বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পিটবুল
পিটবুল কুকুৰ (English: Pit Bull), যাক প্ৰায়ে আমেৰিকান পিট বুল টেৰিয়াৰ বুলি কোৱা হয়, ইয়াৰ শক্তি, চঞ্চলতা আৰু আনুগত্যৰ বাবে জনাজাত এটা জাত। মূলতঃ ম’হৰ লোভনৰ বাবে আৰু পিছলৈ ফাৰ্মৰ কুকুৰ হিচাপে পালন কৰা পিটবুলে বন্ধুত্বপূৰ্ণ স্বভাৱ আৰু সুৰক্ষামূলক প্ৰবৃত্তিৰ বাবে পৰিয়ালৰ পোহনীয়া জন্তু হিচাপে…
-
পিৰু সিং
কোম্পানী হাবিলদাৰ মেজৰ পিৰু সিং শ্বেখাৱত (Piru Singh Shekhawat) পি.ভি.চি (২০ মে ১৯১৮ – ১৮ জুলাই ১৯৪৮) এজন ভাৰতীয় সেনাৰ অ-কমিছনড বিষয়া আছিল, যাক ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
-
পুণেৰী পাগুৰী
পূণেৰী পাগুৰী (Puneri Pagadi) মহাৰাষ্ট্ৰৰ পূণে নগৰীৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা এক প্ৰকাৰৰ পাগুৰী। দুই শতিকাৰ আগতে ইয়াৰ প্ৰচলন আৰম্ভ হৈছিল। এই পাগুৰী সন্মানৰ প্ৰতীক হ'লেও আজি কালি মহাবিদ্যালয় বোৰত পাৰম্পাৰিক দিনসমূহতো ব্যৱহাৰ কৰা দেখা যায়।
-
পুৰুষ সমকামী যৌন প্ৰথা
পুৰুষ সমকামী যৌন প্ৰথা হৈছে পুৰুষৰ সৈতে পুৰুষৰ যৌন কাৰ্য্যকলাপ। এই পদ্ধতিসমূহৰ ভিতৰত পায়ুপথৰ যৌন সম্পৰ্ক, অ-প্ৰৱেশকাৰী যৌন সম্পৰ্ক, মৌখিক যৌন সম্পৰ্ক আদি হ’ব পাৰে। সমীক্ষা অনুসৰি পুৰুষৰ মাজত যৌন সম্পৰ্কৰ প্ৰতিবেদন যথেষ্ট কম।
-
পৈঠানি শাৰী
পৈঠানি ((Paithani)শাৰী হৈছে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদ জিলাৰ পৈঠান চহৰত হাতেৰে তৈয়াৰ কৰা শাৰী। বৰ্তমান মহাৰাষ্ট্ৰৰ নাচিকৰ য়েওল চহৰ হৈছে পৈঠানি শাৰীৰ সৰ্ববৃহৎ নিৰ্মাতা। পৈঠানি শাৰীৰ বৈশিষ্ট্য হৈছে বৰ্গাকৃতিৰ বা হেলনীয়া আকৃতিৰ পাৰী, আৰু ময়ুৰ চৰাইৰ চিত্ৰ থকা শাৰীৰ আগ।
-
পোহৰ প্ৰদূষণ
পোহৰ প্ৰদূষণ বুলিলে কৃত্ৰিম পোহৰে অনাৱশ্যকীয় ঠাইত, ভূল দিশত অনাধিকাৰ প্ৰৱেশ কৰি সৃষ্টি কৰা একপ্ৰকাৰৰ প্ৰদূষণ। গাড়ীৰ পোহৰে চকু চাঁট মাৰি ধৰা বা কোঠাৰ বিজুলী বাতি নুমাই শুই থকা অৱস্থাত বাহিৰৰ পৰা পোহৰ আহি আমনি কৰাটো পোহৰ প্ৰদূষণৰ উদাহৰণ।
-
পোৰামাটিৰ সৈন্যবাহিনী
পোৰামাটিৰ সৈন্যবাহিনী (চীনা: 兵马俑; আক্ষৰিক অৰ্থ: "সৈন্যবাহিনী আৰু ঘোঁৰা-ছৱাৰী সদৃশ পোৰামাটিৰ মূৰ্তি") পোৰামাটিৰে তৈয়াৰী এই সৈন্যবাহিনী আৰু ঘোঁৰাৰ মূৰ্তিসমূহ প্ৰথম চীন সম্ৰাট কিন শি হুয়াঙৰ সমাধিমন্দিৰত প্ৰতিষ্ঠা কৰা হৈছিল। ২১০-২০৯ খ্ৰীষ্টপূৰ্বৰ সময়ত নিৰ্মাণ কৰা এইবোৰ সমাধি শিল্পৰ এক অনন্য নিদৰ্শন।
