অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ফাট বিহু

ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰিত অনুষ্ঠিত হোৱা বিহু। পূৰ্বতে ব'হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু ব'হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ১,১০৪ শব্দ · ৬ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰিত অনুষ্ঠিত হোৱা বিহু। পূৰ্বতে ব'হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু ব'হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।

নামৰ উৎপত্তি

ফাট শব্দটোৰ উৎপত্তিৰ বিষয়ে বিভিন্ন লোকৰ বিভিন্ন মত আছে।

  • জনা যায় যে ২০ শতিকাৰ শেষ ভাগৰ লৈকে ফাট বিহু ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ত পালন কৰা হৈছিল। দেৱালয়ৰ ওচৰৰ লোক সকলৰ মতে সেই দেৱালয়টো শদিয়াৰ পৰা ফাটি অহা চুতীয়া লোক কিছুমানে ঢকুৱাখনা লৈ আহি স্থাপন কৰিছিল। শদিয়াৰ পৰা ফাটি অহা এই বিহুকে ফাট বিহু বোলা হয়। ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ নিজ গাঁৱত বিহু শেষ কৰি ৭ বহাগৰ দিনাখন হাৰ্হি দেৱালয়ত ফাট বিহু মাৰিছিল। পাছলৈ এই বিহু মহঘূলি চাপৰিত পতা হৈছিল।
  • আন কিছু লোকৰ মতে আকৌ ফাট শব্দটো তাই ভাষাৰ শব্দ হয়, যাৰ অৰ্থ হৈছে "নৈ বা গভীৰ পানী থকা ঠাইৰ দাঁতিত বেহা-বেপাৰ, কৰ-কাটল সংগ্ৰহ আদি কামৰ বাবে সমবেত হোৱা ঠাই। " অৱশ্যে এই বিষয়ে বুৰঞ্জীত একো উল্লেখ পোৱা নাযায়। যিহেতু ফাট বিহু মহঘূলি চাপৰিত ২০ শতিকাৰ শেষ ভাগত হে পাতিবলৈ লোৱা হৈছিল, গতিকে এই মত গ্ৰহণযোগ্য নহয়।

অৱস্থিতি

ঢকুৱাখনা মহকুমা বৰ্তমান লখিমপুৰ জিলাৰ অন্তৰ্গত যদিও ১৯৮৯ চনলৈকে ধেমাজি মহকুমাৰ অন্তৰ্গত এটা বিস্তৃত অঞ্চল আছিল। সামগ্ৰিকভাৱে ঢকুৱাখনা বুলি ক'লে ২৭.২৬ উত্তৰ অক্ষাংশ আৰু ৯৪.২৪ পূৱ দ্ৰাঘিমাংশৰ পৰা ৯৮.৪২ পূৱ দ্ৰাঘিমাংশৰ অন্তৰ্গত ভৌগোলিক এলেকাৰ ভূখণ্ডক নিৰ্দেশ কৰে। ঢকুৱাখনাৰ মাটিকালি ৬৫৯ বৰ্গকিলোমিটাৰ। ঢকুৱাখনা অঞ্চলটোক ব্ৰহ্মপুত্ৰ নদ আৰু ইয়াৰ প্ৰধান উপনৈ সোৱণশিৰিয়ে আৱৰি আছে।

