অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নেপালৰ উৎসৱসমূহৰ তালিকা

নেপাল ধৰ্মনিৰপেক্ষ আৰু বহুসংস্কৃতিৰ জাতিৰ এক অনন্য উদাহৰণ হিচাপে থিয় দিছে, য’ত সম্প্ৰদায়ৰ ভিতৰত বৈচিত্ৰময় উৎসৱ আনন্দৰে উদযাপন কৰা হয়। নেপালত বিভিন্ন ধৰ্মীয় পটভূমিৰ ব্যক্তিসকলে একেটা চুবুৰী আৰু সমাজতে সহাৱস্থান কৰে, একত্ৰিত হৈ অসংখ্য উৎসৱৰ উদ্‌যাপনত অংশগ্ৰহণ কৰাৰ লগে লগে ঐক্যৰ মনোভাৱ গঢ়ি তোলে,…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৯৬৭ শব্দ · ৫ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

নেপাল ধৰ্মনিৰপেক্ষ আৰু বহুসংস্কৃতিৰ জাতিৰ এক অনন্য উদাহৰণ হিচাপে থিয় দিছে, য’ত সম্প্ৰদায়ৰ ভিতৰত বৈচিত্ৰময় উৎসৱ আনন্দৰে উদযাপন কৰা হয়। নেপালত বিভিন্ন ধৰ্মীয় পটভূমিৰ ব্যক্তিসকলে একেটা চুবুৰী আৰু সমাজতে সহাৱস্থান কৰে, একত্ৰিত হৈ অসংখ্য উৎসৱৰ উদ্‌যাপনত অংশগ্ৰহণ কৰাৰ লগে লগে ঐক্যৰ মনোভাৱ গঢ়ি তোলে, যাৰ ফলত তেওঁলোকে নিজৰ আনন্দ, সুখ আৰু দুখক এক সুসম সামগ্ৰিকভাৱে ভাগ কৰে।১

মূল উৎসৱসমূহ

দঁশেই

মূল প্ৰবন্ধ: দঁশেই উৎসৱ'দঁশেই হৈছে গোৰ্খাসকলৰ প্ৰধান উৎসৱ, যাক সকলো শ্ৰেণীৰ লোকে অতি আন্তৰিকতা আৰু ধুমধামেৰে পালন কৰে। এই উৎসৱ অন্য সম্প্ৰদায়ৰ লোকে দশহেৰা' বুলিও পালন কৰে।২৩

তিহাৰ

মূল প্ৰবন্ধ: তিহাৰ

তিহাৰ উৎসৱত চাকি জ্বলোৱা হৈছে।
তিহাৰ উৎসৱত চাকি জ্বলোৱা হৈছে।ছবি: CC BY-SA 2.0

তিহাৰ (तिहार) নেপাল আৰু বৃহৎসংখ্যক নেপালী লোক বাস কৰা ভাৰতীয় ৰাজ্য ছিক্কিম আৰু বিশেষকৈ পশ্চিমবংগৰ দাৰ্জিলিং আৰু কালিম্পঙত পালন কৰা হয়। ইয়াক দীপাৱলী, য়মপঞ্চক বা স্বন্তী নামেৰেও জনা যায়।৪ পোহৰৰ উৎসৱ দীপাৱলীৰ লগত সংগতি ৰাখি নেপালত নেপালীসকলে আৰু ভাৰতবৰ্ষত বসবাস কৰা গোৰ্খাসকলে তিহাৰ উৎসৱটি বৰ ধুমধামেৰে পালন কৰে। পাঁচদিনীয়াকৈ পালন কৰা এই পৰ্ব কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰপৰা আৰম্ভ কৰি শুক্লপক্ষৰ দ্বিতীয়া তিথিত ভাইফোটা লগোৱাৰ পাছতহে অন্ত পৰে।৫

অন্যান্য উৎসৱসমূহ

ছট পূজা

মূল প্ৰবন্ধ: ছট পূজা'ছট পূজা বা ছঠ পূজা' এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ষঠ পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ।৬৭ প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ছঠ পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ছঠ ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ঊষা আৰু সন্ধ্যা।

