অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ইজিপ্তত ধৰ্ষণ

ইজিপ্তত ধৰ্ষণ কৰাটো এটা অপৰাধমূলক অপৰাধ আৰু ইয়াৰ শাস্তি আজীৱন কাৰাদণ্ডৰ পৰা আৰম্ভ কৰি মৃত্যুদণ্ডলৈকে হয়। বৈবাহিক ধৰ্ষণ বৈধ। ২০০৮ চনৰ ভিতৰত ৰাষ্ট্ৰসংঘই ইজিপ্তৰ স্বৰাজ মন্ত্ৰালয়ৰ হিচাপ উদ্ধৃত কৰে যে, প্ৰতি বছৰে ২০,০০০ ধৰ্ষণ সংঘটিত হয়, যদিও সমাজকৰ্মী এংগি ঘোজলান (ECWR)ৰ মতে, স্বৰাজ মন্ত্ৰালয়ে…

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ১,২৫২ শব্দ · ৭ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ইজিপ্তত ধৰ্ষণ কৰাটো এটা অপৰাধমূলক অপৰাধ আৰু ইয়াৰ শাস্তি আজীৱন কাৰাদণ্ডৰ পৰা আৰম্ভ কৰি মৃত্যুদণ্ডলৈকে হয়। বৈবাহিক ধৰ্ষণ বৈধ।১ ২০০৮ চনৰ ভিতৰত ৰাষ্ট্ৰসংঘই ইজিপ্তৰ স্বৰাজ মন্ত্ৰালয়ৰ হিচাপ উদ্ধৃত কৰে যে, প্ৰতি বছৰে ২০,০০০ ধৰ্ষণ সংঘটিত হয়, যদিও সমাজকৰ্মী এংগি ঘোজলান (ECWR)ৰ মতে, স্বৰাজ মন্ত্ৰালয়ে দিয়া পৰিসংখ্যাতকৈ ধৰ্ষণৰ সংখ্যা ১০ গুণ বেছি, যাৰ ফলত বছৰি ২ লাখ ধৰ্ষণ হয়।২ ম’না এলটাহ’য়ো একেটা সংখ্যা (২ লাখ) লক্ষ্য কৰিছে আৰু লগতে কয় যে, এইটো বিপ্লৱৰ আগৰ কথা।

ইজিপ্তত ধৰ্ষণ হৈছে উৎসৱ আৰু ইজিপ্তৰ প্ৰতিবাদৰ সময়ত আৰু ইয়াৰ ভিতৰত মহিলা, আৰু মহিলা সাংবাদিকৰ ৰাজহুৱা ধৰ্ষণো অন্তৰ্ভুক্ত।৩ ইজিপ্তে মহিলাসকলক অনলাইন আৰু ব্যক্তিগত দুয়োটা হাৰাশাস্তিৰ পৰা ৰক্ষা কৰিবলৈ একাধিক আইন প্ৰণয়ন কৰিছে৪ আৰু ঘৰত মহিলাসকলক হিংসাৰ পৰা ৰক্ষা কৰিবলৈ নতুন আইনতো অনুমোদন জনাইছে।৫

অপৰাধ চিনাক্তকৰণ

ইজিপ্তত অৱশ্যে সামাজিকভাৱে একাষৰীয়া কৰাৰ ভয়ৰ লগতে সাংস্কৃতিক কাৰণত ধৰ্ষণৰ খবৰ গোপনে ৰখাৰ প্ৰৱণতা দেখা গৈছে। যদিও শেহতীয়াকৈ টিভি শ্ব'সমূহে কৰা সামাজিক সজাগতাৰ বাবে৬৭ আৰু স্বয়ং ৰাষ্ট্ৰপতি আব্দেল-ফাত্তহ এল-চিচিৰ বাবে এই বিষয়টো যথেষ্ট উন্নত হৈছে।৮

