ নেতৃত্বত ১৩, কুমাওঁ অহীৰ কোম্পানীৰ অন্তিম মৰ্চাৰ কাল্পনিক সংস্কৰণ দেখুওৱা হৈছে। অৱশ্যে ছবিখনে কেৱল যুদ্ধৰ প্ৰতিনিধিত্ব কৰাই নহয়, ইয়াত সাধাৰণ সৈনিকজনৰ ওপৰত যুদ্ধই পেলোৱা প্ৰভাৱৰো নাটকীয় পুনৰাবৃত্তি কৰা হৈছে। চেতন আনন্দে ছবিখন জৱাহৰলাল নেহৰু আৰু লাডাখৰ জোৱানসকলৰ নামত উৎসৰ্গা কৰিছিল। এই ছবিখনক বহুলভাৱে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ক’লা-বগা যুদ্ধ বিষয়ক চলচ্চিত্ৰ বুলি গণ্য কৰা হয়।

হকীকতে ১৯৬৫ চনত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০১২ চনত ছবিখনৰ ৰঙীন সংস্কৰণ মুকলি কৰা হয়। ২০১৬ চনৰ ১২ আগষ্টত ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে যৌথভাৱে উপস্থাপন কৰা স্বাধীনতা দিৱস চলচ্চিত্ৰ মহোৎসৱত ৭০তম ভাৰতৰ স্বাধীনতা দিৱসৰ স্মৃতিত ছবিখন পুৰ্বব্যাপী ৰূপত প্ৰদৰ্শন কৰা হয়।১২

নিৰ্মাণ

চৰকাৰ আৰু সেনাৰ সহায় লৈ ছবিখন নিৰ্মাণ কৰা হৈছিল।৩৪ ছবিখনৰ কিছু অংশ লাডাখত শ্বুটিং কৰা হৈছিল আৰু এইখন লাডাখত শ্বুটিং হোৱা প্ৰথমখন বলীউডৰ ছবি হিচাপে পৰিগণিত হৈছিল।৫৬ ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত "বাওঁপন্থী" শিল্পীসকলে ছবিখনৰ কামৰ বাবে কোনো ধৰণৰ ধন লোৱা নাছিল; ইয়াৰ ভিতৰত আছিল- পৰিচালক চেতন আনন্দ, নোৱেল কৰ্ক (দ্বিতীয় পৰিচালক) অভিনেতা বলৰাজ সাহনী, গীতিকাৰ কাইফি আজমি আৰু অভিনেত্ৰী শৌকত আজমী।৭ চেতন আনন্দৰ পুত্ৰ কেতন আনন্দে ৰূপান্তৰিত কৰা ৰঙীন সংস্কৰণটো ২০১২ চনত মুক্তি পায়।৮ ভাৰত-অষ্ট্ৰেলীয় সহযোগিতাৰে (ভাৰতৰ কিউ লেব আৰু অষ্ট্ৰেলিয়াৰ টাইম ব্ৰাছ ফিল্মছ) ৰূপান্তৰ কৰা এইখন আছিল প্ৰথম ছবি। ছবিখনৰ সময়সীমাও সম্পাদনা কৰা হৈছিল।৯

অভিনয় শিল্পী

  • ধৰ্মেন্দ্ৰ (কেপ্তেইন বাহাদুৰ সিং)
  • বলৰাজ সাহানী (মেজৰ ৰঞ্জিত সিং)
  • প্ৰিয়া ৰাজবংশ (অংমো)১০
  • সঞ্জয় খান (ভাৰতীয় সৈনিক)
  • বিজয় আনন্দ (মেজৰ প্ৰতাপ সিং)
  • শেখ মুখতাৰ (কমাণ্ডিং অফিচাৰ)
  • সুধীৰ (ৰামসিং)
  • ইন্দ্ৰানী মুখাৰ্জী
  • আশা সচদেৱ১১

বঁটা

দ্বাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৪)

  • দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট)

ফিল্মফেয়াৰ বঁটা

  • শ্ৰেষ্ঠ কলা নিৰ্দেশক- এম এছ সথ্যু

অধিক পঠন

তথ্যসূত্ৰ

  1. ↑ Independence Day 15 August 2016
  2. ↑ Kahlon, Sukhpreet. (17 August 2018). 'Desh ko tumhari zaroorat hai' – The patriotic zeal in Chetan Anand's Haqeeqat (1964). Cinestaan.com
  3. ↑ Singh, Deepali. (23 August 2020). 8 Bollywood movies that capture the heavenly beauty of Ladakh, on Netflix, Amazon Prime Video and Disney+ Hotstar. Vogue India
  4. ↑ Wangchuk, Rinchen Norbu. (2017-11-25). When Tradition Triumphs Modernity: Ladakh's Dry Toilets. The Better India
  5. ↑ (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃ. 76. ISBN 978-81-7991-066-5
  6. ↑ Joshi, Namrata. (22 October 2012). A Death Foretold. Outlook India Magazine
  7. ↑ Gupta, Ranjan Das. (2012-02-18). Fading into colour. Deccan Herald
  8. ↑ (2018-11-18). Remembering the battle of Rezang La through the eyes of two brave soldiers. ThePrint
  9. ↑ Gupta, Shekhar. (2012-10-22). 1962, a different story. The Financial Express
  10. ↑ Bali, Karan. Do Chetan Anand's best-known films stand the test of time?. Scroll.in
  11. ↑ Haqeeqat Cast. Bollywood Hungama

সম্পৰ্কিত শ্ৰেণী

১৯৬৪ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হকীকত (১৯৬৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫১৭২৪৫ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।