অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পোৰামাটিৰ সৈন্যবাহিনী

পোৰামাটিৰ সৈন্যবাহিনী (চীনা: 兵马俑; আক্ষৰিক অৰ্থ: "সৈন্যবাহিনী আৰু ঘোঁৰা-ছৱাৰী সদৃশ পোৰামাটিৰ মূৰ্তি") পোৰামাটিৰে তৈয়াৰী এই সৈন্যবাহিনী আৰু ঘোঁৰাৰ মূৰ্তিসমূহ প্ৰথম চীন সম্ৰাট কিন শি হুয়াঙৰ সমাধিমন্দিৰত প্ৰতিষ্ঠা কৰা হৈছিল। ২১০-২০৯ খ্ৰীষ্টপূৰ্বৰ সময়ত নিৰ্মাণ কৰা এইবোৰ সমাধি শিল্পৰ এক অনন্য নিদৰ্শন।

হালনাগাদ: ২৫ আগষ্ট ২০২৬ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

পোৰামাটিৰ সৈন্যবাহিনী (চীনা: 兵马俑; আক্ষৰিক অৰ্থ: "সৈন্যবাহিনী আৰু ঘোঁৰা-ছৱাৰী সদৃশ পোৰামাটিৰ মূৰ্তি")

পোৰামাটিৰে তৈয়াৰী এই সৈন্যবাহিনী আৰু ঘোঁৰাৰ মূৰ্তিসমূহ প্ৰথম চীন সম্ৰাট কিন শি হুয়াঙৰ সমাধিমন্দিৰত প্ৰতিষ্ঠা কৰা হৈছিল। ২১০-২০৯ খ্ৰীষ্টপূৰ্বৰ সময়ত নিৰ্মাণ কৰা এইবোৰ সমাধি শিল্পৰ এক অনন্য নিদৰ্শন। সম্ৰাটৰ মৃত্যুৰ পিছত তেওঁক পৰজীৱনত সুৰক্ষিত ৰাখিবলৈ এই মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰ বিশ্বাস অনুসাৰে, এই সৈন্যবাহিনীয়ে মৃত্যুৰ পিছত সম্ৰাট কিনৰ সুৰক্ষা নিশ্চিত কৰিব। ১৯৭৪ চনত চীনৰ শাআনশি প্ৰদেশৰ লিণ্টং জিলাৰ কৃষকে এই মূৰ্তিসমূহ আবিষ্কাৰ কৰে। মূৰ্তিসমূহৰ আকৃতি সামৰিক পদমৰ্যাদা অনুসৰি বিভিন্ন আছিল। উদাহৰণস্বৰূপ, আটাইতকৈ ডাঙৰ মূৰ্তিটো এজন সেনাপতিৰ। পোৰা মাটিৰ সৈন্যবাহিনীত সৈনিকৰ উপৰি ৰথ আৰু ঘোঁৰাৰ মূৰ্তিও আছে।

আবিষ্কাৰ পোৰামাটিৰ সৈন্যবাহিনী ১৯৭৪ চনৰ ২৯ মাৰ্চত আবিষ্কৃত হয়। শাআনশি প্ৰদেশৰ শিআনৰ সম্ৰাট কিন শি হুয়াংৰ সমাধিস্থলৰ পৰা প্ৰায় এক মাইল (১.৯ কি.মি) আঁতৰত স্থানীয় কৃষকে পাটকুঁৱা খনন কৰা সময়ত এই মূৰ্তিসমূহ পোৱা যায়। এই স্থান ভূগৰ্ভস্থ জলাধাৰ আৰু নিজৰাৰ সৈতে মিলি আছিল। বহু শতিকা জুৰি এই স্থানত পোৰামাটিৰ খণ্ড, ইটা আৰু অন্য নিৰ্মাণ সামগ্ৰী সময়ে সময়ে পোৱা গৈছিল।১২ পোৰা মাটিৰ সৈন্যবাহিনী চীনৰ প্ৰাচীন মৃৎশিল্পৰ আটাইতকৈ বৃহৎ আৰু সংগঠিত নিদৰ্শন।

তথ্যসূত্ৰ

  1. ↑ Agnew, Neville. (3 August 2010). Conservation of Ancient Sites on the Silk Road. Getty Publications. পৃ. 214. ISBN 978-1606060131
  2. ↑ Clements 2007, পৃ. 155, 157, 158, 160–161, 166

সম্পৰ্কিত শ্ৰেণী

চীনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পোৰামাটিৰ সৈন্যবাহিনী” প্ৰবন্ধৰ সংশোধন ৬৩০৬৭৩ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।