বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ব্যাস ওজাপালি
ব্যাস ওজাপালি হৈছে ওজাপালিৰ এটা ভাগ। ব্যাস গোৱা ওজাপালিয়ে বৈষ্ণৱ ধৰ্মক পোষকতা কৰে,যাৰ বাবে এই ওজাপালিক বৈষ্ণৱ ওজাপালি বুলিও কোৱা হয়। ব্যাস ওজাপালিয়ে মহাভাৰত,ৰামায়ণ আৰু পুৰাণৰ আখ্যানৰ পদবোৰক পৰিবেশন কৰে।
-
ব্যোমাসুৰ
ব্যোমাসুৰ হিন্দু সাহিত্যত উল্লেখ থকা এগৰাকী অসুৰ। তেওঁ মায়াসুৰৰ পুত্ৰ। কৃষ্ণ দেৱতাৰ হাতত তেওঁৰ মৃত্যুৰ বিষয়ে ভাগৱত পুৰাণত বৰ্ণনা কৰা হৈছে।
-
ব্ৰাজিলৰ শ্ৰুতিকথা
ব্ৰাজিলৰ শ্ৰুতিকথা (ইংৰাজী: Brazilian mythology) বা ব্ৰাজিলৰ পৌৰাণিক কাহিনী হৈছে ব্ৰাজিলৰ বিভিন্ন উৎসৰ সাংস্কৃতিক উপাদানৰ সৈতে ব্ৰাজিলৰ লোককথা, পৰম্পৰা, কিংবদন্তি চৰিত্ৰ আৰু স্থান, মানুহ আৰু দেৱতা সম্পৰ্কীয় বিশ্বাসসমূহ সন্নিবিষ্ট কৰা জনশ্ৰুতিৰ সম্ভাৰ।
-
ভাটিয়লী
ভাটিয়লী (ভাটিয়ালী) গান হ'ল বাংলা লোকসংগীতৰ এক সুকীয়া ধাৰা, ইয়াক প্ৰধানকৈ বাংলাদেশৰ নদী বহুল অঞ্চল আৰু ভাৰতৰ পশ্চিম বংগত গোৱা হয়। ‘ভাটিয়ালী’ শব্দটো বাংলা শব্দ “ভাটা”ৰপৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ নদী বা সাগৰৰ জলস্তৰৰ নিম্নগতিপ্ৰৱাহ বা তললৈ যোৱা।
-
ভাণ্ডাসুৰ
ভাণ্ডাসুৰ বিশেষকৈ শাক্ত ধৰ্মী হিন্দু সাহিত্যত উল্লেখ থকা এজন অসুৰ। ব্ৰহ্মাণ্ড পুৰাণৰ ললিতা মহাত্ম্যত তেওঁক উল্লেখ কৰা হৈছে, য'ত তেওঁক ললিতাই দেৱীয়ে বধ কৰে।
-
ভাৰত ৰাষ্ট্ৰ সমিতি
ভাৰত ৰাষ্ট্ৰ সমিতি (Bharatiya Rashtra Samiti) পূৰ্বতে তেলেংগানা ৰাষ্ট্ৰ সমিতি (চমুকৈ TRS) নামেৰে জনাজাত, ভাৰতীয় ৰাজনৈতিক দল যিটো তেলেংগানা ৰাজ্যত প্ৰধানকৈ সক্ৰিয়।
-
ভাৰতত কন্যা ভ্ৰুণ হত্যা
ভাৰতত কন্যা ভ্ৰুণ হত্যা (Female foeticide in India) হৈছে আইনী পদ্ধতিৰ বাহিৰত কন্যা ভ্ৰুণৰ গৰ্ভপাত। কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ ভিত্তিত পিউ ৰিচাৰ্চ চেণ্টাৰৰ এক গৱেষণাই ২০০০-ৰ পৰা ২০১৯-লৈ কমেও ৯০ লাখ কন্যা ভ্ৰুণ হত্যাৰ ইংগিত দিছে। গৱেষণাত দেখা গৈছে যে এই ভ্ৰুণ হত্যাৰ ৮৬.৭% হিন্দু (জনসংখ্যাৰ ৮০%)।
-
ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক
ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক ভাৰতৰ সংবিধানৰ ১৪৮ নং অনুচ্ছেদৰ অধীনত গঠিত সাংবিধানিক কৰ্তৃপক্ষ। সংবিধানে তেওঁক ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আয় আৰু ব্যয়ৰ হিচাপ পৰীক্ষা কৰাৰ ক্ষমতা প্ৰদান কৰে।
