নীলকণ্ঠ (Neelkantha) ২০০৭ চনত মুক্তিপ্ৰাপ্ত ৰজনী বৰ্মণ পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। বিদ্যা ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে গণেশ তামুলীয়ে। অসমৰ লোককলা শিল্পী বৰঢুলীয়াসকলৰ সংগ্ৰামপূৰ্ণ জীৱনক চিত্ৰায়িত কৰা এই ছবিখনৰ কাহিনী লিখিছে প্ৰকাশ মেধিয়ে। ১
কাহিনীৰ সাৰাংশ
বৰঢুলীয়া নন্দীৰাম ঢুলীয়া শিল্পৰ বাবে উৎসৰ্গিত এক নাম। এসময়ত নন্দীৰাম আৰু তেওঁৰ দলৰ প্ৰদৰ্শন চাবলৈ মানুহৰ হেতা-ওপৰা লাগিছিল। কিন্তু সময়ৰ পৰিবৰ্তনৰ সৈতে ঢুলীয়া শিল্পৰ ঐতিহ্যও ম্লান পৰি আহিল।১
প্ৰবল আৰ্থিক অনাতনত ভোগা নন্দীৰামৰ পত্নীৰ বিনা চিকিৎসাত মৃত্যু হ’ল। একমাত্ৰ জীয়েকৰ গাঁৱৰ মহাজনৰ পুতেকৰ সৈতে হোৱা বিয়াখন নিটিকিল। পুতেক কণক হ’ল এটা মদাহী, যাৰ ঢুলীয়া শিল্পটোৰ প্ৰতি তীব্ৰ অনিহা। ইমানৰ মাজতো কিন্তু নন্দীৰামৰ এই শিল্পটোৰ প্ৰতি আনুগত্য একেই থাকিল।১
নীতিগত কাৰণত নন্দীৰামৰ মহাজনৰ বিৰোধ হৈছিল। মহাজনে জানে নীতিত অটল থকা বৰঢুলীয়াক পৰাজিত কৰিব পাৰি, কিন্তু ধ্বংস কৰিব নোৱাৰি। নন্দীৰামক অপমান কৰিবলৈকে গাঁৱৰ বাৰ্ষিক উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানলৈ গাঁৱৰ ল’ৰা কিছুমানক হাতত লৈ অহংকাৰী মহাজনে চহৰৰ শিল্পীক মতোৱাৰ ব্যৱস্থা কৰিলে। বিনা নিমন্ত্ৰণে নন্দীৰাম অনুষ্ঠানস্থলীলৈ গ’ল আৰু অকলে ঢোল বজাবলৈ ধৰিলে। কিন্তু ল’ৰাবোৰে তেওঁক তাৰপৰা ওভতাই পঠিয়ালে।১
লাজে-অপমানে নন্দীৰাম ঘৰলৈ উভতি আহিল। প্ৰচণ্ড ক্ষোভত তেওঁ ঢোলবাদন কৰিবলৈ ল’লে আৰু এসময়ত অৱস হৈ মাটিত বাগৰি পৰিল। এনেতে তেওঁ দেখিলে পুতেক কণকে তেওঁৰ বৰঢোলটো ডিঙিত আঁৰি লৈ বজাবলৈ লৈছে। এক স্বৰ্গীয় আনন্দৰ অনুভূতিত নন্দীৰাম বৰঢুলীয়াৰ মুখখন উজলি উঠিল।১
অভিনয় শিল্পী
- মহানন্দ শৰ্মা
- পংকজ দালানি
- হিৰণ্য দাস
- ৰূপৰেখা দেৱী
- হেমন্ত বৰ্মন
- সুৰেন দেব বৰ্মন
- প্ৰকাশ মেধি
- নব দাস
- মুনীন শৰ্মা
- প্ৰণৱ শৰ্মা
- হেমা কলিতা
- স্বপ্না দাস
- ধৰণী বৰ্মণ
- ভগৱত প্ৰীতম১
তথ্যসূত্ৰ
- ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 243
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলকণ্ঠ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ২৯২১৮৪ (২৩ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।