পৰেশ বৈশ্য ( ইংৰাজী: Paresh Baishya) এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক আৰু সমাজকৰ্মী। তেখেত শিক্ষা আৰু সাংবাদিকতাৰ উত্তৰণ আৰু সামাজিক পৰিবৰ্তনৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেচনৰ পৰিচালন ন্যাসৰক্ষী। কামৰূপ জিলাৰ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ। অধুনালুপ্ত অসমীয়া দৈনিক বাতৰি -কাকত 'আজিৰ সংবাদ ' আৰু পষেকীয়া কাকত ' হাজোৰ বাতৰি ' ৰ প্ৰতিষ্ঠাপক সম্পাদক। অসমীয়া দৈনিক বাতৰি কাকতৰ সম্পাদক হোৱা নামনি অসমৰ প্ৰথমজন সাংবাদিক। অসম ন্যায়িক সেৱাৰ বিষয়াসকলৰ প্ৰশিক্ষণৰ অতিথি ফেকাল্টি হিচাপেও সেৱা আগবঢ়ায়। তেখেতে তিনি শতাধিক গ্ৰন্থ ৰচনা কৰিছে। তাৰে শতাধিক ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথি। তেখেত হ'ল অসমৰ আটাইতকৈ বেছি পাঠ্যপুথি ৰচয়িতা। তেখেতে শতাধিক শিশু উপযোগী গ্ৰন্থও ৰচনা কৰিছে। 'জীৱন অনুৰূপে' হ'ল তেখেতে আত্মজীৱনীৰ প্ৰথম খণ্ড। তেখেতে পৰেশ বৈশ্য ফাউণ্ডেচনৰ জৰিয়তে ' পোহৰ বিদ্যালয় ' নামৰ এখনি ভ্ৰাম্যমান বিদ্যালয় স্থাপন কৰি অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত শৈক্ষিক মাৰ্গদৰ্শন দি আহিছে। জন্ম: ১৯৫৮ চনৰ ১৫ ছেপ্টেম্বৰত কামৰূপৰ হাজো ৰাজহ চক্ৰৰ দলিবাৰী গাঁৱত জন্ম।
পেচা: শিক্ষকতা, সাংবাদিকতা, সমাজসেৱা।
ভাষা: অসমীয়া
ৰাষ্ট্ৰীয়তা: ভাৰতীয়
শিক্ষা: এম. এ, এল. এল .বি, বি.এচ.ছি, বি.টি।
উল্লেখনীয় কৰ্মৰাজি: ১.পৰেশ বৈশ্য ফাউণ্ডেচনৰ জৰিয়তে শিক্ষাৰ্থীক শৈক্ষিক মাৰ্গদৰ্শন। ২. মানৱ গ্ৰন্থাগাৰ স্থাপন ৩. পোহৰ বিদ্যালয় স্থাপন। ৪. ৩৫০ খনৰো অধিক গ্ৰন্থৰ ৰচয়িতা।
জন্ম আৰু শিক্ষা:
১৯৫৮ চনৰ ১৫ ছেপ্টেম্বৰত কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দলিবাৰী গাঁৱত জন্ম। পিতৃ: ৰূপাৰাম বৈশ্য, মাতৃ: মাজুবালা বৈশ্য। পত্নী: পূৰ্ণিমা দাস বৈশ্য। সন্তান: পাঞ্চালী বৈশ্য, প্ৰণয় বৈশ্য। দলিবাৰী মজলীয়া বিদ্যালয়ত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষা লাভ ( ১৯৬৫-১৯৭২)। দদৰা হাইস্কুলৰ ( বৰ্তমান উচ্চতৰ মাধ্যমিক) পৰা ১৯৭৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ। ১৯৭৮ চনত গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা প্ৰাক বিশ্ববিদ্যালয় বিজ্ঞান শাখাত উত্তীৰ্ণ, পাছত ১৯৮০ চনত একেখন মহাবিদ্যালয়ৰ পৰাই পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত সহ বিএছচি ডিগ্ৰী লাভ। ১৯৮২ চনত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ পৰা বিএ ডিগ্ৰী লাভ। ১৯৮৩ চনত বাণীকান্ত কলেজ অৱ এডুকেশ্বনৰ পৰা বিটি ডিগ্ৰী লাভ। ১৯৯০ চনত গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ। ২০১৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত প্ৰথম শ্ৰেণীৰ অষ্টম স্থানসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ।
কৰ্ম জীৱন:
দলিবাৰী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক (১৯৮১)। কুলহাটী ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক (১৯৮১-৮৪)। গুৱাহাটীৰ গীতানগৰ হাইস্কুলৰ প্ৰধান শিক্ষক (১৯৮৪-৮৫)। গুৱাহাটীৰ গান্ধীনগৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক (১৯৮৫-৯৫)। পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ( ১৯৯৫-২০০০)। দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক(২০০০-২০১৭),পাছত ২০১৭ চনৰ ২৪ জুনৰ পৰা ২০২০ চনৰ ৩১ ডিচেম্বৰলৈকে একেখন বিদ্যালয়ৰ প্ৰথমগৰাকী নিয়মীয়া অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ। শিক্ষকতাৰ চাকৰিৰ মাজতে ১৯৯১-২০১৭ সময়ছোৱাত পষেকীয়া কাকত ' হাজোৰ বাতৰি ' ৰ সম্পাদকৰ দায়িত্ব পালন; গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক বাতৰি কাকত' আজিৰ সংবাদ' ৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৯৪-৯৫)। শিক্ষকতাৰ চাকৰিৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়িক বিষয়াৰ প্ৰশিক্ষণৰ অসমীয়া বিষয়ৰ ফেকাল্টি (২০০৯-২০১০), পাছতো উক্ত সেৱাত অতিথি ফেকাল্টি।
সাংবাদিকতা: তেজপুৰৰ 'মহাজাতি' কাকতত সাংবাদিকতা (১৯৭৮-১৯৯৫)। সাহিত্য আলোচনী 'যুগধ্বনি' ৰ সম্পাদক ( ১৯৮০-৮৫)। ' সংহতি ' কাকতৰ সম্পাদনা মণ্ডলীৰ সদস্য (১৯৮১)। 'পূৰ্বাঞ্চল বাতৰি ' ৰ গুৱাহাটী সংবাদদাতা (১৯৮৫-৯১)। অসমীয়া দৈনিক 'নতুন দৈনিক' ৰ হাজোৰ সংবাদদাতা (১৯৮৮-৯৩)। অসমীয়া দৈনিক 'আজিৰ বাতৰি' হাজোৰ বিশেষ সংবাদদাতা (১৯৯৩)। ইংৰাজী দৈনিক কাকত 'দি আছাম ট্ৰিবিউন'ৰ হাজো সংবাদদাতা (১৯৯০-৯৯)। পষেকীয়া কাকত 'হাজোৰ বাতৰি 'ৰ অবৈতনিক সম্পাদক (১৯৯১-২০১৭)। সাপ্তাহিক কাকত 'ৰংপুৰ' ৰ হাজোৰ প্ৰতিনিধি (১৯৯২-৯৪)।অসমীয়া দৈনিক' আজিৰ সংবাদ ' ৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৯৪-৯৫)। অসমীয়া সাপ্তাহিক ' অসম প্ৰৱাহ' কাৰ্যবাহী সম্পাদক।
