অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সৰস্বতী মন্দিৰ

সৰস্বতী মন্দিৰ (Saraswati Mandir) বা সাৰিকা সদন বা নৰ্মদ হাউচ হৈছে ভাৰতৰ গুজৰাটৰ চুৰাটত অৱস্থিত এটা লেখক-গৃহ সংগ্ৰহালয়। ১৮৬৬ চনত গুজৰাটী কবি নৰ্মদে নিৰ্মাণ কৰা এই ঘৰটো ২০১৫ চনত সংস্কাৰ কৰি নৰ্মদলৈ উৎসৰ্গিত এক সংগ্ৰহালয় আৰু স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰা হয়।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৬ ৩৫৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সৰস্বতী মন্দিৰ (Saraswati Mandir) বা সাৰিকা সদন বা নৰ্মদ হাউচ হৈছে ভাৰতৰ গুজৰাটৰ চুৰাটত অৱস্থিত এটা লেখক-গৃহ সংগ্ৰহালয়। ১৮৬৬ চনত গুজৰাটী কবি নৰ্মদে নিৰ্মাণ কৰা এই ঘৰটো ২০১৫ চনত সংস্কাৰ কৰি নৰ্মদলৈ উৎসৰ্গিত এক সংগ্ৰহালয় আৰু স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰা হয়।

ইতিহাস

নৰ্মদে চুৰাটত বাস কৰিছিল আৰু তেওঁ চুৰাটৰ গোপীপুৰা চুবুৰীৰ আমলিৰণ পথত১ নিজৰ পূৰ্বপুৰুষৰ ঘৰৰ মুখামুখিকৈ ₹৬০০ টকাত(২০২০ চনত ২৩০,০০০ ₹ বা ৩১০০ মাৰ্কিন ডলাৰৰ সমতুল্য) মাটি কিনিছিল। ১৮৬৬ চনৰ জানুৱাৰী মাহত তেওঁ পুৰণি ঘৰটোৰ সংস্কাৰৰ লগতে নতুন ভৱনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰে। ইয়াৰ নিৰ্মাণপৰ্ব ১৮৬৬ চনৰ ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ হয়।২ তেওঁ ভৱনটোৰ নাম সৰস্বতী মন্দিৰ ৰাখি তাতেই লিখা-মেলা কৰিছিল আৰু সময়বিশেষে গৱেষণাৰ বাবেও ব্যৱহাৰ কৰিছিল। পিছে গৃহ নিৰ্মাণে তেওঁৰ আৰ্থিক সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিছিল।

পিছত জটাশংকৰ ত্ৰিবেদীয়ে এই ঘৰটো ক্ৰয় কৰে। পৰৱৰ্তী সময়ত গজেন্দ্ৰশংকৰ লালশংকৰ পাণ্ডিয়াই ইয়াক ক্ৰয় কৰে কাৰণ তেওঁৰ ডাঙৰ কন্যা ছাৰিকাই ইয়াক ক্ৰয় কৰিবলৈ একপ্ৰকাৰ জোৰ দিছিল।৩ তেওঁ ভৱনটো বহলাই দক্ষিণৰ এক তৃতীয়াংশ অংশত এক্সটেনচন নিৰ্মাণ কৰি ঘৰৰ ওপৰত টিনৰ চাল যোগ কৰিলে। তেওঁ ডাঙৰ কন্যাৰ নামেৰে ইয়াৰ নাম সলনি কৰি সৰিকা সদন ৰাখিলে।৩৪ মৃত্যুৰ পিছতো তেওঁৰ পত্নী কৈলাশে তাতেই বাস কৰি থাকিল।৫ তেওঁলোকে ভৱনটো বিক্ৰী কৰিব বিচাৰিছিল যদিও স্থানীয় বাসিন্দা আৰু নৰ্মদৰ অনুৰাগীসকলে বিৰোধিতা কৰিছিল আৰু ইয়াক সংগ্ৰহালয় বা পুথিভঁৰাললৈ ৰূপান্তৰিত কৰাটো বিচাৰিছিল।৬ পৰৱৰ্তী সময়ত চুৰাট পৌৰ নিগমে ইয়াক ক্ৰয় কৰি নৰ্মদৰ ৰচনা প্ৰকাশ আৰু সংৰক্ষণৰ বাবে উৎসৰ্গিত কবি নৰ্মদ যুগৱৰ্ত ন্যাসক ১৯৯২ চনৰ ২৪ আগষ্টত নৰ্মদৰ জন্ম জয়ন্তীত অৰ্পণ কৰে। ভৱনটো আংশিকভাৱে পুনৰুদ্ধাৰ কৰি স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰা হয় যদিও পিছত পুনৰ চুৰাট পৌৰ নিগমৰ হাতত তুলি দিয়া হয়। ২০১০ চনত কিছু সংস্কাৰ নোহোৱালৈকে ঘৰটো অৱহেলিত হৈ থাকে।৬৭