বিস্কা যাত্ৰা

মূল প্ৰবন্ধ: বিস্কা যাত্ৰা'বিস্কা যাত্ৰা বা বিস্কেট যাত্ৰা' এপ্ৰিল মাহত ভক্তপুৰ, থিমি আৰু আদি ঠাইত এপ্ৰিল মাহত পালন কৰা বাৰ্ষিক উৎসৱ।৪ ভক্তপুৰ, থিমিকে ধৰি বহু ঠাইত ইয়াক বছৰৰ মূল উৎসৱ হিচাপে উদযাপন কৰা হয়৷ আন নেপালৰ উৎসৱৰ দৰে বিস্কা চন্দ্ৰ কেলেণ্ডাৰৰ পৰিৱৰ্তে সৌৰ কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি কৰা হয়।৮

নাগ পঞ্চমী

মূল প্ৰবন্ধ: নাগ পঞ্চমী'নাগপঞ্চমী' হৈছে হিন্দুসকলৰ এটি ধৰ্মীয় উৎসৱ। এই দিনটোত হিন্দু লোক সকলে সাপৰ পূজা কৰে। ভাৰত, নেপাল তথা অন্যান্য অঞ্চলৰ হিন্দু লোক সকলে এই উৎসৱ পালন কৰি আহিছে।৯১০১১১২

জন্মাষ্টমী

মূল প্ৰবন্ধ: জন্মাষ্টমী'জন্মাষ্টমী' (দেৱনাগৰী লিপি: जन्माष्टमी ) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ কৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ।১৩ ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।

লোচাৰ

মূল প্ৰবন্ধ: লোচাৰ'লোচাৰ' (Losar) তিব্বতীয় বৌদ্ধ ধৰ্মৰ এক উৎসৱ।১৪ এই উৎসৱ তিব্বত স্বায়ত্তশাসিত অঞ্চল, ভাৰত, ভূটান আৰু নেপালত পালন কৰা হয়।১৫ অঞ্চলভেদে ইয়াক বিভিন্ন দিনত পালন কৰা হয়। লোচাৰ তিব্বতীয় বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ বাবে নৱবৰ্ষৰ দিন।১৬১৭ তিব্বতীয় চন্দ্ৰসৌৰ দিনপঞ্জীৰ প্ৰথম দিনা এই উৎসৱ পালন কৰা হয়। সাধাৰণতে এই দিন ইংৰাজী দিনপঞ্জী অনুসৰি ফেব্ৰুৱাৰী বা মাৰ্চ মাহত পৰে আৰু ইয়াক ১৫ ধৰি উদযাপন কৰা হয়। নেপালত পালন কৰা লোচাৰ তিব্বতীয় লোচাৰতকৈ ৮ সপ্তাহ আগতীয়াকৈ পালন কৰা হয়।১৮১৯

গাই যাত্ৰা

মূল প্ৰবন্ধ: গাই যাত্ৰা'গাই যাত্ৰা' নেপালৰ এটা উৎসৱ যিটো প্ৰধানকৈ কাঠমাণ্ডু উপত্যকাৰ নেৱাৰ সম্প্ৰদায়ৰ লোকে পালন কৰে।২০২১

ঘোঁড়ে যাত্ৰা

মূল প্ৰবন্ধ: ঘোঁড়ে যাত্ৰা'ঘোঁড়ে যাত্ৰা' (নেপালী ভাষা: घोडे जात्रा, অসমীয়া অৰ্থ: ঘোঁৰা যাত্ৰা) হৈছে কাঠমাণ্ডুৰ স্থানীয় ঘোঁৰা উৎসৱ।২২২৩ এই উৎসৱ প্ৰতিবছৰ মাৰ্চৰ মাজভাগত বা এপ্ৰিলৰ আৰম্ভণিত অনুষ্ঠিত হয়।২৪২৫