চেণ্টাৰ ফৰ ইজিপ্তিয়ান উইমেনছ লিগেল এচিষ্টেন্সৰ (চিইডব্লিউএলএ) ৰাণিয়া হামিদে কয় যে, তেওঁলোকক ধৰ্ষণ কৰা হৈছে বুলি কোনেও নকয়; তেওঁ কয় যে, "ছোৱালীয়ে ইয়াক মাত্ৰ কেইজনমানে জনাটোৱেই যথেষ্ট বুলি গণ্য কৰে।" ৰাণিয়া হামিদে সমস্যাটোৰ বিষয়ে আৰু বৰ্ণনা কৰিছে, যে যদি কোনো ছোৱালীয়ে তেওঁক ধৰ্ষণ কৰা হৈছে বুলি প্ৰকাশ কৰে, তথাপি গোটেই বিষয়টোৱে মাত্ৰ সন্মান ৰক্ষাৰ বিষয়টোক উদগনি দিব:"সন্মানৰ সমস্যা আছে।" কেতিয়াবা কোনোবা ভাই বা সম্পৰ্কীয়ই তাইক হত্যা কৰিব পাৰে, ক’ব পাৰে যে ‘তুমি এইটো বিচাৰিছিলা, তুমি ঘটনাটোক উৎসাহিত কৰিছিলা, তুমি সন্মানৰ যোগ্য নহয়, আৰু সেইটো কি পিন্ধিছা?...’। অৱশ্যে তাইৰ যে দোষ নহয়, কিন্তু সেইটো কাক ক’ব? ছোৱালীজনীক, নে সমাজখনক?"।২ ইজিপ্তত সন্মানজনক হত্যা সাধাৰণ নহয় যদিও ইয়াৰ বেছিভাগেই উচ্চ ইজিপ্তত সংঘটিত হয়।৯

ইজিপ্তৰ আইনত সন্মানীয় অপৰাধ (Honour crime)ৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা হোৱা নাই যদিও অপৰাধ সংহিতাৰ কিছুমান ধাৰাত ইয়াক বিশেষভাৱে সহ্য কৰা হৈছে।১০ ইজিপ্তত সন্মানজনক আক্ৰমণ আৰু হত্যাৰ পৰিসংখ্যা সাধাৰণভাৱে নাই যদিও গ্ৰাম্য অঞ্চলত ইয়াৰ ব্যক্তিগত প্ৰতিবেদন আৰু উজনি ইজিপ্তত ইয়াৰ সংঘটনৰ খবৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা গৈছে।১

ফাৰাহ শ্বাছ নামৰ এগৰাকী মনোবিজ্ঞানীয়ে সেই কথা বুজাইছে যে, সৰু ল'ৰাবোৰক ৰাজহুৱাভাৱে ছোৱালীক নিৰ্যাতন চলোৱাৰ বাবে পিতৃ-মাতৃয়ে বাধা দিয়া বা বিৰোধিতা কৰাটো খুব কমেইহে দেখা যায়, কাৰণ ল'ৰা-ছোৱালীবোৰে সদায় তেওঁলোকৰ চাৰিওফালে একে আচৰণ দেখি আহিছে। শ্বেছে আৰু কয় যে (এনে ঘটনাত) "প্ৰায়ে, পৰিয়ালবোৰে কেৱল হাঁহিব"।১১ দেশখনত এটা কেন্দ্ৰ চলোৱা ছেইফ এল-ডাউলাই কয় যে "যৌন নিৰ্যাতন আৰু হাৰাশাস্তি ... আৰক্ষীৰ সন্মুখীন হোৱা মহিলাসকলৰ বাবে এক নৈমিত্তিকতা"।

