ফৰ্টনাইট (Fortnite) হৈছে এপিক গে’ম্ছৰ দ্বাৰা বিকশিত আৰু ২০১৭ চনত মুক্তি লভা এটা অনলাইন ভিডিঅ’ গে’ম আৰু গে’ম প্লেটফৰ্ম। ইয়াৰ ছটা সুকীয়া গে’ম ম’ড সংস্কৰণ আছে যিবোৰ একেটা উমৈহতীয়া গে’মপ্লে’ আৰু গে’ম ইঞ্জিনৰ ওপৰত আধাৰিত: ফৰ্টনাইট বেটেল ৰয়াল, এক বিনামূলীয়াকৈ খেলিবপৰা বেটেল ৰয়াল গে’ম য’ত ১০০গৰাকী পৰ্যন্ত খেলুৱৈয়ে শেষলৈকে বাচি থাকিবলৈ ইজনে সিজনক যুঁজ দিয়ে; ফৰ্টনাইট: ছে’ভ দা ৱৰ্ল্ড, এক সহযোগিতামূলক হাইব্ৰিড টাৱাৰ ডিফেঞ্চ-শ্বুটাৰ আৰু ছাৰ্ভাইভেল গে’ম য’ত চাৰিগৰাকী পৰ্যন্ত খেলুৱৈয়ে জম্বী-সদৃশ জীৱৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু তেওঁলোকে নিৰ্মাণ কৰিবপৰা ফান্দ আৰু দুৰ্গেৰে বস্তুক ৰক্ষা কৰে; ফৰ্টনাইট ক্ৰিয়েটীভ য’ত খেলুৱৈসকলক জগত আৰু যুদ্ধক্ষেত্ৰৰ সৃষ্টি কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দিয়া হয়; লেগ’ ফৰ্টনাইট, এক মুক্ত বিশ্বৰ ছাৰ্ভাইভেল গে’ম; ৰকেট ৰে’চিং, এক ৰে’চিং গে’ম; আৰু ফৰ্টনাইটফেষ্টিভেল, এক ছন্দৰ খেল।
ছে’ভ দা ৱৰ্ল্ড আৰু বেটেল ৰয়াল ২০১৭ চনত আৰ্লী এক্সেছ টাইটেল হিচাপে মুকলি কৰা হৈছিল, আনহাতে ক্ৰিয়েটীভ ২০১৮ চনৰ ৬ ডিচেম্বৰত মুকলি কৰা হৈছিল। এপিক গেম্ছৰ বাবে ছে’ভ দা ৱৰ্ল্ড আৰু ক্ৰিয়েটীভ সংস্কৰণদুটাই সুফল কঢ়িয়াই আনিছিল য’ত ফৰ্টনাইট বেটেল ৰয়ালে বিশেষকৈ এক অভূতপূৰ্ব সফলতা অৰ্জন কৰিছিল আৰু এক সাংস্কৃতিক পৰিঘটনা হৈ পৰিছিল, যাৰ দ্বাৰা এবছৰতকৈও কম সময়ৰ ভিতৰত ১২৫ নিযুতৰো অধিক খেলুৱৈক আকৰ্ষিত কৰি প্ৰতিমাহে শ শ মিলিয়ন ডলাৰ উপাৰ্জিত হৈছিল। ফৰ্টনাইটে ২০১৯ চনৰ ডিচেম্বৰলৈকে সামগ্ৰিকভাৱে ৯ বিলিয়ন ডলাৰৰ মুঠ আয় কৰিছিল আৰু ইয়াক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ খেলসমূহৰ ভিতৰত তালিকাভুক্ত কৰা হৈছিল।
