অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আৰাবেলা ডৰ্মান

আৰাবেলা ডৰ্মান (: Arabella Dorman; জন্ম: ১৯৭৫ চনত লণ্ডনত) এগৰাকী বৃটিছ যুদ্ধ শিল্পী আৰু প্ৰতিকৃতি চিত্ৰকৰ। ২০১৪ চনত বিবিচিৰ "১০০ মহিলা"ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।

হালনাগাদ: ১ মে’ ২০২৬ ৩৪৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আৰাবেলা ডৰ্মান (: Arabella Dorman; জন্ম: ১৯৭৫ চনত লণ্ডনত)১ এগৰাকী বৃটিছ যুদ্ধ শিল্পী আৰু প্ৰতিকৃতি চিত্ৰকৰ।২৩ ২০১৪ চনত বিবিচিৰ "১০০ মহিলা"ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।৪

জীৱনী

ডৰ্মানে ১৯৭৫ চনত লণ্ডনত জন্মগ্ৰহণ কৰিছিল। লণ্ডনৰ বায়াম শ্ব’ স্কুল অৱ আৰ্টত আৰু এডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।২ ডমিনিক ইলিয়টৰ সৈতে তেওঁৰ বিবাহ হয়।২

২০০৬ চনত ডৰ্মান ইৰাকত ফ্ৰণ্ট লাইনলৈ যোৱা ব্ৰিটেইনৰ প্ৰথমগৰাকী চৰকাৰী যুদ্ধ শিল্পী আছিল।৩ ডৰ্মানক লেফটেনেণ্ট জেনেৰেল ৰিচাৰ্ড শ্বিৰেফে আমন্ত্ৰণ জনাইছিল, যিহেতু ৰিচাৰ্ড শ্বিৰেফে তেওঁৰ এখন চিত্ৰকলা ক্ৰয় কৰিছিল।৫ইৰাকত তেওঁ প্ৰথমে ৰয়েল গ্ৰীণ জেকেটৰ সৈতে বাছৰা পেলেচত আছিল, য’ত তেওঁ প্ৰায়ে শত্ৰুপক্ষৰ গুলীবর্ষণৰ সন্মুখীন হৈছিল। তাৰ পিছত তেওঁ ইৰান সীমান্তৰ ওচৰৰ মৰুভূমি অঞ্চললৈ যায়।৬ ২০০৯চনৰ পৰা ২০১৪ চনলৈ আফগানিস্তানত ব্ৰিটিছ বাহিনীৰ সৈতে সময় কটায়। ২০০৯ চনত তেওঁক হেলমাণ্ডৰ চাংগিনত থকা ২য় বেটেলিয়ন দ্য ৰাইফলছৰ সৈতে সংযুক্ত কৰা হয় যদিও তেওঁক টহলদাৰী সৈনিকৰ লগত যাবলৈ দিয়া হোৱা নাছিল,৭ আৰু ২০১০ চনত কাবুলত থকা ঘাটিৰ পৰা আফগানিস্তানৰ ভিতৰলৈ যাত্ৰা কৰে।৮

তেওঁৰ মানৱীয় কামে তেওঁক গাজা, পেলেষ্টাইন আৰু ইজৰাইল (২০১৭), লেবানন, ছিৰিয়া (২০১৮) আৰু শেহতীয়াকৈ ইউক্ৰেইন (২০২৩)লৈ লৈ গৈছিল। ডৰ্মানৰ কামে আধুনিক সংঘাতৰ বাস্তৱতা, ইয়াৰ তাৎক্ষণিক প্ৰভাৱ আৰু দীৰ্ঘম্যাদী পৰিণতি আৰু যুদ্ধৰ আন্ধাৰৰ পৰা জন্ম ল’ব পৰা পোহৰৰ সন্ধান কৰে।

২০১৫ আৰু ২০১৬ চনত লেচবছ, কেলেছ আৰু ডানকাৰ্কত শৰণাৰ্থীসকলৰ সৈতে কাম কৰিছিল।৯ ২০১৫ চনৰ ডিচেম্বৰ মাহত তেওঁ ভূমধ্যসাগৰৰ সিপাৰে শৰণাৰ্থীক কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা এখন সৰু নাও পিকাডিলিৰ ছেইণ্ট জেমছ চাৰ্চৰ চালৰ পৰা ওলোমাই এখন শিল্প-প্ৰদৰ্শনী সৃষ্টি কৰে।১০১১ এই প্ৰদৰ্শনীখনৰ নাম আছিল ফ্লাইট। এই প্ৰদৰ্শনীখন ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহলৈকে প্ৰদৰ্শিত হৈছিল আৰু ই শৰণাৰ্থীসকলৰ পলাই যোৱা অভিজ্ঞতাক গীৰ্জাৰ ছাঁদত নাও ওলোমাই ৰখাৰ প্ৰাচীন পৰম্পৰাৰ সৈতে সম্পৰ্কিত কৰিছিল।১২

