আলফা প্ৰজন্ম (Generation Alpha; সংক্ষিপ্তত জেন আলফা) হৈছে জেড প্ৰজন্ম আৰু পৰৱৰ্তী বিটাৰ মাজৰ জনগাঁথনিগত গোট। ১ গৱেষক আৰু জনপ্ৰিয় সংবাদ মাধ্যমে সাধাৰণতে ২০১০ চনক এই প্ৰজন্মৰ আৰম্ভণিৰ জন্ম বৰ্ষ আৰু ২০২০ চনৰ মাজভাগক শেষৰটো জন্ম বৰ্ষ হিচাপে চিনাক্ত কৰিলেও এই পৰিসৰসমূহ সঠিকভাৱে সংজ্ঞায়িত কৰা হোৱা নাই আৰু উৎসৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হ'ব পাৰে। গ্ৰীক বৰ্ণমালাৰ প্ৰথম আখৰ আলফাৰ নামেৰে নামকৰণ কৰা, আলফা প্ৰজন্ম হৈছে একবিংশ শতিকা আৰু তৃতীয় সহস্ৰাব্দত জন্ম লভা প্ৰজন্ম। আলফা প্ৰজন্মৰ অধিকাংশই হৈছে সহস্ৰাব্দৰ সন্তান।২৩৪৫৬৭
বিশ্বৰ বহু অংশত প্ৰজননৰ হাৰ হ্ৰাস পোৱাৰ সময়ত আলফা প্ৰজন্মৰ জন্ম হৈছে ৮৯ আৰু ল'ৰালিতে ক'ভিড-১৯ মহামাৰীৰ প্ৰভাৱ অনুভৱ কৰিছিল। শিশুৰ মনোৰঞ্জনত ইলেক্ট্ৰনিক প্ৰযুক্তি, ছ'চিয়েল নেটৱৰ্ক, আৰু ষ্ট্ৰীমিং সেৱাৰ প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে, পৰম্পৰাগত টেলিভিছনৰ প্ৰতি আগ্ৰহ সমান্তৰালভাৱে হ্ৰাস পাইছে। শ্ৰেণীকোঠা আৰু জীৱনৰ অন্যান্য দিশত প্ৰযুক্তিৰ ব্যৱহাৰৰ পৰিৱৰ্তনে পূৰ্বৰ প্ৰজন্মৰ তুলনাত এই প্ৰজন্মই কেনেকৈ প্ৰাথমিক শিক্ষণৰ অভিজ্ঞতা লাভ কৰিছে তাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। গৱেষণাৰ অধ্যয়নসমূহে প্ৰকাশ কৰিছে যে স্ক্ৰীণৰ সময়, এলাৰ্জী, আৰু মেদবহুলতাৰ সৈতে জড়িত স্বাস্থ্যজনিত সমস্যাসমূহ ২০১০ চনৰ শেষৰ ফালে ক্ৰমান্বয়ে প্ৰচলিত হৈ পৰিছিল।
পৰিভাষা
সাধাৰণতে এই অভিধাটোৰ বাবে কৃতিত্ব দিয়া প্ৰতিষ্ঠাপক মাৰ্ক মেকক্ৰিণ্ডলে জনোৱা মতে, ২০০৮ চনত অষ্ট্ৰেলিয়াৰ পৰামৰ্শদাতা সংস্থা মেকক্ৰিণ্ডল ৰিচাৰ্চে কৰা এক সমীক্ষাৰ পৰা জেনেৰেচন আলফা নামটোৰ উৎপত্তি হৈছে। ১০ ১১ ২০১৫ চনৰ এক সাক্ষাৎকাৰত মেকক্ৰিণ্ডলে তেওঁৰ দলটো কেনেকৈ এই নামটোত উপনীত হ’ল সেই বিষয়ে বৰ্ণনা কৰিছে:
যেতিয়া মই মোৰ কিতাপ The ABC of XYZ: Understanding the Global Generations (২০০৯ চনত প্ৰকাশিত)ৰ বাবে গৱেষণা কৰি আছিলো তেতিয়াই এইকথা স্পষ্ট হৈ পৰিছিল যে এটা নতুন প্ৰজন্ম আৰম্ভ হ’বলৈ ওলাইছে আৰু ইয়াৰ বাবে কোনো নাম নিৰ্ধাৰণ কৰা হোৱা নাই। গতিকে মানুহে জেডৰ পিছৰ প্ৰজন্মক কি বুলি ভাবিব লাগে সেইটো জানিবলৈ মই এটা জৰীপ কৰিলোঁ (আমি আটাইবোৰেই যিহেতু গৱেষক)। এই জৰীপত বহুকেইটা নামৰ প্ৰস্তাৱ কৰা হৈছিল, ইয়াৰ ভিতৰত 'জেনেৰেচন এ' নামটোৱেই আটাইতকৈ বেছি উল্লেখ কৰা হৈছিল। অৱশ্যে জেনেৰেচন আলফাৰো কিছু উল্লেখ আছিল। সেয়েহে মই সিদ্ধান্ত লৈছিলো যে এই অধ্যয়নৰ অধ্যায়ৰ শিৰোনাম ৰখা হ'ল- 'বিয়ণ্ড জেড: মিট জেনেৰেচন আলফা'। লেটিনৰ সলনি গ্ৰীক বৰ্ণমালা ব্যৱহাৰ কৰাৰ বৈজ্ঞানিক নামকৰণৰ লগত খাপ খুৱাই লোৱাৰো এক যুক্তিযুক্ততা আছিল আৰু এ-লৈ উভতি যোৱাৰ কোনো কাৰণেই নাছিল। যিহেতু তেওঁলোক সম্পূৰ্ণৰূপে একবিংশ শতিকাত জন্মগ্ৰহণ কৰা প্ৰথম প্ৰজন্ম গতিকে তেওঁলোক কিবা এটা নতুনৰ আৰম্ভণি, ইয়াৰপৰা উভতি যোৱাৰ কথাই নাথাকে। ১২
২০২০ আৰু ২০২১ চনত কোনো-কোনোৱে আশা কৰিছিল যে ক'ভিড-১৯ মহামাৰীৰ বিশ্বব্যাপী প্ৰভাৱ এই প্ৰজন্মৰ সংজ্ঞায়িত পৰিঘটনা হৈ পৰিছে, যাৰ ফলত মহামাৰীৰ সময়ত জন্ম হোৱা, বা মহামাৰীৰ সময়ত ডাঙৰ হোৱাসকলৰ বাবে হয় জেনেৰেচন চি বা "ক'ৰ'নিয়ালছ" নামটো দিয়া হ'ব। ১৩ ১৪ ১৫ ১৬ কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ৰমবৰ্ধমান ভূমিকাৰ পোহৰত এই প্ৰজন্মক "জেনেৰেচন এআই" বুলিও কোৱা হৈছে। ১৭ ১৮
মনোবিজ্ঞানী জিন টোৱেঞ্জে ২০১০ আৰু ২০২০ চনৰ ভিতৰত আমেৰিকাৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক মেৰুকৰণৰ লগতে মেৰু অঞ্চলৰ স্তূপিত বৰফ গলি যোৱা, ঘটনা জলবায়ু পৰিৱৰ্তনৰ চিন স্বৰূপে এই গোটটোক "প'লাৰছ" বুলি অভিহিত কৰিছিল। ১৯
তাৰিখ আৰু বয়সৰ পৰিসৰৰ সংজ্ঞা
জেনেৰেচন আলফাৰ জন্ম বছৰক লৈ এতিয়াও কোনো একমত হোৱা নাই। এই শব্দটোৰ উদ্ভাৱন কৰা মেকক্ৰিণ্ডলে ২০১০–২০২৪ ২০ ব্যৱহাৰ কৰিছে আৰু আন কিছুমান উৎসেও ইয়াকে অনুসৰণ কৰিছে, ২১ ২২ ইয়াৰোপৰি ২০১০–২০২৫ ২৩ বা ২০১১–২০২৫ চনৰ দৰে তাৰতম্যও আছে। ২৪ আন কিছুমানে ইয়াতকৈ চুটি পৰিসৰো ব্যৱহাৰ কৰিছে, যেনে ২০১১–২০২১ ২৫ বা ২০১৩–২০২১। ২৬
আন উৎসসমূহে, যদিও তেওঁলোকে প্ৰজন্ম আলফাৰ বাবে এটা পৰিসৰ নিৰ্দিষ্ট কৰা নাই, ২০১০, ২৭ ২০১২, ২৮ ২৯ ৩০ বা ২০১৩ চনৰ জেডৰ বাবে শেষ বছৰ নিৰ্দিষ্ট কৰিছে, ৩১ ইয়াৰ অৰ্থ হৈছে যে ইয়াৰ পিছত আৰম্ভ হোৱা বছৰ হিচাপে ২০১০ চনেই জেনেৰেচন আলফাৰ বাবে আৰম্ভণি বছৰ হ'ব।
জনগাঁথনি
