প্ৰিমৰ্স্কি বুলেভাৰ্ড (Приморський бульвар), ইয়াক ইয়াৰ ৰাছিয়ান ভাষাৰ নাম প্ৰিমোৰ্স্কি বুলেভাৰ্ড (Приморский бульвар) বুলিও জনা যায়, হৈছে ইউক্ৰেইনৰ ওডেছাৰ ঐতিহাসিক কেন্দ্ৰত অৱস্থিত এটা পথ। ওডেছা চিটি হ’লৰপৰা ভোৰোণ্টচোভ প্ৰসাদলৈকে বিস্তৃত প্ৰিমৰ্স্কি বুলেভাৰ্ড ওডেছাৰ অন্যতম প্ৰধান সাংস্কৃতিক কীৰ্তিচিহ্ন। ইয়াত বিখ্যাত পোটেমকিন খটখটী আৰু ৰিচেলিউৰ ডিউকৰ প্ৰতিমূৰ্তি অৱস্থিত।১
নাম
প্ৰিমৰ্স্কি বুলেভাৰ্ডৰ ইতিহাসত কেইবাবাৰো নাম সলনি কৰা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য নামসমূহ হ’ল— নিউ বুলেভাৰ্ড (Новий бульвар; ১৮২৭–১৮৩১), নিকোলাই বুলেভাৰ্ড (Миколаївський бульвар; ১৮৭৭–১৯২০), আৰু ফেল্ডমেন বুলেভাৰ্ড (Бульвар Фельдмана; ১৯১৯–১৯৪১)।
ইতিহাস
ওডেছা চহৰ প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে, বৰ্তমানৰ প্ৰিমৰ্স্কি বুলেভাৰ্ড অন্তৰ্ভুক্ত থকা অঞ্চলটো খাদজিবে দুৰ্গৰ অংশ আছিল। মিখাইল চেমিয়োনোভিচ ভোৰোণ্টচোভৰ গভৰ্নৰশ্বিপৰ অধীনত, এই পথটো পোনপ্ৰথমবাৰৰ বাবে নিউ বুলেভাৰ্ড হিচাপে প্ৰতিষ্ঠা কৰা হয় আৰু ই ৰাছিয়ান সাম্ৰাজ্যৰ প্ৰথমটো পিটচ বা আলকাতৰাৰে পকী কৰা পথ হৈ পৰে। এই সময়ছোৱাতে বুলেভাৰ্ডৰ আটাইতকৈ উল্লেখযোগ্য কীৰ্তিচিহ্নসমূহ— ভোৰোণ্টচোভ প্ৰাসাদ আৰু পোটেমকিন খটখটী দুয়োটাৰে নিৰ্মাণ কাৰ্য সম্পন্ন হৈছিল। ক্ৰিমিয়াৰ যুদ্ধৰ সময়ত ব্ৰিটিছ আৰু ফৰাচী ভাষা নৌসেনাই এই বুলেভাৰ্ডত বোমাবৰ্ষণ কৰিছিল।২
১৮৭৭ চনত, নিকোলাই নিকোলায়েভিচ মালাখোভৰ নামেৰে এই বুলেভাৰ্ডৰ নাম সলাই নিকোলাই কৰা হয়, যদিও পিছলৈ এই নামটো ৰাছিয়াৰ ৰজা নিকোলাচ দ্বিতীয়ৰ সৈতে জড়িত কৰা হৈছিল। ৰাছিয়াৰ বিপ্লৱৰ পিছত, চহৰখনত হত্যা কৰা স্থানীয় কমিছাৰ আলেকজেণ্ডাৰ ফেল্ডমেনৰ নামেৰে এই বুলেভাৰ্ডৰ নামকৰণ কৰা হয়, যিটো পদক্ষেপক চহৰখনৰ কৌতুক মহলসমূহে ব্যংগও কৰিছিল।৩
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ সময়ত, প্ৰিমৰ্স্কি বুলেভাৰ্ড কেইবাবাৰো মিছাইল আক্ৰমণৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত ২০২৩ চনৰ ২৫ ছেপ্টেম্বৰত হোৱা এটা আক্ৰমণত ওডেছাৰ ঐতিহাসিক কেন্দ্ৰ নামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্গত ৯টা অট্টালিকা গুৰুত্বৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল।৪
তথ্যসূত্ৰ
- ↑ Primorsky Boulevard. Discover Ukraine
- ↑ Shevchko, Viktoria. Приморський бульвар у Одесі. Monuments UA
- ↑ Приморский бульвар. OKTV
- ↑ Court, Elsa. (25 September 2023). Russian attack on Odesa damages 9 buildings in historic city center. The Kyiv Independent via Yahoo! News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিমৰ্স্কি বুলেভাৰ্ড” প্ৰবন্ধৰ সংশোধন ৬২৮৫৫৯ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।