অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আমূল কন্যা

ভাৰতীয় দুগ্ধ উৎপাদনকাৰী আমূলৰ দ্বাৰা বিজ্ঞাপনত ব্যৱহৃত সৌভাগ্যৰ প্ৰতীক হৈছে, এগৰাকী আমূল কন্যাৰ ছবি। এই প্ৰতীকটো নীলা চুলি আৰু আধা বেণী বান্ধি থোৱা ৰঙা ফুটফুটীয়া ফ্ৰক পিন্ধা এজনী ভাৰতীয় ছোৱালীৰ হাতেৰে অংকন কৰা এটা কাৰ্টুন আমুল কন্যাৰ বিজ্ঞাপনক ইয়াৰ হাস্যৰসৰ বাবে প্ৰায়ে ভাৰতীয় বিজ্ঞাপনৰ অন্যতম…

হালনাগাদ: ১১ নৱেম্বৰ ২০২৪ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় দুগ্ধ উৎপাদনকাৰী আমূলৰ দ্বাৰা বিজ্ঞাপনত ব্যৱহৃত সৌভাগ্যৰ প্ৰতীক হৈছে, এগৰাকী আমূল কন্যাৰ ছবি। এই প্ৰতীকটো নীলা চুলি আৰু আধা বেণী বান্ধি থোৱা ৰঙা ফুটফুটীয়া ফ্ৰক পিন্ধা এজনী ভাৰতীয় ছোৱালীৰ হাতেৰে অংকন কৰা এটা কাৰ্টুন১ আমুল কন্যাৰ বিজ্ঞাপনক ইয়াৰ হাস্যৰসৰ বাবে প্ৰায়ে ভাৰতীয় বিজ্ঞাপনৰ অন্যতম শ্ৰেষ্ঠ ধৰণ হিচাপে ধৰা হয়।২

উৎপত্তি

আমূলৰ প্ৰতিদ্বন্দ্বী ব্ৰেণ্ড পলছনৰ বাটাৰ-গাৰ্লৰ প্ৰতি সঁহাৰি জনাই সৃষ্টি কৰা হৈছিল আমূল কন্যাৰ। ১৯৬৭ চনত এ এছ পি (বিজ্ঞাপন, বিক্ৰী আৰু প্ৰচাৰ)এ পূৰ্বৰ এজেন্সী এফ চি বি উলকাৰ পৰা ব্ৰেণ্ড পৰ্টফলিঅ’ দখল কৰাৰ পিছত এই ধাৰণাটোৰ পৰিকল্পনা কৰা হৈছিল। ইয়াক এজেন্সীৰ মালিক চিলভেষ্টাৰ ডা কুনহা আৰু তেওঁৰ কলা পৰিচালক ইউষ্টেচ ফাৰ্নাণ্ডেছে মুম্বাইত হৰ্ডিং, মটৰ গাড়ীৰ বাহিৰত আৰু পোষ্টাৰ হিচাপে প্ৰয়োগ কৰিছিল। তেতিয়াৰ পৰাই এই প্ৰতীকটো ১৯৭৬ চনত ভাৰতত হোৱা জৰুৰীকালীন অৱস্থাৰ দৰে ৰাষ্ট্ৰীয় আৰু ৰাজনৈতিক গুৰুত্বপূৰ্ণ বহু পৰিঘটনাৰ ওপৰত মন্তব্য দিবলৈ সাজু কৰা হয়।৩

বিকাশ

১৯৬৬ চনত আমূলে তেওঁলোকৰ বিজ্ঞাপন অভিযানত কাম কৰিবলৈ বিজ্ঞাপন সংস্থা এডভাৰটাইজিং এণ্ড চেলছ প্ৰমোচন (ASP)ক তেওঁলোকৰ একাউণ্ট দিয়াৰ সিদ্ধান্ত লয়। সংস্থাটোৰ পৰিচালন সঞ্চালক “ডা কুনহা’’ আৰু কলা পৰিচালক “ইউষ্টেচ ফাৰ্নাণ্ডেজ’’এ দেশৰ প্ৰতিগৰাকী গৃহিণীৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ কিবা এটা সৃষ্টি কৰাৰ সিদ্ধান্ত লয়।৪ তেতিয়াৰ গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচন লিমিটেড (জিচিএমএমএফ)ৰ অধ্যক্ষ ভাৰ্গিজ কুৰিয়েনএ দুটা প্ৰয়োজনীয়তাৰে এজনী দুষ্ট কণমানি ছোৱালীক মাস্কট হিচাপে ল’বলৈ পৰামৰ্শ দিছিল; ইয়াক অংকন কৰাটো সহজ আৰু আকৰ্ষণীয় হ'ব লাগিছিল, কিয়নো বিজ্ঞাপন প্ৰয়োগৰ বেছিভাগেই বাহিৰৰ মাধ্যম আছিল, যিবোৰত সেই সময়ত হাতেৰে ছবি আঁকিবলগীয়া হৈছিল আৰু হৰ্ডিংবোৰ সঘনাই সলনি কৰিবলগীয়া হৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ Naqvi, Hena. (2007). Journalism And Mass Communication. Upkar Prakashan, 2007. পৃ. 220 pages 220 pages 220. ISBN 9788174821089
  2. ↑ (Apr 14, 2011). Kerala CM's 'Amul Baby' Dig at Rahul Inspires Amul Ad. Outlook India
  3. ↑ Transmission System Design. Nirali Prakashan. ISBN 81-85790-96-5
  4. ↑ Amul.TV:: The Taste of India
  5. ↑ (Oct 5, 2007). The Amul girl. Economic Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমূল কন্যা” প্ৰবন্ধৰ সংশোধন ৪৪৩৮৯৮ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।