অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়

ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় (ইংৰাজী: Thengal Cultural Centre & Museum) যোৰহাট জিলাৰ তিতাবৰত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

হালনাগাদ: ১৫ মে’ ২০২৫ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় (ইংৰাজী: Thengal Cultural Centre & Museum) যোৰহাট জিলাৰ তিতাবৰ মহকুমাত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

উদ্বোধন

ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মিত সংগ্ৰহালয়টো ১১ ডিচেম্বৰ, ২০২০ চনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে। লগতে গিৰিধৰ ঠেঙাল সোঁৱৰণী প্ৰেক্ষাগৃহ উন্মোচন কৰা হয়।১২৩

চমু পৰিচয়

এই সংগ্ৰহালয়ত ঠেঙাল কছাৰীসকলৰ লগতে অসমৰ অন্যান্য জনগোষ্ঠী সকলৰ সাংস্কৃতিক সম্ভাৰ, পৰম্পৰাগত সাজ-পোছাক, দৈনন্দিন ব্যৱহৃত সামগ্ৰী, মাছ-মৰা সঁজুলি, কৃষিক্ষেত্ৰত ব্যৱহাৰ কৰা সঁজুলি, ঠেঙাল কছাৰীসকলৰ বিহু আৰু আন সাংস্কৃতিক অনুষ্ঠানত ব্যৱহৃত সঁজুলি আদি প্ৰদৰ্শনৰ বাবে ৰখা হৈছে। সংগ্ৰহালয়ৰ লগতে নিৰ্মিত গিৰিধৰ ঠেঙাল সোঁৱৰণী প্ৰেক্ষাগৃহটো এশ পঁচাশীখন চকীযুক্ত আৰু শীত-তাপ নিয়ন্ত্ৰিত। গিৰিধৰ ঠেঙাল আছিল তিতাবৰৰ প্ৰাক্তন বিধায়ক। ইয়াত শিশুসকলৰ মনোৰঞ্জনৰ বাবেও বিভিন্ন ক্ৰীড়াৰ সাধন ৰখা হৈছে। ইয়াত এটা চেভেন ডি চিনেমা হলও নিৰ্মাণ কৰা হৈছে। ঘাইকৈ ঠেঙাল কছাৰীসকল গাঁও পাতি কেনেকৈ বাস কৰে সেয়া দৃশ্যমান ৰূপত উত্তৰ-পুৰুষৰ বাবে সাঁচি ৰখাৰ উদ্দেশ্যেৰে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হৈছে।৪

বাহ্যিক সংযোগ

A Detailed Cinematic View with Drone Shots

তথ্যসূত্ৰ

  1. ↑ (12 Dec 2020). CM Sonowal inaugurates Thengal Cultural Centre and Museum at Titabor. Sentinel Digital Desk
  2. ↑ (11 December 2020). CM inaugurates Thengal Cultural Centre and Museum at Titabor. DY365
  3. ↑ (December 12, 2020). CM opens Thengal Cultural Centre, Museum at Titabar. The Assam Tribune
  4. ↑ (১০ নৱেম্বৰ, ২০২০). মুকলি কৰা হ'ব অসমৰ অন্যতম ভূমিপুত্ৰ ঠেঙাল কছাৰী সকলৰ সভ্যতা সংস্কৃতি প্ৰতিফলিত কৰা এটা সংগ্ৰহালয়।. Times Guwahati

সম্পৰ্কিত শ্ৰেণী

অসমৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৫০৮৮১২ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।