অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পানী ছটিওৱা উৎসৱ

পানী ছটিওৱা উৎসৱ বা পানী ছটিয়াই খেলা উৎসৱ (ইংৰাজী: Water-Sprinkling Festival) হৈছে ডাই জনগোষ্ঠীৰ এক প্ৰধান আৰু পৰম্পৰাগত উৎসৱ, যাৰ জৰিয়তে তেওঁলোকৰ নতুন বছৰক আদৰা হয়।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৬ ৩৯৪ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

পানী ছটিওৱা উৎসৱ বা পানী ছটিয়াই খেলা উৎসৱ (ইংৰাজী ভাষা: Water-Sprinkling Festival) হৈছে ডাই জনগোষ্ঠীৰ এক প্ৰধান আৰু পৰম্পৰাগত উৎসৱ, যাৰ জৰিয়তে তেওঁলোকৰ নতুন বছৰক আদৰা হয়। ডাইসকল চীনৰ এক সংখ্যালঘু জনগোষ্ঠী, যিসকলে প্ৰধানকৈ দক্ষিণ য়ুন্নানৰ চিছুয়াংবান্না ডাই স্বায়ত্তশাসিত প্ৰেফেকচাৰ আৰু দেহং ডাই আৰু জিংপো স্বায়ত্তশাসিত প্ৰেফেকচাৰত বসবাস কৰে। তেওঁলোকৰ প্ৰধান ধৰ্ম হৈছে থেৰাভাড বৌদ্ধ ধৰ্ম। এই উৎসৱ ডাই বৰ্ষপঞ্জীৰ ষষ্ঠ মাহত অনুষ্ঠিত হয়, যিটো সাধাৰণতে গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ এপ্ৰিল মাহৰ মাজভাগৰ সৈতে মিলি যায়। ইয়াৰ উপৰিও ইয়াক গৌতম বুদ্ধৰ স্নান উৎসৱ বুলিও জনা যায় আৰু ই সাধাৰণতে তিনি দিন ধৰি চলে।১

উৎসৱৰ প্ৰথম দিনা নানা ধৰণৰ কাৰ্যসূচী যেনে— লানচাং (মেকং) নদীত ড্ৰেগন নাও দৌৰ, ডাই ৰকেট উৰুওৱা আৰু সাংস্কৃতিক তথা কলাত্মক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। দ্বিতীয় দিনা মূল পানী ছটিওৱা কাৰ্যসূচী উপভোগ কৰা হয়। তৃতীয় তথা অন্তিম দিনটো ডাই নৱবৰ্ষৰ প্ৰথম দিনাৰ সৈতে মিলি পৰে। এই দিনা মানুহে পৰম্পৰাগত সাজ-পোছাক পিন্ধি বৌদ্ধ বিহাৰ বা মন্দিৰ দৰ্শন কৰে। আবেলিৰ ভাগত পানী ছটিওৱা খেল অনুষ্ঠিত হয়, য’ত প্ৰথমতে মহিলাসকলে আশীৰ্বাদ লাভৰ বাবে বুদ্ধৰ মূৰ্তিসমূহ পানীৰে পৰিষ্কাৰ কৰে; ইয়াৰ পিছত সকলোৱে ইজনে সিজনৰ গালৈ পানী ছটিয়াই খেলা কৰে। এই পানী কেৱল সৌভাগ্যৰ প্ৰতিমূৰ্তিয়েই নহয়, বৰঞ্চ ই "ৰোগ আৰু দুৰ্যোগ ধুই পেলোৱা"ৰো প্ৰতীক। ইয়াৰ উপৰিও যুৱক-যুৱতীসকলে সৰু সৰু উপহাৰ আদান-প্ৰদান কৰে, যিয়ে তেওঁলোকলৈ শুভ ভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।২৩৪৫৬ অপদেৱতাক খেদি পঠিয়াবলৈ মানুহে মুখা পিন্ধি নৃত্যও প্ৰদৰ্শন কৰে।৭

