অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আনডিংছি গুহাসমূহ

আনডিংছি গুহাসমূহ (Andingsi Grottoes) ১১৩২ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা চীনৰ এক বৌদ্ধ স্থান। এই সৰু গুহাটোৰ দুটা কোঠাৰ দেৱাল আৰু স্তম্ভত শ শ বোধিসত্ত্ব, অৰ্হৎ আৰু বুদ্ধৰ মূৰ্তি খোদিত কৰা হৈছে।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৬ ৫০৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আনডিংছি গুহাসমূহ (Andingsi Grottoes) ১১৩২ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা চীনৰ এক বৌদ্ধ স্থান। এই সৰু গুহাটোৰ দুটা কোঠাৰ দেৱাল আৰু স্তম্ভত শ শ বোধিসত্ত্ব, অৰ্হৎ আৰু গৌতম বুদ্ধৰ মূৰ্তি খোদিত কৰা হৈছে।১

লংৱাংমিয়াওগৌ গাঁৱৰপৰা এক কিলোমিটাৰ পশ্চিমত অৱস্থিত এই গুহাটো হেশুই জিলা, ছিংয়াং নগৰৰ গানছু প্ৰদেশত থকা বৃহত্তৰ হেশুই গুহা গোটৰ অন্তৰ্গত।২৩ অজ্ঞাত সময়ছোৱাত এই গুহাটো পৰিত্যক্ত হৈ আছিল আৰু ইয়াৰ অধিকাংশ গঠন মাটিৰ তলত পোত গৈছিল। ১৯৮৯ চনতহে চীন চৰকাৰে গুহাটো আনুষ্ঠানিকভাৱে নথিভুক্ত আৰু পুনৰুদ্ধাৰ কৰে। অৱশ্যে সেই সময়লৈকে বহুতো খোদিত মূৰ্তি ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছিল।১

ইতিহাস

গুহাটোৰ প্ৰৱেশদ্বাৰৰ সোঁফালে দেৱালত খোদিত এটা লিপি আছে। এই লিপিৰপৰা জানিব পাৰি যে আনডিংছি গুহাসমূহ দুটা পৰ্যায়ত নিৰ্মাণ কৰা হৈছিল। ১১৩২ খ্ৰীষ্টাব্দত লি দাফুৰ পৃষ্ঠপোষকতাত গুহাটো নিৰ্মাণ আৰম্ভ কৰা হৈছিল।৪ কিন্তু সেই সময়ত বোধিসত্ত্ব আৰু অৰ্হৎৰ মূৰ্তিসমূহ দেৱালত খোদিত কৰা হোৱা নাছিল আৰু বহুতো মূৰ্তিৰ কাম অসম্পূৰ্ণ হৈ আছিল। ইয়াৰ ৪৬ বছৰৰ পাছত, ১১৭৮ খ্ৰীষ্টাব্দত, লি দাফুৰ পুত্ৰ লি শিসিয়ঙে গুহাটোৰ কাম সম্পূৰ্ণৰূপে উন্নত কৰে।৫ এই দ্বিতীয় পৰ্যায়ত লি শিসিয়ঙে দেৰেন আৰু লিয়াংপেঙৰ দৰে বহুতো ভিক্ষুক এই স্থানৰ অধ্যক্ষ হিচাপে আমন্ত্ৰণ জনায়। একে সময়তে লি উপাধিৰ বহুতো দুনৱু কৰ্ণেলয়ে পৃষ্ঠপোষক হিচাপে আনডিংছি গুহাসমূহ খননত অংশগ্ৰহণ কৰে। এই লোকসকল লি শিসিয়ঙৰ একেটা বংশৰ লোক আছিল বুলিও অনুমান কৰিব পাৰি।৪ এই দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ত অসম্পূৰ্ণ হৈ থকা বোধিসত্ত্ব আৰু অৰ্হৎৰ ভাস্কৰ্যসমূহ সম্পূৰ্ণ কৰা হৈছিল। তথাপি গৱেষকসকলে এনে বহুতো প্ৰমাণ লাভ কৰি আহিছে যাৰপৰা অনুমান কৰিব পাৰি যে আনডিংছি গুহাৰ কাম প্ৰকৃততে কেতিয়াও সম্পূৰ্ণ হোৱা নাছিল।১

পিছলৈ স্থানীয় লোকসকলে গুহাটো আৱিষ্কাৰ কৰাৰ সময়লৈকে অধিকাংশ বুদ্ধৰ মূৰ ইতিমধ্যে ধ্বংস হৈছিল। এই কথা নিশ্চিত নহয় যদিও স্থানীয় লোকসকলে জনোৱা মতে, এই মূৰ্তিসমূহ সাংস্কৃতিক বিপ্লৱৰ সময়ত অথবা সমাধি লুট কৰা লোকসকলৰদ্বাৰা ধ্বংস কৰা হৈছিল। অৱশিষ্ট অক্ষত বুদ্ধৰ মূৰ্তি আৰু ভঙা মূৰ্তিসমূহৰ মূৰসমূহ সংৰক্ষণৰ বাবে লংডং প্ৰাচীন শিল খোদিত শিল্প সংগ্ৰহালয়লৈ স্থানান্তৰ কৰা হৈছে।