সাহিত্য কৰ্ম:
তেখেতে পাঠ্যপুথিকে ধৰি অসমীয়া আৰু ইংৰাজী ভাষাত ৩৫০ খনৰো অধিক গ্ৰন্থ লিখি প্ৰকাশ কৰিছে। তেখেতৰ কেইবাখনো গ্ৰন্থ হিন্দী আৰু বড়ো ভাষালৈ অনুবাদ হৈছে। তেখেতৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল:
কবিতা: আঁউসীৰ ৰাতি(১৯৮৮), নিৰন্ন দিনৰ ডায়েৰী(১৯৯৮), শব্দৰ সীৰলুত (১৯৯৮)। উপন্যাস: আশাৰ পানচৈ(১৯৮৮)। জীৱনী: অকণিৰ শংকৰদেৱ (১৯৯৬), অকণিৰ আজান ফকীৰ (১৯৯৬), আমাৰ মুখ্যমন্ত্ৰী (১৯৯৬), শংকৰদেৱ বঁটা বিজয়ী (১৯৯৬), মাধৱদেৱ (১৯৯৭), শংকৰদেৱ (১৯৯৭), নলিনী বালা দেৱীৰ জীৱনী(২০০৭), মহান অসমীয়াৰ জীৱন কথা(২০০৭), এপিজে আব্দুল কালামৰ সোণসেৰীয়া কথা(২০০৮), সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা (২০০৯), শ্বহীদ কুশল কোঁৱৰ (২০০৯), ভবেন্দ্ৰ নাথ শইকীয়া (২০০৯), আনন্দ ৰাম বৰুৱা (২০০৯), নৱকান্ত বৰুৱা (২০০৯),অসম সাহিত্য সভাৰ সভাপতিসকল (২০১০), লক্ষ্যধৰ চৌধুৰী (২০১০), শ্ৰেষ্ঠ অসমীয়াৰ জীৱনী(২০১১), কৃষ্ণকান্ত সন্দিকৈ (২০১১), তৰুণ ৰাম ফুকন (২০১১), গোপীনাথ বৰদলৈ (২০১১), সৰ্বেপল্লী ৰাধাকৃষ্ণন(২০১১), মামণি ৰয়ছম গোস্বামী (২০১১), নিৰ্মল প্ৰভা বৰদলৈ (২০১১), বিষ্ণুৰাম মেধি (২০১১), ন'বেল বঁটা বিজয়ী ভাৰতীয় (২০১২), প্ৰতিমা বৰুৱা পাণ্ডে (২০১২), শোভা ব্ৰহ্ম (২০১২), সতী জয়মতী (২০১২), মণিৰাম দেৱান (২০১২), ড.ভীমৰাও আম্বেদকাৰ(২০১২), চন্দ্ৰপ্ৰভা শইকীয়ানী (২০১২), হীৰেন ভট্টাচাৰ্য (২০১২), হেমাংগ বিশ্বাস (২০১২), প্ৰণৱ মুখাৰ্জী(২০১২), আব্দুল কালাম আজাদ (২০১৩), বিয়াল্লিছৰ স্বাধীনতা আন্দোলনৰ অসমীয়া যুঁজাৰু (২০১৩), পাৰ্বতি প্ৰসাদ বৰুৱা (২০১৩), জ্যোতি প্ৰসাদ আগৰৱালা (২০১৩), অমল প্ৰভা দাস (২০১৩), মহেন্দ্ৰ মোহন চৌধুৰী (২০১৩), নৰেন্দ্ৰ মোদী (২০১৪), খগেন মহন্ত (২০১৪), ড.গুণাৰাম খনিকৰ (২০১৪), বৰেণ্য অসমীয়া (২০১৪), Makers of Assam ( ২০১৪), মহান অসমীয়া শিল্পীসকল(২০১৪), আমাৰ হেম বৰুৱা(২০১৬), ড.বাণীকান্ত কাকতি (২০১৬), Jyoti Prasad Agarwalla (২০১৭), Bhabendra Nath Saikia (২০১৭), চৰ্দাৰ বল্লভভাই পেটেল (২০১৭), ভাষাবিদ কালিৰাম মেধি (২০২৩) ড.