অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তালপাতৰ পুথি সংগ্ৰহালয়, তিৰুৱনন্তপুৰম

তালপাতৰ পুথি সংগ্ৰহালয়, তিৰুৱনন্তপুৰম (Palm Leaf Manuscript Museum) কেৰালাৰ পৰম্পৰাগত তালপাতৰ পাণ্ডুলিপিসমূহ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে উৎসৰ্গিত এখন সংগ্ৰহালয়। ইয়াক বিশ্বৰ প্ৰথম আৰু সৰ্ববৃহৎ তালপাতৰ পাণ্ডুলিপি সংগ্ৰহালয় বুলি গণ্য কৰা হয়।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

তালপাতৰ পুথি সংগ্ৰহালয়, তিৰুৱনন্তপুৰম (Palm Leaf Manuscript Museum) কেৰালাৰ পৰম্পৰাগত তালপাতৰ পাণ্ডুলিপিসমূহ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে উৎসৰ্গিত এখন সংগ্ৰহালয়। ইয়াক বিশ্বৰ প্ৰথম আৰু সৰ্ববৃহৎ তালপাতৰ পাণ্ডুলিপি সংগ্ৰহালয় বুলি গণ্য কৰা হয়। কেৰালা ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনত থকা এই সংগ্ৰহালয়টোত এক কোটিতকৈও অধিক বিৰল তালপাতৰ সংগ্ৰহ আছে। ইয়াত ভেনাদ যুগৰ প্ৰশাসনিক নথি-পত্ৰৰপৰা আৰম্ভ কৰি ট্ৰাভাংকোৰ, কোচি আৰু মালাবাৰ অঞ্চলৰ পুৰণি ৰাজনৈতিক তথা সামাজিক তথ্যসমূহ সংৰক্ষিত হৈ আছে। সংগ্ৰহালয়টোত ১২৪৯ চনৰপৰা ১৮৯৬ চনলৈকে পুৰণি সময়ৰ তালপাতৰ পাণ্ডুলিপিসমূহ স্থান পাইছে।

অৱলোকন

তিৰুৱনন্তপুৰমত অৱস্থিত এই সংগ্ৰহালয়টো প্ৰাচীন কেৰালাৰ তালপাতৰ পাণ্ডুলিপিসমূহ সংৰক্ষণৰ উদ্দেশ্যে গঢ়ি তোলা হৈছে। এইখন বিশ্বৰ প্ৰথম আৰু আটাইতকয়ে ডাঙৰ তালপাতৰ পাণ্ডুলিপি সংগ্ৰহালয়।১২৩ সংগ্ৰহালয়টোত চতুৰ্দশ শতিকাৰপৰা আৰম্ভ কৰি এক কোটিতকৈও অধিক তালপাতৰ এক বিশাল ভাণ্ডাৰ আছে।৪৫ ইয়াত ভেনাদ, ত্ৰাভাংকuৰ আৰু কোচিন ৰাজ্যৰ প্ৰশাসন, ক্ৰয়-বিক্ৰয়, চিকিৎসা পদ্ধতি, শাস্তিৰ নিয়ম, দাসত্ব, কৃষি, অৰ্থনীতি, লীজ, কৰ সংস্কাৰ আৰু কৰ সংগ্ৰহৰ ঐতিহাসিক নথি-পত্ৰসমূহ সুন্দৰকৈ সংৰক্ষণ কৰা হৈছে।৬৪ মহাফেজখানা সঞ্চালকালয়ৰ মুৰব্বী জে ৰেজিকুমাৰে জানিবলৈ দিয়া মতে, ইয়াত ১২৪৯ চনৰপৰা ১৮৯৬ চনলৈকে প্ৰায় ছটা শতিকাৰ তালপাতৰ সংগ্ৰহ সংৰক্ষিত হৈ আছে।৭

