গেষ্টা ডানোৰামৰ মতে, গেটিছ ৰজা ছিৱাৰ্ডৰ কন্যা আলফিল্ড আছিল এগৰাকী পুৰুষ যোদ্ধাৰ সমকক্ষ যুৱতী, যিয়ে মহিলা জলদস্যুৰ এটা দলৰ সৈতে নিজাকৈ লংশ্বিপৰ মহল আছিল আৰু বাল্টিক সাগৰৰ উপকূলত আক্ৰমণ চলাইছিল।
ডেকা ৰাজকুমাৰী হিচাপে আলফিল্ডৰ কোঠাটোত এটা জেঠী আৰু এটা সাপে পহৰা দিছিল, যিয়ে অযোগ্য প্ৰেমিকক ভয় খুৱাইছিল। আল্ফ নামৰ এজন ডেনিছ ৰাজকুমাৰ, যিজনো গেটিছ বংশৰেই, তেওঁ গেটলেণ্ডলৈ আহি আলফিল্ডৰ পশু ৰক্ষকসকলক পৰাস্ত কৰে। কিন্তু মাকৰ পৰামৰ্শত আলফিল্ডে পুৰুষৰ সাজ-পোছাক পিন্ধি আল্ফৰ পৰা পলায়ন কৰিলে আৰু তাই পুৰুষৰ সমকক্ষ যোদ্ধা হৈ পৰিল।
আল্ফ আৰু তেওঁৰ স্কেনিয়ান সতীৰ্থ বাৰ্গাৰে তেওঁলোকৰ ডেনিছ সাগৰীয় যোদ্ধাসকলৰ সৈতে মিলি দক্ষিণ ফিনলেণ্ডৰ উপকূলৰ কাষত আলফিল্ড আৰু তেওঁৰ মহলক বিচাৰি ফুৰিছিল আৰু শেষত পাইছিল। জাহাজবোৰত কিছু মাৰাত্মক যুদ্ধৰ পিছত আলফিল্ডৰ হেলমেটটো খুলি পেলোৱা হ’ল আৰু তাইক চিনি পোৱা গ’ল। আল্ফ আৰু বাৰ্গাৰে নিজৰ মানুহক যুঁজ বন্ধ কৰিবলৈ নিৰ্দেশ দিলে আৰু আল্ফে আলফিল্ডক সাৱটি ধৰিলে, অৱশেষত তাইক বিচাৰি পোৱাত সুখী হ’ল। তাৰ পিছত তাই নিজৰ যোদ্ধাৰ কাপোৰ এৰি আল্ফৰ পিছে পিছে ডেনমাৰ্কলৈ যোৱাৰ সিদ্ধান্ত লয় আৰু তাতেই তেওঁলোকৰ বিয়া হয়।
কিছু বছৰৰ পাছত বিদ্ৰোহী ডেনিছ বংশৰ বিৰুদ্ধে যুঁজ দিয়া যুদ্ধত আল্ফ আৰু তেওঁৰ ভাতৃদ্বয় আৰু তেওঁলোকৰ পিতৃ ৰজা ছিগাৰক হত্যা কৰা হয়। ৰাজপৰিয়ালৰ পৰা কেৱল আল্ফ আৰু আলফিল্ডৰ কন্যা গুৰিডহে জীয়াই আছিল। কিছুদিন ৰাণী হোৱাৰ পিছত গুৰিডে বাৰ্গাৰৰ এজন পুত্ৰ হাল্ফডানক বিয়া কৰাইছিল আৰু তেওঁলোকৰ হাৰাল্ড নামৰ এজন পুত্ৰ জন্ম হৈছিল আৰু তেওঁ ডেনমাৰ্কৰ নতুন ৰজা হৈছিল।
ওপৰঞ্চি
কাহিনীটোত থকা বৰ্ণনা অনুসৰি এইটো ৫ম শতিকাৰ বুলি ক’ব পাৰি।
চেক্সো গ্ৰেমেটিকাছৰ গেষ্টা ডানোৰামৰ১ বিৱৰণীটো আল্ফ আৰু আলফিল্ডৰ মূল কাহিনী, যিটো তেওঁৰ কামৰ বাবে সংগ্ৰহ কৰা পুৰণি লোককথা বা গীতসমূহৰ এটাৰ ওপৰত আধাৰিত।
জনপ্ৰিয় সংস্কৃতিত
পিছৰ জনপ্ৰিয় সংস্কৃতিত কাহিনীটোৰ কিছু ভিন্নতা দেখা যায়। (অন্য বানান: আলৱিল্ডা, আলভিল্ডা, আলভিল্ড, আলভিল্ড, আলফিল্ডা, আভিল্ডা, আলভিডা, আলটিল্ডা, এলভিল্ড)।
১৮০০ চনৰ সময়ছোৱাত আলফিল্ড/আলৱিল্ডা তিমি চিকাৰ দলৰ সদস্যসকলে খোদিত কৰা স্ক্ৰিমশ্ব'ৰ বাবে জনপ্ৰিয় বিষয় আছিল।২
ইয়াত আলভিডাৰ নামেৰে তেওঁ আধুনিক ডাচ মিউজিকেলত অভিনয় কৰিছে।৩
আল্ফ এণ্ড আলফিল্ডৰ কাহিনীটোক ইটালীৰ অপেৰালৈও ৰূপান্তৰিত কৰা হৈছে।
ইটালীৰ কবি টৰকুৱাটো টাছ’ৱে তেওঁৰ কাহিনীৰ ওপৰত তেওঁৰ আটাইতকৈ বিখ্যাত ট্ৰেজেডী লিখিছে, যাৰ নাম হৈছে ইল ৰে টৰিছমণ্ডো, য’ত আলভিডাক ছুইডেনৰ ৰজা জেৰমণ্ডোৰ সৈতে বিবাহৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, কিন্তু টৰিছমণ্ডোৰ প্ৰেমত পৰে, গতিকে তেওঁ প্ৰেম আৰু সন্মানৰ মাজৰ পৰা এটা বাছি ল’ব নোৱাৰি আত্মহত্যা কৰাৰ সিদ্ধান্ত লয়।
১৬৮৬ চনত কাৰ্লো পালাভিচিনোৰ "ল'আমাজ'ন কৰ্ছাৰা, অভভেৰো ল'আলভিল্ডা, ৰেজিনা ডি গটি।" ৪
১৭৩১ চনত এণ্টনিঅ' ভিভাল্ডিৰ "আলভিল্ডা ৰেজিনা দে' গটি।"
ৱান পিচ মাংগাৰ প্ৰথম বিৰোধীগৰাকীৰ নাম হয়তো তাইৰ নামেৰেই ৰখা হৈছিল।
তথ্যসূত্ৰ
- ↑ The Danish History: Book Seven. mcllibrary.org
- ↑ Maryland Historical Society News, p. 8
- ↑ (24 July 2011). Tekst en Muziek - Kindermusicals - Alvida de schone piraat
- ↑ Selfridge-Field, Eleanor. (18 August 2018). A New Chronology of Venetian Opera and Related Genres, 1660-1760. Stanford University Press. ISBN 9780804744379
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল্ফ আৰু আলফিল্ড” প্ৰবন্ধৰ সংশোধন ৫৪৬৯৪০ (৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।