ছে’ভ দা ৱৰ্ল্ড মেকঅ’এছ, প্লে’ষ্টেশ্যন ৪, ৱিণ্ড’জ আৰু এক্সবক্স ৱানৰ বাবে উপলব্ধ, আনহাতে বেটেল ৰয়াল আৰু ক্ৰিয়েটীভ সেই আটাইকেইটা প্লেটফৰ্মৰ লগতে এণ্ড্ৰইড আৰু আইঅ’এছ ডিভাইচ আৰু নিণ্টেণ্ড’ ছুইট্চৰ বাবে মুকলি কৰা হৈছিল। নৱম প্ৰজন্মৰ প্লেষ্টেশ্যন ৫ আৰু এক্সবক্স ছিৰীজ এক্স/এছ কন্স’ল মুকলিৰ সৈতেও এই গে’মটো মুকলি কৰা হৈছিল। তদুপৰি, লেগ’ ফৰ্টনাইট, ৰকেট ৰে’চিং আৰু ফৰ্টনাইট ফেষ্টিভেল আটাইবোৰ প্লেটফৰ্মত উপলব্ধ।
গে’মৰ ম’ডবোৰ
ফৰ্টনাইটত একাধিক গে’ম ম’ড আছে যিবোৰে একেটা ইঞ্জিন ব্যৱহাৰ কৰে; প্ৰত্যেকৰে একেধৰণৰ গ্ৰাফিক্স আৰু কলা-সম্বন্ধীয় সম্পদ আছে। ইয়াৰে পাঁচটা ম’ড এপিক গে’ম্ছ আৰু ইয়াৰ সহযোগী কোম্পানীসমূহে প্ৰত্যক্ষভাৱে সৃষ্টি আৰু পৰিচালনা কৰিছে:
- ফৰ্টনাইট: ছে’ভ দা ৱৰ্ল্ড হৈছে খেলুৱৈয়ে পৰিৱেশৰ বিৰুদ্ধে যুঁজিবলগীয়া এক সহযোগিতামূলক খেল য’ত চাৰিগৰাকী খেলুৱৈয়ে বিভিন্ন অভিযানত এক উমৈহতীয়া লক্ষ্যৰ হকে সহযোগিতা কৰাৰ লগতে কাষ চাপি অহা বিধ্বংসী ধুমুহাৰ প্ৰভাৱ এৰাই চলিব লাগে। খেলুৱৈসকলে হ’ম বে’ছ আশ্ৰয়-শিবিৰৰ কমাণ্ডাৰৰ ভূমিকা গ্ৰহণ কৰে, সম্পদ সংগ্ৰহ কৰে, বাচি থকা লোকক ৰক্ষা কৰে আৰু ধুমুহাৰ তথ্য সংগ্ৰহ কৰাত সহায় কৰে নাইবা ধুমুহাক পিছলৈ ঠেলি নিয়াত সহায় কৰে। অভিযানৰ পৰা খেলুৱৈসকলক গে’মৰ ভিতৰৰ কেইবাটাও বস্তুৰে পুৰস্কৃত কৰা হয় য’ত নায়ক চৰিত্ৰ, অস্ত্ৰ আৰু ফান্দৰ ৰেখাচিত্ৰ আৰু বাচি থকা লোক অন্তৰ্ভুক্ত, যিবিলাকৰ বৈশিষ্ট্য লাভ কৰা অভিজ্ঞতাৰ জৰিয়তে উন্নত কৰিব পাৰি।
- ফৰ্টনাইট বেটেল ৰয়াল হৈছে ১০০গৰাকী পৰ্যন্ত খেলুৱৈয়ে ইজনে সিজনৰ বিৰুদ্ধে যুঁজিবলগীয়া এক খেল, য’ত খেলুৱৈয়ে অকলে, যুটীয়াকৈ বা তিনি-চাৰিজনীয়া দলত খেলিব পাৰে। অস্ত্ৰবিহীন খেলুৱৈসকলে খেলৰ মানচিত্ৰৰ ওপৰেদি উৰি যোৱা "বেটেল বাছ"ৰ পৰা পেৰাচ্যুটেৰে অৱতৰণ কৰে আৰু তাৰপাছত জীয়াই থাকিবলৈ আৰু আন খেলুৱৈক আক্ৰমণ কৰি নিৰ্মূল কৰিবলৈ চেষ্টা