সংগ্ৰহালয়টোত ভাট্টেলুট্টু, কোলেলুট্টু আৰু মালয়ানমাৰ দৰে প্ৰাচীন লিপিৰপৰা কৰা লিপ্যন্তৰসমূহো প্ৰদৰ্শন কৰা হৈছে।৪৮ ইয়াৰ ফলত প্ৰাচীন লিপিৰ লিখনিসমূহ অনুবাদ নকৰাকৈয়ে মালয়ালম আৰু ইংৰাজী ভাষাত পঢ়িব পৰা যায়।৪ মালয়ালম ভাষাৰ পৰম্পৰাগত লিখন প্ৰণালীৰ ক্ৰমবিকাশৰ ইতিহাসো ইয়াত দাঙি ধৰা হৈছে।৪ কেৰালাৰ প্ৰাচীন লিখন প্ৰণালীত ব্যৱহৃত লিখন সঁজুলিসমূহ আৰু সাধাৰণ মানুহে তেওঁলোকৰ ব্যাৱসায়িক ক্ৰয়-বিক্ৰয়ৰ হিচাপ কেনেকৈ ৰাখিছিল, সেই বিষয়ে ব্যাখ্যা কৰা নথি-পত্ৰৰ এটা সুকীয়া ভাগ ইয়াত আছে।৪ পদ্মনাভপুৰম প্ৰাসাদকে ধৰি বিভিন্ন স্থানৰপৰা সংগ্ৰহ কৰা তালপাতৰ নমুনা ইয়াত দেখিবলৈ পোৱা যায়। তালপাতবোৰ যাতে নষ্ট নহয়, তাৰ বাবে বিশেষ বাকচৰ ভিতৰত ৰখা হৈছে আৰু প্ৰতিটো বাকচৰ ওপৰত ইয়াৰ বিষয়-বস্তু, লিপি, ভাষা আৰু প্ৰাসংগিক ছবিসমূহ উল্লেখ কৰা হৈছে।৬ বৰ্তমান পুৰাতত্ত্ব বিভাগৰ হাতত থকা এই নথি-পত্ৰসমূহ ডিজিটেলাইজেচন কৰাৰ কামো চলি আছে।৪

দৰ্শনাৰ্থীসকলে সংগ্ৰহালয়টোত আঠটা বিষয়-ভিত্তিক গেলাৰী স্থাপন কৰা হৈছে।৯ ইয়াৰ জৰিয়তে প্ৰাচীন লিপিৰ লিখনিসমূহ অনুবাদ নকৰাকৈয়ে মালয়ালম আৰু ইংৰাজী ভাষাত পঢ়িব পৰা যায়।৪ মালয়ালম ভাষাৰ পৰম্পৰাগত লিখন প্ৰণালীৰ ক্ৰমবিকাশৰ ইতিহাসো ইয়াত দাঙি ধৰা হৈছে।৪ কেৰালাৰ প্ৰাচীন লিখন প্ৰণালীত ব্যৱহৃত লিখন সঁজুলিসমূহ আৰু সাধাৰণ মানুহে তেওঁলোকৰ ব্যাৱসায়িক ক্ৰয়-বিক্ৰয়ৰ হিচাপ কেনেকৈ ৰাখিছিল, সেই বিষয়ে ব্যাখ্যা কৰা নথি-পত্ৰৰ এটা সুকীয়া ভাগ ইয়াত আছে।৪ পদ্মনাভপুৰম প্ৰাসাদকে ধৰি বিভিন্ন স্থানৰপৰা সংগ্ৰহ কৰা তালপাতৰ নমুনা ইয়াত দেখিবলৈ পোৱা যায়। তালপাতবোৰ যাতে নষ্ট নহয়, তাৰ বাবে বিশেষ বাকচৰ ভিতৰত ৰখা হৈছে আৰু প্ৰতিটো বাকচৰ ওপৰত ইয়াৰ বিষয়বস্তu, লিপি, ভাষা আৰু প্ৰাসংগিক ছবিসমূহ উল্লেখ কৰা হৈছে।৬ বৰ্তমান পুৰাতত্ত্ব বিভাগৰ হাতত থকা এই নথি-পত্ৰসমূহ ডিজিটেলাইজেচন কৰাৰ কামো চলি আছে।৪

দৰ্শনাৰ্থীসকলৰ বাবে সংগ্ৰহালয়টোত আঠটা বিষয়-ভিত্তিক গেলাৰী স্থাপন কৰা হৈছে।১০ প্ৰথম গেলাৰী ‘দ্য হিষ্ট্ৰী অৱ ৰাইটিং’-ত ব্ৰাহ্মী লিপিৰপৰা আৰম্ভ কৰি কেনেকৈ মালয়ালম লিপিৰ গঠন হৈছিল সেই বিষয়ে বৰ্ণনা কৰা হৈছে।৬ দ্বিতীয় গেলাৰীত লীজ চুক্তি, ক্ৰয়-বিক্ৰয়ৰ নথি-পত্ৰ আৰু কৃষিৰ বাবে খাল, বান্ধ তথা নলা নিৰ্মাণৰ ঐতিহাসিক তথ্য সম্বলিত তালপাতসমূহ সংৰক্ষণ কৰা হৈছে।৬