ইজিপ্তৰ মহিলা অধিকাৰ কেন্দ্ৰই এই সমস্যাটোক এক “সামাজিক কৰ্কট ৰোগ” বুলি অভিহিত কৰি কোনোমতেই সাজ-পোছাক প্ৰতিৰোধক নহয় বুলি মত প্ৰকাশ কৰিছে। ২০০৮ চনত ইচিডব্লিউআৰে এটা সমীক্ষা চলাইছিল য'ত দেখা গৈছিল যে, ইজিপ্তৰ ভিতৰত ৮৩ শতাংশ ইজিপ্তৰ মহিলা আৰু ৯৮ শতাংশ বিদেশী মহিলাই যি কোনো এটা সময়ত যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল আৰু মাত্ৰ ১২%হে এনে বিষয়ৰ অভিযোগৰ বাবে আৰক্ষীৰ ওচৰলৈ গৈছিল।১২ ইজিপ্তৰ ৬২%তকৈ অধিক পুৰুষে মহিলাক হাৰাশাস্তি কৰা বুলি স্বীকাৰ কৰিছে, আৰু ৫৩% ইজিপ্তৰ পুৰুষে মহিলাক ‘এইটো হোৱাৰ কাৰণ’ হিচাপে দোষাৰোপ কৰিছে।

ৰাষ্ট্ৰসংঘৰ লিংগ সমতা সংস্থাই ২০১৩ চনৰ ২৩ মে’ত প্ৰকাশ কৰা অনুসৰি ইজিপ্তৰ প্ৰায় ৯৯.৩% মহিলাই কয় যে তেওঁলোকে কোনো নহয় কোনো ধৰণৰ যৌন হিংসাৰ সম্মুখীন হৈছে।১৩

২০১২ চনত সমাজকৰ্মীসকলে অভিযোগ কৰিছিল যে, মুছলিম ব্ৰাদাৰহুডে মহিলাক ধৰ্ষণ কৰাৰ বাবে আৰু তাৰ প্ৰতিবাদ কৰিবলৈ গোট খোৱা পুৰুষক প্ৰহাৰ কৰাৰ বাবে ধন দিয়ে।১৪

২০২০ চনৰ আগষ্ট মাহত ইজিপ্তৰ ৰাজহুৱা বিচাৰ বিভাগে ২০১৪ চনত কায়ৰোৰ ফেয়াৰমণ্ট নাইল চিটি হোটেলত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত ৯ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰিছিল; কিন্তু ছয় বছৰ ধৰি এওঁলোকৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণ আছিল, ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত ছয়োজন ব্যক্তি ক্ষমতাশালী পৰিয়ালৰ।১৫ অৱশ্যে সেইটোৱে মানুহক তেওঁলোকৰ বিষয়ে কোৱাত বাধা দিব নোৱাৰিলে আৰু ইজিপ্তৰ সংবাদ মাধ্যমে "এল টাউছ" নামৰ এখন ধাৰাবাহিক প্ৰস্তুত কৰিছিল, য'ত সেই পৰিয়ালসমূহ আৰু তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ আৰু তেওঁলোকে কেনেকৈ আইনক কব্জা কৰে, সেই বিষয়ে কোৱা হৈছিল৷ ধাৰাবাহিকখন বন্ধ কৰাৰ হেঁচা পৰিছিল যদিও অনলাইনত বহুতো অভিনেতা আৰু ইজিপ্তৰ লোকে ধাৰাবাহিকখন বন্ধ হ'বলৈ নিদিলে আৰু ই প্ৰচাৰ আৰু ধৰ্ষণৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰি থাকিল।১৬১৭১৮১৯

পিছলৈ ২০২১ চনৰ মে’ মাহত ৰাজহুৱা অভিযুক্তসকলে ’ফেয়াৰম’ণ্ট হোটেলৰ ধৰ্ষণ গোচৰ’ৰ সৈতে জড়িত হৈ গ্ৰেপ্তাৰ হোৱা সন্দেহযুক্ত চাৰিজন লোকক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰে। বিবৃতিত কোৱা হয়, সাক্ষ্য লোৱা ৩৯ জন লোকৰ পৰা প্ৰমাণৰ অভাৱ আৰু পৰস্পৰ বিৰোধী সাক্ষ্য সংগ্ৰহ কৰা বুলি তেওঁলোকক মুকলি কৰি দিয়াৰ কাৰণ উল্লেখ কৰা হৈছে। এই খবৰৰ পিছতে ইজিপ্তৰ লোকসকলে ফেচবুক,২০ আদি ছ’চিয়েল নেটৱৰ্কিং প্লেটফৰ্মত সমালোচনা প্ৰকাশ কৰে যদিও প্ৰমাণ সংগ্ৰহৰ বাবে তদন্ত সাময়িকভাৱে বন্ধ কৰি দিয়া হয়।২১

