আজাদী টাৱাৰ (Azadi Tower) হ'ল ইৰানৰ ৰাজধানী চহৰ তেহৰাণত অৱস্থিত এটা স্মৃতিসৌধ। ইয়াক স্থানীয়ভাৱে বৰ্জ-ই আজাদি বা ফ্ৰিডম টাৱাৰনামেৰে জনা যায়। ইয়াৰ পুৰণি নাম, শ্বাহ্যাদ টাৱাৰ পৰিচিত। এই স্মৃতিসৌধটো তেহৰানৰ অন্যতম প্ৰধান কীৰ্তীচিহ্ন বুলিব পাৰি। এসময়ত চহৰখনৰ আটাইতকৈ পশ্চিম প্ৰৱেশদ্বাৰ চিহ্নিত কৰিছিল আৰু ই আজাদি সাংস্কৃতিক কমপ্লেক্সৰ অংশ, য'ত এটা মাটিৰ তলৰ সংগ্ৰহালয়ো আছে। পাৰ্চী স্থাপত্যৰপৰা অনুপ্ৰাণিত হৈ এই টাৱাৰটো ১২ প্ৰায় ৪৫ মিটাৰ (১৪৮ ফুট) উচ্চতা আৰু সম্পূৰ্ণৰূপে খোদিত মাৰ্বলৰদ্বাৰা আবৃত। ৩৪ ইৰাণৰ শেষৰজন শ্বাহ মহম্মদ ৰেজা পাহলৱীয়ে পাৰ্চী সাম্ৰাজ্যৰ ২৫০০বছৰীয়া জয়ন্তী উপলক্ষ্যে ইয়াৰ নিৰ্মাণৰ নিৰ্দেশ দিছিল আৰু ১৯৭১ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়।
এখন প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত স্থপতি হোছেইন আমানতক মিনাৰখনৰ ডিজাইনৰ বাবে নিযুক্তি দিয়া হয়। তেওঁৰ ধাৰণাসমূহ ইৰাণৰ ধ্ৰুপদী আৰু উত্তৰ-ধ্ৰুপদী স্থাপত্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল আৰু 'শ্বেত বিপ্লৱ'ৰ পিছত ১৯৬০ চনত শিল্পৰ ওপৰত জনপ্ৰিয় প্ৰভাৱ পৰিলক্ষিত হৈছিল।
ইতিহাস
নাম
এই স্মৃতিসৌধটোৰ সৈতে জড়িত প্ৰথম নামটো আছিল দৰভাজেহ-য়ে কৌৰোছ অৰ্থাৎচাইৰাছৰ দুৱাৰ, আৰু শতবাৰ্ষিকী উদ্যাপনৰ সময়ত আছাদোল্লাহ আলমে উদ্যাপন পৰিষদৰ অধ্যক্ষই স্মৃতিসৌধটোক দৰভাজেহ-য়ে শ্বাহানশ্বাহী অৰ্থাৎ ৰজাৰ দুৱাৰ বুলি উল্লেখ কৰিছিল। ১৯৬৬ চনৰ ছেপ্টেম্বৰ মাহত এই স্মৃতিসৌধৰ চূড়ান্ত আনুষ্ঠানিক নাম চূড়ান্ত কৰা হয়, ইয়াৰ পূৰ্বে কীৰ্তিচিহ্নটোৰ ডিজাইনৰ প্ৰতিযোগিতা ঘোষণা কৰা হয়। বাহৰাম ফাৰাহৱাছি আছিল প্ৰাচীন ইৰাণী ভাষাৰ পণ্ডিত আৰু অধ্যাপক। তেওঁ কাউন্সিল অৱ চেলিব্ৰেচনৰ সৈতে কাম কৰিছিল আৰু তেওঁ আনুষ্ঠানিকভাৱে শ্বাহ্যাদ আৰ্যমেহৰ নামটোৰ পৰামৰ্শ দিছিল। ৫ চনত পাৰ্চী সাম্ৰাজ্য প্ৰতিষ্ঠাৰ ২৫০০বছৰীয়া জয়ন্তীৰ স্মৃতিত নিৰ্মিত এই তেহৰাণৰ দুৱাৰমুখক শ্বাহ মহম্মদ ৰেজা পাহলৱীৰ সন্মানত শ্বাহ্যাদ ("শ্বাহৰ স্মৃতিসৌধ") নামেৰে নামকৰণ কৰা হৈছিল; কিন্তু ১৯৭৯ চনৰ বিপ্লৱৰ পিছত ইয়াৰ নাম আজাদী তথা স্বাধীনতা ৰখা হয়।
নিৰ্মাণ

১৯৬০ চনৰ ভিতৰত ইৰান এখন প্ৰধান তেল ৰপ্তানিকাৰী দেশত পৰিণত হয় আৰু এই নতুনকৈ পোৱা সম্পদ ব্যৱহাৰ কৰি শ্বাহে দেশখনক আধুনিকীকৰণ আৰু উদ্যোগীকৰণৰ বাবে কেইবাটাও কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পিছত সাংস্কৃতিক সমৃদ্ধিশালী হয়, যাক স্থপতি হোছেইন অমনাতে "এটা সৰু নৱ-জাগৰণ" বুলি বৰ্ণনা কৰে।৬ ১৯৬৬ চনত অমনাটে ভৱনটোৰ ডিজাইনৰ প্ৰতিযোগিতাত জয়ী হয়।