বৰ্তমান ঢকুৱাখনা নগৰৰ দাঁতিয়েদি বৈ যোৱা চাৰিকড়ীয়া নৈৰ পাৰতে অনুষ্ঠিত হয় ফাট বিহু। ঔপন্যাসিক হোমেন বৰগোহাঞিয়ে তেখেতৰ ‘গৰখীয়া’ শীৰ্ষক গল্পটোত ফাট বিহু তলিৰ নামটো ম'হঘূলি চাপৰি হিচাপে নামকৰণ কৰিছিল। তেখেতে চাৰিকড়ীয়া নৈৰ উত্তৰ দিশত থকা বৰ্তমান চাৰিকড়ীয়া নৈৰ পকা দলংখনৰ পশ্চিমৰ এটি অৰণ্যময় চাপৰিৰ নাম ম'হ ঘূলি চাপৰি বুলি উল্লেখ কৰিছিল। ১৯৯৬ চনৰ পৰা চাৰিকড়ীয়া নৈৰ পাৰৰ ম'হঘূলি চাপৰিৰ শিশু গছৰ বাগিছাৰ মাজত স্থায়ীভাৱে মঞ্চ সাজি ফাট বিহু অনুষ্ঠিত হৈ আহিছে।

উৎপত্তি আৰু ক্ৰমবিকাশ

হাৰ্হি দেৱালয়ত উৎপত্তি

ফাট বিহু ১৬ শতিকাৰ পৰাই হাৰ্হি দেৱালয়ত পতা হৈছিল। শদিয়াৰ পৰা কিছু চুতীয়া জনগোষ্ঠীৰ লোকে ঢকুৱাখনা লৈ আহি হাৰ্হি দেৱালয় স্থাপন কৰিছিল আৰু বহাগৰ প্ৰথম সপ্তাহত থানত বলি দি বিহু উৎযাপন কৰিছিল। স্থানীয় ৰাইজে বʼহাগ‌ বিহুৰ আৰম্ভণি আৰু সাত বিহুৰ দিনা সামৰণি দেৱালয় প্ৰাংগণতে ভক্তিভাৱে সমাপন কৰিছিল। বিহুৰ হুঁচৰি গাওঁ বোৰত শেষ কৰি ওচৰৰ গঞা ৰাইজে ৭ বহাগৰ দিনা দেৱালয়ত আহি বিহু মাৰিছিল। ধৰ্মীয় ৰীতি-নীতিৰ মতে এই বিহু পালন কৰা হৈছিল বাবে ওচৰৰ সকলো জনগোষ্ঠীৰ লোকে আগভাগ লৈছিল। মানৰ দিনত এই পৰম্পৰাত ব্যাঘাত জন্মে। ১৮২৪ চনত বৃটিছে গুৱাহাটী অধিকাৰ কৰে। সেই‌ সময়ত মান সকল ঢকুৱাখনা অঞ্চলৰ পৰাও ভাগি যায়। সকলো জনগোষ্ঠীৰ ৰাইজে সেই বহাগতে পুণৰ উলহ-মালহেৰে দেৱালয়ত বিহু মাৰিবলৈ লয়।১