সুৰক্ষা শক্তি

সামৰিক লোকে এজন সাধাৰণ নাগৰিকক ধৰ্ষণ কৰা ঘটনাও আছে।২২২০১৪ চনৰ এপ্ৰিল মাহত ইজিপ্তৰ আৰক্ষীয়ে ৰাজনৈতিক বিৰোধীসকলৰ বিৰুদ্ধে ধৰ্ষণক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বুলি খবৰ ওলাইছিল। এই প্ৰতিবেদনৰ সম্পৰ্কত, ভুক্তভোগীৰ এজনে প্ৰথম ন্যায়িক শুনানিৰ সময়ত এই বিষয়টো উত্থাপন কৰিছিল যদিও ভুক্তভোগীৰ অভিযোগক আওকাণ কৰা হৈছিল।২৩

শিশুৰ যৌন নিৰ্যাতন

সোহাগ বিশ্ববিদ্যালয়ৰ পুৰুষ আৰু মহিলা ছাত্ৰ-ছাত্ৰীৰ ওপৰত কৰা এক সমীক্ষাত দেখা গৈছে যে, সামগ্ৰিকভাৱে শিশুৰ যৌন নিৰ্যাতনৰ প্ৰাদুৰ্ভাৱ ২৯.৮%, য’ত মহিলাৰ (৩৭.৮%) হাৰ পুৰুষতকৈ বেছি (২১.২%)। দাখিল কৰা অভিযোগৰ বেছিভাগ, ভুক্তভোগীক অস্বস্তিত পেলোৱা ধৰণে সাৱটি ধৰা আৰু চুমা খোৱা আছিল আটাইতকৈ বেছি শিশুৰ যৌন নিৰ্যাতনৰ ধৰণ। ৭৬.১% নিৰ্যাতনৰ কথা প্ৰায়ে আনৰ আগত প্ৰকাশ কৰা হোৱা নাছিল।২৪

শাস্তিযোগ্য হিচাপে শিশু ধৰ্ষণৰ কথা দাখিল কৰা হৈছে।২৫

ৰমজানৰ সময়ত এটা চেটেলাইট চেনেলত প্ৰদৰ্শিত ইজিপ্তৰ বাৰ্য়িং গাৰ্লছ এলাইভ নামৰ এখন টিভি ধাৰাবাহিকত এজন বুঢ়া মানুহে দৰিদ্ৰতাৰ সুযোগ লৈ কেৱল এগৰাকী কিশোৰীক কিনা দেখা গৈছে।২৬

ইছলামিকসকলে কপটিক শিশুক ধৰ্ষণ আৰু অপহৰণৰ উচ্চ হাৰ দুয়োটা ৰাষ্ট্ৰপতি মৰ্চিৰ শাসনকালত নথিভুক্ত কৰা হৈছে।২৭

