১৯৮০ৰ পৰা ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কোনো আনুষ্ঠানিক সম্পৰ্ক নাই। পাকিস্তানে আমেৰিকা যুক্তৰাষ্ট্ৰত ইৰানৰ ৰক্ষক শক্তি ৰূপে কাম কৰে আৰু চুইজাৰলেণ্ডে সেই ভূমিকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ইৰানত পালন কৰে। পাকিস্তানৰ ৱাশ্বিংটন ডিচি স্থিত দূতাবাদৰ ইৰান ইণ্টাৰেষ্টছ চেক্সনৰ মাধ্যমেৰে সম্পৰ্ক ৰখা হয়,১ তেহৰাণ স্থিত চুইচ দূতাবাসৰ ইউ এছ ইণ্টাৰেষ্টছ চেক্সনৰ দৰে।২ ইৰানৰ সৰ্বোচ্চ নেতা আলি খামেনেই ২০১৮ত আমেৰিকা যুক্তৰাষ্ট্ৰৰে প্ৰত্যক্ষ বাৰ্তালাপত নিষিদ্ধ ঘোষণা কৰিলে।৩
দুয়োখন দেশৰ সম্পৰ্কৰ ইতিহাস
দুই দেশৰ মাজৰ সম্পৰ্কৰ আৰম্ভণি ঘটিছিল ১৯ শতিকাৰ মাজ ভাগত। ব্ৰিটিছ আৰু ৰুছক সন্দেহ কৰা ইৰানে আমেৰিকা যুক্তৰাষ্ট্ৰক এক নিৰ্ভৰশীল বিদেশী মিত্ৰৰ ৰূপত চাইছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বন্ধু ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ছ'ভিয়েট সংঘই ইৰান দখল কৰিলেও যুদ্ধৰ পাছত সম্পৰ্ক ভালেই আছিল। মহম্মদ মচাদ্দেঘৰ শাসনৰ শেষৰ ফালৰপৰাহে সম্পৰ্ক বেয়া হ'বলৈ ধিৰিলে- আমেৰিকী সমৰ্থিত সামৰিক অভ্যুত্থানত তেখেতৰ শাসন সমাপ্ত হ'ল। তাৰ পাছৰ মহম্মদ ৰেজা পহ্লৱিৰ শাসনত সম্পৰ্ক ভাল হ'ল, কিন্তু ইৰানীয় বিপ্লৱ (১৯৭৯)ৰ পাছত পুনৰ সহমত স্থাপন হোৱাত অসুবিধাৰ সৃষ্টি হ'ল।৪ সেই সময়ত ইৰান আৰু আমেৰিকা যুক্ত ৰাষ্ট্ৰ বন্ধু ৰাষ্ট্ৰ আছিল।৫৬৭
সম্পৰ্কৰ অৱনতিৰ কাৰণ
সম্পৰ্কৰ অৱনতিৰ কেইবাটাও কাৰণ অনেকে উল্লেখ কৰে। ইৰানৰ ফৈদৰপৰা ইছলামীয় বিপ্লৱ আৰু আমেৰিকী অহংকাৰৰ মাজৰ বিৰোধৰ কথা কোৱা হয়।৮ বিশ্ব শক্তি হোৱাৰ ইচ্ছাৰ কথাও কোৱা হয়।৯ আন এক কাৰণ এনে হ'ব পাৰে যে ইৰানৰ চৰকাৰক নিজৰ দেশৰ ভিতৰৰেই গণতান্ত্ৰিক শক্তিত বিশ্বাস ৰখাসকলক দমন কৰিবলৈ এক বাহিৰা 'ভয়ানক শত্ৰু'ৰ ধাৰণাৰ প্ৰয়োজন।১০
অৰ্থনৈতিক বাধা
১৯৯৫ৰপৰাই আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰানৰ বিৰুদ্ধে অৰ্থনৈতিক বাধা অব্যাহত ৰাখিছিল।১১ ২০১৫ চনৰ আমেৰিকাৰ 'জইণ্ট কম্প্ৰেহেন্সিভ প্লেন অৱ এক্সন'ৰ বাবে কৰা বাৰ্তালাপৰ পাছত ২০১৬ চনত ইৰান নিজৰ পৰমাণৱিক অস্ত্ৰ ৰখাৰ ক্ষমতাক শেষ কৰিবলৈ সন্মত হ'ল। তাৰ পাছত ইৰানৰ ওপৰত প্ৰয়োগ কৰা বাধাৰ অন্ত পৰিল।১২১৩ পিচে ট্ৰাম্প প্ৰশাসনে ২০১৮ চনত পুনৰ বাধা দিয়া আৰম্ভ কৰিলে।
জনপ্ৰিয় ধাৰণা
২০১৩ চনৰ বিবিচি ৱৰ্ল্ড চাৰ্ভিচ প'ল অনুযায়ী- ৫% আমেৰিকানে ইৰানৰ প্ৰভাৱক ধনাত্মক গণ্য কৰে, ৮৭%ই ঋণাত্মক গণ্য কৰে। ই ইৰানৰ প্ৰতি থকা সবাতোকৈ প্ৰতিকূল ধাৰণা, সমগ্ৰ বিশ্বৰ তুলনাত।১৪ তাৰ বিপৰীতে, গৱেষণা অনুযায়ী, ইৰানৰ লোকে সাধাৰণতে আমেৰিকাৰ মানুহক ভাল গণ্য কৰে, পিচে আমেৰিকাৰ চৰকাৰক নকৰে।১৫১৬ ২০১৮ চনৰ ডিচেম্বৰৰ ইৰানপ'লৰ সমীক্ষা অনুযায়ী, ১৫.২% ইৰানীয়ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি ধনাত্মক ভাৱ ৰাখে আৰু ৮১.৪% লোকে ঋণাত্মক ভাৱ ৰাখে।১৭ ২০১৮ চনৰ পিৱ প'ল অনুযায়ী ৩৯% আমেৰিকানে ইৰানৰ শক্তি আৰু প্ৰভাৱক বাধিত কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ বিদেশ নীতি প্ৰাথমিকতাৰ অন্যতম হ'ব লাগে বুলি গণ্য কৰে।১৮