আৰাবেলা ডৰ্মানৰ প্ৰশংসিত শিল্পকৰ্ম ফ্লাইটৰ পিছত, ছাচপেণ্ড নামৰ আন এখন প্ৰদৰ্শনী তেওঁ সৃষ্টি কৰে। এই খন বিশ্বজুৰি জোৰ-জবৰদস্তি উচ্ছেদ হোৱা মানৱীয় সংকটৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে চলি থকা তেওঁৰ শিল্প-শৃংখলাৰ অংশ। ছাচপেণ্ড ২০১৭ চনত ছেইণ্ট জেমছ পিকাডিলিত প্ৰথমে প্ৰদৰ্শিত হৈছিল, তাৰ পিছত ২০১৮-২০১৯ চনত সমগ্ৰ যুক্তৰাজ্য ভ্ৰমণ কৰে আৰু বিশেষকৈ কেণ্টাৰবেৰী কেথেড্ৰেল আৰু লেষ্টাৰ কেথেড্ৰেলত স্থাপন কৰা হৈছিল।

ডৰ্মানে ইম্পেৰিয়েল ৱাৰ মিউজিয়াম, ফ্ৰষ্ট এণ্ড ৰিড গেলেৰী, আৰু লা গেলেৰিয়া পাল মলকে ধৰি স্থানসমূহত প্ৰদৰ্শনী প্ৰদৰ্শন কৰিছে।১৩ তেওঁ বিয়ণ্ড কনফ্লিক্ট ১৪আৰু আফগানাইডৰ দাতব্য সংস্থাৰ এম্বেছাদৰ হিচাপে কাম কৰে আৰু জেৰুজালেম চকুৰ চিকিৎসালয়ৰ ছেইণ্ট জন গিল্ডৰ সদস্য।৯

২০২১ চনত তেওঁ আৰালকুম মৰুভূমি আৰু ২০২৩ চনত পম অলিভাৰ, ৰ’জী ষ্টেন্সাৰ আৰু লি ৱাটছৰ সৈতে চিনাই উপদ্বীপৰ সিপাৰে ভ্ৰমণ কৰে।১৫

২০২৪ চনত ডৰ্মানে ইউক্ৰেইনৰ কেথলিক কেথেড্ৰেল,১৬ লণ্ডনত চাইল্ড অৱ ৱাৰ প্ৰদৰ্শন কৰে। এই শিল্প-সংগ্ৰহত বৰ্তমান বিশ্বজুৰি যুদ্ধত ক্ষতিগ্ৰস্ত শিশুসকলৰ দুখ-কষ্ট আৰু অৱস্থাৰ ওপৰত আলোকপাত কৰা হৈছে।

প্ৰকাশন

  • ড্ৰয়িং ফায়াৰ (২০১৪) আই এছ বি এন ৯৭৮-০৯৯৩১০২৩০১১৭১৮

তথ্যসূত্ৰ

  1. ↑ Imperial War Museum: 'Dorman, Arabella (Oral history)'
  2. ↑ Alberge, Dalya. (19 October 2014). An artist in Afghanistan: 'To tell the story, you've got to take risks'. The Guardian
  3. ↑ Harrison, David. (2 May 2009). War artist Arabella Dorman paints Iraq. The Telegraph
  4. ↑ (26 October 2014). Who are the 100 Women 2014?. BBC News
  5. ↑ Brooks, Richard. (26 July 2009). The new generation of war artists is more interested in capturing the psychology of warfare than the heroics of battle. Sunday Times magazine
  6. ↑ van der Klugt, Melissa. (9 May 2009). Charcoal and mortar on the frontlines of Iraq. The Times
  7. ↑ Coghlan, Tom. (1 December 2009). How fast can you do my portrait? What soldiers asked artist before going on patrol. The Times
  8. ↑ van der Klugt, Melissa. (18 October 2014). The art of war in Afghanistan: Arabella Dorman has chronicled a country caught between hope and fear. The Times
  9. ↑ About Arabella Dorman. Arabella Dorman
  10. ↑ Jonathan Jones (20 December 2015) "Flight by Arabella Dorman review: relic of a rough crossing illustrates refugee crisis", The Observer. Retrieved 15 December 2016
  11. ↑ Robert Dex (27 January 2016) "Dinghy used to flee Syria will hang over audience at concert for victims of war", The Evening Standard. Retrieved 15 December 2016
  12. ↑ Flight, St James's Piccadilly: 20 December - 8 February 2016. Arabella Dorman
  13. ↑ Exhibitions. Arabella Dorman
  14. ↑ Ambassadors. Beyond Conflict
  15. ↑ D D Hammocks website, Exploring the Sinai with Rosie Stancer, article dated June 28, 2023
  16. ↑ Religion Media Centre website, Child of War: artist’s testament to the suffering of Ukraine’s next generation, article by Catherine Pepinster dated May 24, 2024
  17. ↑ Waterstones website, Arabella Dorman
  18. ↑ Amazon website, Drawing Fire

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰাবেলা ডৰ্মান” প্ৰবন্ধৰ সংশোধন ৬০৩৭২৩ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।