গণ-ধৰ্ষণ

বিপ্লৱৰ সময়ত

২০১১–২০১৪ চনৰ ইজিপ্তৰ প্ৰতিবাদৰ সময়ত আইন-শৃংখলাৰ অভাৱত গণ-ধৰ্ষণ সংঘটিত হৈছিল।

চিবিএছৰ সংবাদদাতা লাৰা লগানে তেওঁৰ চিক্সটি মিনিটছ নামৰ অনুষ্ঠানত প্ৰকাশ কৰিছে যে, ২০১১ চনৰ ৩ ফেব্ৰুৱাৰীত ইজিপ্তৰ বিপ্লৱৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে তেওঁক আৰু তেওঁৰ চিবিএছৰ দলটোক ইজিপ্তৰ সেনাই গ্ৰেপ্তাৰ কৰি এৰাতিৰ বাবে আটক কৰি ৰাখিছিল। বন্দুকৰ নলীৰ আগত ৰাখি সহকৰ্মীসকলৰ চকুত পটি বান্ধি দিয়া হৈছিল আৰু হাতকেৰেয়া লগোৱা হৈছিল। আৰু তেওঁলোকৰ চালকজনক প্ৰহাৰ কৰা হৈছিল বুলিও কয়। তেওঁলোকক দেশ এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছিল যদিও পিছত মুকলি কৰি দিয়া হৈছিল।২৮ ২০১১ চনৰ ১৫ ফেব্ৰুৱাৰীত চিবিএছ নিউজে এটা বিবৃতি প্ৰকাশ কৰে যে ১১ ফেব্ৰুৱাৰীত হোছনী মুবাৰকৰ পদত্যাগৰ পিছত তাহৰিৰ চ’কত অনুষ্ঠিত হোৱা উদযাপনৰ বাতৰি পৰিৱেশন কৰাৰ সময়ত লগানক প্ৰহাৰ আৰু যৌন নিৰ্যাতন চলোৱা হৈছিল।২৯

লগানৰ নিজৰ ভাষাত বৰ্ণনাটো আছিল, সিহঁতে লগানক হাতেৰে ধৰ্ষণ কৰিছিল আৰু চেলফোনেৰে ফটো তুলিছিল। সিহঁতে তেওঁৰ শৰীৰটো বিভিন্ন দিশলৈ টনাটনি কৰিছিল, তেওঁৰ চুলিখিনি ইমান জোৰেৰে টানিছিল যে, যেন সিহঁতে তেওঁৰ তালুৰ ছালখন বখলাবখলে এৰুৱাই পেলাবলৈ চেষ্টা কৰিছে। তেওঁৰ মৃত্যু হৈছে বুলি ভাবি তেওঁক চৌহদটোলৈ চোঁচৰাই লৈ যোৱা হ’ল, য’ত এখন থিয় বেৰৰ কাষত ভিৰটো জমা হৈ আছিল, তাৰ কাষত মহিলাৰ দল এটাই শিবিৰ পাতি আছিল। চাদৰ লোৱা এগৰাকী মহিলাই লগানক বাহুত ধৰিলে, আৰু বাকীসকলে তেওঁৰ চাৰিওফালে সুৰক্ষা কৰ্মীৰে ঘেৰি ধৰিলে, আনহাতে মহিলাসকলৰ লগত থকা কিছুমান পুৰুষে ভিৰৰ ওপৰত পানী ছটিয়াই দিলে।৩০

পিছত সৈনিকৰ দল এটা উপস্থিত হ’ল আৰু মানুহৰ জুমটো লাঠিচালনাৰে ছত্ৰভংগ দিয়ালে আৰু এজনে লগানক কান্ধৰ ওপৰত তুলি ল’লে। পিছদিনা তেওঁক উৰাজাহাজেৰে আমেৰিকালৈ লৈ যোৱা হয়, য’ত তেওঁ চাৰিদিন চিকিৎসালয়ত কটায়। ঘৰত উপস্থিত হোৱাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামাই তেওঁৰ সৈতে যোগাযোগ কৰিছিল।৩০ চিবিএছে কয় যে আক্ৰমণকাৰী কোন আছিল সেয়া স্পষ্ট হোৱা নাই, আৰু কোনো এজনৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সম্ভাৱনা নাই।

মুবাৰকৰ পতনৰ পিছত তেওঁ পদত্যাগ কৰা নিশা আক্ৰমণৰ পৰা আৰম্ভ কৰি দ্ৰুতগতিত তীব্ৰতৰ উত্থান ঘটিছিল। ইজিপ্তৰ সাংবাদিক মোনা এলটাহাৱিক আটক কৰাৰ পিছত নিৰাপত্তাৰক্ষীৰ এটা দলে যৌন নিৰ্যাতন চলায়।৩১৩২ ইজিপ্তৰ এগৰাকী সাংবাদিক হানিয়া মহীবক যৌন নিৰ্যাতন চলোৱা পুৰুষৰ মাজত এঘণ্টাৰো অধিক সময় আবদ্ধ হৈ আছিল।৩৩

