অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তামজাৰা

তামজাৰা(Tamzara) আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ এক স্থানীয় লোকনৃত্য। আৰ্মেনিয়াত এই নৃত্য প্ৰথম অৱস্থাত এক লোকাচাৰ হিচাপে প্ৰচলিত আছিল; ই আছিল বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা গীত আৰু নৃত্য।

হালনাগাদ: ৩ মে’ ২০২৬ ৩৯৭ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

তামজাৰা(Tamzara)১ আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ এক স্থানীয় লোকনৃত্য। আৰ্মেনিয়াত এই নৃত্য প্ৰথম অৱস্থাত এক লোকাচাৰ হিচাপে প্ৰচলিত আছিল; ই আছিল বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা গীত আৰু নৃত্য। এতিয়া "তামজাৰা"ই পূৰ্বৰ লোকাচাৰৰ তাৎপৰ্য্য হেৰুৱাই পেলাইছে, এতিয়া ইয়াক প্ৰায় সকলো সামূহিক অনুষ্ঠান আৰু পাৰ্টিৰ সময়ত পৰিৱেশন কৰা হয়। আজিকালি ইয়াক আৰ্মেনিয়ান, অচুৰিয়ান, আজাৰবাইজান (শ্বাৰুৰ, নাখচিভান আৰু ইৰাণী আজাৰবাইজানৰ কিছু অংশত)২৩ আৰু গ্ৰীক লোকসকলে পৰিৱেশন কৰে।৪৫৬৭ উত্তৰ-ছোভিয়েট আৰ্মেনিয়াত জনসাধাৰণৰ সকলো স্তৰৰ মানুহৰ মাজত তামজাৰা নৃত্যই অধিক জনপ্ৰিয়তা লাভ কৰিছে।

এই নৃত্য পূৰ্বতে আৰ্মেনিয়াৰ জনবসতিপূৰ্ণ এৰজিনকান, এৰজুৰাম, কিগি, আৰাপগিৰ, হাৰপুট, আৰু মালাটিয়া আদি অঞ্চলত বিশেষভাৱে জনপ্ৰিয় আছিল। আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ বিভিন্ন ঠাই আৰু পুৰণি গাঁৱৰ পৰা অহা ইয়াতকৈ অলপ বেলেগ বেলেগ সংগীত আৰু পদ-চালনাৰ সৈতে তামজাৰাৰ বহু পৃথক ৰূপ আছে। ফ'ক ডান্স ফেডাৰেচন অৱ কেলিফৰ্নিয়া, ইনকৰ্পৰেটেডৰ মতে, (জুলাই, ২০০১) তামজাৰা কেৱল আৰ্মেনিয়াতে নহয়, আৰ্মেনিয়াৰ প্ৰব্ৰজনকাৰী দেশসমূহতো আৰ্মেনিয়ানসকলে পৰিৱেশন কৰে।৮

ইতিহাস আৰু বৰ্ণনা

নখচিৱনৰ শ্বাৰুৰ অঞ্চলৰ চৰচিবোগান, চোমাখতুৰ আদি গাঁৱত বিখ্যাত এই নৃত্যৰ অৰ্থ শব্দৰ পৰা শব্দৰ অনুবাদ হয়গৈ "গিজিলি তনবাটান" যাৰ অৰ্থ, অৰ্ধ সোণালী। তামজাৰা নৃত্যক ক্ৰমে লোক-কথা নৃত্য গোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই নৃত্য কৰা মহিলাসকলে আগতে বিলাসী সাজ-পোছাক পিন্ধি সোণৰ নানা ধৰণৰ অলংকাৰেৰে নিজৰ শোভা বৰ্ধন কৰিছিল, যিবোৰৰ ভিতৰত আঙুঠি, কাণত পিন্ধা ৰিং, ব্ৰেচলেট, চেইন আদি আছিল।

২০১৮ চনত আজাৰবাইজান শৈলীৰ তামজাৰাক ইয়ালি আৰু কোছাৰী নৃত্যৰ সৈতে ইউনেস্ক’ই তামজাৰা নৃত্যৰ বাবেও জৰুৰী সুৰক্ষাৰ প্ৰয়োজন আছে বুলি ইয়াক ইউনেস্কোৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।৯