২০১৫ চনলৈকে সমগ্ৰ বিশ্বতে প্ৰতি সপ্তাহত প্ৰায় ডেৰ লাখ লোকৰ জন্ম হৈছিল; ২০২৫ চনৰ ভিতৰত আলফা প্ৰজন্মটো প্ৰায় দুই বিলিয়ন হ'ব বুলি আশা কৰা হৈছিল ৩২ তুলনামূলকভাৱে ৰাষ্ট্ৰসংঘই অনুমান কৰিছিল যে ২০২০ চনত মানৱ জনসংখ্যা প্ৰায় ৭.৮ বিলিয়ন আছিল, যিটো ১৯৫০ চনত ২.৫ বিলিয়ন আছিল। ২০২০ চনৰ হিচাপত ইয়াৰে প্ৰায় তিনি চতুৰ্থাংশ লোক আফ্ৰিকা আৰু এছিয়াত বাস কৰে, ৩৩ ইয়াৰ পৰাই বৰ্ধমান জনসংখ্যাৰ অধিকাংশই আহিছে, কিয়নো ইউৰোপ আৰু আমেৰিকান সকলৰ নিজৰ ঠাইত ল'ৰা-ছোৱালীৰ সংখ্যা অতি কম হোৱাৰ প্ৰৱণতা থাকে। ৩৪

অৰ্থনৈতিক ধাৰা আৰু সম্ভাৱনা
একবিংশ শতিকাৰ আৰম্ভণিতে সম্পদৰ বৈষম্য তীব্ৰতৰ হোৱাৰ প্ৰভাৱ পৰৱৰ্তী প্ৰজন্মত দেখা যাব বুলি আশা কৰা হৈছে, কাৰণ অভিভাৱকৰ আয় আৰু শিক্ষাৰ স্তৰ শিশুৰ সফলতাৰ সৈতে ইতিবাচকভাৱে সম্পৰ্কিত।৩৫ আমেৰিকাত সৰ্বাধিক আয়ৰ কুইণ্টাইলৰ পৰিয়ালৰ শিশোৱে বিবাহিত পিতৃ-মাতৃৰ সৈতে বাস কৰাৰ সম্ভাৱনা বেছি (২০১৮ চনত ৯৪%), তাৰ পিছতে মধ্যবিত্ত শ্ৰেণীৰ সন্তান (৭৪%) আৰু তলৰ কুইণ্টাইল (৩৫%)।৩৬
শিক্ষা
বিশ্ব বেংকৰ তথ্য অনুসৰি বিশ্বৰ বহু উন্নয়নশীল দেশত বৃহৎ সংখ্যক শিশোৱে দহ বছৰ বয়সলৈকে নিজৰ জাতীয় ভাষাত এটা সাধাৰণ পাঠ্য অংশ পঢ়িব পৰা নাছিল। কংগো, ফিলিপাইনছ, আৰু ইথিওপিয়াত ৮০%তকৈ অধিক শিশু এই শ্ৰেণীৰ অন্তৰ্ভুক্ত আছিল। ভাৰত আৰু ইণ্ডোনেছিয়াত এই হাৰ আছিল প্ৰায় ৫০%। চীন আৰু ভিয়েটনামত সংশ্লিষ্ট সংখ্যা ২০%ৰ তলত আছিল।৩৭
বাহ্যিক সংযোগসমূহ
- Why your smartphone is irresistible (and why it's worth trying to resist). Psychologist Adam Alter on the PBS Newshour. April 21, 2017.
- The Power of Play: A Pediatric Role in Enhancing Development in Young Children. Michael Yogman, Andrew Garner, Jeffrey Hutchinson, Kathy Hirsh-Pasek, Roberta Michnick Golinkoff. Committee on Psychosocial Aspects of Children and Family Health, Council on Communications and Media, American Academy of Pediatrics. September 2018.
- A 'million word gap' for children who aren't read to at home. Jessica A. R. Logan, Laura M. Justice, Melike Yumuş, Leydi Johana Chaparro-Moreno. Journal of Developmental & Behavioral Pediatrics. April 4, 2019.
- Population pyramids of the EU-27 without France and of France in 2020. Population pyramids of the developed world without the U.S. and of the U.S. in 2030. Zeihan on Geopolitics.
