অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পুণেৰী পাগুৰী

পূণেৰী পাগুৰী (Puneri Pagadi) মহাৰাষ্ট্ৰৰ পূণে নগৰীৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা এক প্ৰকাৰৰ পাগুৰী। দুই শতিকাৰ আগতে ইয়াৰ প্ৰচলন আৰম্ভ হৈছিল। এই পাগুৰী সন্মানৰ প্ৰতীক হ'লেও আজি কালি মহাবিদ্যালয় বোৰত পাৰম্পাৰিক দিনসমূহতো ব্যৱহাৰ কৰা দেখা যায়।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৬ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

পূণেৰী পাগুৰী (Puneri Pagadi) মহাৰাষ্ট্ৰৰ পূণে নগৰীৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা এক প্ৰকাৰৰ পাগুৰী।১ দুই শতিকাৰ আগতে ইয়াৰ প্ৰচলন আৰম্ভ হৈছিল।২ এই পাগুৰী সন্মানৰ প্ৰতীক হ'লেও আজি কালি মহাবিদ্যালয় বোৰত পাৰম্পাৰিক দিনসমূহতো ব্যৱহাৰ কৰা দেখা যায়।৩ এই পাগুৰীৰ সুকীয়া পৰিচয় ৰক্ষা কৰিবলৈ স্থানীয় লোকসকলে "ভৌগোলিক পৰিচায়ক"ৰ মৰ্যাদা দাবী কৰিছিল।৩ ২০০৯ চনৰ ৪ ছেপ্তেম্বৰত তেওঁলোকৰ বহুদিনৰ দাবী পূৰণ হ’ল আৰু এই পাগুৰী এক বৌদ্ধিক সম্পদৰূপে পৰিগণিত হ’ল।১৩৪৫৬

ইতিহাস

পূণেৰ টাৰ্বান ফিতাৰ্চ, ১৮৯০
পূণেৰ টাৰ্বান ফিতাৰ্চ, ১৮৯০ছবি: The British Library · No restrictions

১৯ শতিকাৰ এজন সমাজ-সংঘঠক মহাদেৱ গোবিন্দ ৰানডে পোন-প্ৰথমে এই পাগুৰীৰ প্ৰচলন কৰিছিল। পিছলৈ কেইবাজনো বিখ্যাত নেতা লোকমান্য তিলক, জে.এছ. কৰণদিকাৰ, দি.দি. চাথে, তাতিয়াচাহেব কেলকাৰ আৰু দাত্তু বামন পটদাৰে এই পাগুৰী পিন্ধিছিল।২ ১৯৭৩ চনৰ মাৰাঠী ভাষাৰ নাটক "ঘাচীৰাম কটৱাল"ৰ পৰা ই আৰু অধিক জনপ্ৰিয় হৈ পৰিল।৩

ব্যৱহাৰ

এই পাগুৰী সাধাৰণতে কিছুমান বিশেষ অনুষ্ঠান যেনে বিয়া-বাৰু আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ পাৰম্পাৰিক দিৱসত ব্যৱহাৰ কৰা হয়। যুৱসকলে "গন্ধাল" কলা প্ৰদৰ্শন কৰোঁতে এই পাগুৰী মাৰে। তদুপৰি ঐতিহাসিক বোলছবি আৰু থিয়েটাৰত ইয়াক ব্যৱহাৰ কৰা হয়।৩

বৌদ্ধিক সম্পত্তিৰ অধিকাৰ প্ৰদান

১০ জনীয়া "শ্ৰী পূণেৰী পাগুৰী সংঘ"ই পূণেৰী পাগুৰীৰ "ভৌগোলিক পৰিচায়ক"ৰ মৰ্যাদা পাবলৈ ভৌগোলিক পৰিচায়ক ৰেজিষ্ট্ৰীলৈ আবেদন জনাইছিল৩ আৰু লগতে বৌদ্ধিক সম্পদৰ নীতিৰ উৎকৰ্ষৰ বাবেও আবেদন জনাইছিল।২ পূণেৰী পাগুৰীক বিশ্ব দৰবাৰত দাঙি ধৰা, ইয়াৰ স্বকীয়তা ৰক্ষা কৰা আৰু পূণেৰী সংস্কৃতি জীয়াই ৰখা ইয়াৰ মূল উদ্দেশ্য। ২০০৯ চনৰ ৪ ছেপ্তেম্বৰত ইয়াক ভৌগোলিক পৰিচায়কৰ মৰ্যাদা দিয়াৰ লগে লগে ই পূণেৰ সাংস্কৃতিক আৰু চৰকাৰী পৰিচয় হৈ পৰিল।১৩৪৫৬সেইমতে পূণেৰী পাগুৰী বৌদ্ধিক সম্পদৰ অধিকাৰ লাভ কৰিলে আৰু পূণেৰ বাহিৰত পূণেৰী পাগুৰীৰ উৎপাদন তথা বিক্ৰী নিষিদ্ধ কৰা হ’ল।৪

তথ্যসূত্ৰ

  1. ↑ (7 April 2009). Indian association seeks IPR for 'Puneri Pagadi'. Business Standard
  2. ↑ (6 April 2009). Turban legend: Puneri Pagadi may soon get intellectual property tag. Mid-day
  3. ↑ Shruti Nambiar. (2 August 2011). The Pagadi Unravelled. The Indian Express. পৃ. 1–2
  4. ↑ (21 September 2009). Puneri Pagadi gets GI tag; latest to join protected goods club. Zee News
  5. ↑ (3 January 2010). Puneri Pagdi obtains geographical indication status. OneIndia News
  6. ↑ Chandran Iyer. (22 September 2009). Puneri Pagadi gets pride of place. Mid Day

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভৌগোলিক স্বীকৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুণেৰী পাগুৰী” প্ৰবন্ধৰ সংশোধন ৫৭৪৪৮৭ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।