অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নবাব এলএলবি

নবাব এল এল বি (ইংৰাজী শিৰোনাম: নবাব এল এল বি: বেক ফৰ জাষ্টিচ) এখন বাংলাদেশী আইনী নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য অনন্য মামুনে ৰচনা কৰিছে আৰু আজমত হোছেইনে চেলিব্ৰেটি প্ৰডাকচনৰ ব্যানাৰত প্ৰযোজনা কৰিছে।

হালনাগাদ: ৪ এপ্ৰিল ২০২৬ ৯১২ শব্দ · ৫ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নবাব এল এল বি (ইংৰাজী শিৰোনাম: নবাব এল এল বি: বেক ফৰ জাষ্টিচ) এখন বাংলাদেশী আইনী নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য অনন্য মামুনে ৰচনা কৰিছে আৰু আজমত হোছেইনে চেলিব্ৰেটি প্ৰডাকচনৰ ব্যানাৰত প্ৰযোজনা কৰিছে।১ চলচ্চিত্ৰখন নাৰীৰ ওপৰত ধৰ্ষণ আৰু সামাজিক হিংসাৰ বিষয়-বস্তু লৈ নিৰ্মিত এখন আদালত-কক্ষভিত্তিক নাটক।২ কাহিনীয়ে ধৰ্ষণৰ বলি হোৱা শুভ্ৰাক কেন্দ্ৰ কৰি আগবাঢ়ে। শুভ্ৰাৰ ভূমিকাত অভিনয় কৰিছে অৰ্চিতা স্পৰ্শিয়াই। শাকিব খানে শুভ্ৰাৰ মুখ্য অধিবক্তাৰ ভূমিকাত অভিনয় কৰিছে। মাহিয়া মাহী আৰু শ্বাহিদুজ্জামান চেলিমেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৩

ছবিখনৰ চিত্ৰগ্ৰহণ ২৮ মাৰ্চ ২০২০ তাৰিখে আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু বাংলাদেশত ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ ফলত ইয়াক স্থগিত কৰা হয়।৪৫ পিছলৈ ছবিখনৰ মুখ্য চিত্ৰগ্ৰহণ ৩০ আগষ্ট ২০২০ তাৰিখে আৰম্ভ হয়৬ আৰু ১০ ডিচেম্বৰ ২০২০ তাৰিখে চিত্ৰগ্ৰহণ সমাপ্ত কৰা হয়। ছবিখনৰ সংগীত সুৰকাৰ হৈছে দোলান মাইনাক। ইয়াৰ পূৰ্বে তেওঁ ২০১৮ চনত ভাইজান এলো ৰে ছবিত শাকিব খানৰ সৈতে সহযোগিতা কৰিছিল। শাকিব খান আৰু মাহিয়া মাহীৰ মাজত এইখন দ্বিতীয় সহযোগিতা; ইয়াৰ আগতে তেওঁলোকে ২০১৩ চনৰ ভালবাসা আজ কাল ছবিত একেলগে অভিনয় কৰিছিল। আনহাতে, শাকিব খান আৰু অৰ্চিতা স্পৰ্শিয়া ৰ মাজত এইখন প্ৰথম সহযোগিতা।৭ পৰিচালক অনন্য মামুন আৰু শাকিব খানৰ মাজতো এইখন প্ৰথম সহযোগিতা। ছবিখন ১৬ ডিচেম্বৰ ২০২০ আৰু ১ জানুৱাৰী ২০২১ তাৰিখে ক্ৰমে দুটা অংশত আইথিয়েটাৰ নামৰ এটা অ’ভাৰ-দ্য-টপ মিডিয়া সেৱাত মুক্তি লাভ কৰে।৮ সামাজিক সজাগতা বৃদ্ধিৰ লক্ষ্যৰে নিৰ্মিত এই ছবিখনে ধৰ্ষণৰ বলি হোৱা নাৰীৰ সামাজিক বৰ্জন, তেওঁলোকৰ পৰিয়ালৰ সংগ্ৰাম আৰু প্ৰতিক্ৰিয়া, আৰু এনে দুৰ্ভাগ্যজনক ঘটনাৰ পিছত এগৰাকী নাৰীৰ জীৱনত উদ্ভৱ হোৱা সামাজিক কলংক আৰু মানসিক আঘাতৰ দৰে সংবেদনশীল বিষয়সমূহ উত্থাপন কৰিছে।৯