তথ্যসূত্ৰ
- ↑ Cross, Greta. Welcome Gen Beta: A new generation of humanity starts in 2025. USA TODAY
- ↑ Cross, Greta. Welcome Gen Beta: A new generation of humanity starts in 2025. USA TODAY
- ↑ Shaw Brown, Genevieve. (February 17, 2020). After Gen Z, meet Gen Alpha. What to know about the generation born 2010 to today
- ↑ Perano, Ursula. (August 8, 2019). Meet Generation Alpha, the 9-year-olds shaping our future
- ↑ Carter, Christine Michel. The Complete Guide To Generation Alpha, The Children Of Millennials. Forbes
- ↑ Lavelle, Daniel. (January 4, 2019). Move over, millennials and Gen Z – here comes Generation Alpha
- ↑ Kircher, Madison Malone. (8 November 2023). Gen Alpha Is Here. Can You Understand Their Slang?. The New York Times
- ↑ Gallagher, James. (February 15, 2020). Fertility rate: 'Jaw-dropping' global crash in children being born. BBC
- ↑ Bricker, Darrell. (June 15, 2021). Bye, bye, baby? Birthrates are declining globally – here's why it matters. World Economic Forum
- ↑ Pinsker, Joe. (February 21, 2020). Oh No, They've Come Up With Another Generation Label. The Atlantic
- ↑ McCrindle; Wolfinger, Emily. (2009). The ABC of XYZ: Understanding the Global Generations. পৃ. 199–212. ISBN 978-1-74223-035-1 See excerpt "Why we named them Gen Alpha"
- ↑ (September 22, 2015). Generation Alpha: Mark McCrindle Q & A with the New York Times. mccrindle.com.au Quote is an outtake from the New York Times story
- ↑ Yancey-Bragg, N'dea. (May 3, 2020). Coronavirus will define the next generation: What experts are predicting about 'Generation C'. USA TODAY
- ↑ Yong, Ed. (March 25, 2020). How the Pandemic Will End. The Atlantic
- ↑ Shoichet, Catherine E. (March 11, 2021). Meet Gen C, the Covid generation. CNN
- ↑ Words We're Watching: 'Coronial'. www.merriam-webster.com
- ↑ Owyoung, Palmer. (May 23, 2023). Generation AI Part 1- Why We Should be More Afraid of Techno-Oligarchs than a Rogue AI (for now)
- ↑ Generation AI | UNICEF Office of Innovation. www.unicef.org
- ↑ Twenge. (2023). Generations: The Real Differences Between Gen Z, Millennials, Gen X and Silents—and What They Mean for America's Future. Atria Books. ISBN 978-1-9821-8161-1
- ↑ (2022-07-06). Understanding Generation Alpha. mccrindle.com.au
- ↑ Marketing to Generation Alpha, the Newest and Youngest Cohort. www.ana.net
- ↑ Dedczak, Michele. (2021-11-17). Everything You Need to Know About Generation Alpha—The Children of Millennials. www.mentalfloss.com
- ↑ Carter, Christine Michel. The Complete Guide To Generation Alpha, The Children Of Millennials. Forbes
- ↑ Lavelle, Daniel. (January 4, 2019). Move over, millennials and Gen Z – here comes Generation Alpha
- ↑ (28 June 2022). 2021 Census shows Millennials overtaking Boomers · Australian Bureau of Statistics. www.abs.gov.au
- ↑ Government of Canada, Statistics Canada. (27 April 2022). A generational portrait of Canada's aging population from the 2021 Census. www12.statcan.gc.ca
- ↑ Carter, Christine Michel. The Complete Guide To Generation Alpha, The Children Of Millennials. Forbes
- ↑ Dimmock, Michael. (January 17, 2019). Defining generations: Where Millennials end and post-Millennials begin. Pew Research Center
- ↑ Hecht, Evan. What years are Gen X? Here's the full list of when each generation was born.. USA TODAY
- ↑ Frey, William H. (30 July 2020). Now, more than half of Americans are millennials or younger. Brookings
- ↑ Bennett, Neil; Hays, Donald; Sullivan, Briana. (August 1, 2022). 2019 Data Show Baby Boomers Nearly 9 Times Wealthier Than Millennials. United States Census Bureau
- ↑ Williams, Alex. (September 19, 2015). Meet Alpha: The Next 'Next Generation'
- ↑ Barry, Sinead. (June 19, 2019). Fertility rate drop will see EU population shrink 13% by year 2100; active graphic
- ↑ AFP. (November 10, 2018). Developing nations' rising birth rates fuel global baby boom
- ↑ Miller, Claire Cain; Bui, Quoctrung. (February 27, 2016). Equality in Marriages Grows, and So Does Class Divide. The New York Times
- ↑ Reeves, Richard V.; Pulliam, Christopher. (March 11, 2020). Middle class marriage is declining, and likely deepening inequality. Brookings Institution
- ↑ (January 26, 2023). Most children in poor countries are being failed by their schools. The Economist
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলফা প্ৰজন্ম” প্ৰবন্ধৰ সংশোধন ৬৩১২১৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।