-
ভাৰতৰ ভিছা নীতি
ভাৰত দৰ্শনলৈ অহা দৰ্শকে ভিছা ৰেহাই পোৱা কোনো এখন দেশৰ পৰা নাহিলে ভিছা লব লাগিব। কিছুমান দেশৰ নাগৰিকে আগমনৰ সময়ত ভিছা বা ই-ভিছা অনলাইনত লাভ কৰিব পাৰে, আনহাতে আন কিছুমানে ভাৰতীয় কূটনৈতিক মিছনৰ পৰা ভিছা লাভ কৰিব লাগিব।
-
ভাৰতৰ সেউজ বিপ্লৱ
ভাৰতৰ সেউজ বিপ্লৱ:The Green Revolution in India আছিল ১৯৬০ চনৰ পৰা আৰম্ভ হোৱা এছোৱা সময়, যি সময়ত ভাৰতৰ কৃষি ব্যৱস্থাক প্ৰযুক্তি গ্ৰহণৰ দ্বাৰা আধুনিক ঔদ্যোগিক ব্যৱস্থালৈ ৰূপান্তৰিত কৰা হৈছিল।
-
ভোকাতুৰ ভূত
ভোকাতুৰ ভূত (Hungry Ghost) হৈছে বৌদ্ধ ধৰ্মৰ এটা ধাৰণা আৰু চীনৰ পৰম্পৰাগত ধৰ্ম, যিয়ে তীব্ৰ আৱেগিক প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত সত্তাক পশুবাদীশৈলীৰে প্ৰতিনিধিত্ব কৰে। 餓鬼 èguǐ শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে "ভোকাতুৰ ভূত" আৰু শব্দটো বৌদ্ধ ধৰ্মৰ preta (প্ৰেতা) শব্দটোৰ চীনা অনুবাদ।
-
মই ভাবোঁ, গতিকে মই আছোঁ
ক'গিত' এৰ্গ' চূঁ (Cogito, ergo sum, Je pense, donc je suis), অৰ্থাৎ, মই ভাৱোঁ, গতিকে মই আছোঁ, এই বাক্যশাৰী প্ৰসিদ্ধ ফৰাচী দাৰ্শনিক, গণিতজ্ঞ আৰু বৈজ্ঞানিক ৰ্যনে দেকাৰ্তৰ দ্বাৰা উপস্থাপিত এক বিখ্যাত দাৰ্শণিক উক্তি।
-
মণ্টাগ'-ছেমচফৰ্ড সংস্কাৰ
মণ্টাগ'-ছেমচফৰ্ড সংস্কাৰ (Montagu–Chelmsford Reforms) অথবা চমুকৈ ক'বলৈ গ'লে মণ্ট-ফৰ্ড সংস্কাৰ ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে ব্ৰিটিছশাসিত ভাৰতত ক্ৰমান্বয়ে স্ব-শাসিত প্ৰতিষ্ঠান প্ৰৱৰ্তন কৰাৰ পদক্ষেপ লোৱা হৈছিল৷ এই সংস্কাৰসমূহৰ নামকৰণটো এডৱিন মণ্টাগ' আৰু লৰ্ড…
-
মথুৰা ধৰ্ষণ কাণ্ড
মথুৰা ধৰ্ষণ কাণ্ড ১৯৭২ চনৰ ২৬ মাৰ্চত ভাৰতত সংঘটিত হৈছিল, য'ত মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ দেশাইগঞ্জ থানাৰ চৌহদত দুজন আৰক্ষীয়ে মথুৰা নামৰ এগৰাকী জনজাতীয় যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
-
মধু আৰু কৈটভ
মধু আৰু কৈটভ, হিন্দু শাস্ত্ৰত দুটা অসুৰৰ নাম আৰু ই হিন্দু ব্ৰহ্মাণ্ডবিজ্ঞানৰ সৈতে জড়িত।
-
মনোহৰা
মনোহৰা হৈছে অৰ্ধমানৱী তথা অৰ্ধপক্ষীৰূপী এগৰাকী কিন্নৰী। তেওঁ জাতকৰ এক আখ্যানৰ নায়িকা। মনোহৰা আৰু ৰাজকুমাৰ সুধন নামৰ আখ্যানটো সংস্কৃত গ্ৰন্থ দিব্যাৱদানৰ লগতে বৰবুদুৰ বৌদ্ধ মন্দিৰৰ প্ৰস্তৰ কাৰুকাৰ্যসমূহত চিত্ৰিত কৰা দেখা যায়।
-