পৰৱৰ্তী গেলাৰীসমূহত কৰ সংগ্ৰহ, কৰ সংস্কাৰ, কিছুমান ক্ষতিকাৰক কৰ বিলোপ কৰা নথি-পত্ৰ, দৰিদ্ৰ মহিলাসকলৰ সংস্থাপন নিশ্চিত কৰা এক চৰকাৰী পত্ৰ, কোল্লাম কাৰিপ্ৰাৰপৰা ২ লাখ তালপাত ক্ৰয় কৰাৰ নথি-পত্ৰ, কাৰ্যালয়লৈ পলমকৈ অহা লোকৰপৰা জৰিমনা সংগ্ৰহৰ ৰেকৰ্ড, কাৰাগাৰ নিৰ্মাণৰ বাবে ধন আবণ্টন দিয়া নথি-পত্ৰ, ১৭২১ চনৰ আটিংগল বিদ্ৰোহ, ১৭৪১ চনৰ কুলাচল যুদ্ধ, ১৭২৩ আৰু ১৮০৫ চনৰ ব্ৰিটিছ-ভেনাদ চুক্তি আৰু পৰৱৰ্তী সময়ত হোৱা অন্যান্য যুদ্ধ তথা চুক্তিসমূহৰ ঐতিহাসিক নথি-পত্ৰ আছে।৬ ইয়াৰ পিছৰ গেলাৰীসমূহত চৰকাৰী বিদ্যালয় স্থাপন, নতুন ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলা, চিকিৎসালয় প্ৰতিষ্ঠা, বসন্ত (smallpox) আৰু কলেৰাৰ দৰে মহামাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থা আৰু মৃত্যুৰ সংখ্যা, বৰ্তমানৰ ক’ভিডৰ দৰে সামাজিক দূৰত্ব বজাই ৰখাৰ নিৰ্দেশনা, কোচিন ৰাজকোষৰপৰা ঋণ লোৱা তথ্য, জালুকৰ বাণিজ্য, স্বাতী থিৰুনালৰ শাসনকালত হোৱা দংগা প্ৰতিৰোধী কাৰ্যকলাপ আৰু কোচিনৰ বিদ্ৰোহ আদিৰ নথি-পত্ৰ প্ৰদৰ্শন কৰা হৈছে।৬ এই তালপাতৰ সংগ্ৰহৰ ভিতৰত ১৭৮০ চনত কোচিন ৰাজ্যৰপৰা ত্ৰাভাংকুৰলৈ ২,০০০টা বন্দুক অনুৰোধ কৰা এখন পত্ৰ, ভেলু থাম্পী দালাৱাক বিচাৰি উলিয়াবলৈ জাৰি কৰা এটা আদেশ, ১৭৫০ চনত মাৰ্তণ্ড বাৰ্মাৰ ‘ত্ৰিপ্পাদদানম’ (Thrippadadanam) আৰু ১২৩৯ চনত পাণ্ড্য ৰজাই কোট্টাৰাক্কৰাৰ ৰজাক প্ৰদান কৰা গাঁওসমূহৰ নাম সম্বলিত ঐতিহাসিক দস্তাবেজো অন্তৰ্ভুক্ত আছে।১১

শেষৰ গেলাৰী ‘মথিলেকম ৰেকৰ্ডছ’ (Mathilakam Records)-ত পদ্মনাভস্বামী মন্দিৰ, ট্ৰাভাংকোৰ ৰাজ্যৰ কলা, সংস্কৃতি, আইন আৰু প্ৰশাসনৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ তথ্য আছে।৬

ইতিহাস

এই সংগ্ৰহালয়টো ত্ৰাভাংকুৰ যুগৰ এখন ৩০০ বছৰ পুৰণি ঐতিহাসিক ভৱনত অৱস্থিত।১২ ত্ৰাভাংকুৰ শাসনকালত সংগ্ৰহালয় ভৱনটো নায়াৰ (Nair) সৈন্যসকলৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা হৈছিল।১৩ পৰৱৰ্তী সময়ত ভৱনটো কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হয়।৬ ১৮৮৬ চনত পূজাপ্পুৰাত (Poojappura) কাৰাগাৰৰ এটা নতুন ভৱন নিৰ্মাণ হোৱাত সকলো কয়দীক তালৈ স্থানান্তৰ কৰা হয়।৬ তেতিয়াৰপৰাই এই স্থানটো ত্ৰাভাংকুৰৰ চৰকাৰী নথি-পত্ৰ ‘হজুৰ ভাৰ্নাকুলাৰ ৰেকৰ্ডছ’ সংৰক্ষণ কৰা ঠাই হৈ পৰে।১৩৬ ১৯৬৪ চনত কেৰালা পুৰাতত্ত্ব বিভাগ গঠন হোৱাৰ পিছত ই ইয়াৰ অধীনত থকা তালপাতসমূহ সংগ্ৰহ আৰু সংৰক্ষণ কৰা এক মুখ্য স্থানত পৰিণত হয়।৬

