ফিফি মুকুনা ( Fifi Mukuna; জন্ম: ১৯৬৮) কংগোৰ এগৰাকী কাৰ্টুনকাৰ আৰু ব্যংগ-চিত্ৰকৰ।
বৰ্তমান কংগোৰ ডেম’ক্ৰেটিক ৰিপাব্লিকৰ জাইৰেৰ কিনছাছাত ১৯৬৮ চনত জন্মগ্ৰহণ কৰা ফিফি মুকুনাৰ পিতৃ আছিল এগৰাকী কূটনীতিবিদ। তেওঁ বেলজিয়ামৰ এখন প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল, যিঠাইত তেওঁৰ পিতৃক নিযুক্তি দিয়া হৈছিল আৰু ফিফি উইলি ভাণ্ডাৰষ্টিনে নিৰ্মাণ কৰা কমিক ছিৰিজ বব এট ববেটৰ অনুৰাগী হৈছিল। তেওঁ চিত্ৰ অংকনৰ প্ৰতি আগ্ৰহী হৈ পৰে আৰু জাইৰেলৈ উভতি অহাৰ পিছত ১৯৮৯ চনত Académie des Beaux-Arts in Kinshasaত অধ্যয়ন কৰে।১২
স্নাতক হোৱাৰ পিছত মুকুনাই লে পালমাৰেছ, লে ফাৰে, লে গ্ৰ'গনকে ধৰি বিভিন্ন খবৰ-কাকত আৰু আলোচনীত ৰাজনৈতিক ব্যংগচিত্ৰৰ অৱদান আগবঢ়াবলৈ আৰম্ভ কৰে আৰু কংগোৰ জনপ্ৰিয় শিল্পী আৰু গ্ৰাফিক ডিজাইনাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ লয়।২ লে ফাৰেৰ বাবে কেৰিকেঁচাৰিষ্ট হিচাপে তেওঁৰ কামৰ বিষয়ে তেওঁ নিজে কৈছে, "এয়া বিপজ্জনক আছিল, কিন্তু মই এইটো বহুত ভাল পাইছিলোঁ।" ৩ এই কামৰ কিছুমান ছদ্মনামেৰে প্ৰকাশ পাইছিল আৰু বহু পাঠকে তেওঁক পুৰুষ বুলি ধৰি লৈছিল, যাৰ বাবে তেওঁ সুৰক্ষিত হৈছিল, যেতিয়া এবাৰ কৰ্তৃপক্ষই কাকতৰ কাৰ্যালয়লৈ আহি শিল্পীসকলক ছবি অংকন নকৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।৩ তেওঁ ফ্ৰাংকো-কংগো এলায়েন্সৰ জাৰ্নেলতো কমিক ষ্ট্ৰিপ প্ৰকাশ কৰে, যিটো কংগোৰ অলাভজনক সংস্থা Alliance Française in Parisৰ সৈতে অংশীদাৰিত্বৰে চলি থাকে। চেণ্টাৰ ৱালনি-ব্ৰাক্সেলছৰ উদ্যোগত আয়োজিত কৰ্মশালাৰ জৰিয়তে মুকুনাই অধিক প্ৰশিক্ষণ লাভ কৰে।১ ২০০১ চনত তেওঁ আফ্ৰিকান লেখকসকলৰ ৰচনাৰ এক সংকলন À l'ombre du baobabত অৰিহণা আগবঢ়ায়, য'ত তেওঁ ৰাজপথৰ শিশুসকলৰ জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।৪৩
চৰকাৰে তেওঁৰ পৰিচয় উদ্ধাৰ কৰাৰ পিছত তেওঁৰ ব্যংগচিত্ৰসমূহৰ প্ৰতি প্ৰতিক্ৰিয়া বৃদ্ধি পোৱাৰ বাবে চিন্তিত মুকুনাই ২০০২ চনত নিজৰ দেশ এৰি ফ্ৰান্স বসতি স্থাপন কৰে। তাত তেওঁ ৰাজনৈতিক শৰণাৰ্থীৰ মৰ্যাদা লাভ কৰিছিল আৰু তেওঁৰ সন্তানকেইটিও তেওঁৰ লগত ফ্ৰান্সত থাকিবলৈ আহিছিল, কিন্তু কিনছাছাত ৰৈ যোৱা তেওঁৰ স্বামীয়ে তেওঁৰ লগত একেলগে থকাৰ সুযোগ পোৱাৰ আগতেই মৃত্যুবৰণ কৰিছিল।৪
ফ্ৰান্সত মুকুনাই কমিক বুক লেখিকা হিচাপে নিজৰ কাম পুনৰ আৰম্ভ কৰে।২ কংগোৰ আন এগৰাকী কাৰ্টুনিষ্ট এলিক্স ফুইলিৰ নতৃত্বত প্ৰকাশ পোৱা একে নামৰ 'আফ্ৰ'বুলেছৰ তৃতীয় সংখ্যাত তেওঁ অৰিহণা যোগোৱাৰ১৫ লগতে আন তিনিটা সংকলন: Une journée dans la vie d'un africain d'Afrique, Là-bas ... Na poto, আৰু New Arrivals কাম কৰিছিল।২৩ লেখক Christophe Ngalle Edimoৰ সহযোগত ইটালীয় আলোচনী লিনাছলৈও তেওঁ অৰিহণা যোগাইছিল আৰু মাটিট আফ্ৰিকান প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল। কাৰ্ল নোৰাকৰ পানী আৰু পৰিৱেশ বিজ্ঞান বিষয়ক গল্প এটাৰ অভিযোজনতো তেওঁ এডিমোৰ সৈতে সহযোগিতা কৰিছিল। ২০০৫ চনত তেওঁ চি টু মে ছুইছ অটোৰ ডু মণ্ডে কমিক প্ৰকাশ কৰে।১২৬ ২০১৩ চনত তেওঁৰ প্ৰথম একক গ্ৰাফিক উপন্যাস Kisi le Collier'' প্ৰকাশ কৰে।৪
নিজৰ কাম কৰাৰ উপৰিও মুকুনাই ট্যুৰক'ইংৰ হাইয়াৰ ৰিজিঅ'নেল স্কুল অৱ ভিজুৱেল আৰ্টকে ধৰি বিভিন্ন ঠাইত শিক্ষা প্ৰদান কৰে।১ তেওঁ এলায়েন্স ফ্ৰান্সেজ আৰু ৰেড ক্ৰছৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত।৪
তথ্যসূত্ৰ
- ↑ Christine Avignon, "Portrait de Fifi Mukuna, la première femme caricaturiste du Congo", Africultures, 2009-12-11
- ↑ (2013). Le dictionnaire universel des créatrices. Des femmes-A. Fouque. ISBN 978-2-7210-0651-6
- ↑ Menacée pour ses dessins au Congo, c'est à Roubaix qu'elle concrétise sa première BD. La Voix du Nord
- ↑ Mao, Catherine. (2020-04-11). 'I Express All my Joys, All my Pain through my Art': An Interview with Fifi Mukuna. Feminist Encounters
- ↑ (2002-11-18). L'Afrique fait des bulles. Le Monde.fr
- ↑ Saâd-Edine Fatmi, La bande dessinée africaine: de l’imitation à l’affirmation?, Université de Mascara, agence universitaire de la Francophonie
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিফি মুকুনা” প্ৰবন্ধৰ সংশোধন ৪১৭৮৩৫ (১০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।