পটভূমি

ইফ্ৰাত আফ্ৰিন শুভ্ৰা (অৰ্চিতা স্পৰ্শিয়া) নামৰ এগৰাকী যুৱতীয়ে “মডাৰ্ণ ৰেডিঅ’” নামৰ এটা ৰেডিঅ’ ষ্টেচনত আৰ জে হিচাপে কাম কৰে। তেওঁৰ পৰিয়াল সম্পূৰ্ণভাৱে তেওঁৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল। এদিন-ৰাতি অফিচৰপৰা উভতি আহোঁতে তেওঁৰ অফিচৰ বছ নেৱাজ বছাৰ (ৰাছেদ মামুন অপু) আৰু তেওঁৰ বন্ধুসকলে শুভৰাক বলপূৰ্বকভাৱে ধৰ্ষণ কৰে। নেৱাজ বছাৰ স্থানীয় সাংসদ আজিমুল বছাৰ (সুমন আনোৱাৰ)ৰ কনিষ্ঠ ভাতৃ।

সমাজ আৰু মান-সন্মানৰ কথা চিন্তা কৰি শুভ্ৰাৰ পৰিয়াল আৰু প্ৰেমিকে শুভ্ৰাক আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ মানা কৰে। ঘটনাটোৰ পিছত মানসিকভাৱে ভাঙি পৰা শুভ্ৰাই আত্মহত্যাৰ চেষ্টা চলায়। কিন্তু ধৰ্ষণকাৰীসকলৰ সামাজিক মৰ্যাদা আৰু ক্ষমতাৰ আগত নতি স্বীকাৰ নকৰাৰ সংকল্প লৈ অৱশেষত তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শুভ্ৰাৰ দৃঢ় সংকল্পৰ সন্মুখত পৰিয়াল আৰু প্ৰেমিকেও আত্মসমৰ্পণ কৰি এই যুঁজত তেওঁক সহায় কৰাৰ সিদ্ধান্ত লয়।

ইফালে আৰক্ষীয়ে অভিযুক্তসকলৰ ৰাজনৈতিক প্ৰভাৱ আৰু ক্ষমতাৰ ভয়ত বিভিন্ন অজুহাত দেখুৱাই গোচৰটো গ্ৰহণ নকৰিবলৈ চেষ্টা কৰে। অৱশেষত সামাজিক চাপৰ ফলত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিবলৈ বাধ্য হয়।

গোচৰ ৰুজু কৰাৰ পাছত শুভ্ৰাই নিজৰ পক্ষত যুঁজিবলৈ মহানগৰীৰ জনপ্ৰিয় অধিবক্তা আজহাৰ চৌধুৰী (শ্বাহিদুজ্জামান চেলিম)ৰ চেম্বাৰলৈ যায়। তাত তেওঁ আজহাৰৰ সহকাৰী অধিবক্তা তথা তেওঁৰ কন্যা অবন্তি চৌধুৰীৰ সৈতে সাক্ষাৎ কৰে। অবন্তিৰ সহায়ত শুভ্ৰাই আজহাৰ চৌধুৰীক আদালতত নিজৰ পক্ষত যুঁজিবলৈ অনুৰোধ জনায়। কিন্তু আজহাৰ চৌধুৰীয়ে ধনৰ লোভত শুভ্ৰাৰপক্ষ লোৱাৰ পৰিৱৰ্তে অভিযুক্ত নেৱাজ বছাৰৰ পক্ষত গোচৰটো যুঁজিবলৈ সন্মতি জনায়।

এই সিদ্ধান্তত ভাঙি পৰা শুভ্ৰাক এজন সহকাৰী অধিবক্তাই আন এজন উকীলৰ ওচৰলৈ প্ৰেৰণ কৰে। তেওঁ আচলতে নবাব চৌধুৰী (শাকিব খান) নামৰ এজন কুখ্যাত কিন্তু ৰূপহী উকীলৰ বাবে কাম কৰে। নবাব এজন বিশৃংখল, অসৎ আৰু লোভী উকীল, যিয়ে আদালতত ন্যায়ৰ বাবে নহয়, বৰং টকাৰ বাবে যুঁজ দিয়ে। তেওঁ মানুহক ভুল আশ্বাস দি আৰু মিছা প্ৰতিশ্ৰুতি দি টকা উপাৰ্জন কৰে।

