অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট

ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট ভাৰতৰ ৰাজধানী নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা এখন মান্যতাবিহীন প্ৰতিষ্ঠান, সমগ্ৰ দেশ জুৰি ১৮টা শাখা আছিল। প্ৰতিষ্ঠানখন মিছা বিজ্ঞাপন আৰু প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ বাবে বহুলভাবে সমালোচিত হৈছে।

হালনাগাদ: ২৩ জানুৱাৰী ২০২৬ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট ভাৰতৰ ৰাজধানী নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা এখন মান্যতাবিহীন প্ৰতিষ্ঠান, সমগ্ৰ দেশ জুৰি ১৮টা শাখা আছিল।১ প্ৰতিষ্ঠানখন মিছা বিজ্ঞাপন আৰু প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ বাবে বহুলভাবে সমালোচিত হৈছে।২ বিভিন্ন বিবাদৰ পিছত প্ৰতিষ্ঠানখনৰ অনাৰেৰী ডীন অৰিন্দম চৌধুৰীয়ে দিল্লীৰ বাবে আন সকলো কেম্পাচ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয়।৩ ১৯৭৩ চনত স্থাপন হোৱা প্ৰতিষ্ঠানখনে ৰাষ্ট্ৰীয় অৰ্থনীতি, পৰিকল্পনা আৰু উদ্যমিতা বিষয়ত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট পাঠ্যক্ৰম৪৫ তথা আন্তঃৰাষ্ট্ৰীয় আৰু ফেলোশ্বিপ কাৰ্যক্ৰম আগবঢ়াই আহিছে। ইয়াৰ কাৰ্যকৰী শিক্ষা কৰ্মসূচীৰ ভিতৰত আছে বিভিন্ন ক্ৰেডিটবিহীন পাঠ্যক্ৰম আৰু বিদেশৰ বাণিজ্য স্কুলবোৰৰ পৰিদৰ্শন। IMPS বিশ্ববিদ্যালয় অনুদান আয়োগ বা অল ইণ্ডিয়া কাউঞ্চিল ফৰ টেকনিকেল এডুকেচনৰ (AICTE) দ্বাৰা মান্যতাপ্ৰাপ্ত অথবা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নহয়।

IIMP বিজ্ঞাপন বিতৰ্কত জড়িত হৈ পৰিছিল। বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু অল ইণ্ডিয়া কাউঞ্চিল ফৰ টেকনিকেল এডুকেচন (AICTE) বাৰেবাৰে ৰাজহুৱা জাননী জাৰি কৰি জনাইছিল যে এই প্ৰতিষ্ঠানখনক তেওঁলোকে কোনো মান্যতা প্ৰদান কৰা নাই আৰু সেয়েহে প্ৰতিষ্ঠানখনে আগবঢ়োৱা কাৰিকৰী কাৰ্যক্ৰম তেওঁলোকে অবৈধ বুলি বিবেচনা কৰে।৬ ইয়াৰ প্ৰত্যুত্তৰত জনায় যে প্ৰতিষ্ঠানখনে IIPM-এ কোনো ধৰণৰ ডিগ্ৰী প্ৰদান নকৰে। এতেকে ই কোনো বিশ্ববিদ্যালয় নহয়।৭ ১৯১৪ চনত দিল্লী উচ্চ ন্যায়ালয়ে ছাত্ৰসকলক বিভ্ৰান্ত কৰাৰ বাবে IIPMক ভৰ্ৎসনা কৰে আৰু প্ৰতিষ্ঠানখন আগবঢ়োৱা কাৰ্যক্ৰমৰ বিৱৰণীত এম.বি.এ, বি.বি.এ, মেনেজমেণ্ট কোৰ্চ, বি-স্কুল আদি শব্দগুচ্ছ প্ৰয়োগ কৰাত সংযত হ’বলৈ আদেশ দিয়ে।৮

২০১৫ৰ জুলাইত IIPM-এ ঘোষণা কৰে যে তেওঁলোকে পোনপতীয়াকৈ আগবঢ়োৱা সকলো শৈক্ষিক কৰ্মসূচী তথা দিল্লীৰ বাহিৰৰ সকলো কেম্পাচ বন্ধ কৰি দিব আৰু কেবল দিল্লীতহে গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চলাই ৰাখিব।৯১০