মহাত্মা গান্ধী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। মহাত্মা গান্ধী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: মহাত্মা গান্ধী, (২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল।
-
মাটিল্ডা প্ৰভাৱ
মহিলা বিজ্ঞানীৰ সফলতাক স্বীকৃতি নিদি তেওঁলোকৰ পুৰুষ সহকৰ্মীৰ প্ৰতি কৰা পক্ষপাতিত্বক মাটিল্ডা প্ৰভাৱ (Matilda effect) বোলে। মতাধিকাৰ কৰ্মী মাটিল্ডা জ'ছলিন গেজে (Matilda Joslyn Gage, ১৮২৬-৯৮) তেওঁৰ "Woman as Inventor" নামৰ ৰচনাত (১৮৭০-ত প্ৰথমবাৰ আৰু ১৮৮৩ চনত নৰ্থ এমেৰিকান ৰিভিউত প্ৰকাশিত) এই প্ৰভাৱৰ…
-
মাটিৰ হিচাপ
মাটিৰ হিচাপ হৈছে মাটিৰ জোখ-মাখ লোৱা আৰু সেই জোখ অনুসৰি দৰ নিৰ্ণয়ৰ এক প্ৰক্ৰিয়া। সোণৰ দাম উঠা নমা হৈ থাকাৰ বিপৰীতে মাটিৰ দাম সদায় বাঢ়ি গৈ থাকে। কোনোদিন নকমে।
-
মাদ
মাদ হিন্দু ধৰ্মতত্ত্ব আৰু পৌৰাণিক কাহিনী দুয়োটাতে ব্যৱহৃত এটা শব্দ। ই ষড়ৰিপুৰ অন্যতম। ইয়াৰদ্বাৰা মনৰ ছয় শত্ৰুৰ ভিতৰত এজন বা হিন্দু শাস্ত্ৰ অনুযায়ী কোনো কু-অভ্যাসক বুজোৱা হয়। খ্ৰীষ্টান ধৰ্মতত্ত্বৰপৰা পোৱা সাতটা মাৰাত্মক পাপৰ লগত গৌৰৱৰ হিন্দূৰ সমতুল্য।
-
মাদ্দলম
মাদ্দলম (ইংৰাজী: Maddalam, মালয়ালম: മദ്ദളം) কঁঠাল কাঠৰ পৰা তৈয়াৰ কৰা এটা বাদ্যযন্ত্ৰ। ইয়াৰ দুয়োকাষে চামৰাৰ আৱৰণ থাকে। দুয়োটা কাষৰ শব্দ বেলেগ বেলেগ হয়। মাদ্দলম এটা গধুৰ বাদ্যযন্ত্ৰ। এই বাদ্যযন্ত্ৰ বাদকৰ কঁকালত বান্ধি ৰখা হয়। বাদকে প্ৰদৰ্শনৰ সময়ত থিয় হৈ ইয়াক বজায়।
-
মানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকা
এয়া মানৱ উন্নয়ন সূচক অনুযায়ী সকলো দেশৰ তালিকা। এই তালিকা ৰাষ্ট্ৰ সংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমছ হ্যুমেন ডেভেলপমেণ্ট ৰিপ'ৰ্টৰ ওপৰত আধাৰিত। শেহতীয়া ১৪ ডিচেম্বৰ ২০১৫ চনৰ অনুমানৰ মতে তৈয়াৰ কৰা হৈছে।
-
মাল্লাখাম্ব
মাল্লাখাম্ব হৈছে এক পৰম্পৰাগত নৃত্য, যি ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হৈছিল য'ত নৃত্যশিল্পীয়ে এটা উলম্ব স্থিৰ কাঠৰ খুটাত ভাৰসাম্য ৰাখি নৃত্য প্ৰদৰ্শন কৰে। মাল্লাখাম্ব শব্দটোৱে খেলত ব্যৱহৃত খুটা বুজায়। খুটাটো সাধাৰণতে কেষ্টৰ তেলেৰে পালিশ কৰা ভাৰতীয় গোলাপকাঠৰ পৰা তৈয়াৰ কৰা হয়।
-
মিছ ইউনিভাৰ্ছ ২০২৩