শুভ্ৰাৰ দুৰ্বলতাৰ সুযোগ লৈ নবাবে নিজৰ বিষয়ে মিছা কাহিনী ৰচনা কৰি গোচৰটো জয়ী কৰাৰ আশ্বাস দিয়ে আৰু আগতীয়াকৈ পাঁচ লাখ টকাৰ চেক দাবী কৰে। শুভ্ৰাই তেওঁৰ কথা বিশ্বাস কৰি টকা আগবঢ়ায়। কিন্তু গোচৰ ঘোষণা কৰাৰ আগৰ নিশা নবাবে সহকাৰীসকলৰ সৈতে সুৰাপান কৰি আদালতত হাজিৰ নহয়।

নবাবৰ অনুপস্থিতিত গোচৰ আৰম্ভ হয় আৰু আজহাৰ চৌধুৰীয়ে কৌশলেৰে গোচৰটো অন্য দিশলৈ ঘূৰাবলৈ চেষ্টা কৰে। আদালতত নবাবৰ অনুপস্থিতিৰ বাবে শুভ্ৰাকেই দোষী সাব্যস্ত কৰাৰ দৰে পৰিস্থিতি সৃষ্টি হয়। শুভ্ৰাক চৰিত্ৰহীন আখ্যা দিয়া হয় আৰু উৰাবাতৰি প্ৰচাৰ কৰা হয় যে শুভ্ৰাই টকাৰ লোভত মিছা গোচৰ ৰুজু কৰিছে।

চুবুৰীয়াৰ উপহাস আৰু মানসিক চাপ সহ্য কৰিব নোৱাৰি শুভ্ৰাৰ মাতৃ হাৰ্ট এটেকত আক্ৰান্ত হয়। চিকিৎসালয়লৈ নিয়াৰ সময়তে এম্বুলেন্সত তেওঁৰ মৃত্যু হয়। মাতৃৰ মৃত্যুত শুভ্ৰা সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ পৰে।

ইয়াৰ পিছত শুভ্ৰাৰ সৰু ভনীয়েকে মাতৃৰ মৃতদেহ লৈ পোনে পোনে নবাব চৌধুৰীৰ ঘৰলৈ যায়। সম্পূৰ্ণ মাতাল অৱস্থাত থকা নবাবক ফোন কৰি তেওঁ গোচৰটো যুঁজিবলৈ বাধ্য কৰে। মাকৰ মৃত্যুৰ বাবে নবাবক দায়ী কৰি তেওঁ কয় যে এইবাৰ তেওঁ গোচৰটো সম্পূৰ্ণ দায়িত্বৰে যুঁজিব লাগিব।

