অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ফিলাটেলি

ফিলাটেলি (philately, ) হৈছে ডাক টিকট, ডাক বিভাগৰ বুৰঞ্জী আৰু এই সম্পৰ্কীয় বিষয়ৰ এক সমূহিক অধ্যয়ন। কেৱল ডাক টিকট সংগ্ৰহ কৰাৰ উপৰিও ফিলাটেলিৰ অন্য গুৰুত্ব আছে। নগণ্য সংখ্যক বা কোনো ডাক টিকটৰ গৰাকী নোহোৱকৈও ফিলটেলিষ্ট হ'ব পাৰি।

হালনাগাদ: ১৮ জুন ২০২৬ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ফিলাটেলি (philately, ) হৈছে ডাক টিকট, ডাক বিভাগৰ বুৰঞ্জী আৰু এই সম্পৰ্কীয় বিষয়ৰ এক সমূহিক অধ্যয়ন। কেৱল ডাক টিকট সংগ্ৰহ কৰাৰ উপৰিও ফিলাটেলিৰ অন্য গুৰুত্ব আছে। নগণ্য সংখ্যক বা কোনো ডাক টিকটৰ গৰাকী নোহোৱকৈও ফিলটেলিষ্ট হ'ব পাৰি। উদাহৰণ স্বৰূপে অধ্যয়নমূলক ডাক টিকটৰ কিছুসংখ্যক অতি দুৰ্লভ হ'ব পাৰে অথবা কোনো সংগ্ৰহালয়ত স্ংৰক্ষিত হ'ব পাৰে।

ব্যুৎপত্তি

ফিলাটেলি শব্দটো ফাৰ্চি ভাষাৰ philatélie শব্দৰ ইংৰাজী সংস্কৰণ।১ স্ৰস্তা জৰ্জ হাৰপিনৰ মতে ১৮৬৪ চনৰ ৬/৭ বছৰ পূৰ্বৰে পৰা ডাক টিকটৰ সংগ্ৰহ আৰু অধ্যয়ন কাৰ্য্য চলি আহিছে আৰু এই ৰাপৰ এটা ভাল পোচাকী নাম থকাটো উচিত যিহেতো পূৰ্বৰ "টিম্ব্ৰ'মেনি" নামটো সকলোৰে অপচন্দৰ আছিল।২ ফিলাটেলি শব্দটোৰ সৃষ্টি হৈছে গ্ৰীক মূলৰ শব্দ "ফিল" (যিকোনো বস্তুৰ প্ৰতি আকৰ্ষণ বা আসক্তি) আৰু "এটলিয়া" (কৰ মুক্ত)।৩ ডাক টিকটৰ প্ৰচলনে চিঠিৰ আদান প্ৰদান সুচল তথা বাস্তৱধৰ্মী কৰি তুলিছিল। এই ব্যৱস্থাই চিঠি প্ৰেৰণ কৰোঁতাৰ পৰা চিঠি পঠোৱাৰ বাবে মূল্য সংগ্ৰহ কৰাৰ বিপৰীতে গ্ৰহণ কৰোঁতাৰ বাবে বিনামূলীয়া প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। ফিলাটেলি শব্দৰ বহুল ব্যৱহাৰে পূৰ্বব্যৱহিত টিম্ব্ৰ'মেনিয়া, টিম্ব্ৰ'ফিলি আদি শব্দ অব্যৱহৃত কৰি তোলে।২

ভিন্নতা

সাধাৰণতে ফিলাটেলি ডাক টিকট উৎপাদনৰ কাৰিকৰী দিশ আৰু টিকট পৰিচয়কৰণৰ লগত জড়িত। ই সামৰি লোৱা অন্য ভাগ সমূহ হৈছে -

  • ডাক টিকটৰ ৰূপাঙ্কণ প্ৰক্ৰিয়া
  • ব্যৱহৃত কাকত
  • চপা কৰাৰ প্ৰক্ৰিয়া
  • ব্যৱহৃত আঠা
  • বিচ্ছিন্ন কৰাৰ প্ৰক্ৰিয়া
  • অতিৰিক্ত তৰপ
  • যিকোনো ভিতৰুৱা সুৰক্ষা চিহ্ন

লগতে পঢ়ক

  • Sefi, A.J. An Introduction to Advanced Philately, with special reference to typical methods of stamp production. London: Rowley & Rowley, 1926. (2nd edition 1932) (Electronic facsimile edition Royal Philatelic Society London 2010.)
  • Sutton, R.J. & K.W. Anthony. The Stamp Collector's Encyclopaedia. 6th edition. London: Stanley Paul, 1966.
  • Williams, L.N. & M. Fundamentals of Philately. State College: The American Philatelic Society, 1971.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Herpin, Georges. "Bapteme" in Le Collectionneur de Timbres-Postes, Vol.I, 15 November 1864, p.20
  2. ↑ Williams, L.N. & M. Fundamentals of Philately. State College: The American Philatelic Society, 1971, p.20
  3. ↑ Sutton, R.J. & K.W. Anthony. The Stamp Collector's Encyclopaedia. 6th edition. London: Stanley Paul, 1966, p.232

সম্পৰ্কিত শ্ৰেণী

ডাক সেৱা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিলাটেলি” প্ৰবন্ধৰ সংশোধন ৬১২৮২৯ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।