পৰশু ৰাম মিশ্ৰ (Parasu Ram Mishra; মৃত্যু ২০০১) এজন ভাৰতীয় ভূমি সংৰক্ষণবিদ আৰু পৰিৱেশবিদ, শিৱালিক পাহাৰ উপত্যকাৰ চণ্ডীগড়ৰ এখন সৰু গাঁও সুখোমাজৰিৰ ৰূপান্তৰৰ প্ৰচেষ্টাৰ কৃতিত্ব তেওঁক দিয়া হয়৷১ তেওঁ কেন্দ্ৰীয় ভূমি আৰু জল সংৰক্ষণ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (চি এছ ডব্লিউ চি আৰ টি আই), চণ্ডীগড় কেন্দ্ৰৰ মুৰব্বী আছিল।২ তেওঁ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল।৩
অৱদানসমূহ
লে কৰ্বিজিয়েৰ দ্বাৰা ধাৰণা কৰা সুখনা হ্ৰদ নিৰ্মাণৰ এদশক পাছত ধৰা পৰিল যে কানছাল চ', এটা ঋতুভিত্তিক নৈৰ পলসৰ ফলত হ্ৰদটোৰ গভীৰতা আৰু আকাৰ হ্ৰাস পাইছে।৪ এই সমস্যাৰ সমাধান বিচাৰি চি এছ ডব্লিউ চি আৰ টি আইয়ে ১৯৭৫ চনত মিশ্ৰক প্ৰকল্প পৰিচালক৫ হিচাপে নিযুক্ত কৰি ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ পঞ্চকুলা জিলাৰ শিৱালিক পাহাৰৰ পাদদেশৰ এখন শুকান গাঁও সুখোমাজৰীলৈ এটা দল পঠিয়াই।২ তেওঁ তিনি বছৰ ধৰি স্থানীয় গাঁৱৰ লোকসকলৰ সৈতে কাম কৰিছিল, পৰিস্থিতিৰ গুৰুত্বৰ বিষয়ে জ্ঞান দিছিল আৰু বনাঞ্চলত ছাগলী পালন পৰিত্যাগ কৰি গৰু-ম’হ পালনলৈ স্থানান্তৰিত হ’বলৈ আহ্বান জনাইছিল। বৰষুণৰ পানী সংগ্ৰহৰ বাবে তেওঁ ঋতুভিত্তিক ধাৰাটোৰ সিপাৰে দুটা চেক বান্ধ নিৰ্মাণ কৰিছিল, গাঁৱৰ লোকসকলক কৃষিৰ বাবে পানী উপলব্ধ কৰাইছিল আৰু সামাজিক বেৰ দিয়া কাৰ্যসূচী ৰূপায়ণত সফল হৈছিল, য'ত গাঁৱৰ মানুহে গৰু চৰাৰ পৰা বনাঞ্চলসমূহক ৰক্ষা কৰিবলৈ বেৰ স্থাপন কৰিছিল।২ হাৰিয়ানাৰ বন বিভাগ আৰু ফৰ্ড ফাউণ্ডেশ্যনৰ সহায়ত তেওঁ গাঁওখনক এখন সমৃদ্ধিশালী গাঁওলৈ ৰূপান্তৰিত কৰাইছিল বুলি কোৱা হয়।৫ প্ৰতিৱেদন অনুসৰি শিৱালিক পাহাৰৰ উদং ঢালবোৰ গছ-গছনিৰে আবৃত আছিল, ইয়াত গাখীৰৰ উৎপাদন নগুণ বৃদ্ধি পালে, পলসৰ হাৰ পূৰ্বৰ মাত্ৰাৰ পৰা ১/১৫ ভাগলৈ হ্ৰাস পালে আৰু শস্যৰ উৎপাদন বহুগুণে বৃদ্ধি পালে আৰু গাঁৱৰ উন্নয়নমূলক কাৰ্য্যকলাপৰ বাবে এখন সমাজৰ তত্বাৱধানত এটা কৰ্পাছ পুঁজি স্থাপন কৰা হ'ল।৫ ১৯৯২ চনত তেতিয়াৰ মুখ্য বন সংৰক্ষক এছ কে ধৰৰ এক অধ্যয়নত নিশ্চিত কৰা হৈছে যে গছৰ ঘনত্বও প্ৰতি হেক্টৰত ১৩ৰ পৰা ১২৭২লৈ বৃদ্ধি পাইছে।২
মিশ্ৰই চক্ৰীয় বিনিয়োগৰ এক নতুন ধাৰণা, চক্ৰীয় বিকাশ প্ৰণালী, ২০১৬ৰ প্ৰৱৰ্তন কৰে, য'ত আঁচনিৰ পৰা পোৱা লাভৰ এটা অংশ পৰৱৰ্তী প্ৰকল্পৰ অংশ হৈ পৰে আৰু যিয়ে গ্ৰাম্য নিয়োগ বৃদ্ধি আৰু গাঁওখনক আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰা বুলি উল্লেখ কৰা হৈছে।২ সামাজিক ফেন্সিঙৰ জৰিয়তে সামাজিক সুৰক্ষা শিৰোনামৰ পি.আৰ.মিশ্ৰ আৰু এম.ছাৰিনৰ অধীনত এটা কেছ ষ্টডি ৰিপৰ্ট প্ৰকাশ কৰি আন্তৰ্জাতিক পৰিৱেশ আৰু উন্নয়ন প্ৰতিষ্ঠানে (আই আই ই ডি) সুখোমাজৰী প্ৰকল্পৰ সফলতাক স্বীকাৰ কৰিছিল৷৬ ১৯৮৮ চনত আই আই ই ডিৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ সাহায্যৰ সেউজীয়াকৰণ: কাৰ্যক্ষেত্ৰত বহনক্ষম জীৱিকা (The Greening of aid: sustainable livelihoods in practice)ত এই প্ৰবন্ধটো অন্তৰ্ভুক্ত কৰা হৈছিল।৭ ভাৰত চৰকাৰে তেওঁক ২০০০ চনত পৰিৱেশ আৰু পৰিৱেশৰ ক্ষেত্ৰত কৰা সেৱাৰ বাবে চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰে৷৩
তথ্যসূত্ৰ
- ↑ (30 May 2001). A tribute to P R Mishra. Indian Environmental Portal, Government of India
- ↑ (30 May 2001). Down to Earth profile. Down to Earth
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (2015). Sukhomajri: a tiny village in Haryana. Your Article Library
- ↑ Amitava Mukherjee, V. K. Agnihotri. (1993). Environment and Development. Concept Publishing Company. পৃ. 587. ISBN 9788170227885
- ↑ P. R. Mishra, M. Sarin. (1987). Social Security Through Social Fencing: Sukhomajri and Nada's Road to Self-sustaining Development. International Institute for Environment and Development. পৃ. 32
- ↑ Czech Conroy, Miles Litvinoff (Editors). (1988). The Greening of Aid. International Institute for Environment and Development. পৃ. 302. ISBN 9781853830167
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰশু ৰাম মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৬০৭২৪৫ (১৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।