-
পৌভা
পৌভা নেপালৰ নেৱাৰ লোকসকলে নিৰ্মাণ কৰা এখন পৰম্পৰাগত ধৰ্মীয় চিত্ৰ। পৌভাত দেৱতা, মণ্ডল বা স্মৃতিসৌধৰ চিত্ৰণ কৰা হয় আৰু ধ্যানত সাধকসকলক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয়। সমতুল্য তীব্বতী চিত্ৰক থাংকা বুলি জনা যায়।
-
প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুসৰি, প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুসৰি
"প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুসৰি, প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুসৰি" (ইংৰাজী ভাষাত: From each according to his ability, to each according to his needs, ফঁৰাচী ভাষাত: De chacun selon ses facultés, à chacun selon ses besoins; জাৰ্মান ভাষাত: Jeder nach seinen Fähigkeiten, jedem nach seinen…
-
প্ৰমিতি
প্ৰমিতি, (বা জোখ, মাপ, জোখমাপ, পৰিমাপ, মিতি আদি) হৈছে বস্তুৰ কোনো ধৰ্ম যেনে দৈৰ্ঘ্য, ওজন, উষ্ণতা আদিৰ তুলনামূলক পৰিমাণ কোনো এককৰ মানত - যেনে মিটাৰ, কিলোগ্ৰাম, চেলচিয়াচ আদি প্ৰকাশ কৰা পদ্ধতি বা কাৰ্য্য। এই বিষয়ৰ অধ্যয়নক ইংৰাজীত মেট্ৰ'লজী বোলে।
-
প্ৰাণ প্ৰতিষ্ঠা
প্ৰাণ প্ৰতিষ্ঠা(Pran Pratishtha) হৈছে হিন্দু আৰু জৈন ধৰ্ম এক জনপ্ৰিয় ৰীতি, য'ত মন্দিৰৰ দৰে পৱিত্ৰ স্থানত দেৱতাৰ মূৰ্তি স্থাপন কৰা হয়। মূৰ্তি স্থাপনৰ সময়ত পুৰোহিতসকলে বৈদিক স্তোত্ৰ উচ্চাৰণ কৰোতে বহুতো ৰীতি-নীতি পালন কৰে।
-
প্ৰেমিকা
প্ৰেমিকা(girlfriend) বা বহুলভাৱে প্ৰচলিত গাৰ্লফ্ৰেইণ্ড মানে বক্তাৰ বন্ধু, চিনাকি বা সংগী, সাধাৰণতে এগৰাকী মহিলা সংগী, যাৰ লগত কোনোবাই প্লেটোনিক, ৰোমাণ্টিক বা যৌন সম্পৰ্ক স্থাপন কৰে। ৰোমাণ্টিক প্ৰেক্ষাপটত ই সাধাৰণতে অবিবাহিত ব্যক্তিৰ প্ৰতিশ্ৰুতিবদ্ধ সম্পৰ্কক বুজায়।
-
ফাক ট্ৰি
ফাক ট্ৰি বা ফাক গছ উত্তৰ লণ্ডনৰ হেম্পষ্টেড হিথৰ পশ্চিম হিথত থকা এটা অস্থিৰ ওক গছ। ই এটা প্ৰতিষ্ঠিত সমকামী ক্ৰুজিং এলেকাত অৱস্থিত। ইয়াৰ মিহি ডালৰ বাবে বিখ্যাত যিয়ে সমকামী যৌনতাক সহজ কৰি তোলে।
-
ফাট বিহু
ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰিত অনুষ্ঠিত হোৱা বিহু। পূৰ্বতে ব'হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু ব'হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।
-
ফিলাটেলি
