অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

স্ত্ৰীৰ পত্ৰ (চলচ্চিত্ৰ)

স্ত্ৰীৰ পত্ৰ ( Strir Patra ) ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত পূৰ্ণেন্দু পত্ৰীৰ পৰিচালনাত ১৯৭২ চনত নিৰ্মিত এখন বঙালী ছবি। মুখ্য চৰিত্ৰত অভিনয় কৰিছে মাধৱী মুখাৰ্জীয়ে। ১৯১৪ চনত প্ৰথম প্ৰকাশিত ঠাকুৰৰ এই কাহিনীটোক অগ্ৰণী নাৰীবাদী পাঠ বুলি গণ্য কৰা হয়।

হালনাগাদ: ১৬ এপ্ৰিল ২০২৫ ৪৫০ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

স্ত্ৰীৰ পত্ৰ ( Strir Patra ) ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত পূৰ্ণেন্দু পত্ৰীৰ পৰিচালনাত ১৯৭২ চনত নিৰ্মিত এখন বঙালী ছবি। মুখ্য চৰিত্ৰত অভিনয় কৰিছে মাধৱী মুখাৰ্জীয়ে। ১৯১৪ চনত প্ৰথম প্ৰকাশিত ঠাকুৰৰ এই কাহিনীটোক অগ্ৰণী নাৰীবাদী পাঠ বুলি গণ্য কৰা হয়।১২ ছবিখনে বাংলা ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে,৩ কেইবাটাও বি এফ জে এ বঁটাও লাভ কৰে।৪

কাহিনী

ঠাকুৰৰ কাহিনীটো পত্ৰৰূপত লিখা, পত্নীৰ পৰা অহা চিঠিখনে সমগ্ৰ পাঠ সামৰি লৈছে‍। চিনেমাখনত আখ্যানৰ বাবে চিঠিখনক ফ্ৰেম হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াত কলিকতাৰ এটা অভিজাত যৌথ পৰিয়ালৰ সন্তানৰ সৈতে‍ বিবাহপাশত আৱদ্ধ হোৱা দৰিদ্ৰ পৰিয়ালৰ যুৱতী মৃণালৰ (মাধৱী মুখাৰ্জী) কাহিনী বৰ্ণিত হৈছে‍। তাইৰ সৌন্দৰ্য্যৰ বাবেই তাইক কইনা হিচাপে বাছনি কৰা হৈছিল। অৱশ্যে তাইৰ বুদ্ধিমত্তাটোৱেই কাহিনীটোৰ মূল কাৰক হৈ পৰিছে। পৰিয়ালৰ মহিলাসকলে পাকঘৰ আৰু শোৱা কোঠাত আৱদ্ধ হৈ থকা জীৱন যাপন কৰে। মৃণালৰ ভনীয়েকে‍ (স্মিতা সিনহা) প্ৰশ্নাতীতভাৱে‍ ব্যৱস্থাটো মানি লৈছে‍। মৃণাল বেলেগ; কেইবাটাও ঘৰুৱা বিষয়ত তাই স্বতন্ত্ৰ স্থিতি গ্ৰহণ কৰিছে‍ আৰু গোপনে কবিতা লিখে। জন্মৰ পিছতেই তাইৰ ছোৱালীজনীৰ মৃত্যু হয়। মৃণালৰ জীৱন সলনি হয় যেতিয়া তাইৰ ননদৰ ননদ বিন্দু (ৰাজেশ্বৰী ৰায়চৌধুৰী) থাকিবলৈ আহে। এই আগমনত পৰিয়ালটো সুখী নহয়। তেওঁলোকে‍ বিন্দুক অবৈতনিক চাকৰৰ দৰে ব্যৱহাৰ কৰে, অকল মৃণালহে‍ তাইৰ পক্ষত থিয় দিয়ে। সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পুৰুষসকলে বিন্দুক জোৰকৈ এৰেঞ্জ মেৰেজ কৰোৱায়, আনকি তাইৰ ভনীয়েকে এইটোৱেই সৰ্বোত্তম সমাধান বুলি গণ্য কৰে। অৱশ্যে বিন্দুৰ স্বামী (নিমু ভৌমিক) মানসিকভাৱে অস্থিৰ আৰু হিংস্ৰ হৈ পৰে। আকৌ এবাৰ বিন্দুৱে ভনীয়েকৰ ওচৰত আশ্ৰয় বিচাৰে। এতিয়া অৱশ্যে পৰিস্থিতি অসহনীয় হৈ পৰিছে, বিন্দুৱে আত্মহত্যা কৰে। ইফালে মৃণালে আত্মীয়ৰ সৈতে পুৰীলৈ তীৰ্থযাত্ৰা কৰিবলৈ অনুমতি লাভ কৰিবলৈ সক্ষম হৈছে। এই কৰুণ ঘটনাবোৰৰ মাজেৰে তাই উপলব্ধি কৰিছে যে পিতৃতান্ত্ৰিক সমাজত নাৰীৰ স্বাধীনতা নাই। পুৰীত সাগৰৰ পাৰত থিয় হৈ তাই সিদ্ধান্ত লয়, আৰু স্বামীলৈ চিঠি লিখি ঘোষণা কৰে যে তাই কেতিয়াও তেওেঁলাকৰ ঘৰলৈ ঘূৰি নাহে।

