অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আলফ্ৰেড হাইস্কুল

ৰাজকোটৰ আলফ্ৰেড হাইস্কুল (মোহনদাস গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়) ভাৰতৰ আটাইতকৈ পুৰণি শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ৰাজকোটৰ আলফ্ৰেড হাইস্কুল (মোহনদাস গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়) ভাৰতৰ আটাইতকৈ পুৰণি শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম।

ইতিহাস

এই বিদ্যালয়খন ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত ৰাজনৈতিক এজেণ্ট কৰ্ণেল সিঙে নিৰ্মাণ কৰাইছিল, আৰু সৌৰাষ্ট্ৰ (অঞ্চল)ৰ প্ৰথম ইংৰাজী মাধ্যমৰ বিদ্যালয় আছিল। এই বিদ্যালয় খনক ৰাজকোট ইংৰাজী বিদ্যালয় বুলি কোৱা হৈছিল। ১৮৫৩ চনত ১৭ অক্টোবৰত এই বিদ্যালয় খনৰ স্থাপন কৰা হয়, আৰু পিছলৈ ই এখন পূৰ্ণ পৰ্যায়ৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিণত হয়। ১৮৬৮ চনত ইয়াক ৰাজকোট হাইস্কুল বুলি জনা যায়, আৰু ১৯০৭ চনত ইয়াক আলফ্ৰেড হাইস্কুল নামেৰে নামকৰণ কৰা হয়। জুনাগাধ ৰ নৱাব, নৱাব নৱাব ছাৰ মহম্মদ বাহাদুৰ খানজী বাবিৰ দ্বাৰা কাথিৱাৰৰ বাবে এলফ্ৰেড হাইস্কুলৰ বৰ্তমানৰ ভৱনসমূহ নিৰ্মাণ কৰা হৈছিল, আৰু এডিনবাৰ্গৰ ডিউক প্ৰিন্স আলফ্ৰেডৰ স্মৃতিত তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল। এই বিদ্যালয়খন ১৮৭৫ চনৰ জানুৱাৰী মামত বোম্বেৰ গবৰ্ণৰ ছাৰ ফিলিপ ৱোডহাউচে মুকলি কৰে।১

গান্ধীৰে সম্পৰ্ক

মহাত্মা গান্ধীয়ে ১৮৮৭ চনত ৰাজকোট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৮ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।২ বিদ্যালয়খনৰ গান্ধীৰ সময়ৰ বিভিন্ন নথি পত্ৰৰ কিছু গোলমাল হয়।৩ কেইবাটাও উৎসই এই কথা প্ৰতীয়মান কৰে যে গান্ধী এজন শান্ত আৰু শৈক্ষিকভাৱে নিম্নমানৰ শিক্ষাৰ্থী যি ক্ৰীড়া বা পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপতো অংশগ্ৰহণ কৰা নাছিল।২৪ গান্ধীয়ে তেওঁৰ স্কুলীয়া শিক্ষাৰ কথা কৈছিল, " মই মোৰ সামৰ্থ্যৰ বিশেষ একো অনুতাপ বোধ কৰা নাছিলোঁ। মই যেতিয়াই পুৰস্কাৰ আৰু ছাত্ৰবৃত্তি লাভ কৰিছিলো মই নিজেই বিস্মিত হৈছিলোঁ। "৪কিন্তু, ৰাজমোহন গান্ধীয়ে কয় যে গান্ধীৰ এই ধাৰণাটো সত্য নাছিল৩কিয়নো মহাত্মা গান্ধীয়ে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বছৰত ৩৮জন শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ দুজন ছাত্ৰই হে উত্তীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত এজন গান্ধী আছিল। স্নাতকৰ বাবে গান্ধীয়ে ভৱনগৰৰ সমলদাস কলেজত নামভৰ্তি কৰে, য'ত তেওঁ লণ্ডন ভ্ৰমণৰ পূৰ্বে কিছুসময়ৰ বাবে থাকিবলৈ লৈছিল।৩

১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছত, গান্ধীৰ প্ৰতি সন্মান জনাই বিদ্যালয়খনক "মোহনদাস গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়" নামেৰে নামকৰণ কৰা হয়।৫

২০১৭ চনত, বিদ্যালয়খন বন্ধ কৰা হৈছিল আৰু ইয়াক সংগ্ৰাহালয়লৈ ৰূপান্তৰ কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। ৬

তথ্যসূত্ৰ

  1. ↑ "Source ", Retrieved on 26 December 2007
  2. ↑ R. P. Misra. (2007). Rediscovering Gandhi: Hind Swaraj Volume 1: Gandhi's Challenge to Modern Civilization. Concept Publishing Co. পৃ. 102. ISBN 978-8180693755
  3. ↑ Rajmohan Gandhi. (2006). Gandhi: The Man, His People, and the Empire. University of California Press. পৃ. 17. ISBN 978-0520255708
  4. ↑ N. Jayapalan. (2010). Indian Political Thinkers: Modern Indian Political Thought. Atlantic Publishers & Distributors Pvt Ltd. পৃ. 156. ISBN 978-8171569298
  5. ↑ "Colonial Tour of RMC ", Retrieved on 26 December 2007
  6. ↑ (5 May 2017). School where Mahatma Gandhi studied shuts down after 164 years. PTI

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠানমহাত্মা গান্ধী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলফ্ৰেড হাইস্কুল” প্ৰবন্ধৰ সংশোধন ৬৩১৩৮১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।