অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

প্ৰু এক্টন

প্ৰু এক্টন, ও.বি.ই(Order of the British Empire) ( Prue Acton, OBE; জন্ম: ২৬ এপ্ৰিল ১৯৪৩) এগৰাকী অষ্ট্ৰেলিয়ান ফেশ্বন ডিজাইনাৰ, ১৯৬০ চনৰ সময়ছোৱাত তেওঁক প্ৰায়ে "অষ্ট্ৰেলিয়াৰ ফেশ্বনৰ সোণালী কন্যা" বুলি কোৱা হয়।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ৩২৮ শব্দ · ২ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

প্ৰু এক্টন, ও.বি.ই(Order of the British Empire) ( Prue Acton, OBE; জন্ম: ২৬ এপ্ৰিল ১৯৪৩)১ এগৰাকী অষ্ট্ৰেলিয়ান ফেশ্বন ডিজাইনাৰ, ১৯৬০ চনৰ সময়ছোৱাত তেওঁক প্ৰায়ে "অষ্ট্ৰেলিয়াৰ ফেশ্বনৰ সোণালী কন্যা" বুলি কোৱা হয়।

প্ৰাথমিক জীৱন

ভিক্টোৰিয়াৰ বেনালাত জন্মগ্ৰহণ কৰা প্ৰুডেন্স লি এক্টনে মেলবৰ্ণৰ ফাৰ্বেংক এংলিকান গাৰ্লছ গ্ৰামাৰ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ১৯৫৮ চনৰ পৰা ১৯৬২ চনৰ ভিতৰত তেওঁ ৰয়েল মেলবৰ্ণ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা প্ৰিণ্টেড টেক্সটাইলছ২ বিষয়ত ডিপ্লমা অৱ আৰ্ট ডিগ্ৰী লাভ কৰে। ১৯৬৬ চনত মাইকেল চাৰ্লছ ট্ৰেল’ৰৰ সৈতে তেওঁৰ বিবাহ হয়। ১৯৬৬ চনৰ ১৯ ছেপ্টেম্বৰত তেওঁলোকৰ প্ৰথম সন্তান টিফানী লি ট্ৰেল'য়াৰ আৰু কেইবছৰমানৰ পিছত তেওঁলোকৰ দ্বিতীয় সন্তান আটলাণ্টা প্ৰিচিলা ট্ৰেল’য়াৰৰ জন্ম হয়।

কৰ্মজীৱন

১৯৬৩ চনত এক্টনে মেলবৰ্ণৰ ফ্লিণ্ডাৰছ লেনত নিজাকৈ ফেশ্বন ডিজাইন ব্যৱসায় আৰম্ভ কৰে আৰু ২১ বছৰ বয়সলৈকে তেওঁ বছৰি ৩৫০ টা ডিজাইন কৰিছিল আৰু অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ৮০টা আউটলেটৰ জৰিয়তে সপ্তাহত গড়ে ১০০০ টা ড্ৰেছ বিক্ৰী কৰিছিল। ফেশ্বন ব্যৱসায়টোৱে খোজ দিয়াৰ লগে লগে এক্টনে এই ৰেঞ্জটোৰ পৰিপূৰক হিচাপে নিজৰ ৰেঞ্জৰ প্ৰসাধন সামগ্ৰীও প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। ১৯৬৭ চনত তেওঁ নিউয়ৰ্কত নিজৰ ৰেঞ্জৰ কাপোৰৰ শ্ব' মাউণ্ট কৰা প্ৰথমগৰাকী অষ্ট্ৰেলিয়াৰ মহিলা ডিজাইনাৰ হিচাপে পৰিগণিত হয়।৩ ১৯৮২ চনলৈকে তেওঁৰ ডিজাইনৰ বিশ্বব্যাপী বিক্ৰীৰ আনুমানিক পৰিমাণ আছিল ১ কোটি ১০ লাখ ডলাৰ আৰু ইয়াৰ কাপোৰ অষ্ট্ৰেলিয়া, জাপান, আমেৰিকা, কানাডা আৰু নিউজিলেণ্ডত বিক্ৰী হৈছিল আৰু তেওঁৰ ডিজাইনসমূহ আমেৰিকা, জাপান আৰু জাৰ্মানীত অনুজ্ঞাপত্ৰৰ অধীনত নিৰ্মাণ কৰা হৈছিল।

এক্টনে ১৯৮০ চনৰ বাবে অষ্ট্ৰেলিয়াৰ অলিম্পিকৰ ইউনিফৰ্মো ডিজাইন কৰিছিল, লেক প্লেচিড, আমেৰিকা); ১৯৮৪ চনত লছ এঞ্জেলছ; আৰু ১৯৮৮ চনত ছিউল।