নামৰ উৎপত্তি

তামজাৰা (tahm-zah-RAH)নামটো নৃত্য, গীত আৰু এজন মানুহৰ নামৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়৷ আনাতোলিয়াৰ আৰাপকিৰ নামে গাঁৱত তেওঁলোকৰ গাঁৱলৈ সঘনে আহি থকা এগৰাকী প্ৰাজ্ঞ ব্যক্তিৰ সন্মানত কৰা আয়োজনৰ পৰাই গাঁও খনৰ নাম “তাঞ্জাৰা’’ কৰা হয়৷এই অতিথিজনক আপ্যায়ন কৰিবলৈ গাঁৱৰ বৰমূৰীয়াই তেওঁৰ বোৱাৰীয়েক জাৰাক তান অৰ্থাৎ নিমখ মিহলি দৈ আনিবলৈ সঘনাই কৈ থকাৰ পৰাই এই শব্দটোৰ উৎপত্তি হয়৷১০

শৈলী

সকলো তামজাৰা নৃত্যৰেই আছে অনন্য ৯/৮টা ছন্দ, প্ৰতিটো মাপৰ শেষত দুটা উচ্চাৰণযুক্ত স্পন্দন থাকে। ইয়াৰ উপৰিও বেছিভাগ তামজাৰাৰ সুৰৰ মাজত বহুত মিল দেখা যায়; অৱশ্যে ইয়াৰ ব্যতিক্ৰমো আছে। আৰ্মেনিয়াৰ উচ্চ ভূমি অঞ্চলৰ বেছিভাগ লোক-নৃত্যৰ দৰেই তামজাৰা নৃত্যও লাইন ডান্স বা চাৰ্কোল ডান্স হিচাপে পৰিৱেশন কৰা হয়। তামজাৰা নৃত্য পৰিৱেশনত মানুহৰ এটা বৃহৎ দল থাকে আৰু হাতৰ আঙুলিৰে প্ৰতিজন নৃত্য শিল্পীয়ে ইজনে সিজনক শিকলিৰ ধৰি ৰাখে। অৱশ্যে তামজাৰাৰ আন এটা প্ৰকাৰত এগৰাকী বা দুগৰাকী মহিলাৰ সৈতে এজন পুৰুষে নৃত্য কৰে আৰু তেনে নৃত্যত মহিলা নৃত্য শিল্পীয়ে দুয়োগৰাকীয়ে কান্ধে কান্ধে সমান হৈ একে দিশলৈ মুখ কৰি থিয় হৈ ইজনে সিজনৰ কঁকালত বাহু দুটাৰে ধৰি থাকে।

আমেৰিকাত বাস কৰা আৰ্মেনিয়ান-আমেৰিকান সম্প্ৰদায়ৰ মাজত তামজাৰ এক অতি জনপ্ৰিয় লোকনৃত্য। যাক আমেৰিকাত আমেৰিকাত সংৰক্ষণ কৰা হৈছে।৮

তথ্যসূত্ৰ

  1. ↑ Thirty Assyrian Folk Dances
  2. ↑ Yalli Dances of Nakhchivan. Baki Khabar. 25 January 2015. Retrieved 21 February 2015
  3. ↑ Recep Albayrak Hacaloğlu. Azeri Türkçesi dil kilavuzu. Hacaloğlu, 1992; p. 272
  4. ↑ Pontic Music and Dance presented in Culture section. www.newsfinder.org
  5. ↑ Tamzara, Folk Dance Federation of California
  6. ↑ VitriFolk Belgian Dance Community
  7. ↑ Stockton Folk Dance Camp
  8. ↑ Tamzara, Folk Dance Federation of California
  9. ↑ Yalli (Kochari, Tenzere), traditional group dances of Nakhchivan. UNESCO
  10. ↑ Tamzara, Folk Dance Federation of California

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তামজাৰা” প্ৰবন্ধৰ সংশোধন ৬০৪১৩১ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।