অভিনয়শিল্পী

  • শাকিব খান — নবাব চৌধুৰী; এজন কনিষ্ঠ উকীল। পিছলৈ তেওঁ শুভ্ৰাৰ ধৰ্ষণ গোচৰত মুখ্য অধিবক্তা হিচাপে আদালতত আইনী যুঁজ দিয়ে।
  • মাহিয়া মাহী — অবন্তি চৌধুৰী; আজহাৰ চৌধুৰীৰ কন্যা আৰু সহকাৰী অধিবক্তা। পিতৃয়ে শুভ্ৰাৰ গোচৰৰ বিৰোধিতা কৰাত তেওঁ নবাবৰ সৈতে মিলি শুভ্ৰাৰপক্ষ লয়।
  • অৰ্চিতা স্পৰ্শিয়া — ইফ্ৰাত আফ্ৰিন শুভ্ৰা (আৰ জে শুভ্ৰা); “মডাৰ্ণ ৰেডিঅ’”ৰ এগৰাকী আৰ জে। পিছলৈ নেৱাজ বছাৰ আৰু তেওঁৰ বন্ধুসকলে তাইক সংঘবদ্ধভাৱে ধৰ্ষণ কৰে।
  • শ্বাহিদুজ্জামান চেলিম — আজহাৰ চৌধুৰী; এজন জ্যেষ্ঠ অধিবক্তা। তেওঁ শুভ্ৰাৰ সংঘবদ্ধ ধৰ্ষণ গোচৰত নেৱাজ বছাৰ আৰু তেওঁৰ বন্ধুসকলৰ পক্ষত আদালতত যুঁজ দিয়ে।
  • ৰাছেদ মামুন অপু — নেৱাজ বছাৰ; “মডাৰ্ণ ৰেডিঅ’”ৰ স্বত্বাধিকাৰী আৰু আজিমুল বছাৰৰ কনিষ্ঠ ভাতৃ। তেওঁ শুভ্ৰাৰ সংঘবদ্ধ ধৰ্ষণ গোচৰৰ মুখ্য অভিযুক্ত।
  • ক্ৰিষ্টিয়ানো তন্ময় — আশিস; শুভ্ৰাৰ বাগ্দত্তা। পিছলৈ তেওঁ শুভ্ৰাক বিবাহ কৰি গোচৰত তাইৰ এজন সাক্ষী হিচাপে উপস্থিত থাকে।
  • সুমন আনোৱাৰ — আজিমুল বছাৰ; দেশৰ এজন প্ৰখ্যাত ৰাজনীতিবিদ আৰু নেৱাজৰ জ্যেষ্ঠ ভাতৃ। পিছলৈ তেওঁ নিজৰ কনিষ্ঠ ভাতৃৰ পত্নী ঋতু বছাৰক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয়।
  • সুষমা সৰকাৰ — ঋতু বছাৰ; নেৱাজ বছাৰৰ পত্নী। পিছলৈ তেওঁ শুভ্ৰাৰ সংঘবদ্ধ ধৰ্ষণ গোচৰৰ মুখ্য সাক্ষী হৈ উঠে আৰু আজিমুল বছাৰৰ বিপক্ষে অৱস্থান লয়।
  • শেহেদ আলী — কিৰমানি; নবাবৰ সহকাৰী।
  • আনোৱাৰ হোসেন — ল’ডশেডিং; নবাবৰ দ্বিতীয় সহকাৰী।
  • লুৎফুৰ ৰহমান খান শিমান্ত — জুনাইদ ছিদ্দিকী; নেৱাজৰ বন্ধু আৰু শুভ্ৰাৰ সংঘবদ্ধ ধৰ্ষণ গোচৰৰ দ্বিতীয় অভিযুক্ত।
  • শবনম পাৰভিন — মুখ্য ন্যায়াধীশ।
  • কাজী উজ্জ্বল — জাফৰ; নবাবৰ ঘৰ-মালিক।
  • শ্বাহীন মৃধা — নিজাম; এজন আৰক্ষী কনিষ্টেবল, যিয়ে শুভ্ৰাৰ সংঘবদ্ধ ধৰ্ষণ গোচৰ পঞ্জীয়ন কৰে।
  • জাদু আজাদ — আজাদ ভাই; এজন স্থানীয় দুৰ্বৃত্ত আৰু নবাবৰ এজন গ্ৰাহক।
  • ৰিদি শেখ — “জাষ্ট চিল” গীতত বিশেষ উপস্থিতি (আইটেম ছং)।

তথ্যসূত্ৰ

  1. ↑ (2020-03-16). bn:ঈদুল ফিতৰেৰ আসছে শাকিবেৰ নতুন সিনেমা. Daily Inqilab
  2. ↑ (2020-10-08). bn:মহামাৰিৰ চেয়েও ভয়ংকৰভাবে ছড়িয়ে পড়েছে ধৰ্ষণ: শাকিব খান. Prothom Alo
  3. ↑ (18 March 2020). Shakib to pair up with Mahi, Sporshia in 'Nabab LLB'. The Asian Age
  4. ↑ (27 March 2020). COVID-19: Lockdown envelopes film and entertainment sphere. Dhaka Courier
  5. ↑ COVID-19: Lockdown envelopes film and entertainment sphere. UNB
  6. ↑ (2020-08-29). bn:মাহিদেৰ আশীৰ্বাদ অপেক্ষমান. Prothom Alo
  7. ↑ (2020-09-10). Sporshia's back!. The Daily Star
  8. ↑ bn:বছৰেৰ প্ৰথম দিন 'নবাব এলএলবি'ৰ দ্বিতীয় কিস্তি. Desh Rupantor
  9. ↑ Zahid Akbar. (2021-08-22). 'Nabab LLB' addresses sensitive social issues. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰবঙালী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নবাব এলএলবি” প্ৰবন্ধৰ সংশোধন ৫৯৯৯২৬ (৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।