সম্পৰ্কৰ উন্নতি
দুয়ো দেশৰ স্বাৰ্থ যেতিয়া একে হয়, তেতিয়া দুয়ো দেশৰ মাজত উন্নত সম্পৰ্ক দেখা যায়, যেনে চুন্নী অস্ত্ৰধাৰী বিৰোধী বিষয়ত।১৯
তথ্যসূত্ৰ
- ↑ Archived copy
- ↑ Embassy of Switzerland in Iran - Foreign Interests Section, Swiss Federal Department of Foreign Affairs (page visited on 4 April 2015)
- ↑ Iran's Khamenei bans holding direct talks with United States: TV
- ↑ Bayor, Ronald H. (2011). Multicultural America: An Encyclopedia of the Newest Americans (Vol. 2). ABC-CLIO. পৃ. 1097. ISBN 9780313357862
- ↑ Jenkins, Philip (2006). Decade of Nightmares: The End of the Sixties and the Making of Eighties America: The End of the Sixties and the Making of Eighties America page 153. Oxford University Press, USA
- ↑ Little, Douglas (2009). American Orientalism: The United States and the Middle East since 1945. page 145. Univ of North Carolina Press
- ↑ Murray, Donette (2009). US Foreign Policy and Iran: American–Iranian Relations Since the Islamic Revolution page 8. Routledge
- ↑ Q&A With the Head of Iran's New America's Desk online.wsj.com APRIL 1, 2009
- ↑ Reading Khamenei: The World View of Iran's Most Powerful Leader, by Karim Sadjadpour March 2008 p.20
- ↑ The New Republic, Charm Offensive by Laura Secor April 1, 2009
- ↑ History of Iran: Islamic Revolution of 1979
- ↑ Iran Complies With Nuclear Deal; Sanctions Are Lifted
- ↑ With Iran Nuclear Deal Implemented, What Happens Next?
- ↑ 2013 World Service Poll BBC News
- ↑ Shahghasemi, E., Heisey, D. R., & Mirani, G. (October 01, 2011). "How do Iranians and U.S. Citizens perceive each other: A systematic review." Journal of Intercultural Communication, 27
- ↑ Shahghasemi, E., & Heisey, D. R. (January 01, 2009). "The Cross-Cultural Schemata of Iranian-American People Toward Each Other: A Qualitative Approach." Intercultural Communication Studies, 18, 1, 143–160
- ↑ (February 8, 2019). State of Iran Survey Series. IranPoll
- ↑ (29 November 2018). U.S. Foreign Policy Views by Political Party
- ↑ The Middle East and North Africa 2003, eur, 363, 2002
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ সম্বন্ধ” প্ৰবন্ধৰ সংশোধন ৬৩০০৮৫ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।