পুৰাতত্ত্ব বিভাগৰ তিৰুৱনন্তপুৰম আঞ্চলিক কাৰ্যালয় ‘চেণ্ট্ৰেল আৰ্কাইভছ বিল্ডিং’ত ৩ কোটি টকা ব্যয়েৰে ৬,০০০ বৰ্গফুট স্থানজুৰি আঠটা গেলাৰীৰে এই তালপাতৰ সংগ্ৰহালয়টো নিৰ্মাণ কৰা হৈছে। ২০২২ চনৰ ২২ ডিচেম্বৰত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন-এ এই সংগ্ৰহালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।৬ ২০২২ চনৰপৰা সমগ্ৰ ভূমিতল অংশটো সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।৬ এক কোটিতকৈও অধিক তালপাতৰ পাণ্ডুলিপিৰ ভিতৰত ইয়াৰ ভূমিতলত ১৮৭খন পাণ্ডুলিপি অতিৰিক্ত তথ্য আৰু লিপ্যন্তৰৰ সৈতে বিভিন্ন গেলাৰীত প্ৰদৰ্শন কৰা হৈছে।১৪ ওপৰৰ মহলাত তালপাতৰ এক বৃহৎ সংগ্ৰহ নুৰা (scrolls) হিচাপে সংৰক্ষণ কৰা হৈছে।৬ গৱেষকসকলৰ বাদে সাধাৰণ দৰ্শনাৰ্থীক তাত প্ৰৱেশ কৰিবলৈ দিয়া নহয়।৬

অৱস্থিতি

এই তালপাতৰ পুথি সংগ্ৰহালয়টো তিৰুৱনন্তপুৰম চহৰৰ ফ’ৰ্ট হস্পিটেলৰ ওচৰত অৱস্থিত।৬

তথ্যসূত্ৰ

  1. ↑ ലേഖകൻ, സ്വന്തം. (23 December 2022). ലോകത്തിലെ ഏറ്റവും വലിയ താളിയോല രേഖ മ്യൂസിയം; ഇന്ത്യയിൽ ആദ്യത്തേത്; തിരുവനന്തപുരത്തിന് അഭിമാനം. Manoramanews. Malayala Manorama
  2. ↑ World's 1st Palm Leaf Manuscript Museum In Thiruvananthapuram Is Gateway To Travancore Kingdom. News18
  3. ↑ Sunder, Kalpana. Kerala museum gives India's historic palm leaf manuscripts a new home. The National
  4. ↑ താളിയോല മ്യൂസിയം: കേരള ചരിത്രത്തെയും സംസ്കാരത്തെയും അറിയുന്നതിനുള്ള വിവരദായക സംവിധാനം. Government of Kerala
  5. ↑ (17 February 2021). രാജ്യത്തെ ആദ്യ താളിയോല മ്യൂസിയം തലസ്ഥാനത്ത്. Mathrubhumi
  6. ↑ ചരിത്രം മയങ്ങുന്ന താളിയോല കൊട്ടാരം. Deshabhimani. Deshabhimani
  7. ↑ (5 January 2023). World’s first Palm-leaf Manuscript Museum in Kerala capital a mine of stories. BusinessLine
  8. ↑ Jain, Pranay. (9 January 2023). All About The Palm Leaf Manuscripts Museum In Kerala. Outlook Traveller
  9. ↑ (21 December 2022). Palm-leaf manuscript museum opens window to little-known history. The Hindu
  10. ↑ (21 December 2022). Palm-leaf manuscript museum opens window to little-known history. The Hindu
  11. ↑ താളിയോല രേഖാ മ്യൂസിയം: കാണുന്നില്ലേ എട്ടു നൂറ്റാണ്ടുമുമ്പുള്ള കേരളം. Deshabhimani
  12. ↑ (18 August 2023). അറിവിന്റെ കലവറയാണ് താളിയോല രേഖാ മ്യുസിയം. News18 മലയാളം
  13. ↑ (2023-01-05). Experience history at world's first Palm-leaf Manuscript Museum in Kerala. Hindustan Times
  14. ↑ PTI. (2023-01-05). World's first palm-leaf manuscript museum in Kerala capital a mine of stories. The New Indian Express

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ সংগ্ৰহালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তালপাতৰ পুথি সংগ্ৰহালয়, তিৰুৱনন্তপুৰম” প্ৰবন্ধৰ সংশোধন ৬২৩৭০৩ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।