স্বালোকচিত্ৰ (selfie) নিজে নিজকে বা নিজদিশে তোলা এখন আলোকচিত্ৰ যিখন সাধাৰণতে আৰু সহজতে আজিকালি উপলব্ধ ডিজিটেল কেমেৰা (digital camera) বা কেমেৰা থকা ভ্ৰাম্যভাষ যন্ত্ৰৰে তুলিব পাৰি।১
ইংৰাজীত ছেলফি বুলি পৰিগণিত হোৱা এনে স্বালোকচিত্ৰ সমূহৰ বাবে 'ছেলফি' শব্দটি পোনপ্ৰথমে অষ্ট্ৰেলিয়া (মহাদেশ)ত নাথান হ'প বোলা লোকজনে ব্যৱহাৰ কৰিছিল বুলি জনা যায়।২৩
বিপৰীতমুখী কেমেৰা (front-facing camera) থকা ভ্ৰাম্যভাষ যন্ত্ৰসমূহৰ প্ৰচলনৰ লগে লগে স্বালোকচিত্ৰ তোলা অতি সহজ হৈ পৰিল যাৰ ফলত মানুহৰ মাজত ফেইচবুক আৰু অন্যান্য ৰাজহুৱা স্বপ্ৰচাৰ-মাধ্যমৰ জৰিয়তে নিজৰ অস্তিত্ব-জাহিৰ কৰাৰ এক মানসিক সুৰসুৰণি ব্যাপক ভাৱে বৃদ্ধি পাব ধৰে আৰু মূলতঃ সেই মাধ্যমসমূহতে মন্তব্যৰ উপৰিও স্বালোকচিত্ৰ সমূহো ব্যাপক ভাৱে প্ৰকাশ পাবলৈ ধৰিলে। চিত্ৰপট-পৰিসৰ বঢ়াবৰ বাবে স্বালোকচিত্ৰ-বাৰি (selfie stick) এডালৰ এমূৰত কেমেৰাটো লগাই বাৰিডালৰ আনমূৰ বাহুমেলি ধৰি কেমেৰাটো মুখৰ পৰা দূৰলৈ দাঙি ধৰাৰ ব্যৱস্থাও আহিছে যি কেবাজনো লোক একেলগ হৈ দল-স্বালোকচিত্ৰ (groufie) লোৱাত সহায়ক হৈছে।
স্বালোকচিত্ৰৰ প্ৰয়োভৰ এতিয়া বাঢ়িছে যদিও চন্দ্ৰাৰোহন কৰা সৰ্বপ্ৰথম মহাকাশচাৰী এডুইন এলড্ৰিনে ১৯৬৬ চনতে মহাকাশতো এখন স্বালোকচিত্ৰ তুলিছিল যেন দেখা যায়।
কিছুমান মানুহে নিজকে বিপদসঙ্কুল অৱস্থাত ৰাখি স্বালোকচিত্ৰ তোলাৰ চেষ্টা চলোৱাৰ সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ ঘটনাই কোনো কোনো প্ৰশাসনক এনে বিপজ্জনক ঠাই সমূহ স্বালোকচিত্ৰ-নিষেধ এলেকা হিচাপে ঘোষণা কৰিবলৈ বাধ্য কৰিছে।৪
তথ্যসূত্ৰ
- ↑ selfie noun - Pronunciation - Oxford Advanced Learner's Dictionary at OxfordLearnersDictionaries.com. oxfordlearnersdictionaries.com
- ↑ A brief history of the selfie. ABC Science blog. ABC Online
- ↑ Oxford Dictionaries Word of the Year 2013 is... OxfordWords blog. Oxford Dictionaries
- ↑ www.hindustantimes.com/india/mumbai-police-ident
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বালোকচিত্ৰ” প্ৰবন্ধৰ সংশোধন ৫০২৬৯৫ (৭ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।