এক প্ৰতিবাদৰ সময়ত এগৰাকী ২২ বছৰীয়া ডাচ্চ সাংবাদিকক পাঁচজন লোকে দলবদ্ধ ধৰ্ষণ কৰে।৩

চৰকাৰ বা বিষয়াসকলে এনে ঘটনাৰ বিৰোধিতা কৰা যেন নালাগে, বৰঞ্চ সমৰ্থন দিয়া যেনহে লাগে। নীনা বাৰ্লিৰ এক প্ৰতিবেদনত ইজিপ্তৰ চালাফী প্ৰচাৰক আহমদ মাহমুদ আব্দুল্লাৰ উদ্ধৃতি দিয়া হৈছে, যিয়ে কৈছিল যে, "তাহৰিৰ চ'কত প্ৰতিবাদ কৰা মহিলাসকলৰ কোনো লাজ নাই আৰু ধৰ্ষিতা হ'ব বিচাৰে।" ১৩

বিপ্লৱৰ পিছত প্ৰায় ৫০% মহিলাই অধিক হাৰাশাস্তিৰ কথা জনাইছে। ৪৪% লোকে কয় যে হাৰাশাস্তি আগৰ দৰেই আছে, আনহাতে, সমীক্ষাত অংশগ্ৰহণ কৰা ৫৮%তকৈ অধিক পুৰুষে কয় যে বিপ্লৱৰ পিছত হাৰাশাস্তি বৃদ্ধি পাইছে।৩৪

ঈদৰ সময়ত

২০০৬ চনত ইজিপ্তত ঈদ আল ফিটৰৰ সময়ত যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ সংখ্যা বৃদ্ধি পোৱাৰ কেইবাটাও বিৱৰণী পোৱা গৈছিল, কিছুমানে এনে সমস্যাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ লোৱা সাৱধানতাও লক্ষ্য কৰিছিল।৩৫৩৬৩৭৩৮ পৰৱৰ্তী বাতৰিসমূহে ইংগিত দিছিল যে, এই পৰিঘটনা উদ্বেগজনক হৈয়েই আছে,৩৯৪০৪১৪২ ইজিপ্তৰ পৰা বাতৰি প্ৰকাশ কৰা এজন সাংবাদিকে ২০১২ চনত দ্য গাৰ্জিয়ানত লিখিছিল, "এই বছৰৰ ৰমজানৰ পিছৰ ঈদ আল-ফিতৰ বন্ধই নিজৰ সাধাৰণ “যৌন নিৰ্যাতন’’ৰ অংশ লৈ আহিছিল।" ৪৩

যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ প্ৰতিষ্ঠা হোৱা ইজিপ্তৰ এটা গোটে “ঈদ আল-ফিতৰক 'হাৰাশাস্তিৰ ঋতু'’’ বুলি বৰ্ণনা কৰিছে,৪৪ আৰু এনে আক্ৰমণৰ প্ৰাদুৰ্ভাৱক "এটা ধাৰা, যিটো শেহতীয়া বছৰবোৰত ঈদ আল-ফিতৰ উদযাপনৰ সৈতে জড়িত হৈ পৰিছে’’৪১ আকৌ ২০১৩ চনত কায়ৰো আৰু টাণ্টাতো একে অভিযোগ উত্থাপন হয়।৪৫৪৬৪৭ ইজিপ্তত এই সমস্যাৰ বিষয়ে ৰাজহুৱা আলোচনা কৰাটো কঠিন বুলি কোৱা হৈছে।৪৮