কৰাৰ লগতে অস্ত্ৰ, সামগ্ৰী আৰু সম্পদ বিচাৰি ফুৰে। ৰাউণ্ড উকলি গৈ থকাৰ লগতে ওচৰ চাপি অহা বিষাক্ত ধুমুহাৰ বাবে মানচিত্ৰখনৰ নিৰাপদ অঞ্চলটো আকাৰত সৰু হৈ গৈ থাকে; সেই সীমাৰেখাৰ বাহিৰত ৰৈ যোৱা খেলুৱৈসকলৰ ক্ষতিসাধন হয় আৰু তেওঁলোকে দ্ৰুতভাৱে সেই ঠাই এৰিব নোৱাৰিলে তেওঁলোক খেলৰ পৰা বাহিৰ হৈ যাব পাৰে। ইয়াৰ জৰিয়তে বাকী থকা খেলুৱৈসকলক সীমাবদ্ধ ঠাইত সোমাবলৈ বাধ্য কৰা হয় আৰু অন্তিম খেলুৱৈ বা দল জীয়াই থকালৈকে খেলুৱৈসকলক মুখামুখি হ’বলৈ উৎসাহিত কৰা হয়। মূল বেটেল ৰয়াল ম’ডৰ লগতে তিনিটা অতিৰিক্ত ম’ডো উপলব্ধ: জিৰ’ বীল্ড য’ত নিৰ্মাণৰ উপাদান নাথাকে; ৰিল’ড য’ত খেলুৱৈসকল নিৰ্দিষ্ট সময়ৰ বাবে মৃত্যুৰ পাছত পুনৰ জী উঠিব পাৰে আৰু অ’জি য’ত ক্লাছিক অধ্যায় ১ৰ মানচিত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিব পাৰি। তদুপৰি "পাৰ্টী ৰয়েল"-এ সামাজিক স্থান হিচাপে কাম কৰিছিল য’ত বিভিন্ন সংগীতানুষ্ঠান অনুষ্ঠিত হৈছিল।
- লেগ’ ফৰ্টনাইট হৈছে লেগ’-ভিত্তিক গে’মৰ বাবে এক প্লেটফৰ্ম। এই প্লেটফৰ্মত অডীছী—এক ছাৰ্ভাইভেল ছেণ্ডবক্স গে’ম—অন্তৰ্ভুক্ত কৰা হৈছে য’ত খেলুৱৈসকলে চৰিত্ৰবিলাকৰ লেগ’ মিনিফিগ সংস্কৰণ হিচাপে খেলি সামগ্ৰী সংগ্ৰহ কৰে, বিভিন্ন অট্টালিকা নিৰ্মাণ কৰে, বিভিন্ন অস্ত্ৰ আৰু সঁজুলি নিৰ্মাণ কৰে আৰু দানৱৰ বিৰুদ্ধে যুঁজ দিয়ে; আৰু ব্ৰিক লাইফ, বয়সোপযুক্ত গ্ৰেণ্ড থেফ্ট অট’ গে’ম হিচাপে ডিজাইন কৰা সামাজিক ভিত্তিৰ গে’ম।
- ৰকেট ৰে’চিং হৈছে ছায়’নিক্সৰ দ্বাৰা বিকশিত এক ৰে’চিং গে’ম আৰু ই ৰকেট লীগৰ উপজাত গে’ম হিচাপে সেৱা আগবঢ়ায়। খেলুৱৈসকল বাহনৰ দৌৰত নামে আৰু বিশেষ লে’নবিলাকৰ ওপৰেদি গৈ বা ড্ৰিফ্ট মাৰি গতি বৃদ্ধি কৰিব পাৰে আৰু লগতে গতিপথত থকা বাধাবিলাক এৰাই চলিবলৈ জঁপিয়াব পাৰে আৰু উলম্ব আৰু ওলোটা পৃষ্ঠত বাহন চলাই নিব পাৰে।