দেৱালয়ৰ সেই ফাট বিহু ১৯১৮ চনত স্তব্ধ হৈ পৰিছিল। ইয়াৰ প্ৰামাণিক কাৰণ হ'ল- প্ৰথম বিশ্ব যুদ্ধৰ যেতিয়া অৱসান ঘটিল, তেতিয়া সেই যুদ্ধত ইংৰাজ হাৰিল বুলি এটা উৰাবাতৰি ওলাল। তেতিয়া ঢকুৱাখনাৰ আশে পাশে থকা মিচিং সম্প্ৰদায়ৰ মাজত এটা জনৰৱ উঠিল যে তেওঁলোক স্বাধীন হ'ল। সেয়ে মোহন গাম নামৰ এজন মিচিং প্ৰতাপী লোকৰ নেতৃত্বত ঢকুৱাখনা অঞ্চলত থকা মাৰোৱাৰী দোকানবোৰত লুটপাত আৰম্ভ কৰি দিলে। এই লুটপাতৰ ফলত ফাট বিহু স্তব্ধ হৈ পৰিছিল যদিও পাছলৈ আকৌ আৰম্ভ কৰা হৈছিল। প্ৰচলিত বিশ্বাসমতে ফাট বিহু আগতে দেৱালয়ৰ প্ৰাঙ্গণতে অনুষ্ঠিত হৈছিল যদিও প্ৰথম মহাসমৰৰ পিছৰ কালছোৱা ১৯৩০ৰ দশকত সকলো ঠাইতে মহামাৰীয়ে দেখা দিয়াত আৰু জীৱ-জন্তু কোনোৱেই বেমাৰৰ পৰা মুক্তি নোপোৱাত দেৱীয়ে সপোনত পূজাৰীক দেৱালয়ৰ মণ্ডপত বহাগৰ সাদিনৰ দিনা বিহু মাৰিলেহে সকলোৱে বেমাৰ-আজাৰ, বাধা-বিঘিনিৰ পৰা পৰিত্ৰাণ পাব বুলি কয়। সেইসময়তেই সকলো বিহু দলে দেৱালয়ৰ প্ৰাঙ্গণৰ পৰা উঠি আহি মণ্ডপত‌ বিহু মাৰিবলৈ লয়-যিটো আজিও চলি আছে। পুৰণি দিনৰ পৰা বছৰ বছৰ ধৰি দেৱীক ভক্তি জনাই সকলোৱে আজিও হাৰ্হি দেৱালয়ত এই ফাট বিহু মাৰি আহিছে। ১৯৩০-৪০ দশকৰ পিছৰ এই অঞ্চলৰ যিমান বয়োজ্যেষ্ঠ নাগৰিক আছে তেখেতসকলে এই বʼহগৰ সাদিনৰ দিনা হাৰ্হি দেৱালয়ৰ ফাট বিহুৰ বাবে স্কুল ছুটী পোৱা কথাটো দোহাৰি ফাট বিহুখনিৰ গৌৰৱময় অতীতক শ্ৰদ্ধাৰে সুঁৱৰে। ২

আধুনিক দিনৰ ফাট বিহু

বহু দূৰ-দূৰণিৰ গাঁৱৰ পৰা স্বতঃস্ফূৰ্ত ভাৱেই বিহু দল আহি দেৱীৰ আশীৰ্বাদ লৈ‌ বিহু মাৰি অহাটো এই অঞ্চলৰ আধ্যাত্মিক পৰম্পৰা। বৈষ্ণৱ ধৰ্মৰ প্ৰাদুৰ্ভাৱৰ‌ ফলস্বৰূপে ওচৰে-পাঁজৰৰ গাঁও সমূহত বিশেষকৈ ১৯৬০ৰ দশকৰ পৰাই শাক্তধৰ্মী লোকৰ সংখ্যা কমি অহাত‌ বিহু দলৰ সংখ্যা কমি আহিছে। কিন্তু যি সকল মানুহে আজিও দেৱীৰ কোপদৃষ্টিত হ'ব পৰা অনাকাংক্ষিত ফলৰ বাবে ভয় বা সন্মান জনায়, ৰাইজৰ মংগল‌ আৰু সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি সচেতন, তেখেতসকলে প্ৰতি বছৰে‌ বহু দুখ-কষ্ট পাহৰিও পুৰণিদিনীয়া ৰীতি পালন কৰি দেৱালয়ত ফাট বিহু অনুষ্ঠিত কৰা দেখা যায়। ৩

২০২৩ চনৰ ফাটবিহুৰ তৃতীয় দিনাৰ মুকলি বিহু প্ৰতিযোগিতাত দেউৰী বিহুৰ এটা দল।
২০২৩ চনৰ ফাটবিহুৰ তৃতীয় দিনাৰ মুকলি বিহু প্ৰতিযোগিতাত দেউৰী বিহুৰ এটা দল।ছবি: Nayan j Nath · CC BY-SA 4.0

