প্ৰেম নিৱেদন (ইংৰাজী: Prem Niveddan) আঁদ্ৰে মাৰোৱাৰ The Art of Living নামৰ গ্ৰন্থখনৰ প্ৰফুল্ল কটকীয়ে কৰা অসমীয়া অনুবাদ প্ৰেম নিবেদন। গ্ৰন্থখনত প্ৰেম আৰু প্ৰেমৰ সম্পৰ্ক, প্ৰেমৰ অনুভূতি, বিবাহ-বন্ধন, পাৰিবাৰিক বন্ধন, বন্ধুত্বৰ বান্ধোন, চিন্তা-ভাৱনা, কাম কৰাৰ কৌশল, নেতৃত্বৰ কথা, সুখ লাভৰ উপায় আদি বিষয়বোৰৰ ওপৰত বাস্তৱসন্মতভাৱে নিৰীক্ষণ কৰিছে। আঁদ্ৰে মাৰোৱাৰ লেখাৰ ষ্টাইল, বুদ্ধিদীপ্ততা, যুক্তিবাদী, ৰসাল আৰু চিন্তাশীল চেতনা আন গ্ৰন্থসমূহৰ দৰে এই গ্ৰন্থখনতো বিৰাজমান।১ অনুবাদকেও মূল লেখকৰ এই আটাইখিনি গুণ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে।
মূল লেখকৰ পৰিচয়
আঁদ্ৰে মাৰোৱা (১৮৮৫-১৯৬৭) ফৰাচী সাহিত্যৰ এগৰাকী প্ৰথিতযশা লেখক। জীৱনী লেখক আৰু উপন্যাসিক হিচাপে তেখেতে খ্যাতি অৰ্জন কৰিছে। তেখেতে ৰচনা কৰা জীৱনী কেইখনৰ ভিতৰত কবি শ্যেলীৰ জীৱনী এৰিয়েল (১৯২৩) আৰু বাইৰণ (১৯৩০)-এ পাঠক সমাজৰ বিপুল সমাদৰ লাভ কৰিছে।২৩ এৰিয়েলৰ অসমীয়া অনুবাদ জ্যোতি প্ৰকাশনে ১৯৯৫ চনত প্ৰকাশ কৰিছিল। প্ৰবন্ধ লেখক হিচাপেও এইগৰাকী লেখক সু-প্ৰসিদ্ধ। তেখেতৰ 'ষ্টাইল' বৃদ্ধিদীপ্ত, যুক্তিবাদী, ৰসাল আৰু চিন্তাশীল- এইকেইটা গুণৰ বাবেই তেখেতৰ প্ৰবন্ধবোৰো উচ্চমানৰ।
অনুবাদকৰ পৰিচয়
একাধাৰে সমালোচক, অনুবাদক, অধ্যাপক, গৱেষক আছিল। অসমীয়া অনুবাদ সাহিত্যত তেওঁৰ অৱদান যথেষ্ট। তেওঁ ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰু তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে।
গ্ৰন্থখনত অন্তভূৰ্ক্ত প্ৰবন্ধসমূহ
- ১. প্ৰেম নিবেদনৰ আৰ্ট
- ২. বিবাহ-বন্ধন
- ৩. পাৰিবাৰিক বন্ধন
- ৪. বন্ধুত্বৰ বান্ধোন
- ৫. চিন্তা-ভাবনাৰ কথা
- ৬. কাম কৰাৰ কৌশল
- ৭. নেতৃত্বৰ কথা
- ৮. বুঢ়া হোৱাৰ কলা-কৌশল
- ৯. সুখ লাভৰ উপায়
গ্নন্থখন সন্দৰ্ভত সমালোচকে আগবঢ়োৱা কিছু বক্তব্য
- আনকো দিব লগা, নিজেও লগত ৰাখিব লগা কিতাপ। সুখী জীৱন-যাপনৰ নিৰ্ভৰযোগ্য সাৰথি। - পাঞ্চ
- মৰোৱাৰ অনুগ্ৰ, বুদ্ধিদীপ্ত দৰ্শন। - ছানডে টাইম্ছ, লণ্ডন
- জ্ঞানগৰ্ভী আৰু মনোগ্ৰাহী। - অৰ্জাৰভাৰ
- প্ৰবন্ধকেইটা পঢ়িলে মৰোৱাৰ প্ৰতি কৃতজ্ঞ নহৈ নোৱাৰি। - দ্য স্পেকটেটাৰ
- ৰসাল কিন্তু গভীৰ জ্ঞানপূৰ্ণ নীতি বাক্যৰে ভৰপূৰ, বিচক্ষণ আৰু সংবেদনশীল। - পাঞ্চ
- অকল আমাৰ কালৰ বাবেই নহয়, সৰ্বকালৰ বাবে এই গ্ৰন্থ প্ৰাসংগিক হৈ ৰ'ব। -দ্য স্কেচ্ছ৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেম নিৱেদন” প্ৰবন্ধৰ সংশোধন ৪৬৫৮৫৮ (২৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।