অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পান সিং তোমৰ (চলচ্চিত্ৰ)

পান সিং তোমৰ ( Paan Singh Tomar) ২০১০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক ছবি, য'ত ভাৰতীয় সেনাবাহিনীৰ এজন সৈনিক আৰু সাতবাৰৰ ৰাষ্ট্ৰীয় ষ্টীপলচেজ চেম্পিয়ন আৰু পিছলৈ অস্ত্ৰধাৰী ডকাইতলৈ পৰিণত হোৱা পান সিং তোমৰৰ জীৱনৰ বিষয়ে বৰ্ণিত হৈছে।

হালনাগাদ: ১০ জুন ২০২৫ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

পান সিং তোমৰ ( Paan Singh Tomar) ২০১০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক ছবি, য'ত ভাৰতীয় সেনাবাহিনীৰ এজন সৈনিক আৰু সাতবাৰৰ ৰাষ্ট্ৰীয় ষ্টীপলচেজ চেম্পিয়ন আৰু পিছলৈ অস্ত্ৰধাৰী ডকাইতলৈ পৰিণত হোৱা পান সিং তোমৰৰ জীৱনৰ বিষয়ে বৰ্ণিত হৈছে।১২ ছবিখনৰ পৰিচালক তিগমাংশু ঢুলীয়া আৰু প্ৰযোজক ইউটিভি মোচন পিকচাৰ্ছ। ইৰফান খানে শিৰোনাম চৰিত্ৰত অভিনয় কৰা ছবিখনত সহযোগী অভিনেতা হিচাপে মাহী গিল, বিপিন শৰ্মা আৰু নৱাজুদ্দিন ছিদ্দিকীয়ে অভিনয় কৰিছিল।

₹৪৫ মিলিয়ন (৫৩০,০০০ মাৰ্কিন ডলাৰ) সীমিত বাজেটত নিৰ্মিত৩ পান সিং তোমৰৰ ২০১০ চনত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হয়। দুবছৰৰ পিছত ২০১২ চনৰ ২ মাৰ্চত ছবিখন ঘৰুৱা ছবিঘৰত মুক্তি পায় আৰু বিশ্বজুৰি ₹২০১.৮০ মিলিয়ন (২.৪ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জনেৰে বক্স অফিচত ব্যৱসায়িকভাৱে সফল হয়। ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি আৰু শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে।৪

অভিনয়

  • ইৰফান খান (পান সিং তোমৰ)
  • মাহী গিল (ইন্দ্ৰ সিং তোমৰ)
  • হেমেন্দ্ৰ দাণ্ডটিয়া
  • বিপিন শৰ্মা (মেজৰ মছন্দ)
  • ইমাৰাণ হাছনি (মাতাদিন সিং তোমৰ)
  • নৱাজুদ্দিন ছিদ্দিকি (গোপী)
  • জাকিৰ হুছেইন (ইন্সপেক্টৰ ৰাথোৰ)
  • জাহাংগীৰ খান (ভানৱৰ সিং (দদ্দা))
  • সীতাৰাম পাঞ্চল (ৰামচৰণ)
  • ৰাজেন্দ্ৰ গুপ্ত (এইচ. ৰন্ধাৱা, ক্ৰীড়া প্ৰশিক্ষক)
  • স্বপ্নীল কোত্ৰিৱাৰ (হনুমন্ত, পান সিঙৰ জ্যেষ্ঠ পুত্ৰ)
  • বৃজেন্দ্ৰ কালা (সাংবাদিক)
  • ৰাজীৱ গুপ্তা (দুৰ্নীতিগ্ৰস্ত পুলিচ)
  • ৰবি শাহ (পানৰ ভতিজা বলৰাম)

তথ্যসূত্ৰ

  1. ↑ Mukherjee, Pradipta. (13 August 2021). The Fluid Frame in Cinema: Collected Essays. Cambridge Scholars Publishing. পৃ. 65–66. ISBN 978-1-5275-7377-2
  2. ↑ (5 May 2021). Irrfan's Ability To Bring A Character To Life, In Paan Singh Tomar
  3. ↑ (5 March 2012). Paan Singh Tomar earns Rs. 4.25 crore over weekend. NDTV. IANS
  4. ↑ A press conference to announce 59th national film awards will be held. Press Information Bureau (PIB), India

সম্পৰ্কিত শ্ৰেণী

২০১০ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীজীৱনীমূলক চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পান সিং তোমৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫১৬৮৯১ (১০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।