কাৰ্ত্তিক পূৰ্ণিমা

মূল প্ৰবন্ধ: কাৰ্ত্তিক পূৰ্ণিমা'কাৰ্ত্তিক পূৰ্ণিমা' (Kartik Purnima) হ'ল হিন্দু, শিখ আৰু জৈন ধৰ্মৰ এটি সাংস্কৃতিক উৎসৱ, যিটো পূৰ্ণিমা বা কাতিৰ পোন্ধৰতম চান্দ্ৰ দিনত (নৱেম্বৰ-ডিচেম্বৰ) অনুষ্ঠিত হয়। এই উৎসৱক ত্ৰিপুৰী পূৰ্ণিমা বা ত্ৰিপুৰাৰী পূৰ্ণিমা বুলিও কোৱা হয়। ইয়াক কেতিয়াবা দেৱতাৰ পোহৰৰ উৎসৱ দেৱ-দীৱালী বা দেৱ-দীপাৱলী বুলিও কোৱা হয়। দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত অন্য দিনত অনুষ্ঠিত কাৰ্ত্তিকা দীপম হ'ল এটি এই ধৰণৰ অনুষ্ঠান।

গণেশ চতুৰ্থী

মূল প্ৰবন্ধ: গণেশ চতুৰ্থী'গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী' হৈছে এটা হিন্দুসকলৰ উত্‍সৱ। এই সময়ত গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উত্‍সৱ পালন কৰা হয়। এই উৎসৱৰ সময়ত ঘৰত ব্যক্তিগতভাৱে গণেশৰ মাটিৰ প্ৰতিমা স্থাপন কৰা হয় বা ৰাজহুৱাভাৱে বিস্তৃত অঞ্চলত পাণ্ডল(অস্থায়ী পৰ্যায়) স্থাপন কৰি গণেশক পূজা কৰা হয়। পূজাৰ সময়ত ব্ৰত পালন কৰি সকলোৱে বেদ শাস্ত্ৰৰ অনুসৰি হিন্দু মন্ত্ৰ, প্ৰাৰ্থনা আদি গায়।২৬

বসন্ত পঞ্চমী

মূল প্ৰবন্ধ: সৰস্বতী পূজা'বসন্ত পঞ্চমী বা সৰস্বতী পূজা' হ'ল জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘমাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰীপঞ্চমী পূজা বুলিও কয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয়।

মাঘে সংক্ৰান্তি

মূল প্ৰবন্ধ: মাঘে সংক্ৰান্তি'মাঘে সংক্ৰান্তি'বিক্ৰম সম্বত(B.S) বা য়েলে পঞ্জিকামতে মাঘৰ প্ৰথম দিনটোত পুহ মাহৰ হাড়-কঁপোৱা শীতৰ অন্ত পেলোৱা নেপালী লোক-উৎসৱ।২৭ থাৰুসকলে এই বিশেষ দিনটোক নতুন বছৰ হিচাপে পালন কৰে৷ ইয়াক মগৰ সম্প্ৰদায়ৰ মুখ্য চৰকাৰে ঘোষণা কৰা বাৰ্ষিক উৎসৱ হিচাপেও পালন কৰা হয়।২৮ মাঘে সংক্ৰান্তি উৎসৱৰ সৈতে অন্যান্য সৌৰ কেলেণ্ডাৰৰ ধৰ্মীয় পৰম্পৰাৰ লগত মিল আছে।২৯

হোলী

মূল প্ৰবন্ধ: ফাকুৱা'ফাকুৱা বা হোলী' হ'ল ফাগুন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা কৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।

পাহান চাৰ্হে

মূল প্ৰবন্ধ: পাহান চাৰ্হে'পাহান চাৰ্হে (দেৱনাগৰী লিপি: पाहां चह्रे) বা পাছা চাৰ্হে' নেপাল মণ্ডলৰ বছৰৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মীয় উৎসৱ। কাঠমাণ্ডুত ইয়াক বিশেষ উৎসাহেৰে উদ্‌যাপন কৰা হয় আৰু ইয়াত পেৰেড, মুখা নৃত্য, ঘোঁৰা দৌৰ আৰু বিভিন্ন ঠাইত তিনিদিন ধৰি অনুষ্ঠিত হোৱা ধৰ্মীয় উপাসনাকে ধৰি বিভিন্ন কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়।৩০

