অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

স্বাতী সেন

স্বাতী সেন (ইংৰাজী: Swati Sen) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁৰ জন্ম মহাৰাষ্ট্ৰৰ নাগপুৰত হৈছিল। তেওঁ মূলতঃ উদেধ বুন নামৰ ছবিখনৰ চৰিত্ৰৰ বাবে পৰিচিত, যিখন ছবিয়ে ২০০৮ চনৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ ৰূপালী ভালুক (চিলভাৰ বিয়েৰ) লাভ কৰিছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৩৫০ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

স্বাতী সেন (ইংৰাজী: Swati Sen) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁৰ জন্ম মহাৰাষ্ট্ৰৰ নাগপুৰত হৈছিল। তেওঁ মূলতঃ উদেধ বুন নামৰ ছবিখনৰ চৰিত্ৰৰ বাবে পৰিচিত, যিখন ছবিয়ে ২০০৮ চনৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ ৰূপালী ভালুক (চিলভাৰ বিয়েৰ) লাভ কৰিছিল।১ ইয়াৰ উপৰি তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি অন্তৰ্দ্বন্দ্ব (২০১০)-ত অভিনয় কৰিছিল,২ য’ত তেওঁ কৰা অভিনয়ৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে মামীৰ (MAMI) শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

স্বাতীয়ে পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। দিল্লীৰ মিাণ্ডা হাউচ কলেজত পঢ়ি থকাৰ সময়ৰেপৰাই তেওঁ অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিল। তাত তেওঁ ড্ৰামেটিক্স ক্লাবৰ এগৰাকী সক্ৰিয় সদস্য আছিল আৰু কেইবাখনো বাটৰ নাট, পূৰ্ণদৈৰ্ঘ্যৰ নাটক আৰু মঞ্চ প্ৰদৰ্শনত অংশ লৈছিল।৪

কৰ্মজীৱন

ছবিখনৰ কাষ্টিং ডিৰেক্টৰ শ্ৰুতিক লগ পোৱাৰ সময়ত তেওঁক অন্তৰ্দ্বন্দ্বৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল। শ্ৰুতিয়ে স্বাতীক ছবিখনৰ পৰিচালক সুশীল ৰাজপালক লগ ধৰিবলৈ কৈছিল। ৰাজপাল তেওঁৰ অভিনয়ত যথেষ্ট আপ্লুত হৈছিল আৰু ফলস্বৰূপে তেওঁক অন্তৰ্দ্বন্দ্ব বোলছবিত অভিনয়ৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

স্বাতী সেনে ভাৰতীয় চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিয়েই সুশীল ৰাজপালৰ ছবি অন্তৰ্দ্বন্দ্বৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ছবিখনে ৰাষ্ট্ৰীয় বঁটা (শ্ৰেষ্ঠ ছবি) আৰু মামী বঁটা (শ্ৰেষ্ঠ অভিনেত্ৰী) লাভ কৰিছে। তেওঁৰ সুন্দৰ অভিনয় দেখি অনুৰাগ কাশ্যপ আৰু ইমতিয়াজ আলীয়ে তেওঁক বৰ্তমানৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছে। তেওঁক ইতিপূৰ্বেই স্মিতা পাটিল, চিত্ৰাংগদা আৰু তাবুৰ দৰে শক্তিশালী অভিনেত্ৰীৰ সৈতে তুলনা কৰা হৈছে।৫

আমেৰিকান ৰেডিঅ’ৰ বাবে এণ্ড্ৰু মাজৰ আন্তঃৰাষ্ট্ৰীয় মিউজিক ভিডিঅ’ "কলিং অল ক্ৰ’জ" (calling all crows)-ত তেওঁক দেখা গৈছিল। ইয়াৰ উপৰি তেওঁ সোন্থা ভুৰু (তেলেগু) আদি আঞ্চলিক ছবিতো অভিনয় কৰিছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ আটাইতকৈ চৰ্চিত উপন্যাস "গোৰা"ৰ টেলিভিছন সংস্কৰণত তেওঁ মূল চৰিত্ৰ সুচৰিতাৰ ভূমিকা পালন কৰিছিল।

তেওঁ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ (FTII) প্ৰাক্তন সঞ্চালক শ্ৰী ত্ৰিপুৰাৰী চৰণক নিজৰ পথ-প্ৰদৰ্শক আৰু গুৰু হিচাপে গণ্য কৰে।

বৰ্তমান তেওঁ মুম্বাইৰ বিৰাট কলোদ্ভৱ থিয়েটাৰ গ্ৰুপৰ সৈতে জড়িত হৈ আছে।

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ পৰিয়ালত বিবাহপাশত আবদ্ধ হোৱা স্বাতী আৰু তেওঁৰ স্বামী দেৱাদিত্য প্ৰসাদ (লেখক-পৰিচালক, সুধীৰ মিশ্ৰৰ সৈতে জড়িত) বৰ্তমান মুম্বাইৰ আন্ধেৰী ৱেষ্টত বাস কৰে।

অভিনীত চলচ্চিত্ৰ

  • ২০০৭: ইটছ ব্ৰেকিং নিউজ - সংগীতা ৬
  • ২০০৭: ৱোহ চুবহ কিধৰ নিকল গয়ী
  • ২০০৮: উদেধ বুন (চুটি ছবি) - প্ৰেয়সী
  • ২০০৯: আন্ধেৰী (চুটি ছবি) - অনিতা (বনকৰা মহিলা)
  • ২০০৯: সোন্থা ভুৰু (তেলুগু ভাষা)
  • ২০১০: অন্তৰ্দ্বন্দ্ব - জানকী
  • ২০১২: গোৰা (হিন্দী ভাষা) - সুচৰিতা

তথ্যসূত্ৰ

  1. ↑ Uma da Cunha. (22 February 2008). Siddharth Sinha's short film Udhed Bun win's Berlin's Silver Bear. Screen
  2. ↑ 55th National Film Award Winners (2007). Press Information Bureau, Govt. of India
  3. ↑ Antardwand: Movie Review The Economic Times, 27 August 2010
  4. ↑ Antardwand’ Swati Sen makes her alumni FTII proud!! 8 September 2010
  5. ↑ FTII ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অফিচিয়েল ৱেবছাইট।
  6. ↑ Box Office Results 1996. Box Office India

সম্পৰ্কিত শ্ৰেণী

তেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাতী সেন” প্ৰবন্ধৰ সংশোধন ৫৯৭০৬২ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।