অভিনয়শিল্পী

  • মাধৱী মুখাৰ্জী - মৃণাল
  • স্মিতা সিংহ - মৃণালৰ বৌয়েক
  • ৰাজেশ্বৰী ৰায়চৌধুৰী - বিন্দু
  • সীতা মুখোপাধ্যায়
  • ৰুবি মিত্ৰ
  • অসীম চক্ৰবৰ্তী
  • ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত (অতিথি)
  • নিমু ভৌমিক - বিন্দুৰ স্বামী
  • ৰূপক মজুমদাৰ
  • শ্যামল ঘোষ
  • সন্তোষ দত্ত - ডাক্তাৰ
  • শৈলেশ মুখোপাধ্যায়
  • ধীৰেন ৰায়
  • অয়ন বন্দ্যোপাধ্যায় ৫

দল

  • পৰিচালনা - পূৰ্ণেন্দু পত্ৰী
  • চিত্ৰনাট্য - পূৰ্ণেন্দু পত্ৰী
  • সঙ্গীত - ৰামকুমাৰ চট্টোপাধ্যায়
  • চিনেমেট’গ্ৰাফী - শক্তি বন্দ্যোপাধ্যায়
  • কলা পৰিচালনা - পূৰ্ণেন্দু পত্ৰী
  • সম্পাদনা - অৰবিন্দ ভট্টাচাৰ্য ১৫

উৎপাদন

কাষ্টিং

সত্যজিৎ ৰয়ৰ চাৰুলতাত নায়িকা হিচাপে কৰা সু-অভিনয়ৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ মাধৱী মুখাৰ্জীক বাছনি কৰাটো হয়তো স্বয়ংক্ৰিয় আছিল। তেওঁৰ বাহিৰেও বাংলা চিনেমাত সুপৰিচিত সন্তোষ দত্ত, ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছিল কেইবাজনো বিশিষ্ট মঞ্চ অভিনেতা যেনে নান্দীকাৰ নাট্যগোষ্ঠীৰ ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত আৰু পিছলৈ ইয়াৰ নেতা, আৰু চতুৰ্মুখ নাট্যদলৰ অসীম চক্ৰৱৰ্তী।৬

শ্বুটিং

পূৰ্ণেন্দু পত্ৰীয়ে ছবিখনৰ চিত্ৰনাট্য লিখাই নহয়, কলা পৰিচালনাও চম্ভালিছিল। উত্তৰ কলিকতাৰ এটা আইকনিক পুৰণি অট্টালিকা (বৰ্তমান ঐতিহ্য ভৱন হিচাপে ঘোষণা কৰা) ধুৰ্জটি‍ ধামত শ্বুটিং কৰা হৈছিল, যিটো অট্টালিকা পূৰ্বে সত্যজিৎ ৰায়ে জলসাঘৰৰ বাবে ব্যৱহাৰ কৰিছিল।৭

সঙ্গীত

সংগীত পৰিচালক হিচাপে ৰামকুমাৰ চট্টোপাধ্যায়ক বাছনি কৰাটো আছিল অস্বাভাৱিক কিন্তু উপযুক্ত। স্ত্ৰীৰ পত্ৰৰ আগতে চেটাৰ্জীয়ে ছবিৰ বাবে সংগীত ৰচনা কৰা নাছিল যদিও পুৰণি (পুৰণি বাংলা) গীতৰ অনন্য ৰেপাৰ্টৰী থকা শাস্ত্ৰীয় গায়ক হিচাপে সুপৰিচিত আছিল।৮

পুৰস্কাৰ

  • বিংশতম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: বাংলা ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।৩
  • তাছকেন্দ চলচ্চিত্ৰ মহোৎসৱ: শ্ৰেষ্ঠ পৰিচালনাৰ বঁটা।১
  • ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০১১: "ঠাকুৰছ্ ক্লাছিকছ" শিতানত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত।৯
  • বি এফ জে এ বঁটা ১৯৭৪ ৪
    • শ্ৰেষ্ঠ ভাৰতীয় ছবি।
    • শ্ৰেষ্ঠ ক'লা-বগা চিনেমেট'গ্ৰাফী - শক্তি বেনাৰ্জী।
    • বছৰৰ আটাইতকৈ অসাধাৰণ কাম - অয়ন বন্দ্যোপাধ্যায়।

তথ্যসূত্ৰ

  1. ↑ Chakraborty, Sridarshini. On Streer Patra. Silhouette Magazine
  2. ↑ (7 May 2017). http://indianexpress.com/article/lifestyle/books/out-of-their-confines-a-look-at-the-unbound-women-of-tagore-on-his-155th-birth-anniversary-2790716/
  3. ↑ Twentieth National Awards for Excellence in Motion Picture Arts and Sciences. Directorate of Film Festivals
  4. ↑ BFJA Awards (1974). gomolo.com
  5. ↑ Streer Patra (1973) Cast and Crew. gomolo.com
  6. ↑ Asim Chakraborty Biography. gomolo.com
  7. ↑ Das, Soumitra. (5 October 2007). Romancing the stone. The Telegraph
  8. ↑ Ghosh, Pallab. Ramkumar Chatterjee, Noted Classical Singer Passes Away. instablogs.com
  9. ↑ IFFI 2011 - 1st Phase Screening Schedule. International Film Festival of India. Ministry of Information & Broadcasting, Government of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰবাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ১৯৭২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্ত্ৰীৰ পত্ৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৩৭২৩ (১৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।