ফিলাটেলি (philately, ) হৈছে ডাক টিকট, ডাক বিভাগৰ বুৰঞ্জী আৰু এই সম্পৰ্কীয় বিষয়ৰ এক সমূহিক অধ্যয়ন। কেৱল ডাক টিকট সংগ্ৰহ কৰাৰ উপৰিও ফিলাটেলিৰ অন্য গুৰুত্ব আছে। নগণ্য সংখ্যক বা কোনো ডাক টিকটৰ গৰাকী নোহোৱকৈও ফিলটেলিষ্ট হ'ব পাৰি।
-
ফেৰালিয়া
ফেৰালিয়া ২১ ফেব্ৰুৱাৰীত উদ্যাপন কৰা মানেছৰ (মৃতকৰ ৰোমান আত্মা, বিশেষকৈ মৃত ব্যক্তিৰ আত্মা) এটা প্ৰাচীন ৰোমান ৰাজহুৱা উৎসৱ আছিল। যিটো অভিদে তেওঁৰ ফাষ্টিৰ দ্বিতীয় কিতাপত লিপিবদ্ধ কৰিছে।
-
বডী শ্বেমিং
বডী শ্বেমিং বা শৰীৰৰ উপহাস (body shaming) হৈছে কাৰোবাক শাৰীৰিক বৈশিষ্ট্যৰ বাবে অপমান আৰু সমালোচনাৰ বলি সজা কাৰ্য। বডী শ্বেমিঙৰ পৰিসৰ বহল। এই পৰিসৰৰ ভিতৰত চৰ্বিৰ বাবে কৰা উপহাস, পাতল শৰীৰ, সৰু স্তন, উচ্চতা, নোম বা তাৰ অভাৱ, চাল-চুলিৰ ৰং, শৰীৰৰ আকৃতি, পেশীবহুলতা (বা ইয়াৰ অভাৱ), লিংগৰ আকাৰ বা স্তনৰ…
-
বতাহৰ গতি
বতৰ বিজ্ঞানত বতাহৰ গতি বা বতাহ প্ৰবাহৰ গতি সাধাৰণতে উষ্ণতাৰ পৰিৱৰ্তনৰ বাবে উচ্চ চাপৰ পৰা নিম্ন চাপলৈ বায়ুৰ গতিৰ ফলত হোৱা মৌলিক বায়ুমণ্ডলীয় পৰিমাণ। বতাহৰ গতি এতিয়া সাধাৰণতে এনিমোমিটাৰৰ সহায়ত জুখিব পাৰি।
-
বনভোজ
বনভোজ (Picnic) বা বালিভাত হʼল অনেক মানুহ গোট খাই প্ৰাকৃতিক পৰিৱেশত খাই-বৈ কৰা আনন্দ-উৎসৱ। ভ্ৰমণৰ অংশ হিচাপে বাহিৰত (আল ফ্ৰেস্কো) গ্ৰহণ কৰা খাদ্য, বিশেষকৈ দৃশ্য-পটৰ পৰিৱেশত, যেনে উদ্যান, হ্ৰদৰ পাৰ বা আন ঠাইত আকৰ্ষণীয় দৃশ্য উপলব্ধ কৰা, বা অন্য কোনো ৰাজহুৱা অনুষ্ঠানৰ সৈতে সংগতি ৰাখি যেনে মুকলি আকাশৰ…
-
বয়লাৰ
বয়লাৰ (Boiler) হৈছে বন্ধ পাত্ৰ য'ত তৰল পদাৰ্থ (সাধাৰণতে পানী) গৰম কৰা হয়। তৰল পদাৰ্থটো উতলিবই লাগিব বুলি ক’ব নোৱাৰি। গৰম কৰা বা বাষ্পীভৱন কৰা তৰল পদাৰ্থটো পানী গৰম কৰা, কেন্দ্ৰীয় উত্তাপন, বয়লাৰ ভিত্তিক শক্তি উৎপাদন, ৰন্ধা-বঢ়া, আৰু অনাময়কে ধৰি বিভিন্ন প্ৰক্ৰিয়া বা উত্তাপন প্ৰয়োগত ব্যৱহাৰৰ…
-
বায়ু যৌনতা
বায়ু যৌনতা (Air sex) হৈছে জাপানত উদ্ভাৱন কৰা এক পৰিবেশন কাৰ্য্যকলাপ; য'ত কাপোৰ পিন্ধা পুৰুষ আৰু মহিলাসকলে অদৃশ্য সংগীৰ সৈতে যৌন কাৰ্য্যকলাপৰ অনুকৰণ কৰে, প্ৰায়েই অতিৰঞ্জিতভাৱে, সংগীতৰ সৈতে আৰু দৰ্শকৰ আগত প্ৰতিযোগিতাত। এইটো কিছু পৰিমাণে এয়াৰ গীটাৰ বজোৱাৰ সৈতে মিল থকা কাৰ্য্য, যি নামটোৰে বুজা যায়।
-
বিবা-বকুবকু
বিবা-বকুবকু বা "বিবা গবলিন" জাপানী লোককথাৰ এক কাল্পনিক সত্ত্বা। ই ইয়োকাইৰ এটা দলৰ অন্তৰ্গত সত্ত্বা আৰু ইয়াক দুৰ্বল চৰিত্ৰ বুলি কোৱা হয়।
-
বিবিচি বাংলা
