অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বগা সাপৰ উপাখ্যান

বগা সাপৰ উপাখ্যান (en:The Legend of the White Snake) হৈছে ছু ছিয়ান নামৰ এজন পুৰুষ আৰু বাই ছুঝেন নামৰ এগৰাকী মহিলা সাপ-আত্মাৰ প্ৰেম-কেন্দ্ৰিক চীনা কাহিনী। এই কাহিনী চীনৰ চাৰিটা মহান জনপ্ৰিয় লোককাহিনীৰ অন্যতম বুলি গণ্য কৰা হয়।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ১৭০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বগা সাপৰ উপাখ্যান (en:The Legend of the White Snake) হৈছে ছু ছিয়ান নামৰ এজন পুৰুষ আৰু বাই ছুঝেন নামৰ এগৰাকী মহিলা সাপ-আত্মাৰ প্ৰেম-কেন্দ্ৰিক চীনা কাহিনী। এই কাহিনী চীনৰ চাৰিটা মহান জনপ্ৰিয় লোককাহিনীৰ অন্যতম বুলি গণ্য কৰা হয়। অন্য কেইটাৰ নাম হৈছে লেডী মেং জিয়াং(Lady Meng Jiang), বাটাৰফ্লাই লাভাৰচ(Butterfly Lovers), আৰু দি কাউহাৰ্ড এণ্ড দি উইভাৰ গাৰ্ল(The Cowherd and the Weaver Girl)

প্ৰাৰম্ভিক সংস্কৰণ

সৰ্প-কন্যাৰ কল্পনা সম্ভৱত ভাৰতীয় লোককাহিনীৰ পৰা আহৰণ কৰা বুলি বিশ্বাস কৰা হয়।১ আটাইতকৈ প্ৰাচীন সংস্কৰণত শ্বেত সৰ্পক দুষ্ট দৈত্য ৰূপে উপস্থাপন কৰা হৈছিল। কিন্তু কালক্ৰমত এই কাহিনী ভৌতিক কাহিনীৰ পৰা পৰিবৰ্তিত হৈ নিষিদ্ধ প্ৰেমৰ ৰোমাঞ্চকৰ কাহিনীলৈ বিবৰ্তিত হয়।

"লি হোৱাং" ৰ কাহিনী

টাং ৰাজবংশৰ যুগৰ অৰ্থাৎ নৱম শতিকাৰ আদিভাগৰ কাহিনীসংগ্ৰহ 'ব'য়ি ঝি'ত লি হোৱাং নামৰ এজন লোকৰ বিষয়ে উল্লেখ আছে। তেওঁ এগৰাকী বগা সাজ পৰিহিতা আকৰ্ষণীয় তৰুণীক লগ পাইছিল। তৰুণীৰ মাহীয়েকে পিন্ধিছিল নীলা-সেউজীয়া কাপোৰ। সুন্দৰীৰ লগত সহবাস কৰি লি হোৱাং তেওঁৰ ঘৰলৈ উভতি আহে আৰু অসুস্থ হৈ পৰে। তেওঁৰ দেহটো গলি গলি পানী হৈ যায়। তেওঁৰ পৰিয়ালে সেই মহিলাৰ সন্ধান কৰি অৱশেষত গম পায় যে তেওঁ প্ৰকৃততে এটা প্ৰকাণ্ড বগা ৰঙৰ সাপ আছিল।১

পশ্চিম হ্ৰদৰ তিনি পাগোডা

মিং ৰাজবংশৰ সময়ত, ১৫৪৭ চনৰ পূৰ্বে হং পিয়েন নামৰ ব্যক্তিৰ দ্বাৰা প্ৰাচীন হুৱাবেন (huaben) কাহিনীৰ সংকলন মুদ্ৰণ কৰা হৈছিল। সেই সংকলনত "পশ্চিম হ্ৰদৰ তিনি পাগোডা" নামৰ কাহিনী অন্তৰ্ভুক্ত আছিল। চাউথাৰ্ণ ছঙৰ ৰাজধানী লিন'আন প্ৰিফেকচাৰ (আজিকালৰ হাংজাউ)ৰ‌ পটভূমিত লিখা এইটোৱেই সম্ভৱত: প্ৰথম কাহিনী আছিল।

এই কাহিনীত ছি ছংজং (Xi Xuanzan) নামৰ এজন লোকে এগৰাকী ছোৱালী, তাইৰ মাক আৰু আইতাকক লগ পায়। তেওঁ বগা পোছাক পৰিহিতা মাকৰ প্ৰেমত পৰে। কিন্তু ছোৱালীজনীয়ে তেওঁক সতৰ্ক কৰি দিয়ে যে তেওঁৰ মাকে পূৰ্বৰ সকলো প্ৰেমিকক হত্যা কৰিছে। এজন দাওবাদী ওজাই মাকক বগা সাপ, ছোৱালীজনীক ক’লা কুকুৰা আৰু আইতাকক এটা উদলৈ পৰিবৰ্তন কৰে। ওজাজনে পশ্চিম হ্ৰদত তিনিটা পাথৰৰ পাগোডা নিৰ্মাণ কৰে আৰু এই আছুতীয়া প্ৰাণীকেইটাক পাগোডাৰ তলত বন্দী কৰি‌ ৰাখে। ছি ছংজং পিছলৈ এজন ধৰ্মীয় সাধক হয়গৈ।২

তথ্যসূত্ৰ

  1. ↑ Chen, Dong. (2019). Dialogues Between Two Worlds: Prophecy, Resurrection and the Imagination of the Otherworld. Scuola Normale Superiore
  2. ↑ Wang, Eugene Y. (2003). Writing and Materiality in China: Essays in Honor of Patrick Hanan. Harvard University Asia Center. পৃ. 496–497

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগা সাপৰ উপাখ্যান” প্ৰবন্ধৰ সংশোধন ৪৭১১৭৯ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।