তাত্তামংগলম কুথিৰা ভেলা (ইংৰাজী ভাষা: Tattamangalam Kuthira Vela) বা আংগাদী ভেলা (Angadi Vela) হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ পালক্কড জিলাৰ তাত্তামংগলম নামৰ এখন সৰু গাঁৱত অনুষ্ঠিত হোৱা এটা পৰম্পৰাগত উৎসৱ। মালয়ালম ভাষাত কুথিৰা শব্দৰ অৰ্থ হৈছে "ঘোঁৰা" আৰু ভেলা মানে হৈছে "উৎসৱ"। এই উৎসৱৰ সময়ত স্থানীয় ৰাইজৰ উদ্যোগত এখন বৃহৎ ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
এই দৌৰ প্ৰতিযোগিতাৰ সময়ত বহুতো স্বেচ্ছাসেৱকে নিজৰ গোটেই শৰীৰত খৰিৰ ছাঁই বা কয়লাৰে ক’লা ৰং সানি লয়। এই লোকসকলক কাৰি ভেলা (Kari Vela) বুলি কোৱা হয়। তেওঁলোকে দৌৰৰ সময়ত ৰাস্তাৰ কাষত থকা দৰ্শকে যাতে কোনো বিশৃংখলতাৰ সৃষ্টি নকৰে, তাক নিয়ন্ত্ৰণ কৰিবলৈ গাৰ্ড বা পহৰাদাৰী হিচাপে কাম কৰে।
কুথিৰাভেলা উৎসৱৰ সময়ত কে.এছ.ই.বি. (KSEB) কাৰ্যালয়ৰ পৰা ভেট্টাক্কাৰুপ্পন স্বামী মন্দিৰলৈকে বিস্তৃত হৈ থকা ২৭ নম্বৰ ৰাজ্যিক ঘাইপথৰ দুয়োকাষে হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰে।
বাহ্যিক সংযোগ
- কুথিৰা ভেলা ২০০৭-ৰ আলোকচিত্ৰসমূহ - ২৮ এপ্ৰিল ২০০৭ (আৰ্কাইভ কৰা ৱেবছাইট)
- তাত্তামংগলম কুথিৰা ভেলাৰ আলোকচিত্ৰসমূহ (প্ৰায় ২০০খন ফটো উপলব্ধ) (আৰ্কাইভ কৰা ৱেবছাইট)
- কেৰালাৰ উৎসৱ সম্পৰ্কীয় অধিক ফটো
- ফটাব্লগ
- তাত্তামংগলম ডট কম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাত্তামংগলম কুথিৰা ভেলা” প্ৰবন্ধৰ সংশোধন ৬২৫২৩৯ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।