ইছফাহান প্ৰদেশৰ বগা মাৰ্বলৰে নিৰ্মিত এই স্মৃতিসৌধটোত ৮ হাজাৰ শিলৰ ব্লক আছে। এই সকলোবোৰ শিল ঘনবৰ ৰহিমীয়ে উৎস আৰু যোগান ধৰিছিল; তেখেতে শিলৰ শিলৰ গভীৰ জ্ঞানৰ বাবে বিখ্যাত আছিল আৰু তেওঁক প্ৰায়ে "ইৰাণৰ শিলৰ চুলতান" (সোলতান-ই চাং-ই ইৰাণ) বুলি জনাজাত।৭ ইয়াৰ নিপুন শৈলীৰে কৰা পৃষ্ঠভাগৰ আকৃতি তৈয়াৰত কম্পিউটাৰৰ ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত কম্পিউটাৰৰ ব্যৱহাৰ এক নতুন প্ৰযুক্তিগত পদ্ধতি আছিল। টাৱাৰ নিৰ্মাণৰ মূল চুক্তিখন এমএপি কোম্পানীক দিয়া হৈছিল, যাৰ তত্ত্বাৱধানত আছিল ইৰাণৰ এজন প্ৰখ্যাত শিল কাটিব পৰা গফ্ফাৰ দাভাৰপানাহ বৰ্ণোছফাদেৰানি। ৮ এই প্ৰকল্পটোৰ বাবে মূলতঃ ৫০০ জন ইৰাণী উদ্যোগপতিৰ এটা দলে ধন আগবঢ়াইছিল। MEED ৰ প্ৰতিৱেদন অনুসৰি ইয়াৰ নিৰ্মাণৰ বাবে প্ৰায় ছয় মিলিয়ন ডলাৰ খৰচ হৈছিল।
১৯৭১ চনৰ ১৬ অক্টোবৰত টাৱাৰটোৰ উদ্বোধন কৰা হয়। ৯ কিন্তু ১৯৭২ চনৰ ১৪ জানুৱাৰীতহে এই টাৱাৰটো জনসাধাৰণৰ বাবে মুকলি কৰা হয়।
জংচনসমূহ
- ছাইদি এক্সপ্ৰেছৱে
- কাৰাজ বিশেষ পথ
- মহম্মদ আলী জিন্না এক্সপ্ৰেছৱে
- আজাদী ষ্ট্ৰীট
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Shabani, Mohsen. Azadi Cultural and Artistic Complex. Roudaki Foundation
- ↑ Amanat, Hossein. (2025-05-02). Azadi Tower
- ↑ Yahoo News - Latest News & Headlines. news.yahoo.com
- ↑ Hureau, Jean. Iran Today, 2nd. Ed, editions j.a
- ↑ Khashayar, Hemmati. (2015-08-20). A Monument of Destiny: Envisioning A Nation's Past, Present, and Future Through Shahyad/Azadi. summit.sfu.ca
- ↑ Riazati, Rozita. (14 January 2016). The man behind Iran's most famous tower. BBC News
- ↑ Amanat Architect – Shahyad Monument. amanatarchitect.com
- ↑ Grigor, Talinn. (2003). Of Metamorphosis Meaning on Iranian Terms. Third Text. পৃ. 207–225
- ↑ Iran Travel Photos. Tourism pictures from Iran – CountryReports. countryreports.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজাদী টাৱাৰ” প্ৰবন্ধৰ সংশোধন ৬১৪১৯৩ (২৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।