দ্য ডাৰ্টি পিকচাৰ (The Dirty Picture) কামোদ্দীপক চৰিত্ৰৰ বাবে বিখ্যাত ভাৰতীয় অভিনেত্ৰী ছিল্ক স্মিতাৰ জীৱন কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত আৰু ২০১১ চনত নিৰ্মিত হিন্দী ভাষাৰ এখন বায়’পিক সংগীতমধুৰ ড্ৰামা ছবি। ছবি নিৰ্মাতাই স্পষ্ট কৰি দিছে যে এই কাহিনী আনুষ্ঠানিকভাৱে বা আক্ষৰিক অৰ্থত কেৱল স্মিতাৰ ওপৰত ভিত্তি কৰি নহয়, বৰঞ্চ ডিস্কো শান্তিৰ দৰে সমকালীন অভিনেত্ৰীৰ ওপৰত আধাৰিত। ইয়াৰ উপৰিও জনপ্ৰিয় সংস্কৃতিৰ আন মহিলাসকলৰ ব্যক্তিগত জীৱনৰ সৈতেও মিল আছে, য'ত অভিনেত্ৰী আৰু যৌনতাৰ প্ৰতীক মেৰিলিন মনৰোও অন্তৰ্ভুক্ত।১ ছবিৰ পৰিচালক মিলন লুথ্ৰিয়া আৰু প্ৰযোজক যৌথভাবে শোভা কাপুৰ আৰু একতা কাপুৰ। ছবিখন নিৰ্মাণৰ বিষয়ে একতা কাপুৰৰ মনলৈ অহাত এই বিষয়বস্তুৰে চিত্ৰনাট্যকাৰ ৰজত আৰোৰাক তেওঁ কাহিনীটো লিখিবলৈ দিছিল।২৩
₹১৮ কোটি (২.১ মিলিয়ন মাৰ্কিন ডলাৰ) বাজেটত নিৰ্মিত,৪ দ্য ডাৰ্টি পিকচাৰ ২০১১ চনৰ ২ ডিচেম্বৰত (স্মিতাৰ জন্মৰ বাৰ্ষিকী)৫ হিন্দী, তেলেগু আৰু তামিল সংস্কৰণত বিশ্বজুৰি মুক্তি দিয়া হয়। ইয়াত বিদ্যা বালান, ইমৰাণ হাছমী, নাছিৰুদ্দিন শ্বাহ আৰু তুষাৰ কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৬ মুক্তিৰ লগে লগে ই সমালোচক আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰে। বালানৰ অভিনয়ে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে; তেওঁক "চলচ্চিত্ৰখনৰ নায়ক" (the hero of the film) বুলি উল্লেখ কৰা হৈছিল।৭ ইয়াৰ উপৰিও নাৰীক শক্তিশালী ৰূপত চিত্ৰিত কৰাৰ বাবে ছবিখনে উচ্চ প্ৰশংসা লাভ কৰিছিল, যিয়ে মূলতঃ পুৰুষ প্ৰধান সমাজ এখনত অনন্য কিবা এক অৰিহণা যোগাইছে।৮ ছবিখনৰ ৰজত আৰোৰাৰ গীতৰ সৈতে বিশাল–শেখৰৰ সংগীতেও ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল আৰু "উ লা লা" শীৰ্ষক গীতটো বছৰৰ অন্যতম চাৰ্টবাষ্টাৰ হিচাপে পৰিগণিত হৈছিল।
ডাৰ্টি পিকচাৰে বক্স অফিচত ₹ ১১৭ কোটি (১৪ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰে আৰু বক্স অফিচ ইণ্ডিয়াই চতুৰ্থ সপ্তাহৰ পিছত ইয়াক "হিট" বুলি ঘোষণা কৰে। ৫৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনত অভিনয় কৰি বালানে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ৫৭তম ফিল্মফেয়াৰ বঁটাত দ্য ডাৰ্টি পিকচাৰে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ সহযোগী অভিনেতাকে ধৰি মুঠ ৬টা মনোনয়ন পাইছিল আৰু শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি ৩টা বঁটা পাবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ১৭তম স্ক্ৰীণ বঁটাত ই ১০টা মনোনয়ন লাভ কৰাৰ লগতে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি ৬টা বঁটা লাভ কৰে।
সন্মান
(:en: List of accolades received by The Dirty Picture|দ্য ডাৰ্টি পিকচাৰে লাভ কৰা প্ৰশংসাৰ তালিকা)'৫৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৯'
- শ্ৰেষ্ঠ অভিনেত্ৰী- বিদ্যা বালান
- শ্ৰেষ্ঠ মেক-আপ শিল্পী-বিক্ৰম গাইকাড়
- শ্ৰেষ্ঠ বেশ-ভুষা- নিহাৰিকা খান
৫৭তম ফিল্মফেয়াৰ বঁটা১০
- শ্ৰেষ্ঠ অভিনেত্ৰী- বিদ্যা বালান
- শ্ৰেষ্ঠ বেশভুষা- নিহাৰিকা খান
- শ্ৰেষ্ঠ সহযোগী অভিনেতা- নাছিৰুদ্দিন শাহ
- বৰ্ষশ্ৰেষ্ঠ দৃশ্য- দ্য ডাৰ্টি পিকচাৰ
তথ্যসূত্ৰ
- ↑ Talukdar, Tanya. Dirty Picture chose me: Milan Luthria. Daily News and Analysis
- ↑ (24 May 2012). 'Silk' makes Vidya Balan a jubilee heroine in city, News – City – Ahmedabad Mirror, Ahmedabad Mirror. Ahmedabadmirror.com
- ↑ Dubey, Rachana. The Dirty Picture creates first day buzz. HT Media Ltd
- ↑ 'The Dirty Picture' hits screens on Silk Smitha's birthday. CNN-IBN
- ↑ Prakash. (1 December 2011). Actress Vidya Balan | The Dirty Picture | Tamil Audience. Oneindia.in
- ↑ "Hero" Vidya enjoys the attention. NDTV Movies
- ↑ S, Arpana. Bollywood woman power. HT Media Ltd
- ↑ (10 December 2011). Boxofficeindia.com. Box Office India
- ↑ (7 March 2012). Vidya Balan wins National Award for 'The Dirty Picture'. The Times of India
- ↑ (31 January 2011). Filmfare Awards 2011 Winners. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ডাৰ্টি পিকচাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭২৫২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।