২০১৪ চনত হাৰাশাস্তিৰ চেষ্টাৰ হাৰ কম হৈছিল আৰু কৰ্মীসকলে ৰিপ'ৰ্ট কৰিছিল যে বছৰৰ আৰম্ভণিতে দণ্ডবিধিৰ সংশোধনীৰ পিছত মহিলা আৰু ছোৱালীয়ে আতিশয্যৰ শাস্তি দিয়া হ'ব বুলি অধিক আত্মবিশ্বাসী হৈছিল।৪৯ ঈদত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।৫০ ২০১৫ চনত কায়ৰোত ঈদৰ সময়ত যৌন নিৰ্যাতনৰ বাবে ১৪১টা আৰক্ষীৰ প্ৰতিবেদন দাখিল কৰা হৈছিল।৫১ ৰিপৰ্ট দিয়াৰ পিছত তথ্য সুৰক্ষা বা সমৰ্থন ব্যৱস্থাৰ অভাৱে আস্থাত বাধাৰ সৃষ্টি কৰা বুলি দাবী কৰা হৈছিল, যাৰ ফলত পৰৱৰ্তী সময়ত বহুতো প্ৰতিবেদন প্ৰত্যাহাৰ কৰা হৈছিল।৫১ ২০১৬ চনত আতিশয্যৰ বিষয়ে মহিলাৰ উদ্বেগ এতিয়াও প্ৰবল আছিল,৫২ কিন্তু অভিযোগ লিখোৱা আৰু গ্ৰেপ্তাৰ কৰাটো হ্ৰাস পাইছিল।৫৩