গোবিন্দ চন্দ্ৰ ডেকা (২০২৩)সততাৰ প্ৰতীক লালবাহাদুৰ শাস্ত্ৰী (২০২৩), শ্ৰীমতীৰ কথাৰে (২০২৪) আদি। সাধুকথা: ৰচকী আইতাৰ সাধু(২০০৮), সাউদৰ সাধু(২০১২), লাপুং ককাৰ সাধু( ২০১২), পৰীৰ দেশৰ সাধু(২০১২), ককাৰ যাদুকৰী সাধু( ২০১৩), আইতাৰ সাধু(২০১৬) আদি। ইতিহাস বিষয়ক: আজ্ঞাঠুৰীৰ শ্ৰীশ্ৰী গণেশ মন্দিৰৰ ইতিবৃত্ত ( ১৯৮৮), অগ্নিবাণেশ্বৰ দেৱালয়( ১৯৮৮), ভৃংগেশ্বৰ দেৱালয় (১৯৮৯), বৈশ্য জাতিৰ কথা( ১৯৯০), ঠাইৰ নামৰ বুৰঞ্জী (১৯৯০), দিহিনা সত্ৰ ( ১৯৯০), কামৰূপৰ নাট্য আন্দোলনৰ পৰম্পৰা (১৯৯০), স্বাধীনতা আন্দোলনত হাজো অঞ্চলৰ অৱদান (১৯৯০), বালিসত্ৰৰ ইতিবৃত্ত (১৯৯১), শিলগুৰিৰ ধাৰেশ্বৰ দেৱালয়( ১৯৯৫), ঐতিহাসিক আলাবৈ ৰণ(১৯৯৫), হাজোৰ শিক্ষাৰ বুৰঞ্জী (১৯৯৬), হাজোৰ সাহিত্যৰ বুৰঞ্জী (১৯৯৮),দলিবাৰীৰ বুৰঞ্জী (১৯৯৯), হাজো মহকুমা ক্ৰীড়া উন্নয়ন পৰিষদৰ ইতিবৃত্ত (২০০০), অসম সাহিত্য সভাৰ বুৰঞ্জী (২০১০), অসমৰ বাতৰি কাকত আলোচনীৰ ইতিহাস (২০১৪), অসমৰ সংসদীয় ৰাজনীতিৰ ইতিহাস(২০১৪), ব্যৱহাৰিক অসম বুৰঞ্জী (২০১৬), সংক্ষিপ্ত অসম বুৰঞ্জী (২০১৯), কামৰূপ জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ইতিবৃত্ত (২০২২), কামৰূপৰ বিদ্যালয়ৰ গুৰি কথা(২০২৩)আদি। সাহিত্য - সংস্কৃতিমূলক: হাজোৰ দেৱদাসী নৃত্য (১৯৯০), সংবাদ সাহিত্যৰ ৰূপৰেখা ( ১৯৯০), হাজোৰ লোক উৎসৱ (১৯৯০), অসমত নাওখেলৰ পৰম্পৰা(১৯৯২), অসমীয়া ফকৰা যোজনা (২০০৯), জিকিৰ আৰু জাৰী (সম্পাদনা, ২০১২), অসমীয়া খণ্ড বাক্য আৰু প্ৰবাদ - প্ৰবচন (২০১৩), অসমীয়া নাটক অধ্যয়ন ( ২০১৪), অসমীয়া সাহিত্য বৈচিত্ৰ্য (২০১৫), লোকগীত ( সম্পাদনা,২০১৬), বৰগীত সমগ্ৰ ( সম্পাদনা, ২০১৭), অসমৰ দেৱদাসী নৃত্যৰ ঐতিহ্য (২০১৭), সাংবাদিকতা আৰু অন্যান্য (২০২২), অধ্যয়ন বৈচিত্ৰ্য (২০২২), প্ৰবন্ধ চয়নিকা (২০২৪), Folk Culture of Kamrup ( ১৯৯৪) আদি। শিক্ষা বিষয়ক: নৱ দম্পতীৰ যৌন শিক্ষা আৰু দাম্পত্য বিধান(২০৯৯), ইংৰাজী শিকাৰ সহজ কিটিপ (২০০৭), শিক্ষাৰ অধিকাৰ আইন (২০১০), দৈনন্দিন জীৱনত আইন( ২০১০), অসমীয়া শব্দৰ যাদু(২০১১), শিক্ষকতাৰ আনন্দ (২০১৩), শিক্ষকতাৰ মহত্তম আনন্দ(২০১৪), ভাল বিদ্যালয়, ভাল শিক্ষক( ২০২২), জীৱনৰ পাঠশালা(২০২৩), অধ্যক্ষৰ অনুশীলন (২০২৪) আদি।
ভ্ৰমণ কাহিনী: থাই গাভৰুৰ প্ৰেমত(২০১১)।
অভিধান: আধুনিক অসমীয়া অভিধান (২০১৫), Learner's Assamese - English Dictionary ( ২০১৬), বিদ্যাৰ্থীৰ অভিধান ( ২০১৬), Student's Everyday Words( ২০১৭), English -Assamese Mini Dictionary ( ২০১৭)। অনুবাদ: ডি প্ৰিন্স( মেকিয়াভেলিৰ The Prince ৰ অসমীয়া অনুবাদ), হাতী(১৯৯৭)।
