নাদুন (ইংৰাজী ভাষা: Nadun) হৈছে মংগুঅৰ জনগোষ্ঠীৰ (যিসকলক চীনাত টু জু বুলি জনা যায়)দ্বাৰা উদযাপিত এটা পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ নামটো মংগোলিয়াৰ নাদাম উৎসৱৰ সৈতে সাদৃশ্যপূৰ্ণ যদিও ইয়াৰ বিন্যাস আৰু বিষয়-বস্তু সম্পূৰ্ণ পৃথক।
উৎপত্তি
মংগুঅৰ ভাষাৰ “নাদুন” আৰু মংগোলীয় ভাষাৰ “নাদাম” হৈছে এক বাৰ্ষিক উৎসৱৰ বাবে নিৰ্দিষ্ট বিশেষ বিশেষ্য। ই উত্তৰৰ যাযাবৰী লোকসকলৰ (যেনে ঝিয়ানবেই) সৈতে থকা তেওঁলোকৰ উমৈহতীয়া উৎপত্তিক প্ৰতিফলিত কৰে। ইতিহাসত উল্লেখ থকা অনুসৰি তেওঁলোকৰ “প্ৰতি বসন্তকালত আমোদ-প্ৰমোদ আৰু বিশ্ৰামৰ বাবে এক ডাঙৰ সমাৱেশ” হৈছিল।১ মংগোলীয় নাদামে ঘোঁৰা দৌৰ, মল্লযুদ্ধ আৰু ধনুৰ্বিদ্যাৰ দৰে যাযাবৰী বৈশিষ্ট্যসমূহ ধৰি ৰাখিছে; আনহাতে মংগুঅৰ নাদুনে মুখা নৃত্য প্ৰদৰ্শনৰ জৰিয়তে তেওঁলোকৰ ইতিহাসক সংৰক্ষিত কৰি ৰাখিছে। ই এক বাৰ্ষিক সামৰিক অনুশীলন আৰু শস্য চপোৱাৰ আনন্দময় উদ্যাপনৰ সংমিশ্ৰণ। এই উৎসৱ বিশেষকৈ হালধীয়া নদীৰ উত্তৰ পাৰত অৱস্থিত মিনহে হুই আৰু টু স্বায়ত্তশাসিত কাউণ্টিৰ ছানচুয়ান/গুৱাণ্টিং অঞ্চলত অনুষ্ঠিত হয়। এই নদীখন কিংহাইৰ আটাইতকৈ পূব বিন্দুৱেদি বৈ গৈ গানছুত প্ৰৱেশ কৰিছে, য’ত বৰ্তমান আটাইতকৈ ঘণবসতিপূৰ্ণ মংগুঅৰ বসতিস্থল আছে।২
বিন্যাস
হালধীয়া নদীৰ পাৰৰ গাঁওসমূহে পৰ্যায়ক্ৰমে এই নাদুন উৎসৱ উদ্যাপন কৰে। এই উদ্যাপন সমগ্ৰ ছানচুয়ান/গুৱাণ্টিং অঞ্চলত আৱৰ্তিত হৈ থাকে। নাদুন উৎসৱটো প্ৰাকৃতিকভাৱেই কৃষি কাৰ্যৰ সৈতে জড়িত। ই পশ্চিমীয়া সংস্কৃতিৰ “থেংকছগিভিং” বা কৃতজ্ঞতা প্ৰকাশৰ উৎসৱৰ দৰেই কাম কৰে, য’ত “তিয়ানগেৰে” নামৰ স্বৰ্গৰ দেৱতাই প্ৰদান কৰা প্ৰচুৰ শস্যৰ ফচলৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। এই উৎসৱটো দুমাহতকৈও অধিক সময় ধৰি চলে। চীনা ভাষা চন্দ্ৰ বৰ্ষপঞ্জী অনুসৰি সপ্তম মাহৰ দ্বাদশ দিনৰপৰা নৱম মাহৰ পঞ্চদশ দিনলৈকে মুঠ ৬৩ দিন ধৰি এই উৎসৱ অনুষ্ঠিত হয়। ইয়াৰ বাবেই ইয়াক “বিশ্বৰ আটাইতকৈ দীঘলীয়া উৎসৱ” বুলি অভিহিত কৰা হয়।৩৪৫
তথ্যসূত্ৰ
- ↑ Ma, Changshou [馬長壽] (1962). Wuhuan yu Xianbei [The Wuhuan and Xianbei] 烏桓與鮮卑. Shanghai [上海], Shanghai ren min chu ban she [Shanghai People's Press] 上海人民出版社. p. 175-176
- ↑ Stuart, Kevin and Jun Hu (1993). "That all may prosper: the Monguor Nadun of the Guanting/Sanchuan Region, Qinghai, China." Anthropos 88: 15-27
- ↑ Lü, Xia [呂霞] (2001). Xin ji gu tu, peng cheng wan li [Heart tied to the homeland, the eagle flies thousands of miles] 心系故土, 鹏程万里. Zhongguo tu zu [China's Tu Nationality] 中国土族. 4: 27-29. p. 28
- ↑ Hu, Fang [胡芳] (2004). "Da hao--Tu xiang 'nadun' [The Great Tu 'Nadun'] 大好--土乡'纳顿'." Zhongguo tu zu [China's Tu Nationality] 中国土族 22(2): 14-16. p. 14
- ↑ Ma, Daxue [马达学] (2005). "Qinghai tu zu 'Nadun' wen hua xian xiang jie du [An Interpretation of the cultural phenomenon of 'Nadun' of the Tu Nationality in Qinghai] 青海土族'纳顿'文化现象解读." Qinghai shi fan da xue xue bao [Journal of Qinghai Normal University] 青海师范大学学报 108(1): 79-84. p. 79
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাদুন” প্ৰবন্ধৰ সংশোধন ৬৩৩৩৪২ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।