১৯৭৬ চনৰ পৰা‌ এচাম লোকে ঢকুৱাখনাৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত গছৰ ডাল ৰুই "ফাট বিহু" বুলি নামকৰণ কৰি নতুনকৈ বিহু পাতিব লৈছিল। সময়ত বিহুৰ দলসমূহে লাহে লাহে দেৱালয়ৰ পৰা আঁতৰি সেই খেলপথাৰত প্ৰদৰ্শন কৰিব ধৰিলে। আজিৰ দিনত হাৰ্হি দেৱালয়ত "ফাট বিহু" উৎযাদন কৰে যদিও আগৰ দৰে বিভিন্ন দলে হুঁচৰি মাৰিবলৈ অহা দেখা নাযায়। ২০১৩ চনৰ পাছত মিচিং জনগোষ্ঠীৰ দলবোৰেও হুঁচৰি মাৰিবলৈ এৰি দিছিল। বৰ্তমান কেৱল ওচৰৰ চুতীয়া জনগোষ্ঠীৰ লোকসকলেহে তাত হুঁচৰি মৰা দেখা যায়। আনপিনে মʼহঘূলি চাপৰিত আৰম্ভ কৰা নতুন "ফাট বিহু" অসম বিখ্যাত হৈ পৰিল। ১৯৮৯ৰ পৰা ১৯৯২ চনৰ লৈকে ঢকুৱাখনা কলেজৰ বিপৰীতে থকা মূগা ফাৰ্মত এই বিহু পাতিছিল। তাৰ পৰা আকৌ চৰকাৰী খেল পথাৰলৈ লৈ অনা হৈছিল। পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ পৰা চাৰিকড়ীয়া নৈৰ পাৰৰ মনোমোহা মহঘূলি চাপৰিৰ শিশু গছৰ বাগিছাৰ মাজত স্থায়ীভাৱে মঞ্চ সাজি ফাট বিহু অনুষ্ঠিত হৈ আহিছে।৪

ঢকুৱাখনাৰ ফাট বিহুৰ আদৰণি তোৰণ
ঢকুৱাখনাৰ ফাট বিহুৰ আদৰণি তোৰণছবি: Joli · CC BY-SA 4.0

বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ব’হাগ বিহুতকৈ ঢকুৱাখনাৰ ফাট বিহু যিকেইটা দিশত বৈচিত্ৰ্যময় সেই দিশকেইটাৰ অন্যতম হ’ল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, ঠাই-ঐতিহ্য, বৈশিষ্ট্যপূৰ্ণ বিহুনাচ, মন-পৰশা সুৰত বিহুনাম আৰু জাতনাম, হুঁচৰি, পোছাক-পৰিচ্ছদ, বিভিন্ন জনগোষ্ঠীৰ অংশ গ্ৰহণ আদি।

ফাট বিহুৰ ব্যাখ্যা

ঢকুৱাখনাৰ ফাট বিহুৰ বৈশিষ্ট্য আৰু ঐতিহাসিক দৃষ্টিকোণৰ ওপৰত ভিত্তি কৰি ফাট বিহুৰ উৎপত্তি বাখ্য সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে-

ড॰ চন্দ্ৰধৰ চমুৱাই ফাট বিহু সম্পৰ্কীয় এখন আলেখ্যত প্ৰকাশ কৰি ফাট বিহুৰ সম্পৰ্কত কৈছে যে,

“লুইতপৰীয়া মিছিং ডেকা গাভৰুসকলে ৰং বিৰংৰ পোচাকেৰে ফাট বিহুলৈ ভাগি-ভুঁহৰি আহিছিল বুলি প্ৰকাশ কৰি কৈছে যে, দিনৰ ভাগত বাটৰ কাষত কিম্বা বৰচাপৰি-ম’হঘূলি চাপৰিৰ গছৰ তলত এই বিহু কৰিছিল। পশ্চিমীয়া, বিশেষকৈ বঙ্গীয় সংস্কৃতিৰ প্ৰভাৱত আঢ্যৱন্ত বা সম্ভ্ৰান্ত পৰিয়ালৰ জ্যেষ্ঠ লোকে বিহুৰ নৃত্য গীতক অৱজ্ঞাৰ চকুৰে চাইছিল। সেয়েহে ৰাতি বিহুলৈ ডেকা গাভৰু ওলাই যোৱাটোক বিহু জুপিবলৈ যোৱা বুলি কোৱা হৈছিল। পিছে অনুন্নত সম্প্ৰদায়ৰ ডেকা-গাভৰুৰ মাজত আছিল বিহুৰ প্ৰকৃত প্ৰাণ-প্ৰাচুৰ্য আৰু ঢকুৱাখনাৰ ফাট বিহুৰ প্ৰাণকেন্দ্ৰই আছিল চুতীয়া আৰু মিচিং সম্প্ৰদায়ৰ লোক”।