আনন্দ গণিত: অংক মামাৰ যাদু(২০০৬), অংকৰ অদ্ভুত কথা( ২০০৭), জ্যামিতিৰ নানা কথা(২০১০), যাদুকৰী গণিত(২০১৫), গণিতৰ যাদু, গণিতৰ সাধু(২০২২) আদি।
ডায়েৰি সাহিত্য: সময় বালিত খোজ (২০২৪), সময়ৰ আত্মকথা (২০২৫), সময়ৰ পাণ্ডুলিপি (২০২৬) অসমীয়া ব্যাকৰণ: আমাৰ অসমীয়া ব্যাকৰণ ( ছয়টা খণ্ড), অসমীয়া ব্যাকৰণ সুৰভি( ছয়টা খণ্ড) আত্মকথা: জীৱন অনুৰূপে(২০২২)।
জড়িত সামাজিক সংগঠন:
আজীৱন সভ্য: ১. অসম সাহিত্য সভা। ২. কামৰূপ জিলা সাহিত্য সভা। ৩. অসম ভাষা বিজ্ঞান সমিতি। ৪. কাজিৰঙা ৱাইল্ড লাইফ চছাইটি। ৫. অসম বিজ্ঞান সমিতি। ৬. আছাম একাডেমী অৱ মেথেমেটিক্স ৭.মধুপুৰ সত্ৰ।
বিভিন্ন সংগঠনৰ বিষয়বাব: ১. কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক (১৯৯৬-৯৭, ১৯৯৯-২০০১, ২০০১-০৩)। ২. কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি ( ২০০৮-২০১১)। ৩. শৰাইঘাট জাৰ্ণেলিষ্ট ফৰামৰ প্ৰতিষ্ঠাপক সভাপতি ( ২০০৫- বৰ্তমানলৈ)। ৪. উত্তৰ পূৰ্বাঞ্চল মফচলীয় সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৮৯)। ৫. উত্তৰ কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক (১৯৮৮)। ৭. অল আছাম ৰুৰেল নিউজ পেপাৰ্ছ এডিটৰ্ছ গীল্ডৰ সভাপতি ( ১৯৯৬)। ৮. অসম নিউজ চাৰ্ভিছৰ প্ৰতিষ্ঠাপক সঞ্চালক (১৯৯৯)। ৯. প্ৰতিষ্ঠাপক সম্পাদক,হাজো চক্ৰ ইতিহাস অধ্যয়ন সমিতি (১৯৮৮- বৰ্তমানলৈ) ১০. প্ৰতিষ্ঠাপক সম্পাদক, হাজো আঞ্চলিক কবি সমাজ। ১১. সভাপতি, দদৰা আঞ্চলিক শাখা সাহিত্য সভা (২০১৩-১৭, ২০১৯-২৩)। ১২. সহকাৰী সম্পাদক, অসম কবি সমাজ। ১৩. সভাপতি, দলিবাৰী সমূহীয়া কেন্দ্ৰ (১৯৯২)। ১৪. উপ -সভাপতি, হাজো মহকুমা ক্ৰীড়া উন্নয়ন সমিতি (১৯৮৬-৯৮)। ১৫. প্ৰতিষ্ঠাপক সঞ্চালক, আছাম কালচাৰেল মিছন(১৯৯৭)। ১৬. প্ৰতিষ্ঠাপক সম্পাদক, দদৰা টেলিফোন কেন্দ্ৰ দাবী সমিতি। ১৭. সম্পাদক, দমদমা পৰীক্ষা পৰিষদ(১৯৯৮-২০০০)। ১৮. প্ৰতিষ্ঠাপক সম্পাদক, বদন বৰুৱা স্মাৰক ন্যাস (২০০৯)। ১৯. মুখ্য আয়োজক, মিলেনিয়াম হাজো(২০০০)। ২০. পৰীক্ষা ব্যৱস্থাপক, সঁফুৰা বৃত্তি পৰীক্ষা (২০০৪-০৯)। ২১. প্ৰতিষ্ঠাপক পৰিচালন ন্যাসৰক্ষী,পৰেশ বৈশ্য ফাউণ্ডেচন(২০০৮- বৰ্তমানলৈ)। ২২. সাহিত্য একাডেমীৰ ২০২৩ বৰ্ষৰ প্ৰিলিমিনেৰী পেনেলৰ এডভাইজাৰ। ২৩. শিশু আলোচনী ' মৌ-মেল' ৰ সম্পাদনা উপদেষ্টা (২০২৫ - বৰ্তমানলৈ)।