জন বাহা দ্যাঃ যাত্ৰা

মূল প্ৰবন্ধ: জন বাহা দ্যাঃ যাত্ৰা'জন বাহা দ্যাঃ যাত্ৰা' হৈছে নেপালৰ কাঠমাণ্ডুত প্ৰতি বছৰে অনুষ্ঠিত হোৱা কৰুণা বোধিসত্ত্ব জনবাহা দ্যাহৰ ৰথ শোভাযাত্ৰা। চন্দ্ৰ নেপাল যুগৰ চান্দ্ৰ পঞ্জিকাৰ ষষ্ঠ মাহ চৌলাৰ শুক্লপক্ষৰ দশম দিনত ই আৰম্ভ হয়।

খ্ৰীষ্টমাছ

মূল প্ৰবন্ধ: বৰদিন'বৰদিন বা খ্ৰীষ্টমাছ (Christmas৩১ বা Christmas Day'৩২৩৩) খ্ৰীষ্টধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়।৩৪৩৫

ঈদ

মূল প্ৰবন্ধ: ঈদ-উল-ফিটৰ'ঈদ-উল-ফিটৰ বা ঈদুল ফিতৰ' (আৰৱী: عيد الفطر অৰ্থাৎ "ৰোজা ভঙাৰ দিৱস") ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা।৩৬ দ্বিতীয়টো হ'ল ঈদ-উল-জুহা। ধৰ্মীয় পৰিভাষাত ইয়াক ‍ইয়াউমুল জাএজ‍ (অৰ্থঃ পুৰস্কাৰৰ দিৱস) হিচাপেও বৰ্ণনা কৰা হৈছে। দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলমান সকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।

