অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বায়ু যৌনতা

বায়ু যৌনতা (Air sex) হৈছে জাপানত উদ্ভাৱন কৰা এক পৰিবেশন কাৰ্য্যকলাপ; য'ত কাপোৰ পিন্ধা পুৰুষ আৰু মহিলাসকলে অদৃশ্য সংগীৰ সৈতে যৌন কাৰ্য্যকলাপৰ অনুকৰণ কৰে, প্ৰায়েই অতিৰঞ্জিতভাৱে, সংগীতৰ সৈতে আৰু দৰ্শকৰ আগত প্ৰতিযোগিতাত। এইটো কিছু পৰিমাণে এয়াৰ গীটাৰ বজোৱাৰ সৈতে মিল থকা কাৰ্য্য, যি নামটোৰে বুজা যায়।

হালনাগাদ: ২২ মে’ ২০২৫ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

বায়ু যৌনতা (Air sex) হৈছে জাপানত উদ্ভাৱন কৰা এক পৰিবেশন কাৰ্য্যকলাপ; য'ত কাপোৰ পিন্ধা পুৰুষ আৰু মহিলাসকলে অদৃশ্য সংগীৰ সৈতে যৌন কাৰ্য্যকলাপৰ অনুকৰণ কৰে, প্ৰায়েই অতিৰঞ্জিতভাৱে, সংগীতৰ সৈতে আৰু দৰ্শকৰ আগত প্ৰতিযোগিতাত। এইটো কিছু পৰিমাণে এয়াৰ গীটাৰ বজোৱাৰ সৈতে মিল থকা কাৰ্য্য, যি নামটোৰে বুজা যায়। সৃষ্টিকৰ্তা জে-টাৰো ছুগিছাকুৰ মতে, ২০০৬ চনত টকিঅ’ত প্ৰেমিকা নথকা নিসংগ পুৰুষৰ এটা দলে ইয়াক উদ্ভাৱন কৰিছিল।

২০০৬ চনত জাপানীজ আলোচনী উইকলি প্লেবয়ত এই পৰিঘটনাৰ বিষয়ে এটা প্ৰতিবেদন প্ৰকাশ পায়, যাক ইংৰাজী ভাষাৰ ৱেবছাইট মাইনেচি ডেইলী নিউজে গ্ৰহণ কৰিছিল।১

২০০৭ চনৰ জানুৱাৰী মাহত এয়াৰ চেক্স "বিশ্ব চেম্পিয়নশ্বিপ"ৰ এটা ভিডিঅ' ইউটিউবত আপলোড কৰা হয়। এই ভিডিঅ'বোৰে ব্লগজগতত কভাৰেজৰ সৃষ্টি কৰে।২ ২০০৭ চনৰ মে' মাহত ফ্ল'ৰিডাৰ অৰলেণ্ডোত অনুষ্ঠিত হোৱা JACON 2007 অধিৱেশনত জাপানোৰামা ভিডিঅ'টো দেখুওৱা হয় আৰু ইয়াৰ পিছত স্বতঃস্ফূৰ্তভাৱে এয়াৰ চেক্স প্ৰতিযোগিতা অনুষ্ঠিত হয়, যাৰ ফুটেজো ইউটিউবত স্থান পায়।৩

২০০৭ চনৰ জানুৱাৰীৰ শেষত আৰু ফেব্ৰুৱাৰীৰ আৰম্ভণিতে নিজকে পিয়ৰ প্ৰেচাৰ বুলি কোৱা এজন আমেৰিকান কৃষ্ণাংগ পুৰুষে কিশোৰ-কিশোৰীৰ এটা দলৰ সৈতে সংগীতৰ সৈতে এয়াৰ চেক্স প্ৰদৰ্শন কৰা দুটা ভিডিঅ' প্ৰস্তুত কৰে, যিবোৰ ইউটিউবত "amp6" ব্যৱহাৰকাৰীৰ নামেৰে প্ৰকাশ পায়। 'ফ্লেচবট' নামৰ ব্লগটোৱে এইবোৰক "অল টাইমৰ শ্ৰেষ্ঠ এয়াৰ চেক্স ভিডিঅ'" হিচাপে অভিহিত কৰে।৪

২০০৭ চনৰ আগষ্ট মাহৰ পৰা দ্য আলামো ড্ৰাফ্টহাউচে আমেৰিকাত দুমহীয়া এয়াৰ চেক্স প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে।৫ ২০০৯ চনৰ জুন মাহত আলামো ড্ৰাফ্টহাউছে Air Sex World Championship Tourৰ অংশ হিচাপে ১৪খন চহৰত প্ৰতিযোগিতা আয়োজন কৰে। তাৰ পাছত, অক্টোবৰত লছ এঞ্জেলেছৰ পৰা অহা চাংহি স্লেমাৰে আন সকলো চহৰৰ বিজয়ীক পৰাস্ত কৰি বিশ্ব চেম্পিয়নৰ মুকুট অৰ্জন কৰে। এই ভ্ৰমণৰ আয়োজক আছিল কৌতুক অভিনেতা 'ক্ৰীছ ট্ৰেউ'। ২০১০ চনৰ অক্টোবৰত গোটটোৱে পুনৰ ভ্ৰমণৰ কথা ঘোষণা কৰিছিল। প্ৰতিযোগিতাৰ ফটোসমূহ আলামো ড্ৰাফ্টহাউচ ফ্লিকাৰ পেজত পোষ্ট কৰা হৈছে।৬৭

তথ্যসূত্ৰ

  1. ↑ Mainichi Daily News (Archived)
  2. ↑ BuzzFeed coverage on air sex
  3. ↑ YouTube footage of Air Sex at JACON 2007
  4. ↑ Fleshbot coverage of Air Sex
  5. ↑ Austinist – Air Sex at the Drafthouse
  6. ↑ Alamo Drafthouse Flickr Page
  7. ↑ Alamo Drafthouse official website

সম্পৰ্কিত শ্ৰেণী

মানৱ যৌনতাজাপান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বায়ু যৌনতা” প্ৰবন্ধৰ সংশোধন ৫১১৪৯৮ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।