বিশিষ্ট বিহু গৱেষক ভৰত সন্দিকৈৰ মতে,

"বৰ্তমান ঢকুৱাখনালৈ দৃষ্টি নিক্ষেপ কৰিলে সহজে অনুমান কৰিব পাৰি যে অতীততে চাৰিকড়ীয়া নৈৰ পাৰত, য’ত ফাট বিহু অনুষ্ঠিত হৈছিল; তাত জনবসতি বিশেষ নাছিল। গাওঁবোৰ কিছু দুৰত আছিল। ধান-মাহৰ খেতি পথাৰৰ লগতে ছন পৰি থকা চাপৰিবোৰত থকা গছৰ তলত আৰু মুকলি পথাৰত বিহু মাৰিবলৈ বহু দুৰ-দুৰণীৰ পৰা ডেকা-গাভৰুৰ দল আহিছিল। ভাগ ভাগ হৈ বিহু মাৰিছিল শত শত বিহুদলে। কোনোও কালৈকো চাবলৈ সময়েই নাই। শত সহস্ৰ ঢোল-তাল, পেঁপা-গগনাৰ মাতত আৰু বিহুনামৰ ধ্বনিত মুখৰিত হৈ পৰিছিল আকাশ আৰু চাৰিকড়ীয়া নৈৰ দুয়োপাৰ। সময় উৰি গৈছিল কিন্তু তাৰ প্ৰতি কোৰো ভ্ৰক্ষেপ নাছিল। লানি নিছিগা দৰ্শকৰ ভীৰত গোটেই অঞ্চলটোত বিৰ দি বাট পাবলৈ নোহোৱা হৈছিল। বিহুৰ এনে অনুপম আকৰ্ষণ বা জনপ্ৰিয়তাৰ কাৰণ হ’ল- মানুহৰ আদিম প্ৰবৃত্তি ৰক্ষা আৰু বংশবৃদ্ধিৰ আকাংক্ষা নিবিড়ভাৱে জড়িত হৈ থকা। বিহুগীতসমূহ নাৰীদেহৰ ইন্দ্ৰিয়গ্ৰাহ্য আৰু ইন্দ্ৰিয়ভোগ্যৰ ৰূপৰ বৰ্ণনাৰে ভৰপূৰ নাৰী দেহৰ বন্দনাৰ এটি মাধ্যম। বুজন সংখ্যক বিহুগীত ৰচনা হৈছিল আদিম সমাজত অবাধ যৌন সম্পৰ্কৰ প্ৰচলন থকা কালতেই।"

তথ্যসূত্ৰ

  1. ↑ ফাটবিহুৰ মুখপাত্ৰ: বিহুৱান (২০০৬)
  2. ↑ ফাটবিহুৰ মুখপাত্ৰ: বিহুৱান (২০০৬)
  3. ↑ ফাটবিহুৰ মুখপাত্ৰ: বিহুৱান (২০০৬)
  4. ↑ কলিতা, জিতৰাম, "ঢকুৱাখনা মহকুমাৰ ঠাইৰ নামৰ ইতিবৃত্ত",p.8

সম্পৰ্কিত শ্ৰেণী

বিহুঢকুৱাখনা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাট বিহু” প্ৰবন্ধৰ সংশোধন ৬২৯৩০০ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।