- ফৰ্টনাইট ফেষ্টিভেল হৈছে হাৰ্ম’নিক্সৰ দ্বাৰা বিকশিত এক ছন্দৰ খেল, যি তিনিটা ম’ডেৰে গঠিত। হাৰ্মনিক্সৰ ৰক বেণ্ড গে’মবিলাকৰ দৰেই "মেইন ষ্টে’জ"ত খেলুৱৈসকলে হাৰ্ম’নিক্স আৰু এপিক গেম্ছৰ ছাউণ্ড টীমে সৃষ্টি কৰা জনপ্ৰিয় হিট গীত আৰু মৌলিক ট্ৰেক বজায়, য’ত তেওঁলোকে লীড, গীটাৰ/বে’ছ, ড্ৰাম আৰু কণ্ঠধ্বনিৰ মাজৰ কোনো এটা খণ্ডৰ তালে-তালে স্বৰ মিলাব লাগে; আনহাতে "বেটেল ষ্টে’জ"ত মাত্ৰ এজন খেলুৱৈ বাচি নোৰোৱালৈকে ষোল্লজন খেলুৱৈয়ে সৰ্বোচ্চ স্ক’ৰ লাভ কৰিবলৈ আৰু প্ৰতিটো ৰাউণ্ডত জীয়াই থাকিবলৈ প্ৰতিদ্বন্দ্বিতা কৰে। "জেম ষ্টে’জ"ত হাৰ্মনিক্সৰ ড্ৰপ্মিক্স আৰু ফিউজাৰৰ দৰে খেলুৱৈসকলে ফেষ্টিভেল ম’ডৰ ভিতৰত থকা যিকোনো গীতৰ যিকোনো খণ্ড ব্যৱহাৰ কৰি ৰিমিক্স তৈয়াৰ কৰিবলৈ সহযোগিতা কৰে, যিবোৰ বেটল ৰয়েল, ক্ৰিয়েটীভ আৰু আনৰিয়েল এডিটৰ ফৰ ফৰ্টনাইটতো (UEFN) ব্যৱহাৰ কৰিব পাৰি।
- ফৰ্টনাইট বলিষ্টিক হৈছে কাউণ্টাৰ-ষ্ট্ৰাইক আৰু ভেল’ৰেণ্টৰ লেখীয়া পাঁচ-পাঁচজনীয় দল-ভিত্তিক কৌশলগত শ্বুটাৰ, যিটো ২০২৪ চনৰ ১১ ডিচেম্বৰত আৰ্লী এক্সেছত মুকলি কৰা হয়। এটা দলে এটা ৰিফ্ট ডিভাইচ স্থাপন কৰি চাৰ্জ হয়মানে বিৰোধী দলৰ পৰা সুৰক্ষিত কৰি ৰাখিব লাগে য’ত সেই বিৰোধী দলৰ লক্ষ্য হৈছে আন দলটোক নিৰ্মূল কৰি ডিভাইচটো নিষ্ক্ৰিয় কৰা। ৰাউণ্ডৰ মাজত খেলুৱৈসকলে পূৰ্বৰ ৰাউণ্ডত অৰ্জন কৰা মুদ্ৰাৰে গে’মত থকা অস্ত্ৰ আৰু সা-সঁজুলি কিনিব পাৰে। বলিষ্টিক হৈছে ফৰ্টনাইট প্লেটফৰ্মত এপিকে বিকশিত কৰা প্ৰথমটো গে’ম য’ত ফাৰ্ষ্ট পাৰ্ছন ভিউ পোনপটীয়াকৈ সমৰ্থিত।১
তথ্যসূত্ৰ
- ↑ Peters, Jay. (December 7, 2024). Fortnite's new mode is an FPS that's a lot like Counter-Strike. The Verge
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৰ্টনাইট” প্ৰবন্ধৰ সংশোধন ৪৮৮৪৯৭ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।