অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ডেক্কান কুইন (চলচ্চিত্ৰ)

ডেক্কান কুইন (Deccan Queen) ১৯৩৬ চনৰ মেহবুব খানৰ পৰিচালনাত নিৰ্মিত এখন হিন্দুস্তানী একচন-এডভেঞ্চাৰ ছবি। এইখন সাগৰ মুভীট’নৰ প্ৰথমখন "ষ্টাণ্ট" ছবি আৰু অভিনেতা সুৰেন্দ্ৰৰো প্ৰথমখন ছবি আছিল, যাক ছবিখনত "সুৰেন্দ্ৰ নাথ বি.এ., এল.এল.বি." বুলি উল্লেখ কৰা হৈছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ডেক্কান কুইন (Deccan Queen) ১৯৩৬ চনৰ মেহবুব খানৰ পৰিচালনাত নিৰ্মিত এখন হিন্দুস্তানী একচন-এডভেঞ্চাৰ ছবি। এইখন সাগৰ মুভীট’নৰ প্ৰথমখন "ষ্টাণ্ট" ছবি আৰু অভিনেতা সুৰেন্দ্ৰৰো প্ৰথমখন ছবি আছিল, যাক ছবিখনত "সুৰেন্দ্ৰ নাথ বি.এ., এল.এল.বি." বুলি উল্লেখ কৰা হৈছিল। ডেক্কান কুইনে তেওঁক গায়ক-তাৰকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলাত সহায় কৰিছিল।১ এইখন মেহবুব খানে২ পৰিচালনা কৰা একমাত্ৰ একচন ছবি আছিল; কাৰণ পিছলৈ তেওঁৰ কামকাজ সামাজিক আৰু ৰাজনৈতিক চাপ থকা ছবিলৈ স্থানান্তৰিত হয়। “আল হিলাল” (১৯৩৫)ৰ পিছত এয়া মেহবুব খানৰ দ্বিতীয়টো পৰিচালনাৰ উদ্যোগ আছিল।৩ তেওঁ তেতিয়াৰ এজন অজ্ঞাত আৰু কম সময়ৰ অভিনেতা জিয়া সৰহাদীক ডেক্কান কুইনৰ চিত্ৰনাট্য, সংলাপ আৰু গীত লিখিবলৈ কয়।৪ সংগীত পৰিচালনা অশোক ঘোষৰ সৈতে প্ৰাণসুখ নায়কে কৰিছিল। চিনেমেটোগ্ৰাফাৰ আছিল ফেৰদুন ইৰানী। ছবিখনত সুৰেন্দ্ৰ, অৰুণা দেৱী, ৰামচন্দ্ৰ পাল আৰু কয়াম আলীয়ে অভিনয় কৰিছিল।৫

ছবিখনত অৰুণা দেৱীয়ে দুটা চৰিত্ৰত অভিনয় কৰিছে, এটা ভূমিকা বিশ্বাসঘাতক পুৰুষৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ ওলাই অহা ভয়ংকৰ ডেক্কান কুইনৰ চৰিত্ৰত আৰু আনটো ভূমিকা ডেক্কান কুইনক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰা আৰক্ষী পৰিদৰ্শকৰ প্ৰেমত পৰা এগৰাকী শান্ত টাইপিষ্টৰ।

তথ্যসূত্ৰ

  1. ↑ Raj, Ashok. (2009). Hero Vol.1, Volume 1 Bollywood Series. Hay House, Inc. ISBN 9789381398029
  2. ↑ Crow, Jonathan. (2014). Deccan Queen 1936. The New York Times. Baseline & All Movie Guide
  3. ↑ Shafique, Khurram Ali. Obituary: Zia Sarhadi The last Reel. From The Herald. therepublicofrumi.com. Therepublicofrumi.com
  4. ↑ Deccan Queen 1936. citwf.com. Alan Goble
  5. ↑ Rishi, Tilak. (2012). Bless You Bollywood!: A Tribute to Hindi Cinema on Completing 100 Years. Trafford Publishing. ISBN 9781466939639

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ১৯৩৬ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেক্কান কুইন (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭২০৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।