অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নো ৱান কিল্ডড্ জেচিকা

নো ৱান কিল্ডড্ জেচিকা ( No One Killed Jessica ) ২০১১ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধমূলক ড্ৰামা ছবি। ইয়াত অভিনয় কৰিছে বিদ্যা বালান আৰু ৰাণী মুখাৰ্জীয়ে। জেচিকা লালৰ হত্যাকাণ্ডৰ গোচৰৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নো ৱান কিল্ডড্ জেচিকা ( No One Killed Jessica ) ২০১১ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধমূলক ড্ৰামা ছবি। ইয়াত অভিনয় কৰিছে বিদ্যা বালান আৰু ৰাণী মুখাৰ্জীয়ে। জেচিকা লালৰ হত্যাকাণ্ডৰ গোচৰৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। এজন ৰাজনীতিবিদৰ পুত্ৰৰ হাতত গুলীবিদ্ধ হৈ মৃত্যু হোৱা এগৰাকী বাৰটেণ্ডাৰ আৰু এই মৃত্যুৰ ন্যায় বিচাৰি বাৰটেণ্ডাৰগৰাকীৰ ভনীয়েকে কৰা সংগ্ৰাম ছবিখনৰ বিষয়বস্তু।১

₹৯ কোটি (১.০ মিলিয়ন মাৰ্কিন ডলাৰ) বাজেটত নিৰ্মিত এই ছবিখনে ২০১১ চনৰ ৭ জানুৱাৰীত চিত্ৰগৃহত মুক্তি পায়। ইয়াৰ চিত্ৰনাট্য আৰু অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়ৰ বাবে সমালোচকৰ ব্যপক প্ৰশংসা লাভ কৰে। প্ৰায় ₹৪৫.৭২ কোটি (৫.৩ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি ছবিখনে শ্লিপাৰ হিট হিচাপে আত্মপ্ৰকাশ কৰে।। ৫৭তম ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক (গুপ্ত), আৰু শ্ৰেষ্ঠ অভিনেত্ৰী (বালান) শিতানত মনোনীত হৈছিল যদিও ৰাণী মুখাৰ্জীয়ে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বঁটা পাবলৈ সক্ষম হয়।

নিৰ্মাণ

'নো ৱান কিল্ড জেচিকা' আছিল আমিৰ (২০০৮)ৰ পিছত ৰাজ কুমাৰ গুপ্তাৰ পৰিচালনাৰ দ্বিতীয় উদ্যোগ।২ ২০০৬ চনত জেচিকা লালৰ হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত মনু শৰ্মাক আদালতে এৰি দিয়াৰ পিছত টাইমছ অৱ ইণ্ডিয়াত পৰিচালকজনে এটা শিৰোনাম দেখা পায়, যাৰ দ্বাৰা তেওঁ ছবিখন নিৰ্মাণৰ বাবে অনুপ্ৰাণিত হয়।৩ পিছৰ বছৰত তেওঁ জেচিকাৰ ভগ্নী ছাব্ৰিনাক লগ পাই এই গোচৰৰ বিষয়ে কিছু অতিৰিক্ত তথ্য জানি লয়।৪ গুপ্তাই কয় যে তেওঁ ছবিখনৰ কাহিনী পুনৰ লিখিবলৈ সাতৰ পৰা আঠ মাহ সময় খৰচ কৰিছিল: "বিষয়টো অতি সংবেদনশীল আৰু মই ইয়াক চিনেমাৰ ক্ষেত্ৰখনলৈ আনিব লগা হৈছিল। সংকোচ আছিল। কাহিনীটোৰ আত্মাৰ সৈতে ন্যায় কৰিব পাৰিমনে? মই নিশ্চিত নাছিলো। শেষত মই ইয়াক প্ৰত্যাহ্বান হিচাপে লৈছিলো।"৫

সন্মান

৫৭তম ফিল্মফেয়াৰ বঁটা

  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- ৰাণী মুখাৰ্জী

ষ্টাৰডাষ্ট এৱাৰ্ড

  • বছৰটোৰ তাৰকা (মহিলা)- বিদ্যা বালান
  • শ্ৰেষ্ঠ ড্ৰামা অভিনেত্ৰী- বিদ্যা বালান৬

তথ্যসূত্ৰ

  1. ↑ (7 January 2011). No One Killed Jessica Cast & Crew. বলিউড হাংগামা
  2. ↑ Raikwar, Pooja. (12 January 2011). Keeps you hooked. দ্য হিন্দু
  3. ↑ Prabhakar, Jyothi. (22 May 2010). Life after Jessica. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. Times News Network
  4. ↑ (14 December 2010). 'No One Killed Jessica' no docu-drama: director. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  5. ↑ (11 November 2009). 'No One Killed Jessica' not based on murder case'. The Hindu. Indo-Asian News Service
  6. ↑ No One Killed Jessica (2011) — Awards. বলিউড হাংগামা

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নো ৱান কিল্ডড্ জেচিকা” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৪১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।