ব্যতিক্ৰমী উদ্যোক্তা: ১. ঐতিহাসিক আলাবৈ ৰণৰ ঐতিহ্য উদ্ধাৰৰ অন্যতম কাণ্ডাৰী(২০০৫-বৰ্তমানলৈ)। ২. হাজো ৰাজহ চক্ৰ এলেকাৰ প্ৰথমজন টেলিফোন লওঁতা। ৪. একক প্ৰচেষ্টাৰে পষেকীয়া কাকত 'হাজোৰ বাতৰি' পঁচিশ বছৰধৰি জেপৰ ধন খৰচ কৰি প্ৰকাশ কৰোঁতা। ৫. 'সহস্ৰাব্দৰ হাজো' অনুষ্ঠানৰ একক উদ্যোক্তা (২০০০)। ৬. অসমত ছাত্ৰ- ছাত্ৰীৰ বাবে মেডেল কুৱেশ্বন পেপাৰ উলিওৱা প্ৰথম ব্যক্তি। ৭. পোহৰ বিদ্যালয় নামৰ এক ব্যতিক্ৰমী শিক্ষানুষ্ঠানৰ জন্মদাতা (২০২২)। ৮. অসমীয়া দৈনিক কাকতৰ সম্পাদকৰ দায়িত্ব পোৱা নামনি অসমৰ প্ৰথম সাংবাদিক।
উল্লেখযোগ্য বঁটা: ১. নবীন সূৰ্য বঁটা (১৯৯০, অসম ইউনেস্ক'ৰ ক্লাব) ২. কমলা শইকীয়া বঁটা ( ১৯৯৪, কামৰূপ জিলা সাংবাদিক সন্থা) ৩. ভাৰত উৎকৰ্ষ বঁটা ( ২০০৩, ফ্ৰেণ্ডশ্বিপ ফ'ৰাম অৱ ইণ্ডিয়া) ৪. ৰমেন মেধি সোঁৱৰণী সাহিত্য বঁটা (২০০৫, কামৰূপ জিলা সাংবাদিক সন্থা) ৫. কবি ৰামসৰস্বতী সাহিত্য বঁটা (২০১০, দদৰা আঞ্চলিক সাহিত্য সভা) ৬. শিক্ষা গৌৰৱ বঁটা ( ২০১২, ড.গুণাৰাম খনিকৰ ফাউণ্ডেচন) ৭. শ্ৰেষ্ঠ অধ্যক্ষ বঁটা (২০১৮, বাপজান আলী ফাউণ্ডেচন) ৮. সাহিত্য সাধক বঁটা ( ২০২৩, কিঞ্চিত গোষ্ঠী, বৰপেটাৰোড) ৯. 'ছাত্ৰবন্ধু 'সন্মান (২০২৩, শংকৰদেৱ শিশু বিদ্যা নিকেতন, দদৰা -পছৰীয়া) ১০. 'শিক্ষা ৰত্ন' সন্মান ( ২০২৪, টেনজিচন একাডেমী) ১১. শিক্ষা সৌৰভ বঁটা ( ২০২৪, 'অসমীয়া বৰ্তমান' সাপ্তাহিক কাকত ) ১৩. জীৱনজোৰা সাধনা বঁটা (২০২৪, হাজোৰ খবৰ ) ১৪. সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা (২০২৫, ছাবলাইম ফাউণ্ডেচন) ১৫. শিক্ষাবিদ বঁটা (২০২৫, ফাৰ্ষ্ট নিউজ অসম)
তথ্য সংগ্ৰহ:
১. জীৱনৰ ছন্দ, সম্পাদনা: থানেশ্বৰ মালাকাৰ, ৰাকেশ প্ৰকাশ, পৰেশ বৈশ্য ফাউণ্ডেচন, ২০০৮ চন। ২. Rhymes of Life, অভিনন্দন গ্ৰন্থ, সম্পাদনা: উদ্ধৱ কাকতি, পৰেশ বৈশ্য ফাউণ্ডেচন, ২০১০। ৩. প্ৰিন্সিপাল পৰেশ বৈশ্য, অভিনন্দন গ্ৰন্থ, সম্পাদনা: ড. দয়ানন্দ পাঠক,পৰেশ বৈশ্য ফাউণ্ডেচন,২০২০। ৪. পৰেশ বৈশ্য ৰচনাৱলী, প্ৰথম খণ্ড, সম্পাদনা: দয়ানন্দ পাঠক, মণিকুট প্ৰকাশ,২০২৫। ৫. পৰেশ বৈশ্য ৰচনাৱলী, দ্বিতীয় খণ্ড, সম্পাদনা: দয়ানন্দ পাঠক, মণিকুট প্ৰকাশ,২০২৫। ৬. সময় বালিত খোজ, পৰেশ বৈশ্য, মণিকুট প্ৰকাশ,২০২৪। ৭. সময়ৰ আত্মকথা,পৰেশ বৈশ্য, মণিকুট প্ৰকাশ,২০২৫।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰেশ বৈশ্য” প্ৰবন্ধৰ সংশোধন ৫৬৭১৬৮ (৩১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।