২০১৪ চনত চুৰাট পৌৰ নিগমে ভৱনটোৰ মূল ৰূপলৈ সংস্কাৰ, পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰে।১ তেওঁলোকে এক্সটেনচনটো আঁতৰাই পেলালে আৰু ক্ষয়প্ৰাপ্ত কাঠৰ অংশ, চাল আৰু মজিয়া সলনি কৰিলে।৮ সংস্কাৰ কৰা ঘৰটো সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হয় আৰু নৰ্মদৰ জীৱন, পৰিয়াল আৰু কৰ্মৰাজিৰ প্ৰবন্ধ আৰু তথ্য প্ৰদৰ্শন কৰা হয়। ভৱনৰ তলৰ মহলাত আছে নৰ্মদৰ আৱক্ষ মূৰ্তি। ইয়াত তেওঁৰ কিতাপ আৰু তেওঁ ব্যৱহাৰ কৰা কিছুমান আচবাবো আছে। এই প্ৰকল্পৰ বাবে ব্যয় হৈছিল ₹৩৫ লাখ ধন (৪৬,০০০ মাৰ্কিন ডলাৰ)।৮৩

২০১৫ চনৰ ২৪ আগষ্টত নৰমদৰ ১৮২ সংখ্যক জন্ম জয়ন্তীত এই সংগ্ৰহালয়টো জনসাধাৰণৰ বাবে মুকলি কৰা হয়। ৮৪

প্ৰতিৰূপ

₹১.৫ কোটি (US$200,000) ব্যয় সাপেক্ষে বীৰ নৰ্মদ দক্ষিণ গুজৰাট বিশ্ববিদ্যালয়ত ইয়াৰ এটা প্ৰতিৰূপ নিৰ্মাণ কৰা হয় আৰু ইয়াৰ নাম দিয়া হয় নৰ্মদ স্মৃতি ভৱন হিচাপে। ইয়াক ২০১৫ চনৰ ২৪ আগষ্টতো মুকলি কৰা হয়।৩ ইয়াত নৰ্মদৰ কিছু হাতে লিখা পাণ্ডুলিপি আৰু কিছুমান সামগ্ৰী আছে।৯

স্থাপত্য

মূল একমহলীয়া ঘৰটো ১০২ বৰ্গ মিটাৰ (১১০০ বৰ্গফুট) এলেকাত বিস্তৃত আছিল।১ ইয়াৰ কাঠৰ কাঠামো আছিল আৰু বেৰবোৰ ইটাৰে তৈয়াৰ কৰা হৈছিল। দেৱালবোৰত চূণশিলৰে প্লাষ্টাৰ কৰা হৈছিল। ইয়াৰ মজিয়াত চিকচিকিয়া ফিনিচিঙৰ সৈতে কোটা শিলৰ টাইলছ লগোৱা হৈছিল। ইয়াৰ চালখন মাংগালোৰৰ টাইলছৰ সৈতে ঢালযুক্ত আছিল।৮

তথ্যসূত্ৰ

  1. ↑ (14 January 2016). Kavi Narmad's house to regain glory. The Times of India
  2. ↑ Dave, Narmadashanker Lalshanker. (1994). Mari Hakikat. Kavi Narmad Yugavart Trust. পৃ. 67
  3. ↑ Tv9 Gujarati. (2015-08-23). Surat: Kavi Narmad's house regains glory - Tv9 Gujarati
  4. ↑ S9 NEWS - GUJARAT. (2015-08-24). Surat Smc Kavi Narmad Home Opening
  5. ↑ Bhairvi Pandya. (2016-04-16). Kavi Narmad's home "Saraswati Mandir" in Surat- historic renovation commentary by Dr Deepak Pandya
  6. ↑ (25 August 2008). Kavi Narmad's house lies in shambles. OneIndia
  7. ↑ Mehta, Deepak. અરે એ તે ક્યારે, ભસમ સહુ થઈ જાય પછીથી?. Mumbai Samachar
  8. ↑ (18 January 2016). Narmad house thrown open to public. The Times of India
  9. ↑ (25 August 2013). VNSGU to build a real size replica of poet Narmad’s house. DeshGujarat

সম্পৰ্কিত শ্ৰেণী

সাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰস্বতী মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৫৭৬৪৬১ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।