অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

স্পিৰিচুৱেল (সংগীত)

স্পিৰিচুৱেল (বা নিগ্ৰো স্পিৰিচুৱেল) প্ৰায় আফ্ৰিকান আমেৰিকানসকলে সৃষ্টি কৰা খ্ৰীষ্টধৰ্মীয় গীত। স্পিৰিচুৱেল বা 'আধ্যাত্মিক' গীতসমূহ প্ৰথমে আছিল এক মৌখিক পৰম্পৰাৰ অংশ যিয়ে একেলগে খ্ৰীষ্টান মূল্যবোধ আৰু দাস প্ৰথাৰ বৰ্বৰতা ব্যক্ত কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৪ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

স্পিৰিচুৱেল (বা নিগ্ৰো স্পিৰিচুৱেল)১২ প্ৰায় আফ্ৰিকান আমেৰিকানসকলে সৃষ্টি কৰা খ্ৰীষ্টধৰ্মীয় গীত।৩ স্পিৰিচুৱেল বা 'আধ্যাত্মিক' গীতসমূহ প্ৰথমে আছিল এক মৌখিক পৰম্পৰাৰ অংশ যিয়ে একেলগে খ্ৰীষ্টান মূল্যবোধ আৰু দাস প্ৰথাৰ বৰ্বৰতা ব্যক্ত কৰিছিল।৪ যদিও প্ৰথমে স্পিৰিচুৱেল বাদ্যযন্ত্ৰ অবিহনে এক মাতেৰে গোৱা হৈছিল, বৰ্তমানে স্পিৰিচুৱেলক সুসংগঠিত দলত গোৱা গীত হিচাপে চিনাক্ত কৰা হয়। আমেৰিকান গীতৰ এই ঐতিহসিক গোটক বৰ্তমানে এক স্বকীয় সংগীতৰ শৈলী হিচাপে গণ্য কৰা হয়।৫

নাম আৰু উদ্ভৱ

"স্পিৰিচুৱেল" শব্দ কিং জেম্‌ছ বাইবেলৰ ইফিচিয়ান্স ৫ঃ১৯ৰ অনুবাদত থকা "স্পিৰিচুৱেল চংচ"ৰপৰা গ্ৰহণ কৰা হৈছে। তাত কোৱা হৈছিল, "Speaking to yourselves in psalms and hymns and spiritual songs, singing and making melody in your heart to the Lord।"৬ স্লেভ চংচ অৱ দ্য ইউনাইটেড ষ্টেট্‌ছ ১৮৬৭ত প্ৰকাশ পোৱা প্ৰথম নিগ্ৰো স্পিৰিচুৱেলৰ প্ৰকাশন।৭

পাছলৈ সংজ্ঞাৰ প্ৰয়োগ

সংগীতশাস্ত্ৰী জৰ্জ পুলেন জেক্সনে 'স্পিৰিচুৱেল' শব্দটিক এক বহলতৰ অৰ্থত ব্যৱহাৰ কৰিছিল, নিজৰ ১৯৩৮ৰ হুৱাইট স্পিৰিচুৱেল্‌চ ইন দ্য চাউদাৰ্ণ আপলেণ্ডছত। এনে প্ৰয়োগ তাৰ পূৰ্বে বিশেষভাৱে কৰা হোৱা নাছিল। পাছলৈ শব্দটোৱে কেইবাটাও অন্য সংগীত শৈলীক সামৰি ল'লে যাৰ ধৰণগতভাৱে প্ৰকৃত আফ্ৰিকান আমেৰিকান স্পিৰিচুৱেল গীতসমূহৰ লগত সাদৃশ্য আছিল।

আফ্ৰিকান গীতৰ সৈতে সম্পৰ্ক

যদিও স্পিৰিচুৱেল গীতসমূহৰ অনেক তাল সম্পৰ্কীয় আৰু ধ্বনিগত দিশৰ সাদৃশ্য আৰু উৎস আফ্ৰিকা মহাদেশ, ই বাস্তৱতে আমেৰিকাত আফ্ৰিকান দাসসকলে অনুভৱ কৰা অনন্য ধাৰ্মিক অনুভৱৰহে ফল। ই আফ্ৰিকাৰ সংগীত আৰু ধৰ্মৰ সৈতে ইউৰোপৰ সংগীত আৰু ধৰ্মৰ সম্পৰ্কৰ ফল।৮ তদুপৰি এই শৈলী কেৱল আমেৰিকাতহে বিশেষভাৱে বিকশিত হ'ল, লেটিন আমেৰিকা আৰু কেৰিবিয়ানকে ধৰি অন্যান্য ঠাইত ধৰ্মান্তৰিত হৱা আফ্ৰিকানসকলে এই সংগীতৰ বিকাশত বিশেষ ভূমিকা গ্ৰহণ কৰা নাই।৯

দাস সমাজত

দাসসকলে নিজৰ লগত আফ্ৰিকান সাংকৃতিক ঐতিহ্য লৈ আনিছিল আমেৰিকালৈ। কৰ্মৰপৰা পূজালৈ বিভিন্ন কৰ্মত সংগীত আৰু নৃত্যই আফ্ৰিকান জীৱনত বিশেষ প্ৰভাৱ পেলাইছিল। পিচে ইউৰোপীয় মালিকে আফ্ৰিকামূলীয় আৰাধনাৰ কেইবাটাও ধৰণ নিষিদ্ধ কৰি পেলালে, ঢোল বাদন কৰাৰপৰা নৃত্য কৰালৈকে। দাসসকল গোপনে নিজৰ সংগীত পৰিবেশন কৰিবলৈ বাধ্য হৈ পৰিল।১০

তথ্যসূত্ৰ

  1. ↑ Negro Spiritual Singers. New Deal Network
  2. ↑ 5th Annual Negro Spirituals Heritage Day. All About Jazz
  3. ↑ The Books of American Negro Spirituals. Da Capo Press
  4. ↑ "Celebrating Black Music Month", National Museum of African American History and Culture
  5. ↑ Why "Negro Spiritual"… A Note About Negro Spirituals. The "Negro Spiritual" Scholarship Foundation
  6. ↑ Faigin, Tom. "Negro Spirituals: Songs of Survival"
  7. ↑ Slave Songs of the United States, the first major collection of negro spirituals, was published in 1867
  8. ↑ Pitts, Walter F. (1996). Old Ship of Zion: The Afro-Baptist Ritual in the African Diaspora. New York: Oxford University Press. p. 74. ISBN: 0195111451
  9. ↑ Murray, Albert. (1976). Stomping the Blues. Da Capo. পৃ. 64–65. ISBN 0-306-80362-3
  10. ↑ African American Spirituals. Online Text. Retrieved from the Library of Congress, www.loc.gov/item/ihas.200197495/. (Accessed January 26, 2018.)

সম্পৰ্কিত শ্ৰেণী

সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্পিৰিচুৱেল (সংগীত)” প্ৰবন্ধৰ সংশোধন ৪৩৩০১২ (২৩ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।