ৰাষ্ট্ৰীয় ধান দিৱস

মূল প্ৰবন্ধ: ৰাষ্ট্ৰীয় ধান দিৱস'ৰাষ্ট্ৰীয় ধান দিৱস' (राष्ट्रीय धानरोपाई दिवस) হʼল নেপালৰ এটি বাৰ্ষিক উৎসৱ। ই নেপালত ধান ৰোপণৰ বতৰৰ সূচনা কৰে। প্ৰতি বছৰে আহাৰ মাহৰ ১৫ তাৰিখে (২৯ জুন) এই উৎসৱ পালন কৰা হয়। এই উৎসৱটোক ৰোপাইঁ দিৱস, ধান দিৱস, আৰু আষাঢ় পন্দ্ৰ নামেৰেও জনা যায়।৪৩৭ কৃষকসকলে বিভিন্ন গুৰুত্বপূৰ্ণ খাদ্য-উপকৰণ যেনে ধান, দাইল, শাক-পাচলি ইত্যাদি উৎপাদন কৰে। তেওঁলোকৰ শ্ৰমক সন্মান জনোৱাৰ লক্ষ্যৰে এই উৎসৱ উদ্‌যাপন কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ (2017-04-06). Top Festivals in Nepal with Date, Time & Tika Sahit Updated. Wap Nepal
  2. ↑ Gait Edward. A History of Assam
  3. ↑ কৈৰালা প্ৰকাশ. (জানুৱাৰী, ২০২০). অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ অন্বেষণ. পূৰ্বায়ন প্ৰকাশন. ISBN 978-93-88593-81-6
  4. ↑ Burbank, Jon, 1951–. Nepal. ISBN 978-0-7614-8021-1
  5. ↑ উপাধ্যায় টি. অসম তথা ভাৰতৰ নেপালী জাতি এক আলোকপাত
  6. ↑ Chhath festival celebrated in India and Nepal begins today: The Indian Express
  7. ↑ Chhath natively celebrated in India and Nepal has significance in Hindu Culture
  8. ↑ Vajracharya, Gautama Vajra. (6 November 2018). Nepal Saṃvat and Vikrama Saṃvat; Discerning Original Significance. Asian Art
  9. ↑ Nag Panchami: A mix of faith and superstition
  10. ↑ quintdaily. (26 July 2017). Nag Panchami 2017 Wishes With Images – QuintDaily
  11. ↑ LLP, Adarsh Mobile Applications. 2019 Nag Pancham Puja Date and Time for New Delhi, NCT, India. Drikpanchang
  12. ↑ The Wrestler’s Body. publishing.cdlib.org
  13. ↑ (24 August 2008). Sri Krishna Janamashtami celebrated in the city. The Hindu
  14. ↑ William D. Crump, "Losar" in Encyclopedia of New Year's Holidays Worldwide (McFarland & Co.: 2008), pp. 237-38
  15. ↑ (September 8, 2004). Buddhism: Losar. BBC
  16. ↑ Peter Glen Harle, Thinking with Things: Objects and Identity among Tibetans in the Twin Cities (Ph.D dissertation: Indiana University, 2003), p. 132: "In Tibet, Nepal, Bhutan, India and other areas where Tibetan Buddhism is practiced, the dates for Losar are often calculated locally, and often vary from region."
  17. ↑ William D. Crump, Encyclopedia of New Year's Holidays Worldwide (McFarland & Co.: 2008), pp. 237: ""Different traditions have observed Losar on different dates."
  18. ↑ Losar 2020 - Google Search. www.google.com
  19. ↑ Tibetan Borderlands: PIATS 2003: Proceedings of the International Association of Tibetan Studies, Oxford, 2003, p. 121: "Yet though their Lhochhar is observed about eight weeks earlier than the Tibetan Losar, the festival is clearly borrowed, and their practice of Buddhism comes increasingly in a Tibetan idiom."
  20. ↑ Chettri, Prabhakar. Festivals of Nepal: Gai Jatra. nepalhomepage.com
  21. ↑ Setopati, सेतोपाटी. गाईजात्रा सुरु. Setopati
  22. ↑ Shah, Manawi. 5 Jatras to observe in Nepal. My City
  23. ↑ Atma Ram Giri MGS 2016.pdf
  24. ↑ Ghode Jatra. ECS NEPAL
  25. ↑ Board, Nepal Tourism. Ghode Jatra. Naturally Nepal
  26. ↑ গণেশ চতুৰ্থী. The Editors of Encyclopaedia Britannica
  27. ↑ Maghi the Tharu way. kathmandupost.com
  28. ↑ Magar, Tharu communities observe Maghi festival (in pictures). kathmandupost.com
  29. ↑ N. P. ManandharSolar cycle (calendar)title=Plants and People of Nepal. (2002). Plants and People of Nepal. Timber Press. পৃ. 39–. ISBN 978-0-88192-527-2
  30. ↑ Sāyami, Dhūsvām. (1972). The Lotus & the Flame: An Account on Nepalese Culture. Department of Information, Ministry of Communication, HMG, Nepal. পৃ. 35
  31. ↑ Canadian Heritage – Public holidays — Government of Canada. Retrieved November 27, 2009
  32. ↑ 2009 Federal Holidays — U.S. Office of Personnel Management. Retrieved November 27, 2009
  33. ↑ Bank holidays and British Summer time — HM Government. Retrieved November 27, 2009
  34. ↑ Christmas, Merriam-Webster. Retrieved October 6, 2008. "Christmas," MSN Encarta. Retrieved October 6, 2008. 2009-10-31
  35. ↑ "Christmas", The Catholic Encyclopedia, 1913
  36. ↑ Elias, Jamal J. (1999). Islam. Routledge. পৃ. 75. ISBN 0415211654
  37. ↑ Pandey, Pradyumna Raj; Pandey, Hemprabha. (2013). Socio-Economic Development Through Agro- Tourism: A Case Study of Bhaktapur, Nepal. Journal of Agriculture and Environment. পৃ. 59–66

সম্পৰ্কিত শ্ৰেণী

নেপালৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপালৰ উৎসৱসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩১৪১৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।