অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হাৰ্ট ইজ...

হাৰ্ট ইজ..., (ইংৰাজী: Heart Is...) ( হাৰ্টী প'ৱজ (ইংৰাজী: Hearty Paws নামেৰে খ্যাত) দক্ষিণ কোৰিয়াৰ পৰা ২০০৬ চনত মুক্তিপ্ৰাপ্ত এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালক অ'হ ডা-গ্যুঁ (ইংৰাজী: Oh Da-gyoon)।

হালনাগাদ: ১৬ আগষ্ট ২০১৩ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

হাৰ্ট ইজ..., (ইংৰাজী ভাষা: Heart Is...) ( হাৰ্টী প'ৱজ (ইংৰাজী ভাষা: Hearty Paws নামেৰে খ্যাত) দক্ষিণ কোৰিয়াৰ পৰা ২০০৬ চনত মুক্তিপ্ৰাপ্ত এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালক অ'হ ডা-গ্যুঁ (ইংৰাজী ভাষা: Oh Da-gyoon)।

কাহিনীভাগ

এই চলচ্চিত্ৰখনৰ কাহিনীভাগ দুটি সহোদৰ ভাতৃ-ভগ্নীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। ১১ বছৰীয়া ল'ৰা চ্যান-য়ি (ইংৰাজী ভাষা:Chan-yi) আৰু তাৰ সৰু ভনীয়েক চ'-ই (ইংৰাজী ভাষা:So-i) হৈছে ছবিখনৰ মূল চৰিত্ৰ। চ্যান -য়িৰ চৰিত্ৰত য়ু চেওং-হ' (ইংৰাজী ভাষা:Yu Seung-ho) আৰু চ'-ইৰ চৰিত্ৰত কিম হ্যাং-কি (ইংৰাজী ভাষা:Kim Hyang-ki)-য়ে অভিনয় কৰিছে। সিহঁতৰ দেউতাকৰ মৃত্যুৰ পিছত মাকে দুয়োকে পৰিত্যাগ কৰি দ্বিতীয় এজন ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰে। এই পৰিস্থিতিত দুয়ো কণমানি শিশুৱে অকলশৰীয়াকৈ জীৱন নিৰ্বাহ কৰিবলগাত পৰে। চ'-ইই বহুদিনৰ পৰা এটা কুকুৰ পোৱালি লাগে বুলি ককায়েকক কুটুৰি আছিল। সেয়ে চ্যান-য়িয়ে ভনীয়েকৰ ষষ্ঠ জন্মদিনত এটা কুকুৰ উপহাৰ দিবলৈ মনস্থ কৰে। সি এহাল বৃদ্ধ দম্পতীৰ ঘৰলৈ মনে মনে সোমাই নতুনকৈ জন্ম হোৱা এটা অকণমানি কুকুৰ পোৱালি চুৰ কৰি আনে। পিতৃ-মাতৃৰ অবৰ্তমানত দুই ভাতৃ-ভগ্নীয়ে দৰিদ্ৰতাৰ মাজেৰে দিন কটাইছিল যদিও কুকুৰ পোৱালিটোৰ সৈতে সিহঁত সুখেৰেই আছিল। কিন্তু এটা দূৰ্ভাগ্যজনক ঘটনাই সিহঁতত জীৱনৰ চকৰিৰ গতি যেন সলাই দিলে। এটা দুখদায়ক দূৰ্ঘটনাত চ'-ই-ই প্ৰাণ হেৰুৱায়। ভনীয়েকৰ মৃত্যুৰ পিছত চ্যান-য়ি-য়ে ঘৰৰ পৰা মাকৰ সন্ধানত ওলাই যায়। দূৰ্দশাই পিছে তাৰ লগ এৰা নাছিল। আনকি সি এসময়ত পথৰ ভিক্ষাৰীও হ'ব লগা হয়গৈ। এটা কৰুণ কাহিনীৰে চলচ্চিত্ৰখন আগবাঢ়ে।

কলা কুশলীসকল

মুক্তিৰ তথ্য

এই চলচ্চিত্ৰখন ২০০৬ চনৰ ২৬ অক্টোবৰ তাৰিখে দক্ষিণ কোৰিয়াত মুক্তি দিয়া হৈছিল। সমগ্ৰ দেশজুৰি এই জনপ্ৰিয় ছবিখনৰ ১,০৪২,১৬৬ সংখ্যক টিকেট বিক্ৰী হৈছিল। .১

তথ্যসূত্ৰ

  1. ↑ www.koreanfilm.org/films2006.html#boxoffice

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰ্ট ইজ...” প্ৰবন্ধৰ সংশোধন ১২৬৮৪৩ (১৬ আগষ্ট ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।