বিবাদ

ৱিকিপিডিয়াৰ সৈতে সংঘাত

IIPM –এ প্ৰচাৰমূলক উদ্দেশ্যত প্ৰতিষ্ঠানটোৰ সম্বন্ধে ইংৰাজী ৱিকিপিডিয়াত থকা সমালোচনামূলক তথ্য আৰু প্ৰবন্ধৰ বিস্তৰ সাল-সলনি কৰিবলৈ পেইড সম্পাদকৰ নিযুক্তি দিয়াৰ অভিযোগ আছে। এই সংক্ৰান্তত WIfione নামেৰে এজন সদস্যক এনে কাৰ্যকলাপত লিপ্ত থকা বুলি চিনাক্ত কৰা হৈছিল, যিয়ে IIMP বিষয়ক প্ৰবন্ধটো নিৰিক্ষণ কৰি থাকিছিল আৰু প্ৰতিষ্ঠানখন সম্বন্ধে ইয়াত থকা সমালোচনামূলক তথ্যসমূহ আঁতৰাই দিছিল। Wifione-এ প্ৰথমে অন্যান্য সদস্যসকলৰ বিশ্বাস অৰ্জন কৰি ইংৰাজী ৱিকিৰ প্ৰশাসকলৈ উন্নিত হৈছিল আৰু ইয়াৰ সুবিধা লৈ তেনেকুৱা কাৰ্যকলাপ পূৰ্ণোদ্যমে চলাই গৈছিল। IIMP বিষয়ক প্ৰবন্ধত বিস্তৰ সাল-সলনি ঘটোৱা সম্পৰ্কীয় আলোচনাত নিজৰ সপক্ষে যুক্তি ঠিয় কৰাবলৈ Wifione-এ কমপক্ষেও ৬০টা চকপাপেট একাউণ্ট খুলি লৈছিল। IIPM-ৰ এই কৌশলৰ প্ৰভাৱ ৱিকিপিডিয়া জিৰ’ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ পিছত আৰু বিস্তৃত হৈছিল। ৱিকিপিডিয়া জিৰ’ কাৰ্যক্ৰমে ভাৰতকে ধৰি উন্নয়নশীল দেশবোৰত মোবাইল ফোনত ৱিকিপিডিয়া চাইট নিঃশুল্কভাবে একচেচ্ কৰাৰ সুবিধা দিছিল আৰু যাৰবাবে বহুসংখ্যক পঢ়ুৱৈয়ে ৱিকিত IIMP-ৰ পক্ষপাতদুষ্ট প্ৰবন্ধটো পঢ়িব পাইছিল। ২০১৫ত ৱিকিপিডিয়াৰ আৰ্বিট্ৰেচন কমিটিয়ে Wifioneক নিষিদ্ধ কৰে।১১১২

তথ্যসূত্ৰ

  1. ↑ FIR Filed Against IIPM Dean Arindam Chaudhuri; Accused Of 'Misleading, Cheating, Fooling' Students. The Huffington Post (India). Times Internet Limited
  2. ↑ IIPM – Best only in claims?. Careers360 (India). Careers360 Limited
  3. ↑ IIPM to shut down all campuses October onwards. The Business Standard (India). Business Standard Private Limited
  4. ↑ (7 April 2010). An Intriguing Story of Growth and Envy. The Pioneer. CMYK Printech Ltd
  5. ↑ Unknown. Partner Universities. The Indian Institute of Planning and Management
  6. ↑ Chopra, Ritika. (17 February 2013). UGC, AICTE full of bribe-seeking corrupt officials, says IIPM. India Today. Living Media India Limited
  7. ↑ Saraswathy, M. (23 February 2013). IIPM dares to take on the regulators. Business Standard. Business Standard Ltd
  8. ↑ Apoorva. (27 September 2014). High court censures IIPM, Arindam Chaudhuri for misleading students. Livemint.com
  9. ↑ IIPM notice. Iipm.edu
  10. ↑ M Saraswathy. (2015-07-02). IIPM to shut down all campuses October onwards. Business Standard
  11. ↑ Soman, Sandhya. (12 January 2014). Wiki-paid-y a?
  12. ↑ (24 March 2015). Manipulating Wikipedia to Promote a Bogus Business School. Newsweek.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট” প্ৰবন্ধৰ সংশোধন ৫৭০৯৬৩ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।