ফেটা (মাৰাঠী:फेटा, )(Pheta),হৈছে ভাৰতৰ মহাৰাষ্ট্ৰত পৰিধান কৰা পৰম্পৰাগত পাগুৰি।১ পুৰণি দিনত পৰম্পৰাগত ফেটা মূলতঃ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে সন্মানৰ চিন আৰু আৰু মৰ্যাদাৰ ইংগিত হিচাপে পিন্ধিছিল। ইয়াক সাংস্কৃতিক প্ৰথা আৰু পৰম্পৰা বুলি গণ্য কৰা হৈছিল যিটো পূৰ্বতে মহাৰাষ্ট্ৰীয় পুৰুষসকলৰ বাবে বাধ্যতামূলক বুলি গণ্য কৰা হৈছিল। ফেটা সাধাৰণতে বিশেষকৈ বিবাহ অনুষ্ঠানত পিন্ধা হয়। অন্যান্য উৎসৱ, সাংস্কৃতিক অনুষ্ঠান আৰু ধৰ্মীয় উদযাপনত ফেটা পিন্ধে যদিও পৰম্পৰাগত নহয়। বহু অঞ্চলত পুৰুষ গণ্যমান্য ব্যক্তিক পিন্ধিবলৈ ফেটা আগবঢ়াই পৰম্পৰাগতভাৱে আদৰণি জনোৱাৰ প্ৰথা। পৰম্পৰাগত ফেটা সাধাৰণতে ৩.৫ৰ পৰা ৬ মিটাৰ (১১ৰ পৰা ২০ ফুট) দীঘল আৰু ১ মিটাৰ (৩ ফুট ৩ ইঞ্চি) বহল দীঘল আৰু ইয়াক কপাহী কাপোৰেৰে মেৰ দিয়া হয়। ফেটাৰ কাপোৰ মূৰৰ চাৰিওফালে ৬ৰ পৰা ৭টা গোলকৈ মেৰিয়াই লোৱা হয়,আৰু ঢিলাকৈ ওলমি থকা কাপোৰৰ সৰু আগটো শ্বেমালা বোলা হয়। কিছুমান ফেটা সাধাৰণ আৰু একৰঙী, আনহাতে কিছুমান ৰেখাযুক্ত আৰু দুৰঙী। ৰঙৰ বাছনিয়ে হয়তো সেই অনুষ্ঠানটোৰ ইংগিত দিয়ে। যিটোৰ বাবে ইয়াক পিন্ধাৰ মূল কাৰণ বা হয়তো তেওঁলোকে কোনখন ঠাইৰ ইয়াক ফেটাৰ জৰিয়তে দেখুৱা হয়। সাধাৰণ ৰংসমূহৰ ভিতৰত কমলাৰ (শৌৰ্য্যক সূচাবলৈ) আৰু বগা (শান্তিৰ ইংগিত দিবলৈ) আদি অন্তৰ্ভুক্ত। আগতে ফেটা পিন্ধাটো কাপোৰৰ বাধ্যতামূলক অংশ হিচাপে গণ্য কৰা হৈছিল।২
ভিন্নতা

বগা আৰু কমলা ৰঙৰ ফেটাৰ বাহিৰেও ইয়াৰ আন ৰঙৰ ফেটা হ'ল কোলহাপুৰী ফেটা, যিটোত বহুতো ৰঙ থাকে আৰু ফেটাৰ কাপোৰখন বহুৰঙেৰে বোৱা। ইয়াৰ ওপৰত বান্ধনীটোত তাল পাতৰ দৰে সৰু সৰু ভাজ থকা আৰু আগটো ওপৰলৈ মূৰ কৰি থকা থাকে।৩ আনটো ফেটা হৈছে পুনেৰী ফেটা, যিটোৰ কাপোৰখনত গুনাৰ ৰেখা থাকে আৰু ইয়াৰ এটা সুকীয়া সোণৰ পাৰী থাকে। যিখন চহৰত ইয়াক নিৰ্মাণ কৰা হৈছিল বা পিন্ধা হৈছিল, তেনেদৰে জনপ্ৰিয় হৈছিল, সাধাৰণতে ফেটাৰ নামকৰণ সেই চহৰৰ নামেৰে কৰা হয়। উদাহৰণস্বৰূপে; কোলহাপুৰৰ ফেটাৰ নাম কলহাপুৰ চহৰৰ নামেৰে ৰখা হৈছে বা পুনে চহৰৰ নামেৰে পুনেৰী ফেটা নাম ৰখা হৈছে।৪
পিন্ধাৰ পদ্ধতি
ফেটা পিন্ধাৰ পদ্ধতি ঠাই অনুসৰি বিভিন্ন হয়। আনকি বিখ্যাত ব্যক্তিত্বৰ সৈতেও ফেটা পিন্ধাৰ পদ্ধতি জড়িত থাকে। ভৌগোলিক সীমা অনুসৰি, যেনে কোলহাপুৰী পদ্ধতি, মাৱালী পদ্ধতি, পুনেৰী পদ্ধতি আৰু লাহিৰী পদ্ধতি। আনহাতে, ফেটা পিন্ধা বিশিষ্ট ব্যক্তিৰ সৈতেও ফেটা পিন্ধাৰ পদ্ধতি জড়িত, যেনে শ্বাহীফেটা, মোহনদাস কৰমচান্দ গান্ধীফেটা, সন্ত টুকাৰম মহাৰাজ ফেটা। বিভিন্ন ফেটাৰ ভিতৰত পুনেৰী ফেটাক সাৰ্বজনীনভাৱে বিয়াৰ সময়ত পিন্ধাই দিয়া হয় আৰু ইয়াক আটাইতকৈ শুভ ফেটা হিচাপে গণ্য কৰা হৈছে। এই যুগ যুগ ধৰি চলি অহা ফেটা দিয়া পৰম্পৰা মানুহৰ বাবেই হওক, যিকোনো সংস্কৃতিয়েই হওক, এক শুভ বুলি পৰিগণিত হ’ল।৫
তথ্যসূত্ৰ
- ↑ "All About Marathi Pheta Turban: Interesting Facts And More". Utsavpedia. 2013-07-15. Archived from the original on 2016-09-10. Retrieved 2020-12-11
- ↑ "Kolhapuri Pheta". Kolhapur World. Archived from the original on 2012-10-02
- ↑ www.utsavpedia.com/attires/marathi-pheta/
- ↑ www.utsavpedia.com/attires/marathi-pheta/
- ↑ www.utsavpedia.com/attires/marathi-pheta/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেটা” প্ৰবন্ধৰ সংশোধন ৫৭১০০৭ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।