বিবিচি নিউজ বাংলা (BBC News Bangla) হৈছে বিবিচি ৱৰ্ল্ড চাৰ্ভিচৰ বাংলা ভাষাৰ সেৱা। ১৯৪১ চনত ইয়াক বিশ্বজুৰি বংলা ভাষী শ্ৰোতাসকলৰ বাবে আৰম্ভ কৰা হৈছিল, বিশেষকৈ বংগ অঞ্চলৰ, য’ত বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগ আৰু ত্ৰিপুৰা অন্তৰ্ভুক্ত।
-
বিবিধ ভাৰতী
বিবিধ ভাৰতী সেৱা (VBS) হ'ল অল ইণ্ডিয়া ৰেডিঅ'ৰ অন্তৰ্গত এটা ৰেডিঅ' ষ্টেচন। ১৯৬৭ চনত ৰেডিঅ' চিলনৰ বিৰুদ্ধে যুঁজিবলৈ অল ইণ্ডিয়া ৰেডিঅ'ৰ ধাৰণা কৰা হৈছিল। ভাৰত চৰকাৰে নিজৰ শ্বৰ্ট ৱেভ ৰিলে চেণ্টাৰ বন্ধ কৰাৰ পিছৰে পৰা বিবিধ ভাৰতী বৰ্তমান কেৱল ইণ্টাৰনেটতহে উপলব্ধ।
-
বিমানাৰ্চনাকল্প
বিমানাৰ্চনাকল্প দশম শতিকাৰপৰা একাদশ শতিকাৰ ভিতৰৰ এখন হঠযোগৰ গ্ৰন্থ, যাক মৰিচি ঋষিৰ বুলি কোৱা হয়।
-
বিশ্ব মানচিত্ৰ
বিশ্বৰ মানচিত্ৰ পৃথিৱীৰ উপৰিভাগৰ মানচিত্ৰ। বিশ্বৰ মানচিত্ৰসমূহে, ইয়াৰ পৰিসৰৰ বাবে, প্ৰক্ষেপণৰ সমস্যাটোৰ সৈতে মোকাবিলা কৰিব লগা হয়। প্ৰয়োজনীয়তা অনুসৰি দুটা মাত্ৰাত ভাগ কৰা মানচিত্ৰই পৃথিৱীৰ ত্ৰিমাত্ৰিক পৃষ্ঠৰ প্ৰদৰ্শন বিকৃত কৰে।
-
বিষাক্ত কৰ্মক্ষেত্ৰ
"বিষাক্ত কৰ্মক্ষেত্ৰ" এনে এক অনানুষ্ঠানিক ৰূপক, যাৰ দ্বাৰা সাধাৰণতে কোনো কাৰ্যালয় বা কৰ্মস্থলীত কৰ্মচাৰীসকলৰ মাজত গুৰুতৰ ব্যক্তিগত সংঘাত থকা পৰিৱেশক বুজোৱা হয়। বিষাক্ত কৰ্ম পৰিৱেশে কোনো প্ৰতিষ্ঠানৰ উৎপাদনশীলতা আৰু দীৰ্ঘম্যাদী কাৰ্যক্ষমতাত নেতিবাচক প্ৰভাৱ পেলায়।
-
বৃদ্ধাশ্ৰম
বৃদ্ধাশ্ৰম (retirement home) প্ৰধানকৈ বৃদ্ধ মহিলা আৰু পুৰুষৰ ঘৰ। বৃদ্ধাশ্ৰমক 'ওল্ড পিপ'লস হোম' বা 'অল্ড এজ হোম' বা 'নাৰ্চিং হোম' বুলিও কোৱা হয়।এই আৱাস হৈছে বৃদ্ধসকলৰ আৱাস প্ৰণালী। এই আৱাস প্ৰণালীত সাধাৰণতে ঘৰৰ প্ৰতিজন ব্যক্তি বা দম্পতীৰ এটা ফ্লেট বা কোঠা থাকে।
-
বৃশ্চিক (ৰাশি)
বৃশ্চিক ৰাশিৰ অষ্টম জ্যোতিষচিহ্ন হৈছে বৃশ্চিক নক্ষত্ৰমণ্ডলৰ পৰা উদ্ভৱ হোৱা বৃশ্চিক ৰাশি। ই ২১০°-২৪০° ইক্লিপ্টিক দ্ৰাঘিমাংশলৈ বিস্তৃত। গ্ৰীষ্মমণ্ডলীয় ৰাশিৰ অধীনত (পশ্চিমীয়া জ্যোতিষশাস্ত্ৰত সচৰাচৰ ব্যৱহৃত) সূৰ্যই এই চিহ্নত গড়ে ২৩ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ পৰিবহণ কৰে।
-
বেকিং পাউডাৰ
বেকিং পাউডাৰ হৈছে এটা শুকান ৰাসায়নিক লিভেনিং এজেণ্ট, এটা কাৰ্বনেট বা বাইকাৰ্বনেট আৰু এটা দুৰ্বল এচিডৰ মিশ্ৰণ। বেছ আৰু এচিডক অকালতে প্ৰতিক্ৰিয়া কৰাৰপৰা বিৰত কৰিবলৈ কৰ্ণষ্টাৰ্চৰ দৰে এটা বাফাৰ অন্তৰ্ভুক্ত কৰা হয়।