অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বংগমাতা

বংগমাতা (বঙ্গমাতা), বাংলা মা (বাংলা মা) বা কেৱল বাংলা হ'ল বংগৰ ব্যক্তিৰূপ। বংগৰ নৱজাগৰণৰ সময়ত বিকশিত আৰু পাছলৈ বাঙালী জাতীয়তাবাদীসকলে গ্ৰহণ কৰা এই বাক্যক বৰ্তমানে গণপ্ৰজাতন্ত্ৰী বাংলাদেশৰো প্ৰতীক মনা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অঞ্চলৰ মানচিত্ৰ]]

বংগমাতা (বঙ্গমাতা), বাংলা মা (বাংলা মা) বা কেৱল বাংলা হ'ল বংগৰ ব্যক্তিৰূপ।১২৩৪৫ বংগৰ নৱজাগৰণৰ সময়ত বিকশিত আৰু পাছলৈ বাঙালী জাতীয়তাবাদীসকলে গ্ৰহণ কৰা৬৭৮৯ এই বাক্যক বৰ্তমানে গণপ্ৰজাতন্ত্ৰী বাংলাদেশৰো প্ৰতীক মনা হয়। বংগমাতাত "মাতা" বা "মা" শব্দই কেৱল জীৱবৈজ্ঞানিক মাতৃত্বকে নহয়, বৰং মাতৃত্বৰ সৈতে জড়িত সংৰক্ষণ, প্ৰেম, চিন্তা, আৰু জীৱনৰ আৰম্ভণি তথা অন্তকো বুজায়।

জনপ্ৰিয় সংস্কৃতিত

ব্ৰিটিছ ৰাজকীয় সংগীতৰ ঠাইত ব্যৱহাৰ কৰিবলৈ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে বংগমাতাৰ প্ৰশংসাত "বন্দে মাতৰম্‌" নামৰ গীত তৈয়াৰ কৰিছিল।১০ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা লিখিত, বাংলাদেশৰ জাতীয় সংগীত "আমাৰ সোণাৰ বাংলা"তো কেইবাবাৰো বংগক "মা" শব্দেৰে সম্বোধিত কৰা হৈছে।

১৯০৫ চনৰ বংগ বিভাজন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ সময়ত বংগমাতাৰ ছবি বাংলা ভাষাৰ গীত আৰু কবিতাত জনপ্ৰিয় হৈ উঠিছিল, বিশেষকৈ বাঙালী হিন্দুসকলৰ মাজত।১১ এই সময়তে "ধনো ধান্য পুষ্প ভৰা", "বংগ আমাৰ জননী আমাৰ" আদি গীত ৰচা হৈছিল।১২১৩

বাংলাদেশৰ মুক্তিযুদ্ধত 'স্বাধীন বাংলা বেতাঁৰ কেন্দ্ৰ'ত দেশপ্ৰেমমূলক গীত প্ৰচাৰিত হৈছিল।১৪ তাৰ মাজৰ কেইবাটাও গীতত, যেনে "জন্ম আমাৰ ধন্য হলো মাগো" আৰু "বাংলা আমাৰ বাংলা মা আমি তোমাৰ কোটি সন্তান" আদিত বংগক মাকৰ ৰূপত কল্পনা কৰা হৈছে।

এনে গীত বৰ্তমানেও পশ্চিমবংগ আৰু বাংলাদেশত জনপ্ৰিয়।১৫

তথ্যসূত্ৰ

  1. ↑ Singh, Amritjit; Iyer, Nalini; Gairola, Rahul K. (2016). Revisiting India's Partition: New Essays on Memory, Culture, and Politics. Lexington Books. ISBN 9781498531054
  2. ↑ (15 June 2016). Bharat Mata, more benign. The Indian Express
  3. ↑ Patriotic fervour. দ্য হিন্দু
  4. ↑ Patriotic fervour. দ্য হিন্দু
  5. ↑ Gupta, Swarupa. (2009). Notions of Nationhood in Bengal: Perspectives on Samaj, c. 1867-1905. BRILL. ISBN 9789047429586
  6. ↑ Dasgupta, Tapati. (1993). Social Thought of Rabindranath Tagore: A Historical Analysis. Abhinav Publications. ISBN 9788170173021
  7. ↑ Dasgupta, Tapati. (1993). Social Thought of Rabindranath Tagore: A Historical Analysis. Abhinav Publications. ISBN 9788170173021
  8. ↑ Symbols of Water and Woman on Selected Examples of Modern Bengali Literature in the Context of Mythological Tradition
  9. ↑ (21 March 2016). Thinking Allowed: Feeling seditious or patriotic?. Deccan Chronicle
  10. ↑ Sri Aurobindo commented on his English translation of the poem, "It is difficult to translate the National Anthem of Bengal into verse in another language owing to its unique union of sweetness, simple directness and high poetic force." Quoted in Bhabatosh Chatterjee (ed.), Bankim Chandra Chatterjee: Essays in Perspective, Sahitya Akademi, Delhi, 1994, p. 601
  11. ↑ Sri Aurobindo commented on his English translation of the poem, "It is difficult to translate the National Anthem of Bengal into verse in another language owing to its unique union of sweetness, simple directness and high poetic force." Quoted in Bhabatosh Chatterjee (ed.), Bankim Chandra Chatterjee: Essays in Perspective, Sahitya Akademi, Delhi, 1994, p. 601
  12. ↑ John R. McLane, "The Decision to Partition Bengal in 1905," Indian Economic and Social History Review, July 1965, 2#3, pp 221–237
  13. ↑ Partition of Bengal. Encyclopædia Britannica
  14. ↑ Syed Badrul Ahsan. (2012-12-01). 1971 and the songs we sang. The Daily Star
  15. ↑ Syed Badrul Ahsan. (2012-12-01). 1971 and the songs we sang. The Daily Star

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বংগমাতা” প্ৰবন্ধৰ সংশোধন ৬৩৭৪২০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।