ড্ৰেগন নাও দৌৰ প্ৰতিযোগিতা
ড্ৰেগন নাও দৌৰ প্ৰতিযোগিতাছবি: Peter Olshevsky · CC BY-SA 4.0

ভাৰতৰ পূব প্ৰান্তত, বিশেষকৈ মিথিলাঞ্চল অঞ্চলত একে সময়তে অৰ্থাৎ ১৩/১৪ এপ্ৰিলত অনুৰূপ ধৰণৰ এক উৎসৱ উদ্‌যাপন কৰা হয়, যাক কাদো খেলা বা ধূৰ খেল বুলি কোৱা হয়। তাতো অতি উলহ-মালহেৰে ইজনে সিজনৰ গাত বোকা আৰু পানী ছটিয়াই নিজৰ বৰ্ষপঞ্জী অনুসৰি নতুন বছৰ উদযাপন কৰা হয়। এই উৎসৱক "জুৰ শীতল" বুলিও কোৱা হয়, যাৰ অৰ্থ হৈছে সকলোকে শীতল বা শান্ত কৰি ৰখা।

লোককথা

পানী ছটিওৱা উৎসৱৰ সৈতে জড়িত এটা জনপ্ৰিয় লোককথা অনুসৰি, এজন দুষ্ট অসুৰ ৰজা আছিল যাৰ সাতগৰাকী পত্নী আছিল। এদিন তেওঁৰ সপ্তমগৰাকী পত্নীয়ে জানিব পাৰিলে যে অসুৰজনৰ নিজৰ চুলিৰ এডাল গুটি ব্যৱহাৰ কৰিয়েই তেওঁৰ মূৰটো কাটি পেলাব পাৰি। সেই মৰ্মে তেওঁ চুলিডালেৰে অসুৰৰ মূৰটো কাটি দিলে আৰু কাটি থোৱা মূৰটো মাটিত পৰাৰ লগে লগে তাত জুই লাগি গ’ল। মূৰটো যিয়েই দিশলৈ বাগৰি যায়, তাতেই দুৰ্যোগৰ সৃষ্টি হ’বলৈ ধৰিলে। এই দুৰ্যোগ বিয়পি পৰাত বাধা দিবলৈ বাকী পত্নীসকলে পাল পাতি মূৰটো হাতেৰে ধৰি ৰাখিবলৈ সিদ্ধান্ত ল’লে আৰু অসুৰ ৰজাৰ তেজৰ দাগ ধুই পেলাবলৈ ইজনে সিজনৰ গাত পানী ছটিয়াই দিলে। চিছুয়াংবান্না আৰু দেহঙৰ ডাই জনগোষ্ঠীৰ লোকসকলে আজিও এই উৎসৱৰ জৰিয়তে অসুৰ ৰজাৰ মৃত্যুৰ কাহিনীটো স্মৰণ কৰে আৰু সেই সাতগৰাকী সাহসী মহিলাক সন্মান জনায়।৭

তথ্যসূত্ৰ

  1. ↑ (2011-07-30). 傣族泼水节-荆楚网://cnhubei.com. Cnhubei.com
  2. ↑ 云南傣族泼水节-旅游地产-搜狐焦点网. House.focus.cn
  3. ↑ 泼水狂欢_在线视频观看_土豆网视频 泼水节 我爱拼网. Tudou.com
  4. ↑ 泼水节
  5. ↑ 泼水节_旅游频道_新华网.://xinhuanet.com
  6. ↑ 傣族泼水节
  7. ↑ Han, C. The demon king and other festival folktales of China. Kolowalu Books/U. of Hawaii P., 1995. ISBN 978-0-8248-1707-7

সম্পৰ্কিত শ্ৰেণী

চীনৰ উৎসৱচীনৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানী ছটিওৱা উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬৩৪৭০৮ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।