গুহাৰ অভ্যন্তৰ

আনডিংছি গুহাসমূহত দুটা কোঠা আছে। সেইকেইটা হৈছে প্ৰৱেশ কোঠা আৰু মুখ্য কোঠা। প্ৰৱেশ কোঠাটো আয়তাকাৰ আৰু ইয়াৰ দেৱাল আৰু স্তম্ভত ৪১২টা বোধিসত্ত্ব আৰু অৰ্হৎ খোদিত কৰা হৈছে। এই খোদিত মূৰ্তিসমূহ মূলতঃ সোঁ আৰু বাওঁ দেৱালত আঠটা শাৰীত অৱস্থিত। অধিকাংশ মূৰ্তি সম্পূৰ্ণ পদ্মাসন বা ললিতাসন ভংগীত আছে। অৱশ্যে বহুতো মূৰ্তিৰ মূৰ নোহোৱা হৈ গৈছে। ইয়াৰ উপৰি সোঁফালৰ দেৱালৰ মূৰ্তিসমূহ প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱত ক্ষয় গৈছে আৰু মূৰ্তিসমূহৰ আকৃতি স্পষ্টভাৱে চিনাক্ত কৰিব নোৱাৰি। প্ৰৱেশ কোঠাটোৰ সন্মুখত দুটা সমমিত শিলৰ স্তম্ভ আছে। প্ৰৱেশ কোঠাটোৰ মুখমণ্ডলত খোদিত এটা পকা পথ মুখ্য কোঠালৈ গৈছে।

গুহাৰ অভ্যন্তৰ
গুহাৰ অভ্যন্তৰছবি: KeruKnowledge · CC BY-SA 4.0

আনডিংছি গুহাসমূহৰ মুখ্য কোঠাটো বৰ্গাকাৰ। ইয়াৰ তিনিখন দেৱালত অৰ্হৎৰ মূৰ্তি খোদিত কৰা হৈছে। অৱশ্যে এই সকলো মূৰ্তিও ক্ষয় গৈছে। মুখ্য কোঠাটোৰ মুখমণ্ডলত দেৱালত অৰ্হৎৰ আঠটা শাৰী খোদিত কৰা হৈছে। মুখমণ্ডলৰ সোঁফালে প্ৰায় ০.২ মিটাৰ ওখ অৰ্হৎৰ ছয়টা শাৰী আছে। এই মূৰ্তিসমূহ বিভিন্ন ভংগীত খোদিত কৰা হৈছে। মুখমণ্ডলৰ সোঁফালে পদ্মাসনত বহি থকা অৰ্হৎৰ আৰু দুটা শাৰী আছে। মুখ্য কোঠাটোৰ বাঁওফালে দুটা শাৰী খোদিত মূৰ্তি আছে। প্ৰতিটো শাৰীত সিংহাসনত পদ্মাসনত বহি থকা পাঁচজনকৈ অৰ্হৎ আছে। সোঁফালৰ দেৱালত মুখমণ্ডলৰ ওচৰৰ অংশত দুটা শাৰী আছে আৰু প্ৰতিটো শাৰীত দুজনকৈ অৰ্হৎ আছে। দেৱালৰ ওপৰৰ অংশত পাঁচটা মূৰ্তি আছে আৰু ইয়াৰে তিনিটা অসম্পূৰ্ণ। দেৱালৰ তলৰ অংশত আৰু চাৰিটা মূৰ্তি আছে। এই মূৰ্তিসমূহ বোধিসত্ত্বৰ বুলি ধৰা হয়। প্ৰৱেশ কোঠাৰ বিপৰীতে মুখ্য কোঠাটোত এটা কেন্দ্ৰীয় বেদীও আছে। এই বেদীত পদ্মাসনত বহি থকা তিনিটা বুদ্ধৰ মূৰ্তি, চাৰিটা অনুচৰ, এটা থিয় হৈ থকা বুদ্ধৰ মূৰ্তি, এটা মৈত্ৰেয় আৰু দুটা বোধিসত্ত্বৰ মূৰ্তি আছে। লংডং প্ৰাচীন শিল খোদিত শিল্প সংগ্ৰহালয়ত সংৰক্ষিত এটা বুদ্ধৰ মূৰ আৰু দুটা মূৰ্তি এই কেন্দ্ৰীয় বেদীৰপৰা অনা হৈছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Dong, Guangqiang; Wei, Wenbin. (August 17, 2010). 甘肃合水安定寺石窟调查简报. 敦煌研究 = Dunhuang Research. পৃ. 48–55
  2. ↑ 国家文物局=National Cultural Heritage Administration. (June 2001). 中国文物地图集: 甘肃分册. 测绘出版社=Surveying and Mapping Press
  3. ↑ Zhang, Baoxi. (2003). 合水平定川石窟群. 陇右文博 = Longyou Wenbo
  4. ↑ Feng, Zhou. (October 2011). 甘肃合水安定寺石窟金代党项人题记考释. 西夏学 = Xixia Studies
  5. ↑ Jingjie, Li. (2013). 陕北宋金石窟题记内容分析. 敦煌研究 = Dunhuang Research

সম্পৰ্কিত শ্ৰেণী

চীনা সাংস্কৃতিক ঐতিহ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনডিংছি গুহাসমূহ” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৩৮ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।