ডাচ লোকনৃত্য (ইংৰাজী ভাষা: Dutch folk dance) বুলিলে সেইসমূহ পৰম্পৰাগত নৃত্যক বুজায় যিবোৰ সাধাৰণ লোকৰদ্বাৰা পৰিৱেশন কৰা হৈছিল।
যদিও বিদেশীসকল আৰু ডাচসকলে প্ৰায়ে ডাচ লোকনৃত্যক 'ক্লমপেনডেন্সেন' বা ক্লগ নৃত্যৰ সৈতে জড়িত কৰে, আচলতে ক্লগ বা কাঠৰ জোতাই নৃত্যৰ খোজৰ পৰিসৰ সীমিত কৰি পেলায়। সেইবাবে এই নৃত্য সাধাৰণতে জোতা পিন্ধি পৰিৱেশন কৰা হয়। ঐতিহাসিকভাৱে ডাচ লোকনৃত্য তেওঁলোকৰ গীৰ্জালৈ যোৱা পোছাকৰ অংশ আছিল, য’ত জোতা অন্তৰ্ভুক্ত আছিল। ক্লগসমূহ কেৱল কামৰ বাবে ব্যৱহাৰ কৰা হৈছিল, কিন্তু খেতি চপোৱাৰ পিছত অনুষ্ঠিত হোৱা উৎসৱবোৰত কৃষকসকলে ক্লগ পিন্ধিয়েই নাচিছিল, কাৰণ তেওঁলোকে গোটেই দিনটো সেইবোৰ পিন্ধি থাকিছিল।

নেদাৰলেণ্ডৰ পূব প্ৰান্তত ড্ৰিকুচমান, হকচেবাৰ্গাৰ, ভেলেটা, ক্ৰুইচপোলকা আৰু স্পানিচ ৱাল্টজৰ দৰে নৃত্যৰ মূল উৎস জাৰ্মান নৃত্যৰ সৈতে একে, কিন্তু ইয়াৰে কিছুমান আনকি পোলেণ্ড আৰু লিথুৱানিয়াৰ দৰে দূৰৈৰ দেশতো নচা হয়। অথবা অন্ততঃ একেবোৰ সুৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে প্ৰকৃত নৃত্যসমূহ বেলেগ হ’ব পাৰে।১ ১৯৫০-ৰপৰা ৭০-ৰ দশকলৈ নেদাৰলেণ্ডৰ বহু ঠাইত বিয়া আৰু আনকি নৃত্যশালাবোৰতো "ভেলেটা" এটা সাধাৰণ নৃত্য আছিল, ঠিক তেনেদৰে যেনেকৈ ৱাল্টজ, কুইকষ্টেপ আৰু টেংগোৰ দৰে বলৰুম নৃত্যসমূহ আছিল।
বৰ্তমান সময়তো নতুন লোকনৃত্যৰ সৃষ্টি হৈ আছে। এইবোৰত নতুন নৃত্যৰ খোজ (আৰ্হি) ব্যৱহাৰ কৰা হয় যিবোৰ পৰম্পৰাগত নৃত্যৰপৰা ধাৰ কৰা।
লোকনৃত্যসমূহ আজিকালি খুব কমেইহে পৰিৱেশন কৰা দেখা যায়। কিছুমান পুৰণি ধৰণৰ কৃষকৰ বিয়াত এতিয়াও এইবোৰ দেখা পোৱা যায় আৰু বৃদ্ধাশ্ৰমসমূহত ব্যায়াম হিচাপে এই নৃত্যসমূহ ব্যৱহাৰ কৰা হয়। তথাপি নেদাৰলেণ্ডত ডাচ লোকনৃত্য পৰিৱেশন কৰা কেইবাটাও লোকনৃত্যৰ দল এতিয়াও আছে। নেদাৰলেণ্ডত দুই ধৰণৰ লোকনৃত্যৰ গোট আছে: এদল যিয়ে পৰম্পৰাগত স্থানীয় নৃত্যসমূহ সংৰক্ষণ কৰিব বিচাৰে, য’ত বেছিভাগেই জ্যেষ্ঠ নৃত্যশিল্পী (৫০+) থাকে আৰু সময়ৰ লগে লগে এই গোটবোৰৰ সংখ্যা কমি আহিছে। আনদল হ’ল যিয়ে মূল সমলৰ ওপৰত ভিত্তি কৰি নতুন নৃত্য পৰিচালনাৰে মঞ্চত ডাচ লোকসংস্কৃতি প্ৰদৰ্শন কৰিব বিচাৰে। এই শেষৰ দলবোৰত সাধাৰণতে ৮ বছৰৰপৰা ৫০ বছৰ বয়সলৈকে কম বয়সীয়া নৃত্যশিল্পী থাকে আৰু তেওঁলোকে প্ৰায়ে নেদাৰলেণ্ডৰ লগতে বিদেশৰ উৎসৱসমূহলৈও যায়।
তথ্যসূত্ৰ
- ↑ Bensel, Elise van der Ven-Ten. (1931). Dutch Folk-Dances. The Journal of the English Folk Dance Society. পৃ. 1–8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাচ লোকনৃত্য” প্ৰবন্ধৰ সংশোধন ৫৯৬৭৬০ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।