এক্টনে প্ৰথমতে ফেশ্বনত মনোনিৱেশ কৰাৰ আগতে এজন পৰম্পৰাগত শিল্পী হ'ব বিচাৰিছিল – এজন চিত্ৰশিল্পী হ'ব বিচাৰিছিল।৪ “১৫ বছৰ বয়সত মই আৰ এম আই টিলৈ গৈছিলোঁ; মই আৰ এম আই টিলৈ যোৱা আটাইতকৈ কম বয়সীয়াসকলৰ ভিতৰত এজন আছিলোঁ।’’৫এক্টনে তেওঁৰ ফেশ্বন কেৰিয়াৰৰ সূচনা কৰা কলা অধ্যয়নৰ বিষয়ে কয়, “আৰু সেই সময়ছোৱাত মই নিজাকৈ কাপোৰ তৈয়াৰ কৰিছিলোঁ আৰু বন্ধু-বান্ধৱীৰ বাবে কাপোৰ চিলাইছিলোঁ আৰু সেইদৰেই মই জেপ খৰচৰ ধন উপাৰ্জন কৰিছিলোঁ।৫ স্নাতক হোৱাৰ ঠিক পিছতেই এক্টনে কাপোৰৰ নমুনাৰ কাম কৰে আৰু ব্যৱসায় আৰম্ভ কৰে।৫ কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ গ'-ছেট আলোচনীৰ বাবে এটা ফেশ্বন স্তম্ভ লিখিছিল।৪ এক্টন আছিল নিউয়ৰ্কত নিজৰ ফেশ্বন ৰেঞ্জ দেখুওৱা প্ৰথমগৰাকী অষ্ট্ৰেলিয়ান মহিলা ডিজাইনাৰ।৪

১৯৮০ চনত এক্টনে চিত্ৰকলালৈ ঘূৰি আহে।৪ তাই ফেশ্বনৰ পৰা নিজৰ মনোযোগ আঁতৰাই পেলালে কাৰণ "এই সকলোবোৰ টকা উপাৰ্জনৰ কথা, আৰু মই চিত্ৰকলাৰ প্ৰতি বহুত বেছি আগ্ৰহী হৈ পৰিছোঁ"।৫ এক্টনে শিল্পৰূপসমূহ একেধৰণৰ বুলি বিবেচনা কৰিছিল: "মই নাভাবোঁ যে মই ছবি আঁকিছোঁ বা মই ডিজাইনাৰ হওঁ, ইয়াৰ কোনো পাৰ্থক্য নাই, আমি কি কৰোঁ তাৰ শিল্প, অংশবোৰ কেনেকৈ একত্ৰিত হয়"।৫ ছুইনবাৰ্ন কলেজত জীৱন চিত্ৰকলাৰ ক্লাছত অংশগ্ৰহণ কৰে আৰু ক্লিফটন পুগ আৰু মাৰ্ভিন মৰিয়াৰ্টিৰ পৰা চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰে।৪ ১৯৮৯ চনৰ পৰা এক্টনে ক্লিফটন পুগ আৰু ডানমুচিন আৰ্টিষ্টৰ সৈতে প্ৰদৰ্শনী অনুষ্ঠিত কৰে।৪

বঁটা

  • অষ্ট্ৰেলিয়ান উল ব’ৰ্ড উল ফেশ্বন এৱাৰ্ড, ১৯৬৫, ১৯৬৬, ১৯৬৯, ১৯৭০, ১৯৭১
  • ডেভিড জোনছ এৱাৰ্ডছ ফৰ ফেশ্বন এক্সেলেন্স, ১৯৭১, ১৯৭২, ১৯৭৮
  • এফ আই এ (ফেশ্বন ইণ্ডাষ্ট্ৰী অৱ অষ্ট্ৰেলিয়া) লাইৰবাৰ্ড বঁটা ১৯৭১, ১৯৭৩ (হল অৱ ফেম), ১৯৭৮, ১৯৮০
  • ১৯৮২ চনত অ'বিই (অফিচাৰ অৱ দ্য মষ্ট এক্সেলেণ্ট অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ) বঁটা প্ৰদান কৰা হয়।৬
  • অষ্ট্ৰেলিয়ান ফেশ্বন এৱাৰ্ড, ১৯৮৫, ১৯৮৭
  • ২০০৫ চনত এক্টনক আন অষ্ট্ৰেলিয়ান ফেশ্বন ডিজাইনাৰ কলেট ডিনিগান, আকিৰা আইছ'গাৱা, জো চাবা, কাৰ্লা জাম্পাটি আৰু সহযোগী আৰএমআইটিৰ এলুম জেনী বেনিষ্টাৰৰ সৈতে অষ্ট্ৰেলিয়াৰ স্মৃতিচাৰণ ডাকটিকটত সন্মানিত কৰা হয়।৭

তথ্যসূত্ৰ

  1. ↑ (1982). Who's Who of Australian Women. Methuen Australia Pty Ltd. ISBN 0454004370
  2. ↑ Prue Acton OBE. Design Institute of Australia
  3. ↑ Prue Acton, Fashion Designer (1943-)
  4. ↑ Prue Acton, OBE. Milesago
  5. ↑ Brown, Bill. How Art Changed My Life: Prue Acton. Australian Broadcasting Corporation
  6. ↑ The beauty of colour. mervmoriarty.com
  7. ↑ Australians Legends – Fashion Designers. Find Your Stamp's Value

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰু এক্টন” প্ৰবন্ধৰ সংশোধন ৫০৩৯০৭ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।