তথ্যসূত্ৰ

  1. ↑ 2020 Country Reports on Human Rights Practices: Egypt. U.S. Embassy in Egypt
  2. ↑ (2008-02-19). EGYPT: Are attitudes to rape beginning to change?. IRIN
  3. ↑ (2013-07-02). Dutch female reporter gang-raped by 5 men in violent Egyptian protests. NY Post
  4. ↑ (2014-06-05). Online sexual harassment criminalized in Egypt · Egyptian Streets
  5. ↑ (2021-08-19). Egypt's new amendments for sexual harassment law ends different forms of violence against women: UN Resident Coordinator. EgyptToday
  6. ↑ Mohamed, Nanise. (2021-04-19). El Tawoos: Exploiting A Tragedy Or Raising Due Awareness?. Identity Magazine
  7. ↑ Egypt Crime Rate & Statistics 1990-2021. www.macrotrends.net
  8. ↑ axiothea. (2013-07-03). Sisi's army protecting women from being raped in Tahrir square.. Feminist Philosophers
  9. ↑ Khafagy, Fatma. (2005). HONOUR KILLING IN EGYPT. un.org
  10. ↑ Country Policy and Information Note Egypt: Women. Country Policy and Information Note Egypt: Women. United Kingdom Home Office
  11. ↑ (14 August 2013). Egypt's sexual assault epidemic. Al Jazeera
  12. ↑ (21 October 2008). Egyptian jailed three years for groping
  13. ↑ (3 July 2013). Gang rape, the dark side of Egypt's protests. CNN
  14. ↑ Egypt's Muslim Brotherhood accused of paying gangs to rape women
  15. ↑ (26 August 2020). Egypt prosecution seeks arrest of nine in alleged hotel rape case. Al Jazeera
  16. ↑ (2021-04-07). "El Tawoos": A Series Inspired by the Fairmont Crime Sparks Social Media Outrage. Scoop Empire
  17. ↑ مسلسل الطاووس: "يعكس الواقع" أم "يضر بقيم الأسرة"؟. BBC News عربي
  18. ↑ Facebook. www.facebook.com
  19. ↑ Facebook. www.facebook.com
  20. ↑ Frustration in Egypt as Cairo hotel gang rape case is shelved. Reuters
  21. ↑ (2021-05-11). Egypt's Public Prosecution Temporarily Halts Investigation into Fairmont Gang Rape Case · Egyptian Streets
  22. ↑ (2012-04-07). Egypt: Military Impunity for Violence Against Women. Human Rights Watch
  23. ↑ Egyptian police 'using rape as a weapon' against dissident groups | World news | The Observer
  24. ↑ El Sayed, Khaled. (September 2012). Prevalence and pattern of child sexual abuse reported by cross sectional study among the University students, Sohag University, Egypt. Egyptian Journal of Forensic Sciences. পৃ. 89–96
  25. ↑ Punishment rape in Egypt by the Muslim Brotherhood - The Commentator. thecommentator.com
  26. ↑ (19 July 2013). Child marriage: legalised rape?. Radio Netherlands Worldwide
  27. ↑ Abdelmassih, Mary. (2013-02-02). Abducted Egyptian Christian Girl Possibly Smuggled to Libya. Assyrian International News Agency
  28. ↑ Kamer, Foster. (2011-02-11). Lara Logan's Egypt Interrogation Tell-All. Esquire *(3 February 2011). TIME Exclusive: CBS's Lara Logan and Crew Detained in Cairo As Violence Escalates. Time magazine *Charlie Rose Interview with Lara Logan, see 3:30–4:00, 7 February 2011
  29. ↑ Stelter, Brian. (15 February 2011). CBS Says Lara Logan Suffered 'Brutal' Attack in Cairo. The New York Times
  30. ↑ (15 February 2011). Lara Logan Assaulted During Egypt Protests. CBS News
  31. ↑ Serena Hollmeyer Taylor, et al., "'When She Stands Among Men': Sexual Harassment of Women at Political Protests in Cairo, January 2011 – August 2013", Al Nakhlah, 10 June 2014
  32. ↑ Mona Eltahawy, "Bruised but defiant: Mona Eltahawy on her assault by Egyptian security forces", The Guardian, 23 December 2011. Mona Eltahawy, "Egypt needs a revolution against sexual violence", The Guardian, 10 July 2013
  33. ↑ (8 February 2013). Tahrir sexual assault victims speak out. Financial Times
  34. ↑ (2 June 2013). Women in Egypt suffer more sexual violence under Islamist rule. Alarabiya
  35. ↑ (2006-11-01). Cairo street crowds target women. BBC News
  36. ↑ (2012-09-20). The Widespread Plague of Sexual Harassment in Egypt. Al Akhbar English
  37. ↑ Ali, Mohammed. (2008-10-21). Taking on Sexual Harassment, a Social Phenomenon in Egypt | Al Jadid Magazine. Aljadid.com
  38. ↑ (2007-07-05). Sexual Harassment Takes Center Stage Again in Egypt. Ikhwanweb
  39. ↑ (2008-10-15). Al-Ahram Weekly | Egypt | Unsafe streets. Weekly.ahram.org.eg
  40. ↑ (2012-10-29). The latest developments of the case of sexual harassment in Cairo. World Pulse
  41. ↑ (2008-10-05). Sexual assaults in Egypt mar Eid holiday. Al Arabiya
  42. ↑ (2012-09-17). Movement plans patrols to counter sexual harassment during Eid. Egypt Independent
  43. ↑ (2012-09-05). Egypt is starting to take sexual harassment seriously. The Guardian
  44. ↑ (2012-08-21). Several arrested as sexual harassment surges in Cairo. Egypt Independent
  45. ↑ 'I witnessed harassment' volunteers catch 8-10 yr olds in the act. Ahram Online
  46. ↑ (2013-10-26). Egypt activists try to stop holiday sex harassment. USA Today
  47. ↑ (2013-08-10). Victim of harassment killed in Tanta: Shoft Taharosh group continues monitoring sexual harassment during Eid. Daily News Egypt
  48. ↑ (2014-06-30). Sex Harassment Is Off-Topic for Egyptian Ramadan. Women's E news
  49. ↑ (2014-07-31). Anti-sexual harassment initiative intervenes in 35 incidents during Eid. Daily News Egypt
  50. ↑ (2014-07-30). Six arrested in Egypt over sexual harassment during Eid. Al Arabiya
  51. ↑ (2015-07-20). 141 sexual harassment incidents reported in 3 days during Eid al-Fitr: NCW. The Cairo Post
  52. ↑ (2016-07-05). Risk of sex attack fills women with dread during Eid al-Fitr vacation. Egypt Independent
  53. ↑ (2016-07-08). Egypt reports drop in sexual harassment during Eid. Gulf News

সম্পৰ্কিত শ্ৰেণী

অপৰাধযৌন নিৰ্যাতনধৰ্ষণইজিপ্ত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইজিপ্তত ধৰ্ষণ” প্ৰবন্ধৰ সংশোধন ৬৩৫৮৭৩ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।