মিছ ইউনিভাৰ্ছ ২০২৩ আছিল ৭২তম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা। এই অনুষ্ঠান ১ নৱেম্বৰ ২০২৩ তাৰিখে এল চালভাডৰৰ চান চালভাডৰৰ জিমনাচিঅ নাচিওনেল হʼজে এডলফো পিনেডাত অনুষ্ঠিত হৈছিল। অনুষ্ঠানটোৰ শেষত, নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওচক আৰ'বনি গেব্ৰিয়েলে মিছ ইউনিভাৰ্ছ 2023 হিচাপে সন্মান লাভ কৰে।
-
মুণ্ডু
মুণ্ডু (মালয়ালম: മുണ്ട, IPA: muɳɖɯ̽) হৈছে ভাৰতৰ কেৰালা, তামিলনাডু, লক্ষদ্বীপ দ্বীপপুঞ্জ আৰু ভাৰত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰ মালদ্বীপত কঁকালত পৰিধান কৰা এক পৰম্পৰাগত বস্ত্ৰ। ই ধুতি আৰু লুঙীৰ দৰে চাৰং জাতীয় পোছাকৰ সৈতে ওচৰৰ সম্পৰ্কীয়। ইয়াক সাধাৰণতে সূতাৰে বোৱা হয় আৰু ই বগা বা ক্ৰীম ৰঙৰ হয়।
-
মুণ্ডুম নেৰিয়াতুম
মুণ্ডুম নেৰিয়াটুম (Mundum neriyatum মালয়ালম: മുണ്ട് നേരിയത്; চেট্টু-মুণ্ডু বা মুণ্ডু-ছেট) হৈছে দক্ষিণ-পশ্চিম ভাৰতৰ ৰাজ্য কেৰালাৰ মহিলাসকলৰ পৰম্পৰাগত সাজ-পোছাক। ই প্ৰাচীন শাৰী ৰূপৰ আটাইতকৈ পুৰণি অৱশিষ্ট যিয়ে কেৱল শৰীৰৰ তলৰ অংশহে আবৰি ৰাখিছিল।
-
মৃগয়া
মৃগয়া বা মৃগ চিকাৰ (পহু চিকাৰ) (Deer hunting) হ'ল মাংস আৰু ক্ৰীড়াৰ বাবে কৰা হৰিণ বা মৃগৰ চিকাৰ। ই এনে এক কাৰ্য্য যি দহ হাজাৰ বছৰ পুৰণি। ভেনিছন অৰ্থাৎ হৰিণৰ মাংস হ'ল প্ৰাণী প্ৰ'টিনৰ এক পুষ্টিকৰ আৰু প্ৰাকৃতিক খাদ্য উৎস আৰু ইয়াক মৃগয়াৰ দ্বাৰা লাভ কৰিব পৰা যায়।
-
মেঘভংগ
মেঘভংগ (Cloudburst) হৈছে অতি কম সময়ৰ ভিতৰত হোৱা বৃহৎ পৰিমাণৰ বৰষুণ। ইয়াৰ সৈতে কেতিয়াবা শিলাবৃষ্টি আৰু বজ্ৰপাতো আহে। মেঘভংগত ৫ মিনিটতকৈও কম সময়ৰ ভিতৰত বিপুল পৰিমাণৰ বৰষুণ হ'ব পাৰে; উদাহৰণস্বৰূপে, এক বৰ্গ কিলোমিটাৰ এলেকাত ২৫ মি.মি. বৰষুণ হ'লে প্ৰায় ২৫,০০০ মেট্ৰিক টন পানীৰ সমতুল্য হয়।
-
মেছ’পজ
মেছ’পজ হৈছে মেছ’স্ফিয়াৰ আৰু তাপমণ্ডলৰ বায়ুমণ্ডলীয় অঞ্চলৰ মাজৰ সীমাত থকা ন্যূনতম উষ্ণতাৰ বিন্দু। সৌৰ উত্তাপৰ অভাৱ আৰু কাৰ্বন ডাই অক্সাইডৰপৰা অতি শক্তিশালী বিকিৰণীয় শীতলতাৰ বাবে মেছ’স্ফিয়াৰ পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা অঞ্চল যাৰ উষ্ণতা -১০০ ডিগ্ৰী চেলছিয়াছ (-১৪৮ ডিগ্ৰী ফাৰেনহাইট বা ১৭৩ কেলভিন)…
-
মেৰিনা চেপমেন
মেৰিনা চেপমেন (জন্ম ১৯৫০ চনৰ আশে-পাশে) কলম্বিয়াত জন্মগ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ মহিলা যিয়ে তেওঁৰ শৈশৱৰ প্ৰথমভাগৰ বেছিভাগ সময় জংঘলত কটায় আৰু কেৱল কেপুচিন বান্দৰৰ এটা দলৰ লগত আৰু কেৱল জংঘলৰ আশে-পাশে জীয়াই থকা বুলি জনা যায়।